তামোল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
শ্ৰেণী:উদ্ভিদজগত যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
20 নং শাৰী: 20 নং শাৰী:


==বিৱৰণ==
==বিৱৰণ==
সাধাৰণতে সেমেকা ক্ৰান্তীয় [[জলবায়ু]] অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়৷ নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়৷ দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত [[পানী]] জমা নোহোৱা অঞ্চলত ৰোপন কৰা হয়৷ এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে৷ তামোল ফুলাক ডবিয়া বুলি কয়৷ এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে৷
সাধাৰণতে সেমেকা ক্ৰান্তীয় [[জলবায়ু]] অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়৷ নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়৷ দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত [[পানী]] জমা নোহোৱা অঞ্চলত ৰোপন কৰা হয়৷ এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে৷ তামোল ফুলাক ডবিয়া বুলি কয়৷ এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে৷ এইদৰে সৰিবলৈ ধৰা ৪-৫ খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়৷ এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়৷ তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে৷ এজোপা তামোল গছত ২০০-২৫০ টা পৰ্যন্ত তামোল লাগে৷<ref name="গ্ৰন্থ ১" />


==উপাদান==
পকা তামোলত থকা উপাদানসমূহ -
{| class="wikitable"
|-
| জলীয় বাষ্প || ৩১.৩%
|-
| প্ৰটিন || ৪.৯%
|-
| ফেট || ৪.৪%
|-
|কাৰ্বোহাইড্ৰেট || ৪৭.২%
|-
| অজৈৱ || ১%
|-
| কেলছিয়াম || ০.৫৫%
|-
| ফছফৰাছ || ০.১৩%
|-
|আইৰন || ১.৫ মিলিগ্ৰাম (প্ৰতি ১০০ গ্ৰামত)
|}
তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক৷ তামোলৰ পেলুনাশক গুণ আছে৷<ref name="গ্ৰন্থ ১" />
==ব্যৱহাৰ==
==ব্যৱহাৰ==
[[অসম]]ত তামোল ইয়াৰ কুমলীয়া অৱস্থাৰ পৰা পকালৈকে ব্যৱহাৰ কৰে৷ [[মাটি]]ত গাঁত খান্দি থোৱা তামোলক বুঢ়া তামোল বোলে৷ কিছুমানে পকা তামোল বুঢ়া কৰিবলৈ [[মাটি]]ৰ কলহ বা তেনে ধৰণৰ পাত্ৰত [[পানী]]ত দুমাহমান গোৰাই থয়৷ [[পশ্চিমবংগ]]ত সাধাৰণতে চুপাৰি তামোলহে ব্যৱহাৰ কৰে৷ কুমলীয়া তামোলৰ কেঁহা ভাৱটো পকা তামোলত প্ৰায় নাথাকে৷ তামোলৰ কেঁহাৰ সোৱাদ টেনিন জাতীয় এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে পোৱা যায়৷ চুপাৰি তামোল পকা তামোল দুফাল কৰি বা গোটে গোটে ৰ'দত শুকুৱাই প্ৰস্তুত কৰা হয়৷ বিভিন্ন ধৰণৰ জৰ্দা [[পাণ]],মিঠা [[পাণ]] আদি চুপাৰিৰ অবিহনে পূৰ্ণতা পাব নোৱাৰে৷ তামোল গছ কেঁচা ঘৰ সজা আদি কামত খুঁটাৰূপে ব্যৱহাৰ কৰাৰ লগতে পুখুৰীৰৰ পৰা [[পানী]] আনিবলৈ সজা বাঁহৰ দলংখনত খুঁটা হিচাপে ব্যৱহাৰ কৰে৷ তামোলৰ ঢকুৱাৰপৰা [[বিচনী]] সাজি গৰমৰ দিনত বতাহ লয়৷<ref name="গ্ৰন্থ ১" />


== চিত্ৰৰ ভঁৰাল ==
== চিত্ৰৰ ভঁৰাল ==

17:28, 20 December 2013ৰ সংস্কৰণ

তামোল
Fruiting specimen
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Arecales
পৰিয়াল: Arecaceae
গণ: Areca
প্ৰজাতি: A. catechu
বৈজ্ঞানিক নাম
Areca catechu

তামোল (ইংৰাজী: Areca catechu) গোত্ৰ - Arecaceae ৷ তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়৷ তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে৷ তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও অসমৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব নোৱাৰা সম্পৰ্ক আছে৷ বিভিন্ন সকাম আদিত গুৱা-পাণ নহ'লেই নহয়৷ গুৱা মানে তামোল৷ অসমীয়া সমাজত বয়োজেষ্ঠজনক এটি গুৱা-পাণ আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰাৰ পৰম্পৰা আছে৷ অসমৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰ দ্বাৰা শুৱনি হৈ থাকে৷ [1]

উৎপত্তিস্থল

19th century drawing of Areca catechu

ভাৰতবৰ্ষ,মালয়েচিয়া,শ্ৰীলংকা,ম্যানমাৰ,মাদাগাস্কাৰ,ফিলিপাইনছ আদি দেশত তামোল গছ পোৱা যায়৷ ভাৰতবৰ্ষত তামোল প্ৰধানকৈ অসম আৰু পশ্চিমবংগত যথেষ্ট পৰিমাণত উৎপাদন হয়৷ [1]

বিৱৰণ

সাধাৰণতে সেমেকা ক্ৰান্তীয় জলবায়ু অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়৷ নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়৷ দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত পানী জমা নোহোৱা অঞ্চলত ৰোপন কৰা হয়৷ এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে৷ তামোল ফুলাক ডবিয়া বুলি কয়৷ এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে৷ এইদৰে সৰিবলৈ ধৰা ৪-৫ খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়৷ এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়৷ তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে৷ এজোপা তামোল গছত ২০০-২৫০ টা পৰ্যন্ত তামোল লাগে৷[1]

উপাদান

পকা তামোলত থকা উপাদানসমূহ -

জলীয় বাষ্প ৩১.৩%
প্ৰটিন ৪.৯%
ফেট ৪.৪%
কাৰ্বোহাইড্ৰেট ৪৭.২%
অজৈৱ ১%
কেলছিয়াম ০.৫৫%
ফছফৰাছ ০.১৩%
আইৰন ১.৫ মিলিগ্ৰাম (প্ৰতি ১০০ গ্ৰামত)

তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক৷ তামোলৰ পেলুনাশক গুণ আছে৷[1]

ব্যৱহাৰ

অসমত তামোল ইয়াৰ কুমলীয়া অৱস্থাৰ পৰা পকালৈকে ব্যৱহাৰ কৰে৷ মাটিত গাঁত খান্দি থোৱা তামোলক বুঢ়া তামোল বোলে৷ কিছুমানে পকা তামোল বুঢ়া কৰিবলৈ মাটিৰ কলহ বা তেনে ধৰণৰ পাত্ৰত পানীত দুমাহমান গোৰাই থয়৷ পশ্চিমবংগত সাধাৰণতে চুপাৰি তামোলহে ব্যৱহাৰ কৰে৷ কুমলীয়া তামোলৰ কেঁহা ভাৱটো পকা তামোলত প্ৰায় নাথাকে৷ তামোলৰ কেঁহাৰ সোৱাদ টেনিন জাতীয় এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে পোৱা যায়৷ চুপাৰি তামোল পকা তামোল দুফাল কৰি বা গোটে গোটে ৰ'দত শুকুৱাই প্ৰস্তুত কৰা হয়৷ বিভিন্ন ধৰণৰ জৰ্দা পাণ,মিঠা পাণ আদি চুপাৰিৰ অবিহনে পূৰ্ণতা পাব নোৱাৰে৷ তামোল গছ কেঁচা ঘৰ সজা আদি কামত খুঁটাৰূপে ব্যৱহাৰ কৰাৰ লগতে পুখুৰীৰৰ পৰা পানী আনিবলৈ সজা বাঁহৰ দলংখনত খুঁটা হিচাপে ব্যৱহাৰ কৰে৷ তামোলৰ ঢকুৱাৰপৰা বিচনী সাজি গৰমৰ দিনত বতাহ লয়৷[1]

চিত্ৰৰ ভঁৰাল


তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 "(ফল-মূলৰ বতৰা) তামোল". (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ খণ্ড ২৬শ বছৰ (দ্বাদশ সংখ্যা): পৃষ্ঠা ২৮-২৯. ডিছেম্বৰ ২০১৩. 

বাহ্যিক সংযোগ