কটন বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
197 নং শাৰী: 197 নং শাৰী:
|২৯.||এ. লতিফ||১৯৭৯
|২৯.||এ. লতিফ||১৯৭৯
|-
|-
|৩০.||জি. চি. ডেকা||১৯৭৯ - ১৯৮৬
|৩০.||গোবিন্দ চন্দ্ৰ ডেকা||১৯৭৯ - ১৯৮৬
|-
|-
|৩১.||আৰ. কে. দাস||১৯৮৬ - ১৯৮৭
|৩১.||আৰ. কে. দাস||১৯৮৬ - ১৯৮৭
215 নং শাৰী: 215 নং শাৰী:
|৩৮.||কৃপেশ চন্দ্ৰ পাল||১ ফেব্ৰুৱাৰী ১৯৯৮ - ৩০ জুন ১৯৯৮ (ডীন)
|৩৮.||কৃপেশ চন্দ্ৰ পাল||১ ফেব্ৰুৱাৰী ১৯৯৮ - ৩০ জুন ১৯৯৮ (ডীন)
|-
|-
|৩৯.||পি. কাকতি||১ জুলাই ১৯৯৮ - ৩০ নৱেম্বৰ ১৯৯৮ (ডীন)
|৩৯.||প্ৰীতিলতা কাকতি||১ জুলাই ১৯৯৮ - ৩০ নৱেম্বৰ ১৯৯৮ (ডীন)
|-
|-
|৪০.||ডি. কে. কাকতি||১ ডিছেম্বৰ ১৯৯৮ - ৩১ মে' ১৯৯৯ (ডীন)
|৪০.||ডি. কে. কাকতি||১ ডিছেম্বৰ ১৯৯৮ - ৩১ মে' ১৯৯৯ (ডীন)

15:30, 11 January 2014ৰ সংস্কৰণ

কটন কলেজ
মূলমন্ত্ৰ Apramattena Veddhavyam
স্থাপিত ১৯০১
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড০ নিৰদা দেৱী
স্থান গুৱাহাটী, অসম,, ভাৰত
ৱেবছাইট cottoncollege.org.in

কটন কলেজ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান।

ইতিহাস

মহাবিদ্যালয়ৰ নতুন গৃহ
মহাবিদ্যালয়ৰ পুৰণি গৃহ

বৃটিছ শাসিত অসম প্ৰদেশৰ তদানিন্তন চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটন, কে.চি.এছ.আই-এ ১৯০১ চনৰ ২৭ মে'ৰ দিনা কটন কলেজৰ আৰম্ভণি হ'ল বুলি ঘোষণা কৰিছিল। প্ৰদেশখনৰ উচ্চ শিক্ষালৈ হেনৰী ষ্টেডমেন কটনে আগবঢ়োৱা অসামান্য বৰঙণিৰ বাবে তেখেতৰ নামেৰে প্ৰতিষ্ঠানটোৰ নাম কটন কলেজ ৰখা হৈছিল। অধ্যক্ষ ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চনকে ধৰি পাঁচ অধ্যাপকেৰে কটন কলেজৰ শিক্ষাদান আৰম্ভ হৈছিল। আৰম্ভণি বৰ্ষত এফ.এ. প্ৰথম বৰ্ষ শ্ৰেণীত ৩৭ জন আৰু এফ.এ. দ্বিতীয় বৰ্ষ শ্ৰেণীত ২জন, মুঠ ৩৯ জন ছাত্ৰই নামভৰ্তি কৰিছিল। ১৯৯২ চনৰ ৬ অক্টোবৰ তাৰিখে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ উপস্থিতিত হোৱা এক অনুস্থানত কটন কলেজক এখন স্নাতকোত্তৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয়। ২০০১ চনৰ ২৭ মে'ৰপৰা ২০০২ চনৰ ২৬ মে'লৈ এবছৰীয়া কাৰ্যসূচীৰে কটন কলেজে শতবৰ্ষ উদ্‍যাপন কৰে। ভাৰতৰ তদানীন্তন উপৰাষ্ট্ৰপতি কৃষ্ণ কান্তেশতবৰ্ষ কাৰ্যসূচীৰ সামৰণি অনুস্থানত ভাগ লয়। শতবৰ্ষ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰতীয় ডাক বিভাগে ২০০২ চনত শতবৰ্ষৰ স্মৰণিকা হিচাপে ৪ টকাৰ বিশেষ ডাকটিকট প্ৰচলন কৰে।

কটন কলেজত বৰ্তমান কলা, বিজ্ঞান আৰু সমাজ বিজ্ঞান শাখাৰ মুঠ ২১টা প্ৰাক-স্নাতক বিভাগ আৰু ২০ টা স্নাতকোত্তৰ বিভাগত মুঠ প্ৰায় ৫০০০ জন ছাত্ৰ-ছাত্ৰী আৰু ২৪৪ জন শিক্ষক আছে।

কটন কলেজ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ লগতে সাহিত্যিক-সাংস্কৃতিক আন্দোলনৰো কেন্দ্ৰ আছিল।

অৱস্থান আৰু পৰিবহন

গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা মহাবিদ্যালয়লৈ প্ৰায় ২৫ কিঃমিঃ। গুৱাহাটী ৰেলৱে ষ্টেছনৰ পৰা কটন কলেজলৈ দূৰত্ব প্ৰায় ১ কিঃমিঃ[1]

অধ্যক্ষৰ তালিকা

১৯০১ চনৰপৰা ২০১২ চনলৈকে মুঠ ৫১ জন অধ্যক্ষই কাৰ্য্যভাৰ গ্ৰহণ কৰিছে[2]

ক্ৰমিক নং অধ্যক্ষ কাৰ্য্যকাল
ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন ১৯০১ - ১৯২৬
ডি. থমচন ১৯২৬ - ১৯৩৩
এ. ই. ব্ৰাউন ১৯৩৩ - ১৯৩৪
ডি. ই. ৰবাৰ্ট্‌ছ ১৯৩৪ - ১৯৩৭
এছ. চি. ৰয় ১৯৩৭ - ১৯৪০
বি. চি. সেনগুপ্তা ১৯৪০ - ১৯৪২
এইচ. এন. সেন ১৯৪২ - ১৯৪৩
এল. এন. চেটাৰ্জী ১৯৪৩
এছ. এন. সেন ১৯৪৩ - ১৯৪৪
১০ আৰ. আৰ. থমাছ ১৯৪৫ - ১৯৪৬
১১ সূৰ্যকুমাৰ ভূঞা ১৯৪৬
১২ পি. চি. সান্যাল ১৯৪৬ - ১৯৪৭
১৩ এছ. এম. মহিবুল্লা ১৯৪৭
১৪ বাণীকান্ত কাকতি ১৯৪৭ - ১৯৪৯
১৫ ইউ.কে. গোস্বামী ১৯৪৯
১৬ এছ. এন. চক্ৰৱৰ্তী ১৯৪৯ - ১৯৫২
১৭ এইচ. চি. ভূঞা ১৯৫২ - ১৯৫৪
১৮ ইউ. কে. দত্ত ১৯৫৪ - ১৯৫৮
১৯ এইচ. চি. গোস্বামী ১৯৫৮ - ১৯৬৩
২০ এইচ. কে. বৰপূজাৰী ১৯৬৩
২১ এন. ইচলাম ১৯৬৩ - ১৯৬৯
২২ কে. ৰয় ১৯৬৯
২৩ পি. চি. গোস্বামী ১৯৬৯ - ১৯৭০
২৪ টি. কে. ভট্টাচাৰ্য ১৯৭০ - ১৯৭২
২৫ এ. জলিল ১৯৭২ - ১৯৭৪
২৬ পি. বৰুৱা ১৯৭৪ - ১৯৭৫

ক্ৰমিক নং নাম কাৰ্য্যকাল
২৭. এ. শৰ্মা ১৯৭৫
২৮. এ. আলি ১৯৭৫ - ১৯৭৯
২৯. এ. লতিফ ১৯৭৯
৩০. গোবিন্দ চন্দ্ৰ ডেকা ১৯৭৯ - ১৯৮৬
৩১. আৰ. কে. দাস ১৯৮৬ - ১৯৮৭
৩২. কমলেন্দু দেৱ ক্ৰোড়ী ১৯৮৭ - ১৯৯১
৩৩. অনিল কুমাৰ গোস্বামী ১৯৯১ - ১৯৯৩
৩৪. বি. চি. চৌধুৰী ১৯৯৩ - ১৯৯৪
৩৫. মনীষ চন্দ্ৰ ঘোষ ১৯৯৪ - ১৯৯৫, ১৯৯৫ - ১৯৯৬ (ডীন)
৩৬. তৃষ্ণা মহন্ত ১৯৯৬ - ১৯৯৭(ডীন)
৩৭. জিষ্ণু দত্ত ১ জানুৱাৰী ১৯৯৮ - ৩১ জানুৱাৰী ১৯৯৮ (ডীন)
৩৮. কৃপেশ চন্দ্ৰ পাল ১ ফেব্ৰুৱাৰী ১৯৯৮ - ৩০ জুন ১৯৯৮ (ডীন)
৩৯. প্ৰীতিলতা কাকতি ১ জুলাই ১৯৯৮ - ৩০ নৱেম্বৰ ১৯৯৮ (ডীন)
৪০. ডি. কে. কাকতি ১ ডিছেম্বৰ ১৯৯৮ - ৩১ মে' ১৯৯৯ (ডীন)
৪১. এম. দেৱ চৌধুৰী ১ জুন ১৯৯৯ - ২৯ ফেব্ৰুৱাৰী ২০০০ (ডীন)
৪২. ডি. কে. বৰুৱা ১ মাৰ্চ ২০০০ - ৭ মাৰ্চ ২০০০(ডীন), ৮ মাৰ্চ ২০০০ - ৭ নৱেম্বৰ ২০০০(অধ্যক্ষ)
৪৩. আৰ. ঠাকুৰীয়া ৮ নৱেম্বৰ ২০০০ - ৩১ ডিছেম্বৰ ২০০২
৪৪. জে. মেধি ১ জানুৱাৰী ২০০৩ - ৩১ আগষ্ট ২০০৩
৪৫. ইউ. এ. ভৰালী ১ ছেপ্তেম্বৰ ২০০৩ - ৩১ আগষ্ট ২০০৬
৪৬. টি. চৰকাৰ ১ ছেপ্তেম্বৰ ২০০৬ - ৮ জানুৱাৰী ২০০৭
৪৭. ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৯ জানুৱাৰী ২০০৭ - ৩১ অক্টোবৰ ২০১১
৪৮. এছ. বৰুৱা ১নৱেম্বৰ ২০১১ - ৩০ নৱেম্বৰ ২০১১
৪৯. যমুনা শৰ্মা চৌধুৰী ১ ডিছেম্বৰ ২০১১ - ৩১ ডিছেম্বৰ ২০১১
৫০. প্ৰশান্ত কুমাৰ বৰদলৈ ১ জানুৱাৰী ২০১২ - ১৭ মাৰ্চ ২০১২
৫১. নিৰদা দেৱী ১৮ মাৰ্চ ২০১২ - বৰ্তমান

মূল্যাংকন

২০১১ চনৰ ৮ জানুৱাৰীত কটন কলেজে National Assessment and Accreditation Council (NAAC)ৰ পৰা ৪ৰ ভিতৰত ৩.৩৯ CGPA লাভ কৰি A গ্ৰেড লাভ কৰে।

শিক্ষা

উচ্চতৰ মাধ্যমিক

কলা আৰু বিজ্ঞান বিভাগত ২ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰদান কৰা হয়।

স্নাতক

কলা আৰু বিজ্ঞান শাখাত ৩ বছৰীয়া স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়।

স্নাতকোত্তৰ

কলা আৰু বিজ্ঞান শাখাত ২ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়।

ডক্টৰেট

বিশেষজ্ঞৰ তত্বাৱধানত নিৰ্বাচিত বিষয়ত ডক্টৰেট (PhD) ডিগ্ৰী প্ৰদান কৰা হয়।

কম্পিউটাৰ বিজ্ঞানৰ স্নাতক

কম্পিউটাৰ বিজ্ঞান বিভাগৰ অধীনত ৩ বছৰীয়া কম্পিউটাৰ বিজ্ঞানৰ স্নাতক Bachelor of Computer Applications (BCA) ডিগ্ৰী প্ৰদান কৰা হয়।

ছাত্ৰাবাস

নাম স্থাপন আসন কোঠালি
কৃষ্ণকান্ত সন্দিকৈ স্নাতকোত্তৰ ছাত্ৰাবাস ১৯০১ ৭৫ ২২
শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাস ১৯০২ ৬৪ ২০
ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাস ১৯১০ ৮৫ ৩০
শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস ১৯১৩ ৯৩ ৩৩
আনন্দৰাম বৰুৱা ছাত্ৰাবাস ১৯১৩ ৯৯ ৩৩
সীতানাথ ব্ৰহ্মচৌধুৰী ছাত্ৰাবাস ১৯২৯ ৯০ ২৫
মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাস ১৯৫৫ ১১০ ২৮
পদ্মশ্ৰী নলিনীবালা দেৱী ছাত্ৰীবাস ১৯৫০ ১১২ ২৫
শ্বহীদ কনকলতা ছাত্ৰীবাস ১৯৭১ ১০৫ ২১
ড. কমলা ৰয় ছাত্ৰীবাস[3] ২০০১ ৬০ ২৫

উল্লেখনীয় প্ৰাক্তন ছাত্ৰছাত্ৰীসকল

কটন কলেজৰ প্ৰতিস্থাপক
কটন কলেজৰ মূল প্ৰৱেশদ্বাৰ
কটন কলেজৰ মূল ভৱন
কটন কলেজৰ ডাক টিকট

বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ

কলা

  1. অসমীয়া বিভাগ
  2. বড়ো বিভাগ
  3. অৰ্থনীতি বিভাগ
  4. শিক্ষাতত্ত্ব বিভাগ
  5. ইংৰাজী বিভাগ
  6. ইছলামিক অধ্যয়ন (পাৰ্ছী আৰু আৰৱী)
  7. বুৰঞ্জী বিভাগ
  8. ৰাজনীতি-বিজ্ঞান বিভাগ
  9. সমাজতত্ত্ব বিভাগ
  10. বাংলা বিভাগ
  11. হিন্দী বিভাগ
  12. দৰ্শন বিভাগ
  13. সংস্কৃত বিভাগ

বিজ্ঞান বিভাগ

  1. ৰসায়ন-বিজ্ঞান বিভাগ
  2. উদ্ভিদ বিজ্ঞান বিভাগ
  3. প্ৰাণী বিজ্ঞান বিভাগ
  4. গণিত বিভাগ
  5. পদাৰ্থ-বিজ্ঞান বিভাগ
  6. পৰিসংখ্যা বিভাগ
  7. ভূতত্ব বিজ্ঞান বিভাগ
  8. নৃতত্ত্ব বিভাগ
  9. কম্পিউটাৰ বিজ্ঞান বিভাগ



তথ্য সংগ্ৰহ

  1. "কটন কলেজৰ অৱস্থান আৰু পৰিবহন". Cotton College. ২০১২. http://www.cottoncollege.org.in/index_page.asp?slno=10। আহৰণ কৰা হৈছে: August 29, 2012. 
  2. "Principals of Cotton College". cottoncollege.org.in. http://www.cottoncollege.org.in/index_page.asp?slno=13। আহৰণ কৰা হৈছে: 22 March 2012. 
  3. "কটন কলেজৰ ছাত্ৰাবাস". Cotton College. ২০১২. http://www.cottoncollege.org.in/index_page.asp?slno=50। আহৰণ কৰা হৈছে: August 29, 2012. 

বাহ্যিক সংযোগ