কোণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
16 নং শাৰী: 16 নং শাৰী:
* ৮ মানক (৩২ মানকৰ ভিতৰত [[কম্পাছ ৰ'জ]])
* ৮ মানক (৩২ মানকৰ ভিতৰত [[কম্পাছ ৰ'জ]])
* ৬ ঘন্টা (জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয়)
* ৬ ঘন্টা (জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয়)

[[শ্ৰেণী:জ্যামিতি]]

19:54, 11 September 2019ৰ সংস্কৰণ

জ্যামিতিক কোণৰ চিহ্ন

কোণ, (ইংৰাজীAngles) দুডাল সৰলৰেখাই এটা বিন্দুত উৎপন্ন কৰা চুক। বা এটা সাধাৰণ বিন্দুৰ পৰা যাত্ৰা কৰা দুডাল ৰশ্মিয়ে উক্ত বিন্দুত যি এটা চুকৰ সৃষ্টি কৰে তাকে কোণ বোলে। ইয়াত ৰশ্মি বা ৰেখা দুডালক কোণটোৰ বাহু বুলি কোৱা হয়। এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা হয়।[1] দ্বিমাত্ৰিক কোণ প্ৰধানত দুই প্ৰকাৰৰ – জ্যামিতিক কোণ ও ত্ৰিকোণমিতিক কোণ। ইংৰাজীৰ এঙ্গল(angle) শব্দটো লেটিন ভাষাৰ এঙ্গুলাচ(angulus) শব্দটোৰ পৰা লোৱা হৈছে। যাৰ অৰ্থ- চুক।[2] এটা কোণৰ জোখ ডিগ্ৰী, ৰেডিয়ান, আৰু গ্ৰেড এই তিনি প্ৰকাৰত প্ৰকাশ কৰা হয়। এই তিনিপ্ৰকাৰৰ জোখৰ মাজৰ সম্পৰ্কটো হ'ল- ১৮০ ডিগ্ৰী = ২০০ গ্ৰেড = π (পাই) ৰেডিয়ান।

কোণৰ প্ৰকাৰ

সমকোণ

কোণৰ ৯০° মাপক এক সমকোণ বুলি কোৱা হয়।
AB ৰেখাখণ্ডই CD ৰেখাখণ্ডৰ সৈতে এটা সমকোণৰ সৃষ্টি কৰিছে।

এডাল সৰলৰেখাই আন এডাল সৰলৰেখাৰ ওপৰত উলম্ব হৈ যি কোণ উৎপন্ন কৰে তাকে সমকোণ বোলে। এই সমকোণৰ মাপ ৯০°। [3] এই মানক এক সমকোণ বুলি কোৱা হয়। ই এটা সম্পূৰ্ণ পাকৰ এক-চতুৰ্থাংশৰ সমান।[4] যদি এডাল ৰশ্মিৰ প্ৰান্তবিন্দুটো এডাল ৰেখাৰ ওপৰত থাকে আৰু ৰশ্মি ডালে ৰেখাডালত সৃষ্টি কৰা সন্নিহিত কোণ দুটাৰ মান সমান হয় তেন্তে উক্ত কোণ দুটা সমকোণ হ'ব।[5] এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজটোৰ সমকোণটোৱেই ত্ৰিভুজটো চিনাক্তকৰণৰ মূল চাবিকাঠি।[6] এক সমকোণক বিভিন্ন এককত প্ৰকাশ কৰিব পাৰি-

  1. Sidorov 2001
  2. Slocum 2007
  3. "Right Angle". Math Open Reference. http://www.mathopenref.com/angleright.html। আহৰণ কৰা হৈছে: 26 April 2017. 
  4. Wentworth p. 11
  5. Wentworth p. 8
  6. Wentworth p. 40