কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
শ্ৰেণী:জীৱবিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
100 নং শাৰী: 100 নং শাৰী:


==বাহ্যিক সংযোগ==
==বাহ্যিক সংযোগ==

[[শ্ৰেণী:জীৱবিজ্ঞান]]

06:52, 5 October 2013ৰ সংস্কৰণ

Onion (Allium) cells in different phases of the cell cycle

কোষ (ইংৰাজী: cell) জীৱনৰ মূল একক৷ আমাৰ চাৰিওফালে থকা জীৱসমূহৰ দেহটো কোষেৰে গঠিত৷ এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷ জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক এককোষী জীৱ(unicellular organism) বোলে (যেনে-এমিবা)৷ আনহাতে বহুতো কোষেৰে গঠিত জীৱবোৰক বহুকোষী জীৱ(multicellular organism) বোলে (যেনে-মানুহ)৷ বহুকোষী জীৱৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷ ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ বিজ্ঞানীজনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷ পিছত ১৬৬৫ খৃ:ত ৰবাৰ্ট হুকে প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷

কোষ মতবাদ

কোষ সম্বন্ধে নানা তথ্য প্ৰকাশ পোৱাৰ পিছতস্লেইডন আৰু স্ব'ৱানে ১৮৩৯ খৃ:ত কোষ মতবাদ প্ৰৱৰ্তন কৰে৷ এই মতবাদ মতে প্ৰত্যেক জীৱদেহ কোষৰ দ্বাৰা গঠিত আৰু প্ৰতিটো কোষে এককভাৱে কাম কৰিব পাৰে৷ গতিকে,কোষ হ'ল কোনো জীৱদেহৰ গঠনগত আৰু কাৰ্যকাৰিতাৰ একক(structural and functional unit)৷ প্ৰত্যেক জীৱজীৱনক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰ পৰা আৰু পূৰ্বতে সৃষ্টি হোৱা কোষৰপৰা অপত্য কোষৰ উদ্ভৱ হয়৷

কোষ মতবাদৰ মূল বৈশিষ্ট্য চাৰিটা:

  1. সকলোবিলাক জীৱ(উদ্ভিদ,প্ৰাণী আৰু প্ৰ'ট'য'ৱা) ৰ দেহ এক বা একাধিক কোষ আৰু কোষদ্ৰব্য(cell products) ৰ দ্বাৰা গঠিত৷ সেইবাবে কোষ হ'ল জীৱদেহৰ গঠনগত একক(cell is the structural unit of life)৷
  2. কোষ জীৱদেহৰ কাৰ্যকাৰিতা একক(cell is the functional unit of life),কাৰণ জীৱদেহৰ যাৱতীয় বিপাকীয় কাৰ্যসমূহ কোষৰ ভিতৰত সম্পন্ন হয়৷
  3. কেৱল কোষৰ পৰাই কোষৰ সৃষ্টি হয়৷
  4. প্ৰত্যেক জীৱজীৱনক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰপৰা৷[1]
Illustration depicting major structures inside the eukaryotic animal cell

কোষ মতবাদৰ ব্যতিক্ৰম

কোষ সম্বন্ধে সাম্প্ৰতিক জ্ঞানে কিন্তু কোষ মতবাদক সম্পূৰ্ণভাৱে সমৰ্থন নকৰে৷ কাৰণ সকলো জীৱদেহ কোষৰদ্বাৰা গঠিত-এই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয়৷ ইয়াৰ সপক্ষে যুক্তিবোৰ হ'ল -

  1. ভাইৰাছ,ভাইৰয়েড আৰু প্ৰিয়ম - অকোষীয়(acellular),কাৰণ এইবিলাকৰ প্ৰ'ট'প্লাজম আৰু কোষকেন্দ্ৰ নাথাকে৷
  2. বেক্টেৰিয়া আৰু চাইনা'বেক্টেৰিয়াৰ সুসংগঠিত কোষকেন্দ্ৰ নাথাকে৷
  3. মিউকৰ (Mucor-এবিধ ভেকুৰ ) আৰু ভাইচেৰিয়া(Vaucheria - এবিধ শেলাই) এবিধ বহু কোষকেন্দ্ৰ যুক্ত জীৱ[1]


কোষৰ সংজ্ঞা

বিজ্ঞানীসকলে বিভিন্ন সময়ত কোষ সম্পৰ্কে দিয়া সংজ্ঞা-

  1. জীৱনৰ ভৌতিক সত্তাৰ মৌল একক হ'ল কোষ(swanson and Webseter,1978)৷
  2. কোষ হ'ল জীৱৰ মৌলিক গঠনগত আৰু কাৰ্যগত একক(De Roberties,1979)৷
  3. অৰ্ধভেদ্য আৱৰণেৰে আবৃত স্বপ্ৰজননশীল জীৱনক্ৰিয়াৰ একক হ'ল কোষ(A.G.Lowey and P.Siekevitz,1963 )৷
  4. জীৱনৰ প্ৰকাশ ঘটাবলৈ সক্ষম হোৱা এক খণ্ড প্ৰ'ট'প্লাজমক কোষ বোলে(Max Schultze,1825-1874)৷
  5. কোষ হ'ল জীৱৰ ক্ষুদ্ৰতম সুসংগঠিত একক যি অনুকূল পৰিবেশত স্বনিৰ্ভৰ আৰু স্বপ্ৰজননক্ষম৷

কোষৰ মাজত থকা সাধাৰণ মিল

  • সকলো ধৰণৰ কোষতে থকা বংশগতি পদাৰ্থ হ'ল নিউক্লিক এচিড৷
  • সকলো কোষে ইয়াৰ বংশগতি পদাৰ্থখিনিক কোষবিভাজনৰ সময়ত মাতৃকোষৰপৰা অপত্য কোষলৈ সঞ্চাৰ কৰে৷
  • সকলো কোষতে কোষাৱৰণ,ৰাইব'জ'ম,কোষকেন্দ্ৰ বা নিউক্লিয়ড(nucleoid) ৰ উপস্থিতি৷
  • কিছুমান কোষীয় প্ৰক্ৰিয়া,যেনে- DNA ৰ অনুকৃত্যায়ন(DNA replication),প্ৰটিন সংশ্লেষণ আদি কৌশল সকলো কোষতে থাকে৷
  • সবাত শ্বসন(aerobic respiration) পদ্ধতি সকলো কোষতে থাকে৷
  • সকলো কোষতে কোষাৱৰণৰ গঠন আৰু ইয়াৰ মূল কাম একে৷[1]

কোষৰ আকাৰ

জীৱৰ ভিন্নতা অনুসৰি এইবিলাকৰ কোষৰ আকাৰৰ ভিন্নতা দেখা যায়৷ জীৱজগতৰ আটাইতকৈ ক্ষুদ্ৰতম জীৱকোষ হ'ল মাইক'প্লাজমা গেলিছেপটিকাম(Mycoplasma gallisepticum) আৰু মাইক'প্লাজমা লেডলাই(Mycoplasma laidlawii) নামৰ এককোষী বেক্টেৰিয়াসদৃশ জীৱ৷ এইবিলাকৰ ব্যাস হ'ল ০.১μm ৷ বেক্টেৰিয়া কোষ দীঘলে ০.২-০.৫ মাইক্ৰ'মিটাৰ পৰ্যন্ত হয়৷ উটপক্ষীকণীয়েই হ'ল আটাইতকৈ ডাঙৰ প্ৰাণীকোষ৷ ইয়াৰ আকাৰ হ'ল ১৭০মি.মি.× ১৩৫ মি.মি,(খোলাৰে সৈতে)৷ বহুকোষী উদ্ভিদৰ ভিতৰত ৰেমী(ramie-Boehmeria) নামৰ গছৰ বাকলিৰ তন্তুৱেই আটাইতকৈ দীঘল কোষ,যাৰ দৈৰ্ঘ্য প্ৰায় ৫৫ চে.মি.৷ আটাইতকৈ ডাঙৰ এককোষী উদ্ভিদকোষ হ'ল এছিটাবুলেৰিয়া(Acetabularia) নামৰ শেলাইবিধ ,যাৰ দৈৰ্ঘ্য হ'ল ৫-১০ চে.মি.৷ মানুহৰ দেহৰ আটাইতকৈ দীৰ্ঘতম কোষ হ'ল স্নায়ুকোষ,ই দীঘলে প্ৰায় ১মিটাৰ পৰ্যন্ত হয়৷[1]


কোষৰ প্ৰকাৰ

১৯৫৭ খৃ:ত ডগহাৰ্টি(Dougherty) এ সৰ্বপ্ৰথমে কোষকেন্দ্ৰৰ গঠনৰ ওপৰত ভিত্তি কৰি জীৱজগতত দুই প্ৰকাৰ কোষৰ কথা উল্লেখ কৰে৷ তেওঁ প্ৰকৃত কোষকেন্দ্ৰবিহীন আদিম প্ৰকৃতিৰ কোষক প্ৰকোষকেন্দ্ৰীয় কোষ (Prokaryotic cell) আৰু আদৰ্শ প্ৰকৃত কোষকেন্দ্ৰযুক্ত কোষক সংকোষকেন্দ্ৰীয় কোষ (Eukaryotic cell) হিচাপে আখ্যা দিয়ে৷ আধুনিক জীৱবিজ্ঞানীসকলেও সেইবাবে বিভিন্ন ধৰণৰ কোষক দুভাগত বিভক্ত কৰিছে৷

প্ৰকোষকেন্দ্ৰীয় কোষ

যিবোৰ কোষত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে তাক প্ৰকোষকেন্দ্ৰীয় কোষ বোলে৷ যেনে-মাইকা'প্লাজমা,বেক্টেৰিয়া আদি৷ কোনো জীৱদেহ প্ৰকোষকেন্দ্ৰীয় কোষৰ দ্বাৰা গঠিত হ'লে তেনে জীৱক প্ৰকেৰিঅ'টছ(prokaryotes) বোলে৷ গঠনগতভাৱে প্ৰকোষকেন্দ্ৰীয় কোষ সৰল আৰু অনুন্নত ধৰণৰ৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-

  1. কোষকেন্দ্ৰাৱৰণৰ দ্বাৰা আবৃত,সুগঠিত আৰু নিৰ্দিষ্ট কোনো কোষকেন্দ্ৰ নাথাকে৷
  2. এইধৰণৰ কোষত মাইট'কন্ড্ৰিয়া,প্লাষ্টিড,গলগি বডি,অন্ত:প্ৰৰসীয় জালিকা,চেণ্ট্ৰিঅ'ল,লাইছ'জ'ম প্ৰভৃতি কোষ অংগাণু(cell organelles) আদি নাথাকে৷
  3. ৰাইব'জ'ম কোষপ্ৰৰসত সিঁচৰিত হৈ থাকে,ৰাইব'জ'ম ৭০S প্ৰকৃতিৰ হয়৷
  4. কোষবেৰ পেপটিড'গ্লাইকেনেৰে গঠিত৷
  5. এইধৰণৰ কোষত ক্ৰ'ম'জ'ম গঠিত নহয়৷ অকল চক্ৰাকাৰ DNA বা RNA থাকে৷
  6. DNA- ত হিষ্টন(histone) নামক প্ৰটিন নাথাকে৷
  7. এইবিলাক কোষত অতিকেন্দ্ৰ(nucleolus) নাথাকে৷
  8. শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস বা কোষাবৰণৰ ভিতৰফালে থাকে৷
  9. কোষাৱৰণ কেতিয়াবা কেতিয়াবা চাইট'প্লাজমাত প্ৰৱেশ কৰি মেছ'জ'ম(mesosome)- ৰ সৃষ্টি কৰে৷
  10. সালোকসংশ্লেষণকাৰী জীৱবিলাকৰ কোষত থাইলাকইড(thylakoid) নামক ৰঞ্জকযুক্ত অংগাণু থাকে৷
  11. কোষপ্ৰৰস বা চাইট'প্লাজমাত কোনো ধৰণৰ চলন দেখা নাযায়৷
  12. কোষত ভেকুঅ'লৰ সৃষ্টি নহয়৷
  13. অকল দ্বি-বিভাজন পদ্ধতিৰ দ্বাৰাহে কোষবিভাজন হয়৷[1]

সংকোষকেন্দ্ৰীয় কোষ

যিবোৰ জীৱৰ কোষত কোষকেন্দ্ৰটো স্পষ্ট আৰু সুসংগঢিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে৷ এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,ভেঁকুৰ,বেছিভাগ শেলাই,সকলো উন্নত প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীদেহত দেখা যায়৷ এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল৷ স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত জীৱক ইউকেৰিঅ'টছ(eukaryotes) বোলে৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-

  1. এইধৰণৰ কোষত কোষকেন্দ্ৰটো সুসংগঠিত অৰ্থাৎ কোষকেন্দ্ৰত কেন্দ্ৰাৱৰণ,অতিকেন্দ্ৰ,কোষকেন্দ্ৰ প্ৰৰস আৰু কোষকেন্দ্ৰ জালিকা থাকে৷
  2. এইপ্ৰকাৰ কোষত আৱৰণেৰে আবৃত কোষ অংগাণু,যেনে- প্লাষ্টিড,গলগি বডি,মাইট'কন্ড্ৰিয়া,লাইছ'জ'ম ইত্যাদি থাকে৷
  3. ৰাইব'জ'ম অন্ত:প্ৰৰসীয় জালিকা বা কোষকেন্দ্ৰাৱৰণৰ গাত আৰু কোষপ্ৰৰসত মুক্তভাৱে থাকে৷ এইবিলাক ৮০S প্ৰকৃতিৰ হয়৷
  4. প্ৰাণীকোষৰ ক্ষেত্ৰত চেণ্ট্ৰ'জ'ম থাকে৷
  5. এইধৰণৰ কোষত DNA আৰু RNA,উভয়প্ৰকাৰ নিউক্লিক এচিড থাকে৷ DNA হিষ্ট'ন প্ৰটিনযুক্ত৷
  6. উদ্ভিদকোষত ভেকুঅ'ল থাকে, প্ৰাণীকোষত সাধাৰণতে নাথাকে৷
  7. কোষপ্ৰৰস প্ৰায়ে চলাচল কৰা দেখা যায়৷
  8. এমাইট'ছিছ,মাইট'ছিছ আৰু মিঅ'ছিছ পদ্ধতিৰদ্বাৰা কোষবিভাজন হয়৷
  9. প্ৰাণীকোষৰ বাহিৰে উদ্ভিদকোষত কোষবেৰ থাকে৷
  10. শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস আৰু মাইট'কন্ড্ৰিয়াত থাকে৷
  11. হৰিৎকণা বা ক্ল'ৰ'প্লাষ্টিড নামক দুইতৰপীয়া আৱৰণেৰে আবৃত কোষ অংগাণু থাকে,য'ত সালোকসংশ্লেষণ ঘটে৷[1]

কোষৰ আকৃতি

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 1.5 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷



বাহ্যিক সংযোগ