ইউনিক’ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: Category:কম্পিউটাৰ বিজ্ঞান '''ইউনিক’ড''' হৈছে কম্পিউটাৰৰ লিখন প্ৰণ...
 
No edit summary
1 নং শাৰী: 1 নং শাৰী:
[[Image:unicode.gif|right|250px]]
[[Category:কম্পিউটাৰ বিজ্ঞান]]
[[Category:কম্পিউটাৰ বিজ্ঞান]]
'''ইউনিক’ড''' হৈছে [[কম্পিউটাৰ]]ৰ লিখন প্ৰণালীত থকা [[আখৰ]] বা চিনবোৰৰ সংহত নিয়মীকৰণ,নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক [[কাৰিকৰী মান]] | ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে | শেহতীয়াকৈ ইউনিক’ডে বিশ্বৰ ৯৩ টা [[লিপি]]ৰ ১,০৭,০০০ টা চিহ্নক সামৰি লৈছে |
'''ইউনিক’ড''' হৈছে [[কম্পিউটাৰ]]ৰ লিখন প্ৰণালীত থকা [[আখৰ]] বা চিনবোৰৰ সংহত নিয়মীকৰণ,নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক [[কাৰিকৰী মান]] | ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে | শেহতীয়াকৈ ইউনিক’ডে বিশ্বৰ ৯৩ টা [[লিপি]]ৰ ১,০৭,০০০ টা চিহ্নক সামৰি লৈছে |

15:34, 2 May 2011ৰ সংস্কৰণ

চিত্ৰ:Unicode.gif

ইউনিক’ড হৈছে কম্পিউটাৰৰ লিখন প্ৰণালীত থকা আখৰ বা চিনবোৰৰ সংহত নিয়মীকৰণ,নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক কাৰিকৰী মান | ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে | শেহতীয়াকৈ ইউনিক’ডে বিশ্বৰ ৯৩ টা লিপিৰ ১,০৭,০০০ টা চিহ্নক সামৰি লৈছে | কম্পিউটাৰত প্ৰধানত: সংখ্যাৰ ব্যৱহাৰ হয় | ই আখৰ বা অন্য চিনক এটা এটা সংখ্যাৰে বুজাই সাঁচি থয় | ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল | কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- ইউৰোপৰ সকলো ভাষাক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয় | কেৱল ইংৰাজীৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ,ছেদ চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল | ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল , যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে | গতিকে এটা কম্পিউটাৰত বা চাৰ্ভাৰত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে | ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে | ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে | Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে | এতিয়া প্ৰায় সকলোবোৰ অপাৰেটিং চিষ্টেম আৰু ব্ৰাউজাৰত ইউনিক’ড উপলব্ধ | ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে |

বৰ্হিসংযোগ

  1. http://www.unicode.org/