ৰুদ্ৰেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
[[File:Rudreswar Devalaya.jpg|thumb|ৰুদ্ৰেশ্বৰ দেৱালয়]]
[[File:Rudreswar Devalaya.jpg|thumb|ৰুদ্ৰেশ্বৰ দেৱালয়]]
'''ৰুদ্ৰেশ্বৰ দেৱালয়''' বা '''ৰুদ্ৰেশ্বৰ মন্দিৰ''' অসমৰ [[উত্তৰ গুৱাহাটী]]ত অৱস্থিত ভগৱান [[শিৱ]]ৰ প্ৰতি উছৰ্গিত এখন মন্দিৰ। ই [[ব্ৰহ্মপুত্ৰ নদ]]ৰ উত্তৰ পাৰৰ ৰুদ্ৰেশ্বৰ গাঁৱত অৱস্থিত। আহোম স্বৰ্গদেউ [[প্ৰমত্ত সিংহ]]য়ে ১৭৪৯ খ্ৰীষ্টাব্দত তেওঁৰ পিতৃ স্বৰ্গদেউ [[ৰুদ্ৰ সিংহ]]ৰ স্মৃতিত এই মন্দিৰ নিৰ্মান কৰাইছিল। এই দেৱালয় আহোম-মোগল মিশ্ৰিত স্থাপত্যশৈলীৰ উৎকৃষ্ট নিদৰ্শন।
'''ৰুদ্ৰেশ্বৰ দেৱালয়''' বা '''ৰুদ্ৰেশ্বৰ মন্দিৰ''' অসমৰ [[উত্তৰ গুৱাহাটী]]ত অৱস্থিত ভগৱান [[শিৱ]]ৰ প্ৰতি উছৰ্গিত এখন মন্দিৰ। ই [[ব্ৰহ্মপুত্ৰ নদ]]ৰ উত্তৰ পাৰৰ ৰুদ্ৰেশ্বৰ গাঁৱত অৱস্থিত। আহোম স্বৰ্গদেউ [[প্ৰমত্ত সিংহ]]য়ে ১৭৪৯ খ্ৰীষ্টাব্দত তেওঁৰ পিতৃ স্বৰ্গদেউ [[ৰুদ্ৰ সিংহ]]ৰ স্মৃতিত এই মন্দিৰ নিৰ্মান কৰাইছিল। এই দেৱালয় আহোম-মোগল মিশ্ৰিত স্থাপত্যশৈলীৰ উৎকৃষ্ট নিদৰ্শন।
==ইতিহাস==
স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে জীৱনৰ বিয়লি বেলাত [[আহোম ৰাজ্য]] পশ্চিমলৈ কৰতোৱা নদীলৈ বিস্তাৰিত কৰিবলৈ বিচাৰিছিল। বৰ্তমান পশ্চিম বংগ আৰু [[বাংলাদেশ]]ৰ মাজেৰে বৈ যোৱা এই নদী প্ৰাচীন [[কামৰূপ ৰাজ্য]]ৰ সীমা আছিল। সেই সময়ত বংগ মোগলৰ অধীনত আছিল। সেয়ে তেওঁ মোগল সম্রাজ্যৰ বিৰুদ্ধে সৈন্যবাহিনী গোটাইবলৈ আৰম্ভ কৰিছিল। ইয়াৰ বাবে পাহাৰ ভৈয়ামৰ প্ৰায় ৪,০০,০০০ সন্য [[গুৱাহাটী]]ত গোট খাইছিল। আহোমৰ লগত [[কছাৰী ৰাজ্য]] আৰু [[জয়ন্তীয়া ৰাজ্য]]ৰ ৰজায়েও এই অভিযানত যোগ দিছিল। কিন্তু এই সময়তে ৰুদ্ৰ সিংহ নৰিয়াত পৰে আৰু ১৭১৪ খ্ৰীষ্টাব্দত গুৱাহাটীৰ চাউনিত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃতদেহ টাই-আহোম পদ্ধতিৰ [[মৈদাম]] দিবলৈ [[চৰাইদেউ]]লৈ নিয়া হৈছিল।<ref>Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 180-181.</ref> কিছুমানৰ মতে ৰুদ্ৰ সিংহক [[উত্তৰ গুৱাহাটী]]ত হিন্দু ৰীতিৰে অন্তিম সংস্কাৰ কৰা হৈছিল আৰু কিছুমানৰ মতে তেওঁৰ কেৱল এটা আঙুলি ইয়াত হিন্দু ৰীতিৰে সংস্কাৰ কৰা হৈছিল।<ref name="SSMA">Sarma Siva Mahatirtha Asom published by Utpal Hazarika on behalf of Bani Mandir first edition 2007 Guwahati pp 93-94.</ref> তেওঁৰ দ্বিতীয় পুত্ৰ স্বৰ্গদেউ [[প্ৰমত্ত সিংহ]] ৰাজসিংহাসনত অধিষ্ঠিত হোৱাৰ পিছত পিতৃৰ স্মৃতিত তেওঁৰ নামেৰে ভগৱান শিৱৰ মন্দিৰ নিৰ্মান কৰাইছিল। তেওঁৰ পিতৃৰ মৃত্যুৰ স্থানতে এই দেৱালয় নিৰ্মান কৰা হৈছিল।<ref>Neog Dr. Maheswar Pavitra Asam or The Sacred Assam 4th edition 2008 Kiran Prakashan, Dhemaji page 264-265.</ref> ১৭৪৯ খ্ৰীষ্টাব্দত এই মন্দিৰৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হয়। ৰুদ্ৰেশ্বৰ দেৱালয়ৰ কাষৰ গাঁৱৰ নাম ৰুদ্ৰেশ্বৰ হ'ল। স্বৰ্গদেউয়ে মন্দিৰৰ ৰক্ষণা-বেক্ষণৰ বাবে মন্দিৰৰ নামত ভূমিদান কৰিছিল।<ref name="SSMA" />
==তথ্য উৎস==
==তথ্য উৎস==
{{reflist}}
{{reflist}}

15:29, 18 January 2020ৰ সংস্কৰণ

ৰুদ্ৰেশ্বৰ দেৱালয়

ৰুদ্ৰেশ্বৰ দেৱালয় বা ৰুদ্ৰেশ্বৰ মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উছৰ্গিত এখন মন্দিৰ। ই ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰৰ ৰুদ্ৰেশ্বৰ গাঁৱত অৱস্থিত। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৭৪৯ খ্ৰীষ্টাব্দত তেওঁৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ স্মৃতিত এই মন্দিৰ নিৰ্মান কৰাইছিল। এই দেৱালয় আহোম-মোগল মিশ্ৰিত স্থাপত্যশৈলীৰ উৎকৃষ্ট নিদৰ্শন।

ইতিহাস

স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে জীৱনৰ বিয়লি বেলাত আহোম ৰাজ্য পশ্চিমলৈ কৰতোৱা নদীলৈ বিস্তাৰিত কৰিবলৈ বিচাৰিছিল। বৰ্তমান পশ্চিম বংগ আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা এই নদী প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমা আছিল। সেই সময়ত বংগ মোগলৰ অধীনত আছিল। সেয়ে তেওঁ মোগল সম্রাজ্যৰ বিৰুদ্ধে সৈন্যবাহিনী গোটাইবলৈ আৰম্ভ কৰিছিল। ইয়াৰ বাবে পাহাৰ ভৈয়ামৰ প্ৰায় ৪,০০,০০০ সন্য গুৱাহাটীত গোট খাইছিল। আহোমৰ লগত কছাৰী ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্যৰ ৰজায়েও এই অভিযানত যোগ দিছিল। কিন্তু এই সময়তে ৰুদ্ৰ সিংহ নৰিয়াত পৰে আৰু ১৭১৪ খ্ৰীষ্টাব্দত গুৱাহাটীৰ চাউনিত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃতদেহ টাই-আহোম পদ্ধতিৰ মৈদাম দিবলৈ চৰাইদেউলৈ নিয়া হৈছিল।[1] কিছুমানৰ মতে ৰুদ্ৰ সিংহক উত্তৰ গুৱাহাটীত হিন্দু ৰীতিৰে অন্তিম সংস্কাৰ কৰা হৈছিল আৰু কিছুমানৰ মতে তেওঁৰ কেৱল এটা আঙুলি ইয়াত হিন্দু ৰীতিৰে সংস্কাৰ কৰা হৈছিল।[2] তেওঁৰ দ্বিতীয় পুত্ৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ ৰাজসিংহাসনত অধিষ্ঠিত হোৱাৰ পিছত পিতৃৰ স্মৃতিত তেওঁৰ নামেৰে ভগৱান শিৱৰ মন্দিৰ নিৰ্মান কৰাইছিল। তেওঁৰ পিতৃৰ মৃত্যুৰ স্থানতে এই দেৱালয় নিৰ্মান কৰা হৈছিল।[3] ১৭৪৯ খ্ৰীষ্টাব্দত এই মন্দিৰৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হয়। ৰুদ্ৰেশ্বৰ দেৱালয়ৰ কাষৰ গাঁৱৰ নাম ৰুদ্ৰেশ্বৰ হ'ল। স্বৰ্গদেউয়ে মন্দিৰৰ ৰক্ষণা-বেক্ষণৰ বাবে মন্দিৰৰ নামত ভূমিদান কৰিছিল।[2]

তথ্য উৎস

  1. Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 180-181.
  2. 2.0 2.1 Sarma Siva Mahatirtha Asom published by Utpal Hazarika on behalf of Bani Mandir first edition 2007 Guwahati pp 93-94.
  3. Neog Dr. Maheswar Pavitra Asam or The Sacred Assam 4th edition 2008 Kiran Prakashan, Dhemaji page 264-265.