দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
38 নং শাৰী: 38 নং শাৰী:
প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছৱিত নেপঠ্য কন্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে৷ ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছৱি ’লাচিত বৰফুকন’ত দীপালী বৰঠাকুৰে পৰিবেশন কৰে ’আবেগৰ বোকোচা ব’ব মই নোৱাৰো/যৌৱনে আমনি কৰে’ গীতটি৷<ref name=":0" />
প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছৱিত নেপঠ্য কন্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে৷ ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছৱি ’লাচিত বৰফুকন’ত দীপালী বৰঠাকুৰে পৰিবেশন কৰে ’আবেগৰ বোকোচা ব’ব মই নোৱাৰো/যৌৱনে আমনি কৰে’ গীতটি৷<ref name=":0" />


দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref>
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref><ref>[https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্রতিদিন/page/10 ’যোৱাগৈ মৌ কুৱঁৰী’-তৰালি শৰ্মা, অসমীয়া পৰ্তিদিন, ২২ ডিচেম্বৰ, ২০১৮ https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্রতিদিন/page/10]</ref>

* সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
* সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
* জোনধনে জোনালীতে
* জোনধনে জোনালীতে
* যৌৱনে আমনি কৰে, চেনাই ধন
* যৌৱনে আমনি কৰে, চেনাই ধন
* কণমান বৰশীৰে চিপ
* কণমান বৰশীৰে চিপ (কথা:জয়ন্ত বৰুৱা, সুৰ:বীৰেন্দ্ৰ নাথ দত্ত)
* চেনাই মই যাওঁ দেই
* চেনাই মই যাওঁ দেই
* অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা
* অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা (কথা-সুৰ: ৰুদ্ৰ বৰুৱা)
*কোন সেই ৰূপৱতী যাই
*সোণোৱালী বুটা বছা অসমীয়া পাট
*আগলি কলাপাত লৰে কি চৰে ( কথা: নিৰ্মলপ্ৰভা বৰদলৈ)
*আই মই শুনিছোঁ আঘোণত বোলে পাতিছ তই মোৰ বিয়া (কথা:নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ: ভৱেন বৰঠাকুৰ)
*


১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ ''[[মটৰ নিউৰণ ৰোগ]]''ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ ''[[মটৰ নিউৰণ ৰোগ]]''ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।

09:38, 22 December 2018ৰ সংস্কৰণ

দীপালী বৰঠাকুৰ
প্ৰাথমিক তথ্য
জন্ম ৩০ জানুৱাৰী, ১৯৪১ (৮৩ বছৰ)
নীলমনি বাগান, সোণাৰি, শিৱসাগৰ জিলা
মৃত্যু ২১ ডিচেম্বৰ ২০১৮
গুৱাহাটী
পেচা কণ্ঠশিল্পী
কাৰ্যকাল ১৯৫৫-১৯৬৯


দীপালী বৰঠাকুৰ (ইংৰাজী: Deepali Borthakur, ৩০ জানুৱাৰী, ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।

চমূ জীৱনী

১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাসোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল[1]। তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ৷ শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে৷[2]

১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়[3]

সাংগীতিক জীৱন

পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালী বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়৷ ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে৷[2]

শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ নিয়োজিত হয়৷[2] ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড৹ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়৷ ১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কন্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’৷[2] প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্য্যদা লাভ কৰে৷ নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল ’বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।[1]

প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছৱিত নেপঠ্য কন্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে৷ ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছৱি ’লাচিত বৰফুকন’ত দীপালী বৰঠাকুৰে পৰিবেশন কৰে ’আবেগৰ বোকোচা ব’ব মই নোৱাৰো/যৌৱনে আমনি কৰে’ গীতটি৷[2]

দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ[4][5]

  • সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
  • জোনধনে জোনালীতে
  • যৌৱনে আমনি কৰে, চেনাই ধন
  • কণমান বৰশীৰে চিপ (কথা:জয়ন্ত বৰুৱা, সুৰ:বীৰেন্দ্ৰ নাথ দত্ত)
  • চেনাই মই যাওঁ দেই
  • অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা (কথা-সুৰ: ৰুদ্ৰ বৰুৱা)
  • কোন সেই ৰূপৱতী যাই
  • সোণোৱালী বুটা বছা অসমীয়া পাট
  • আগলি কলাপাত লৰে কি চৰে ( কথা: নিৰ্মলপ্ৰভা বৰদলৈ)
  • আই মই শুনিছোঁ আঘোণত বোলে পাতিছ তই মোৰ বিয়া (কথা:নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ: ভৱেন বৰঠাকুৰ)

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'[1] এইখিনি সময়তে দীপালী বৰঠাকুৰ মটৰ নিউৰণ ৰোগত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।

মৃত্যু

২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত দিনৰ ১ বাজি ২৫ মিনিটত দীৰ্ঘদিন অসুস্থতাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে।[2]

বঁটা আৰু সন্মান

ইয়াৰোপৰি তেওঁ প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 শুচিব্ৰত ৰয়, শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন, আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 অাসমীয়া প্ৰতিদিন, ২২ ডিচেম্বৰ, ২০১৮, https://epaper.asomiyapratidin.in
  3. "A tribute to marriage of arts & minds - Book on celebrity couple". The Telegraph. December 26 2003. http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp. 
  4. "Deepali-Borthakur". assamspider.com. http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx। আহৰণ কৰা হৈছে: April 02, 2013. 
  5. ’যোৱাগৈ মৌ কুৱঁৰী’-তৰালি শৰ্মা, অসমীয়া পৰ্তিদিন, ২২ ডিচেম্বৰ, ২০১৮ https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্রতিদিন/page/10
  6. "October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah". ArtSlant. http://www.artslant.com/ind/events/show/131548-hieroglyphs। আহৰণ কৰা হৈছে: 2013-04-01. 
  7. "Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan". Rediff.co.in. 1998-01-27. http://www.rediff.co.in/news/1998/jan/27padma.htm। আহৰণ কৰা হৈছে: 2013-04-01. 
  8. TI Trade (2010-01-18). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04। আহৰণ কৰা হৈছে: 2013-04-01.