সংহতি তত্ত্ব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
[[চিত্ৰ:Venn A subset B.svg|thumb|<math>A \subseteq B</math>]]
[[চিত্ৰ:Venn A subset B.svg|thumb|<math>A \subseteq B</math>]]
[[Image:Venn A intersect B.svg|thumb|right|এটা [[ভেন চিত্ৰ]]ই দুটা সংহতিৰ [[intersection (set theory)|intersection]] সাধাৰণ অংশক বুজাইছে [[set (mathematics)|set]].]]
[[Image:Venn A intersect B.svg|thumb|right|এটা [[ভেন চিত্ৰ]]ই দুটা সংহতিৰ সাধাৰণ অংশক বুজাইছে]]
'''সংহতি তত্ত্ব'''
'''সংহতি তত্ত্ব'''



06:07, 5 November 2019ৰ সংস্কৰণ

এটা ভেন চিত্ৰই দুটা সংহতিৰ সাধাৰণ অংশক বুজাইছে

সংহতি তত্ত্ব

সংহতি তত্ত্ব গাণিতিক লজিকৰ এটি শাখা য'ত কোনো একে বৈশিষ্ট্য যুক্ত উপাদানৰ গোট সম্পৰ্কীয় আলোচনা কৰা হয়।[1] বাস্তৱ বা চিন্তা জগতৰ সু-সংজ্ঞাবদ্ধ বস্তুৰ সমাৱেশ বা সংগ্রহকে সংহতি বোলে। যেনেঃ অসমীয়া, ইংৰাজি আৰু গণিত এই তিনিটা শিক্ষা বিষয়ক এটা সংহতি। একেদৰে প্রথম দহটি অযুগ্ম সংখ্যাৰ সংহতি, পূৰ্ণ সংখ্যাৰ সংহতি, বাস্তৱ সংখ্যাৰ সংহতি ইত্যাদি। প্ৰায় ছকলো গাণিতিক উপাদানৰ সংজ্ঞাতে সংহতি তত্ত্বৰ ভাষা ব্যৱহাৰ কৰিব পাৰি। বিখ্যাত জাৰ্মান গণিতবিদ জর্জ ক্যান্টৰে (১৮৪৫-১৯১৮) সংহতি সম্পৰ্কীয় প্রথম ধাৰণা ব্যাখ্যা কৰিছিল। তেওঁ অসীম সংহতিৰ ধাৰণা প্ৰদান কৰি গণিত শাস্ত্ৰত আলোড়নৰ সৃষ্টি কৰিছিল। এই সংহতিৰ ধাৰণাই পিছলৈ সংহতি তত্ত্ব (Set Theory) নামে পৰিচিত হৈ পৰে।

আৱিষ্কাৰ

জৰ্জ ক্যান্টৰ

বিখ্যাত জাৰ্মান গণিতবিদ জৰ্জ ক্যান্টৰে (১৮৪৫-১৯১৮) সংহতি সম্পৰ্কীয় প্রথম ধাৰণা ব্যাখ্যা কৰিছিল। তেৱেঁই সংহতি তত্ত্বৰ পৱৰ্তক।[2][3] বৰ্তমান বিভিন্ন গাণিতিক সমস্যা সমাধানৰ ভিত্তি হিচাপে এই সংহতি তত্ত্বৰ ব্যৱহাৰ হয়।

সংহতি কি

কোনো বস্তু, সংখ্যা, চিন্তা ইত্যাদিৰ সমাৰোহকে সংহতি বোলা হয়। সাধারৰণতে সংহতি ইংৰাজি বৰ্ণমালাৰ ডাঙৰ ফলাৰ আখৰ A,B,C.............X,Y,Z দ্বাৰা প্রকাশ কৰা হয়।

যেন, 2,4,6 সংখ্যা তিনটাৰ সংহতি A = {2,4,6}

সংহতিৰ প্ৰতিটো বস্তু বা সদস্যকে সংহতিৰ উপাদান (Element) বোলা হয়। যেনে, B = {a,b} হ'লে, B সংহতিৰ উপাদান a আৰু b ; এই উপাদান প্রকাশৰ চিহ্নটি হ'ল- ''।[4]

a B, ইয়াক পঢ়া হয় a,B ৰ সদস্য বা উপাদান (a belongs to B)।

b B, ইয়াক পঢ়া হয় b,B ৰ সদস্য বা উপাদান (b belongs to B)। ওপৰৰ B সংহতিটোত c উপাদান নাই অৰ্থাৎ,

c B, ইয়াক পঢ়া হয় c,B ৰ সদস্য বা উপাদান নহয় (c does not belongs to B)

তথ্যসূত্ৰ

  1. https://plato.stanford.edu/entries/set-theory/
  2. Cantor, Georg (1874), "Ueber eine Eigenschaft des Inbegriffes aller reellen algebraischen Zahlen" (German ভাষাত), Journal für die reine und angewandte Mathematik খণ্ড 77: 258–262, doi:10.1515/crll.1874.77.258, http://www.digizeitschriften.de/main/dms/img/?PPN=GDZPPN002155583 
  3. Johnson, Philip (1972), A History of Set Theory, Prindle, Weber & Schmidt, ISBN 0-87150-154-6 
  4. https://math.stackexchange.com/questions/846707/what-does-%E2%88%88-mean