অতি পৰিবাহিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
11 নং শাৰী: 11 নং শাৰী:


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]

17:16, 22 July 2019ৰ সংস্কৰণ

অতি পৰিবাহিতা(Super Conductivity) হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, য'ত বৈদ্যুতিক প্ৰৱাহ বিনা বাধাৰে প্ৰৱাহিত হ'ব পাৰে ৷ বৈদ্যুতিক ৰোধে প্ৰদান কৰা বাধা অতি পৰিবাহী পদাৰ্থত দেখিবলৈ পোৱা নাযায় ৷ [1] তাৰ বাবে সেই বিশেষ পদাৰ্থবিধক নিৰ্দিষ্ট ক্ৰান্তিক উষ্ণতাৰ তলত শীতল কৰিব লাগিব ৷ এই বিশেষ প্ৰপঞ্চটো আৱিষ্কৃত হৈছিল ১৯১১ চনৰ ৮ এপ্ৰিলত,নেডাৰলেণ্ডৰ লেইডেনত ৷ আৱিষ্কাৰ কৰিছিল পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে (Heike Kamerlingh) ৷ [2] [3]

জুলীয়া নাইট্ৰ'জেনৰে শীতলীকৰণ কৰাৰ পাছত, এডাল চুম্বকক উচ্চ উষ্ণতাৰ অতিপৰিবাহীৰ ওপৰত ওপঙি উঠা দেখা গৈছে ৷ অতিপৰিবাহীৰ পৃষ্ঠত চালিত হোৱা অপৰিৱৰ্তনীয় বৈদ্যুতিক প্ৰৱাহে চুম্বকৰ চুম্বকীয় শক্তি বিচ্যুত কৰিছে ৷

মূল ধাৰণা

এডাল ধাতৱীয় NdFeB চুম্বক আৰু উচ্চ উষ্ণতাৰ অতিপৰিবাহীৰ(ক'লাবৰণীয়া) মাজত দেখিবলৈ পোৱা মেইছনাৰ প্ৰভাৱ

শেহতীয়া গৱেষণা

বিগত সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে সাধাৰণ উষ্ণতাত অতি পৰিবাহিতাৰ ধৰ্ম দেখুউৱা পদাৰ্থৰ সন্ধান চলাই আহিছে ৷ পিছে এতিয়ালৈকে সফলতা লাভ কৰা নাই ৷ কিন্তু প্ৰায় এবছৰৰ আগতে ভাৰতবৰ্ষৰ বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (Indian Institute of Science)ৰ দুগৰাকী বিজ্ঞানীয়ে এটা আলোড়নকাৰী ঘোষণা কৰে ৷ এই দুজন বিজ্ঞানী হৈছে অংশু পাণ্ডে আৰু তেওঁৰ ছাত্ৰ দেৱ কুমাৰ থাপা ৷ তেওঁলোকে সোণ আৰু ৰূপেৰে তৈয়াৰী এক সংযুক্ত পদাৰ্থই সাধাৰণ উষ্ণতাত অতি পৰিবাহিতা দেখুয়াই বুলি প্ৰকাশ কৰিছিল ৷ বাতৰিটোৱে কিছু বিতৰ্কৰো সৃষ্টি কৰিছিল ৷ কিয়নো এতিয়ালৈকে অতি পৰিবাহিতা কেৱল অতি নিম্ন উষ্ণতাতহে (শূন্য ডিগ্ৰী ছেলছিয়াতকৈও ১০০ ডিগ্ৰী তলত) পৰ্যবেক্ষণ কৰা হৈছে ৷ বিজ্ঞানী দুজনৰ পৰ্যবেক্ষণক লৈ চলি থকা নানান পৰীক্ষা-নিৰীক্ষাৰ ফলাফল এই বছৰৰ মে' মাহত প্ৰকাশিত কৰা হয় ৷ সেই ফলাফলে বিজ্ঞানী দুগৰাকীৰ সিদ্ধান্তক শুদ্ধ বুলি স্বীকৃতি দিছে আৰু গৱেষণাৰ ফলাফলক এক আন্তৰ্জাতিক জাৰ্ণেললৈ প্ৰেৰণ কৰিছে ৷[1]

তথ্যসূত্ৰ

  1. 1.0 1.1 শইকীয়া, বিপুলজ্যোতি (২০ জুলাই, ২০১৯). "ভাৰতীয় বিজ্ঞানীৰ অতি পৰিবাহিতাৰ গৱেষণা". দৈনিক অসম. দৈনিক অসম: পৃষ্ঠা ১৪. 
  2. http://books.google.co.in/books?id=ad8_JsfCdKQC&printsec=frontcover&redir_esc=y&hl=en#v=onepage&q&f=false
  3. http://books.google.co.in/books?id=VdEVdJo3CDgC&pg=PA238&redir_esc=y#v=onepage&q&f=false