কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
চিত্ৰ সংযোগ |
অNo edit summary |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
'''কোষ''' ({{lang-en|cell}}) জীৱনৰ মূল একক৷ আমাৰ চাৰিওফালে থকা [[জীৱ]]সমূহৰ দেহটো কোষেৰে গঠিত৷ এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷ জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক [[এককোষী জীৱ]](unicellular organism) বোলে (যেনে-[[এমিবা]])৷ আনহাতে বহুতো কোষেৰে গঠিত [[জীৱ]]বোৰক [[বহুকোষী জীৱ]](multicellular organism) বোলে (যেনে-[[মানুহ]])৷ [[বহুকোষী জীৱ]]ৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷ ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ [[বিজ্ঞানী]]জনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷ পিছত ১৬৬৫ খৃ:ত '''ৰবাৰ্ট হুকে''' প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷ |
'''কোষ''' ({{lang-en|cell}}) জীৱনৰ মূল একক৷ আমাৰ চাৰিওফালে থকা [[জীৱ]]সমূহৰ দেহটো কোষেৰে গঠিত৷ এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷ জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক [[এককোষী জীৱ]](unicellular organism) বোলে (যেনে-[[এমিবা]])৷ আনহাতে বহুতো কোষেৰে গঠিত [[জীৱ]]বোৰক [[বহুকোষী জীৱ]](multicellular organism) বোলে (যেনে-[[মানুহ]])৷ [[বহুকোষী জীৱ]]ৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷ ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ [[বিজ্ঞানী]]জনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷ পিছত ১৬৬৫ খৃ:ত '''ৰবাৰ্ট হুকে''' প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷ |
||
[[File:Wilson1900Fig2.jpg|right|thumb|350px|Onion ([[Allium]]) cells in different phases of the cell cycle]] |
|||
[[Image:celltypes.svg|thumb|350px|right|The cells of [[eukaryote]]s (left) and [[prokaryote]]s (right)]] |
[[Image:celltypes.svg|thumb|350px|right|The cells of [[eukaryote]]s (left) and [[prokaryote]]s (right)]] |
||
72 নং শাৰী: | 71 নং শাৰী: | ||
===সংকোষকেন্দ্ৰীয় কোষ=== |
===সংকোষকেন্দ্ৰীয় কোষ=== |
||
[[Image:Animal cell structure en.svg|thumb|275px| |
[[Image:Animal cell structure en.svg|thumb|275px|right|Structure of a typical animal cell]][[Image:Plant cell structure svg.svg|thumb|275px|right|Structure of a typical [[plant cell]]]] |
||
যিবোৰ [[জীৱ]]ৰ কোষত [[কোষকেন্দ্ৰ]]টো স্পষ্ট আৰু সুসংগঢিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে৷ এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,[[ভেঁকুৰ]],বেছিভাগ [[শেলাই]],সকলো উন্নত প্ৰকাৰৰ [[উদ্ভিদ]] আৰু [[প্ৰাণী]]দেহত দেখা যায়৷ এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল৷ স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত [[জীৱ]]ক ইউকেৰিঅ'টছ(eukaryotes) বোলে৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল- |
যিবোৰ [[জীৱ]]ৰ কোষত [[কোষকেন্দ্ৰ]]টো স্পষ্ট আৰু সুসংগঢিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে৷ এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,[[ভেঁকুৰ]],বেছিভাগ [[শেলাই]],সকলো উন্নত প্ৰকাৰৰ [[উদ্ভিদ]] আৰু [[প্ৰাণী]]দেহত দেখা যায়৷ এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল৷ স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত [[জীৱ]]ক ইউকেৰিঅ'টছ(eukaryotes) বোলে৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল- |
18:15, 5 October 2013ৰ সংস্কৰণ
কোষ (ইংৰাজী: cell) জীৱনৰ মূল একক৷ আমাৰ চাৰিওফালে থকা জীৱসমূহৰ দেহটো কোষেৰে গঠিত৷ এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷ জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক এককোষী জীৱ(unicellular organism) বোলে (যেনে-এমিবা)৷ আনহাতে বহুতো কোষেৰে গঠিত জীৱবোৰক বহুকোষী জীৱ(multicellular organism) বোলে (যেনে-মানুহ)৷ বহুকোষী জীৱৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷ ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ বিজ্ঞানীজনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷ পিছত ১৬৬৫ খৃ:ত ৰবাৰ্ট হুকে প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷
কোষ মতবাদ
কোষ সম্বন্ধে নানা তথ্য প্ৰকাশ পোৱাৰ পিছতস্লেইডন আৰু স্ব'ৱানে ১৮৩৯ খৃ:ত কোষ মতবাদ প্ৰৱৰ্তন কৰে৷ এই মতবাদ মতে প্ৰত্যেক জীৱদেহ কোষৰ দ্বাৰা গঠিত আৰু প্ৰতিটো কোষে এককভাৱে কাম কৰিব পাৰে৷ গতিকে,কোষ হ'ল কোনো জীৱদেহৰ গঠনগত আৰু কাৰ্যকাৰিতাৰ একক(structural and functional unit)৷ প্ৰত্যেক জীৱৰ জীৱনক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰ পৰা আৰু পূৰ্বতে সৃষ্টি হোৱা কোষৰপৰা অপত্য কোষৰ উদ্ভৱ হয়৷
কোষ মতবাদৰ মূল বৈশিষ্ট্য চাৰিটা:
- সকলোবিলাক জীৱ(উদ্ভিদ,প্ৰাণী আৰু প্ৰ'ট'য'ৱা) ৰ দেহ এক বা একাধিক কোষ আৰু কোষদ্ৰব্য(cell products) ৰ দ্বাৰা গঠিত৷ সেইবাবে কোষ হ'ল জীৱদেহৰ গঠনগত একক(cell is the structural unit of life)৷
- কোষ জীৱদেহৰ কাৰ্যকাৰিতা একক(cell is the functional unit of life),কাৰণ জীৱদেহৰ যাৱতীয় বিপাকীয় কাৰ্যসমূহ কোষৰ ভিতৰত সম্পন্ন হয়৷
- কেৱল কোষৰ পৰাই কোষৰ সৃষ্টি হয়৷
- প্ৰত্যেক জীৱৰ জীৱনক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰপৰা৷[1]৷
কোষ মতবাদৰ ব্যতিক্ৰম
কোষ সম্বন্ধে সাম্প্ৰতিক জ্ঞানে কিন্তু কোষ মতবাদক সম্পূৰ্ণভাৱে সমৰ্থন নকৰে৷ কাৰণ সকলো জীৱদেহ কোষৰদ্বাৰা গঠিত-এই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয়৷ ইয়াৰ সপক্ষে যুক্তিবোৰ হ'ল -
- ভাইৰাছ,ভাইৰয়েড আৰু প্ৰিয়ম - অকোষীয়(acellular),কাৰণ এইবিলাকৰ প্ৰ'ট'প্লাজম আৰু কোষকেন্দ্ৰ নাথাকে৷
- বেক্টেৰিয়া আৰু চাইনা'বেক্টেৰিয়াৰ সুসংগঠিত কোষকেন্দ্ৰ নাথাকে৷
- মিউকৰ (Mucor-এবিধ ভেকুৰ ) আৰু ভাইচেৰিয়া(Vaucheria - এবিধ শেলাই) এবিধ বহু কোষকেন্দ্ৰ যুক্ত জীৱ৷[1]
কোষৰ সংজ্ঞা
বিজ্ঞানীসকলে বিভিন্ন সময়ত কোষ সম্পৰ্কে দিয়া সংজ্ঞা-
- জীৱনৰ ভৌতিক সত্তাৰ মৌল একক হ'ল কোষ(swanson and Webseter,1978)৷
- কোষ হ'ল জীৱৰ মৌলিক গঠনগত আৰু কাৰ্যগত একক(De Roberties,1979)৷
- অৰ্ধভেদ্য আৱৰণেৰে আবৃত স্বপ্ৰজননশীল জীৱনক্ৰিয়াৰ একক হ'ল কোষ(A.G.Lowey and P.Siekevitz,1963 )৷
- জীৱনৰ প্ৰকাশ ঘটাবলৈ সক্ষম হোৱা এক খণ্ড প্ৰ'ট'প্লাজমক কোষ বোলে(Max Schultze,1825-1874)৷
- কোষ হ'ল জীৱৰ ক্ষুদ্ৰতম সুসংগঠিত একক যি অনুকূল পৰিবেশত স্বনিৰ্ভৰ আৰু স্বপ্ৰজননক্ষম৷
কোষৰ মাজত থকা সাধাৰণ মিল
- সকলো ধৰণৰ কোষতে থকা বংশগতি পদাৰ্থ হ'ল নিউক্লিক এচিড৷
- সকলো কোষে ইয়াৰ বংশগতি পদাৰ্থখিনিক কোষবিভাজনৰ সময়ত মাতৃকোষৰপৰা অপত্য কোষলৈ সঞ্চাৰ কৰে৷
- সকলো কোষতে কোষাৱৰণ,ৰাইব'জ'ম,কোষকেন্দ্ৰ বা নিউক্লিয়ড(nucleoid) ৰ উপস্থিতি৷
- কিছুমান কোষীয় প্ৰক্ৰিয়া,যেনে- DNA ৰ অনুকৃত্যায়ন(DNA replication),প্ৰটিন সংশ্লেষণ আদি কৌশল সকলো কোষতে থাকে৷
- সবাত শ্বসন(aerobic respiration) পদ্ধতি সকলো কোষতে থাকে৷
- সকলো কোষতে কোষাৱৰণৰ গঠন আৰু ইয়াৰ মূল কাম একে৷[1]
কোষৰ আকাৰ
জীৱৰ ভিন্নতা অনুসৰি এইবিলাকৰ কোষৰ আকাৰৰ ভিন্নতা দেখা যায়৷ জীৱজগতৰ আটাইতকৈ ক্ষুদ্ৰতম জীৱকোষ হ'ল মাইক'প্লাজমা গেলিছেপটিকাম(Mycoplasma gallisepticum) আৰু মাইক'প্লাজমা লেডলাই(Mycoplasma laidlawii) নামৰ এককোষী বেক্টেৰিয়াসদৃশ জীৱ৷ এইবিলাকৰ ব্যাস হ'ল ০.১μm ৷ বেক্টেৰিয়া কোষ দীঘলে ০.২-০.৫ মাইক্ৰ'মিটাৰ পৰ্যন্ত হয়৷ উটপক্ষীৰ কণীয়েই হ'ল আটাইতকৈ ডাঙৰ প্ৰাণীকোষ৷ ইয়াৰ আকাৰ হ'ল ১৭০মি.মি.× ১৩৫ মি.মি,(খোলাৰে সৈতে)৷ বহুকোষী উদ্ভিদৰ ভিতৰত ৰেমী(ramie-Boehmeria) নামৰ গছৰ বাকলিৰ তন্তুৱেই আটাইতকৈ দীঘল কোষ,যাৰ দৈৰ্ঘ্য প্ৰায় ৫৫ চে.মি.৷ আটাইতকৈ ডাঙৰ এককোষী উদ্ভিদকোষ হ'ল এছিটাবুলেৰিয়া(Acetabularia) নামৰ শেলাইবিধ ,যাৰ দৈৰ্ঘ্য হ'ল ৫-১০ চে.মি.৷ মানুহৰ দেহৰ আটাইতকৈ দীৰ্ঘতম কোষ হ'ল স্নায়ুকোষ,ই দীঘলে প্ৰায় ১মিটাৰ পৰ্যন্ত হয়৷[1]
কোষৰ প্ৰকাৰ
১৯৫৭ খৃ:ত ডগহাৰ্টি(Dougherty) এ সৰ্বপ্ৰথমে কোষকেন্দ্ৰৰ গঠনৰ ওপৰত ভিত্তি কৰি জীৱজগতত দুই প্ৰকাৰ কোষৰ কথা উল্লেখ কৰে৷ তেওঁ প্ৰকৃত কোষকেন্দ্ৰবিহীন আদিম প্ৰকৃতিৰ কোষক প্ৰকোষকেন্দ্ৰীয় কোষ (Prokaryotic cell) আৰু আদৰ্শ প্ৰকৃত কোষকেন্দ্ৰযুক্ত কোষক সংকোষকেন্দ্ৰীয় কোষ (Eukaryotic cell) হিচাপে আখ্যা দিয়ে৷ আধুনিক জীৱবিজ্ঞানীসকলেও সেইবাবে বিভিন্ন ধৰণৰ কোষক দুভাগত বিভক্ত কৰিছে৷
প্ৰকোষকেন্দ্ৰীয় কোষ
যিবোৰ কোষত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে তাক প্ৰকোষকেন্দ্ৰীয় কোষ বোলে৷ যেনে-মাইকা'প্লাজমা,বেক্টেৰিয়া আদি৷ কোনো জীৱদেহ প্ৰকোষকেন্দ্ৰীয় কোষৰ দ্বাৰা গঠিত হ'লে তেনে জীৱক প্ৰকেৰিঅ'টছ(prokaryotes) বোলে৷ গঠনগতভাৱে প্ৰকোষকেন্দ্ৰীয় কোষ সৰল আৰু অনুন্নত ধৰণৰ৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
- কোষকেন্দ্ৰাৱৰণৰ দ্বাৰা আবৃত,সুগঠিত আৰু নিৰ্দিষ্ট কোনো কোষকেন্দ্ৰ নাথাকে৷
- এইধৰণৰ কোষত মাইট'কন্ড্ৰিয়া,প্লাষ্টিড,গলগি বডি,অন্ত:প্ৰৰসীয় জালিকা,চেণ্ট্ৰিঅ'ল,লাইছ'জ'ম প্ৰভৃতি কোষ অংগাণু(cell organelles) আদি নাথাকে৷
- ৰাইব'জ'ম কোষপ্ৰৰসত সিঁচৰিত হৈ থাকে,ৰাইব'জ'ম ৭০S প্ৰকৃতিৰ হয়৷
- কোষবেৰ পেপটিড'গ্লাইকেনেৰে গঠিত৷
- এইধৰণৰ কোষত ক্ৰ'ম'জ'ম গঠিত নহয়৷ অকল চক্ৰাকাৰ DNA বা RNA থাকে৷
- DNA- ত হিষ্টন(histone) নামক প্ৰটিন নাথাকে৷
- এইবিলাক কোষত অতিকেন্দ্ৰ(nucleolus) নাথাকে৷
- শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস বা কোষাবৰণৰ ভিতৰফালে থাকে৷
- কোষাৱৰণ কেতিয়াবা কেতিয়াবা চাইট'প্লাজমাত প্ৰৱেশ কৰি মেছ'জ'ম(mesosome)- ৰ সৃষ্টি কৰে৷
- সালোকসংশ্লেষণকাৰী জীৱবিলাকৰ কোষত থাইলাকইড(thylakoid) নামক ৰঞ্জকযুক্ত অংগাণু থাকে৷
- কোষপ্ৰৰস বা চাইট'প্লাজমাত কোনো ধৰণৰ চলন দেখা নাযায়৷
- কোষত ভেকুঅ'লৰ সৃষ্টি নহয়৷
- অকল দ্বি-বিভাজন পদ্ধতিৰ দ্বাৰাহে কোষবিভাজন হয়৷[1]
সংকোষকেন্দ্ৰীয় কোষ
যিবোৰ জীৱৰ কোষত কোষকেন্দ্ৰটো স্পষ্ট আৰু সুসংগঢিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে৷ এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,ভেঁকুৰ,বেছিভাগ শেলাই,সকলো উন্নত প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীদেহত দেখা যায়৷ এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল৷ স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত জীৱক ইউকেৰিঅ'টছ(eukaryotes) বোলে৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
- এইধৰণৰ কোষত কোষকেন্দ্ৰটো সুসংগঠিত অৰ্থাৎ কোষকেন্দ্ৰত কেন্দ্ৰাৱৰণ,অতিকেন্দ্ৰ,কোষকেন্দ্ৰ প্ৰৰস আৰু কোষকেন্দ্ৰ জালিকা থাকে৷
- এইপ্ৰকাৰ কোষত আৱৰণেৰে আবৃত কোষ অংগাণু,যেনে- প্লাষ্টিড,গলগি বডি,মাইট'কন্ড্ৰিয়া,লাইছ'জ'ম ইত্যাদি থাকে৷
- ৰাইব'জ'ম অন্ত:প্ৰৰসীয় জালিকা বা কোষকেন্দ্ৰাৱৰণৰ গাত আৰু কোষপ্ৰৰসত মুক্তভাৱে থাকে৷ এইবিলাক ৮০S প্ৰকৃতিৰ হয়৷
- প্ৰাণীকোষৰ ক্ষেত্ৰত চেণ্ট্ৰ'জ'ম থাকে৷
- এইধৰণৰ কোষত DNA আৰু RNA,উভয়প্ৰকাৰ নিউক্লিক এচিড থাকে৷ DNA হিষ্ট'ন প্ৰটিনযুক্ত৷
- উদ্ভিদকোষত ভেকুঅ'ল থাকে, প্ৰাণীকোষত সাধাৰণতে নাথাকে৷
- কোষপ্ৰৰস প্ৰায়ে চলাচল কৰা দেখা যায়৷
- এমাইট'ছিছ,মাইট'ছিছ আৰু মিঅ'ছিছ পদ্ধতিৰদ্বাৰা কোষবিভাজন হয়৷
- প্ৰাণীকোষৰ বাহিৰে উদ্ভিদকোষত কোষবেৰ থাকে৷
- শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস আৰু মাইট'কন্ড্ৰিয়াত থাকে৷
- হৰিৎকণা বা ক্ল'ৰ'প্লাষ্টিড নামক দুইতৰপীয়া আৱৰণেৰে আবৃত কোষ অংগাণু থাকে,য'ত সালোকসংশ্লেষণ ঘটে৷[1]
কোষৰ আকৃতি
তথ্য সংগ্ৰহ