অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ২০১৭ উৎস সম্পাদনা
tag
1 নং শাৰী: 1 নং শাৰী:
{{unreferenced}}
{{incomplete}}
{{incomplete}}
পৃথিৱীৰ অন্যান্য আদিম লোকসমাজে বিশ্বাস কৰি অহাৰ দৰে অসমৰ লোকসমাজতো ভূত-প্ৰেত সম্বন্ধীয় বিশ্বাস বহুলভাৱে প্ৰচাৰিত। অদৃশ্য আৰু ৰহস্যজনক শক্তি সম্বন্ধে প্ৰচলিত এই লোকবিশ্বাস নগৰতকৈ গাঁৱলীয়া সমাজত অধিক প্ৰচলিত। প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত হিন্দু ধৰ্মৰ পৰম্পৰা চলি আহিছে। হিন্দু ধৰ্মত নানা সময়ত নানান দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰা হয়। এই দেৱ
পৃথিৱীৰ অন্যান্য আদিম লোকসমাজে বিশ্বাস কৰি অহাৰ দৰে অসমৰ লোকসমাজতো ভূত-প্ৰেত সম্বন্ধীয় বিশ্বাস বহুলভাৱে প্ৰচাৰিত। অদৃশ্য আৰু ৰহস্যজনক শক্তি সম্বন্ধে প্ৰচলিত এই লোকবিশ্বাস নগৰতকৈ গাঁৱলীয়া সমাজত অধিক প্ৰচলিত। প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত হিন্দু ধৰ্মৰ পৰম্পৰা চলি আহিছে। হিন্দু ধৰ্মত নানা সময়ত নানান দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰা হয়। এই দেৱ

18:33, 11 April 2020ৰ সংস্কৰণ

পৃথিৱীৰ অন্যান্য আদিম লোকসমাজে বিশ্বাস কৰি অহাৰ দৰে অসমৰ লোকসমাজতো ভূত-প্ৰেত সম্বন্ধীয় বিশ্বাস বহুলভাৱে প্ৰচাৰিত। অদৃশ্য আৰু ৰহস্যজনক শক্তি সম্বন্ধে প্ৰচলিত এই লোকবিশ্বাস নগৰতকৈ গাঁৱলীয়া সমাজত অধিক প্ৰচলিত। প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত হিন্দু ধৰ্মৰ পৰম্পৰা চলি আহিছে। হিন্দু ধৰ্মত নানা সময়ত নানান দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰা হয়। এই দেৱ -দেৱীসকল স্বৰ্গত থাকে বুলি বিশ্বাস কৰা হয়। ইয়াৰে কিছুমান দেৱতাই নিম্নস্তৰ লাভ কৰি ভূত বা অপদেৱতাৰ স্থান পায়। অসমীয়া সাধুকথা, গীত, ডাকৰ বচন, প্ৰবাদ-পটন্তৰ, কথাছবি আদিত এই অপদেৱতা বা ভূত-প্ৰেত সমূহে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি থৈছে।

শ্ৰেণী বিভাজন

অসমীয়া লোক-সংস্কৃতিত বৰ্ণিত অধিকাংশ অপদেৱতাই মানুহৰ অনিষ্টকাৰী,হিংসুক আৰু নিষ্ঠুৰ। প্ৰাকৃতিক বুৰঞ্জী অনুসৰি এই ভূত-প্ৰেতবোৰক প্ৰধানকৈ চাৰি ভাগত ভগোৱা হৈছে -
১)মাটিৰ তলত ফুৰা
২)পাৰ্থিৱ
৩)বায়ৱীয়
৪)সৰগত থকা
পাৰ্থিৱ ভূতসমূহক আকৌ তিনি ভাগত ভগোৱা হৈছে-
ক)জলচৰ
খ)হাবিতলীয়া
গ)কূলদেৱতা

পাৰ্থিৱ ভূত-প্ৰেত

ক) জলচৰ

এই শ্ৰেণীৰ অপদেৱতা সকল হৈছে বাঁক, দৈত্য, যখ, জল কাষৰীয়া, জলখাই, জলনাৰায়ণ, জলকোঁৱৰ আদি।

  • বাঁক : এই অপদেৱতাবিধ সাধাৰণতে নৈ, খাল, পুখুৰী, বিল আদিৰ পাৰত থাকে।ইহঁতে মাছ খাবলৈ ভাল পায়। ইহঁতৰ গাটো দেখা নাযাই মাত্ৰ চিলমিলকৈ অনুমান কৰিব পাৰি। ই পানীৰ ওপৰত ঘূৰি ফুৰে। ই জালমাৰি মাছ খাই। ওচৰত থকা মানুহে জাল মৰাৰ শব্দ শুনিবলৈ পায়। ইয়াৰ গাটো মাছৰ দৰে গোন্ধাই।
  • দৈত্য : দৈত্য শব্দটো সংস্কৃতৰ পৰা অহা। ই মানুহক বিভিন্ন ছলনা কৰি ফুচুলাই পথ হেৰুৱাই লৈ যায়। তাৰ পিছত নিৰ্জন হাবি বা আন্ধাৰত মানুহক অচেতন কৰি বা মাৰি পেলাই থৈ যায়। ৰাতি দোকমোকালিতে আন্ধাৰ সময়ত ই কোনো বন্ধুস্থানীয় লোকৰ ৰূপত দেখা দি মানুহক পুখুৰীৰ ফাললৈ লৈ যায়। দৈত্যবোৰ পিছল আৰু ওখ। ই দহ বাৰ ফুটলৈকে ওখ হ'ব পাৰে। ই পানী থকা জান্, পুখুৰী বা জলাহৰ পানী যুঁৱলীত থাকে। ই মানুহক ডিঙি চেপি ধৰে, ভুকুৱাই, হাতৰ আঙুলিৰে বাকুতি ধৰে। প্ৰথমে তাক মানুহৰ দৰে দেখি যদিও ক্ৰমে সি ডাঙৰ হৈ আহে আৰু হতাব নোৱাৰা হৈ পৰে। দৈত্যৰ লগত এটা জলমোনা থাকে। এই জলমোনাটো কোনো মানুহে বশ কৰি ল'ব পাৰিলে সি তেওঁৰ আদেশ মানি চলে।
  • জান কাষৰীয়া : জান কাষৰীয়া জানৰ কাষত, পানীৰ ধাৰৰ ওচৰত থাকে। ই এক দেওপুজক। ইয়াক মন্ত্ৰৰ দ্বাৰায়ো বশ কৰিব নোৱাৰি।
  • জলখাই আৰু জলনাৰায়ণ : এই দুই দেৱতা জলৰ অধিকাৰী। জলৰ ওপৰত ইহঁতৰ কৰ্তৃত্ব আৰু আধিপত্য থাকে।এওঁলোকে দায়-দোষ লাগিলে মানুহক শাস্তি দিয়ে যদিও মাৰি নেপেলাই।
  • জলকোঁৱৰ : জলকোঁৱৰ পানীৰ দেৱতা। বৰষুণৰ দেৱতা বৰুণৰ লগত ইয়াৰ যোগাযোগ আছে।

খ)হাবিতলীয়া দেৱতা

হাবিৰ দেৱতাবোৰ হ'ল চামোন ডাঙৰীয়া, বুঢ়া ডাঙৰীয়া, আলষণী, পিশাচ, পিশাচিনী, ডাইনী, পেৰেত, ভূত, খেতৰ, মৰকুছীয়া, প্ৰসূতা, কিণ, বীৰা, পায়ামঙনী, খাবিচ, পৰুৱা আৰু থলগিৰী।

  • চামোন ডাঙৰীয়া : চামোন ডাঙৰীয়া নিবোকা হৈ মনে মনে থাকে সেয়ে তেওঁক নিবোকা চামোন বুলিও কোৱা হয়। এয়া তেওঁৰ বিশিষ্ট লক্ষণ। চামোন ডাঙৰীয়াই লম্ভিলে মানুহে সকলো জ্ঞান চেতনা হেৰুৱাই পেলাই। আনকি মাত বোল মাতিব নোৱাৰা হৈ পৰে। চামোন শব্দটি অচলতে চাম গছৰ পৰা উদ্ভৱ হোৱা বুলি কওৱা হয়। চাম গছতেই স্সধাৰনতে চামোন ডাঙৰীয়া থাকে। নাহৰ গছ বা আন জোপোহা গছতো চামোন ডাঙৰীযা থাকে। যেতিয়া মানুহে এনে গছৰ ডাল কাটে নাইবা গছৰ তলত যধে মধে প্ৰসাৱ কৰে। তেতিয়াই চামোন ডাঙৰীয়া দোষ ধৰে আৰু মানুহৰ গাত লম্ভে।
  • বুঢ়া ডাঙৰীয়া : বুঢ়া ডাঙৰীয়াই সম্ভ্ৰান্ত ব্যক্তিয়ে থকাৰ দৰে সুন্দৰ পাগুৰি মাৰি থাকে। তেওঁ গাত খনীয়া কাপোৰ লয় আৰু আঁঠুৰ তললৈ ওলমি পৰা, মাৰ্বলৰ দৰে বগা ধুতি পিন্ধে। সেয়েহে তেওঁক ডাঙৰীয়া বুলি সম্বোধন কৰা যায়। তেওঁ আকৃতিত ওখ-পাখ আৰু হৃষ্ট-পুষ্ট থুলন্তৰ পুৰুষ। সকলো অপদেৱতাতকৈ বুঢ়া ডঙৰীয়াক মানুহে বেছিকৈ পূজে। বুঢ়া ডাঙৰীয়া ডাঙৰ গছত থাকে আৰু গছ কাটিবলৈ আহিলে মানুহক ধৰে। গছকটা জনক নৰীয়াত প্লৈ দিয়ে। তেতিয়া তেওঁ বুঢ়া ডাঙৰীয়াক পূজা দিবলগীয়া হয়। বুঢ়া ডাঙৰীয়া ৰাতি হ'লে বগা ঘোঁৰাৰ পিঠিত উঠি গাঁৱত তহল দিয়ে বুলি কোৱা হয়।
  • আলষণী : আলষণী এক মহিলা অপদেৱতা। মতা আলষণীও থাকে। সিহঁত জোপোহা বাঁহ গছত থাকে। কেতিয়াবা ই বাঁহ গছত আঠ-দহ ইঞ্চি কাঠফুলাৰ দৰে দেখা দিয়ে। ইয়াক তেতিয়া মানুহে আলষণী বাঁহ বোলে। আলষণী অলপ ধেমেলিয়া অপদেৱতা। মাইকী আলষণীয়ে মতা মানুহক বেছিকৈ ধৰে আৰু তেতিয়া মানুহৰ পেটৰ কামোৰ হয় আলষণীয়ে পালে জৰা-ফুঁকা কৰা হয়। দেহত বচ, বগা নহৰু আদি সানি দিয়া হয়।
  • পিশাচ : সংস্কৃত পৈশাচ শব্দৰ পৰা পিশাচ শব্দতি উদ্ভৱ হৈছে। পিশাচ সধাৰনতে গেৰেকনি হাবিত থাকে।
  • ফিচাহিনী : মাইকী পিশাচক পিশাচিনী বা ফিচাহিনী বোলে। পিশাচিনীয়ে একোখিলা অজান পাতত থুই পেলাই থৈ দিয়ে। এই থুই মানুহে এৰাই চলে। যদিহে সেই থুইত খোজ পৰে নাইবা দেহত লাগে তাত ডাঙৰ ঘাঁ লাগে।
  • ডাইনী : সংস্কৃতৰ ডাকিনী শব্দৰ পৰা ডাইনী শব্দৰ উদ্ভৱ হৈছে। ডাইনী কালী দেৱীৰ পালি-পহৰীয়া বুলি জনাজাত। এয়া এগৰাকি মাইকী, খকুৱা অপদেৱতা। ডাইনীয়ে মানুহ খাই। সুন্দৰ নিপোটল মানুহ দেখিলে ডাইনীৰ জিভাৰ পানী পৰে আৰু শুকান বুকুৰ মানুহ দেখিলে তেজ শুহি খাবলৈ লালায়িত হয়।
  • পেৰেত : কোনো মানুহ ঢুকালে তেওঁৰ আত্মাটোৱে অইন দেহত থিতাপি লোৱাৰ আগত অনাই বনাই ঘূৰি ফুৰে আৰু সেই সমযছোৱাত আত্মাটোক পেৰেত বোলে। কোনো মানুহক পেৰেতে পালে তেওমৰ দেহত খৰ-খহু আদি হয়। পেৰেতক দেখা নাযায় আৰু ই মানুহৰ দেহৰ লগতে মনকো লম্ভে। পেৰেতে ধৰিলে মানুহ শুকাই-খীনাই যায় আৰু মন মাৰি থাকে।
  • ভূত : সাধাৰনতে সকলো অপদেৱতাকে ভূত বুলি কোৱা হয় যদিও ভূত এবিধ সুকীযা অপদেৱতা। ই ঘনে ঘনে ৰূপ সলনি কৰিব পাৰে।
  • খেতৰ : খেতৰ মানে কোনো এখন ঠাইৰ থলগিৰী বা থানগিৰী। ই মুকলি ঠাইতে থাকে। সাধাৰণতে সৰু ল'ৰা-ছোৱালীক খেতৰে পাই। বেজৰ দ্বাৰা মন্ত্ৰ মাতি ডোল বটি দিলে আৰোগ্য লাভ হয়। পোৱালি জগাৰ পিছত সৰু দামুৰি পোৱালিকো খেতৰে পায়। সেয়েহে পোৱালি জগাৰ দুই-তিনিদিনত ভোগ পায়স দি খেতৰ ভঙা হয়।
  • মৰকুছীয়া : মৰকুছীয়া এনে এবিধ অপদেৱতা যিয়ে গৰ্ভৱতী মহিলাৰ গৰ্ভস্থ সন্তানৰ বিনাশ ঘটায়। কোনো বিবাহিতা তিৰোতাই মাহেকীয়া ঋতু স্নান হোৱাৰ সময়তে কোনো অশুভ সমযতে মৰকুছীয়াই লগ লয় আৰু গৰ্ভৱতী হ'লে তিনি চাৰি চাৰিমাহতে সন্তানৰ বিনাশ কৰে। আনকি সন্তান জন্মৰ পিছতো ই আক্ৰমণ কৰে। তেতিয়া বেজ লগাই মৰকুছীয়া খেদোৱা হয়।
  • প্ৰসূতা : প্ৰসূতা অপদেৱীয়ে প্ৰসুতিক আক্ৰমণ কৰে।
  • কন্ধ বা স্কন্ধ : কন্ধ এবিধ ভয়াবহ অপদেৱতা। ইয়াৰ মূৰ নাথাকে। বুকুত টল টল কৰি জিলিকি থকা এহাল চকু থাকে। ই সাধাৰণতে নৈ-বিলৰ পাৰৰ বালিতবা মুকলি পথাৰত থাকে। ই আন্ধাৰ নিশা ঘূৰি ফুৰে আৰু পোহৰ হ'লে নিজ ঠাইলৈ গুচি যায়। সংস্কৃত শব্দ কবন্ধৰ পৰা কন্ধৰ উদ্ভৱ হোৱা বুলি ভবা হয়।
  • বীৰা : বীৰা এক শ্ৰেণীৰ খেতৰ জাতিৰ অপদেৱতা। বহু ডাঙৰ বেজেহে বীৰাক মন্ত্ৰ মাতি খেদিব পাৰে।
  • পানী মঙ্গলীয়া বা পানী মৰলীয়া : বছৰৰ আৰম্ভণিতে ন-পানী বাঢ়ি আহিলে উজানৰ মাছ পানীত ওলালে পানী মৰলীয়াও ওলাই। পানী মৰলীযাই বিলত মাছ মাৰি থাকোতে পালে আক্ৰমণ কৰি গাৰ কোনোবা আংগ, হাত বা ভৰি ভাঙি থৈ যায়। কেতিয়াবা বলে নোৱাৰা গাত জ্বৰ উঠে।
  • পৰুৱা : পৰুৱা এবিধ খৰতকীয়া স্ত্ৰী জাতীয় অপদেৱতা। তিনি আলি বা চাৰি আলিৰ মূৰত হে পৰুৱাক লগ পোৱা যায়। অকলশৰীয়া ৰাতি পৰুৱাই লগ পালে যাত্ৰীক ডাঠ আন্ধাৰে আৱৰি ধৰে আৰু আচল বাটটো পাহৰাই দিয়ে। তেনেদৰে বাট হেৰুওৱা মানুহক ক্ৰমে মূল বাটৰ পৰা দূৰলৈ লৈ যায়। ৰাতিৰ ৰাতিটো একে ঠাইত ঘূৰাই ফুৰে। অন্যলোকে পোহৰ দেখুৱাই লৈ গ'লেহে পৰুৱাই এৰা দিয়ে।
  • খাবিচ : খাবিচ এবিধ ইছলাম ধৰ্মীয় অপদেৱতা। অৱশ্যে কেতিয়াবা ই হিন্দুৰ গাতো লম্ভে।

গ) কূলদেৱতা

  • থলগিৰী বা থলখাই : প্ৰতিখন ঠাইৰেই একোজন থলগিৰী বা থলদেৱতা থাকে। কেতিয়াবা থলগিৰী ডাঙৰীয়াই দোষ ধৰিলে মানুহে সকাম্-নিকাম কৰে।
  • ঘৰজেউতি : ঘৰজেউতি এক মহিলা জাতীয় ঘৰৰ দেৱ্তা। মাজে মাজে তেওঁ ঘৰত শব্দ কৰি থাকে। কোনোবা মানুহে ঘৰৰ দুৱাৰডলিতে টোপনি গ'লে সেই ফালেদি ঘৰদেৱতা পাৰ হৈ গ'লে মানুহজনে টোপনিত মেকুৰী জাপ মৰি যোৱা যেন পায়।

বায়বীয় ভূত-প্ৰেত

  • বৰদৈচিলা : বসন্ত কালত বাৰিষাৰ আগজাননী দি পাৰ হৈ যোৱা ধুমুহা বৰষুণক অসমীয়া লোক সংস্কৃতিত বৰদৈচিলা নামৰ দেৱী বুলি ভবা হয়। কোৱা হয় বসন্তৰ আগে আগে বৰদৈচিলা মাকৰ ঘৰলৈ যায় আৰু যাওঁতে গছ-গছনি, হিল-দ'ল ভাঙি থৈ যায়।

সৰগীয় ভুত-প্ৰেত

সৰগীয় ভূত-প্ৰেত বা দেৱতা সকল হৈছে আমাৰ লোক-সমাজত বিশ্বাস কৰা প্ৰকৃত দেৱ-দেৱী সকল। তাৰ ভিতৰত - শিৱ, যম, বিশ্বকৰ্মা,দূৰ্গা, কালী, লক্ষ্মী আদি প্ৰধান।

মাটিৰ তলৰ দেৱতা

গুলৈ বা ধনগুলৈ মাটিৰ তলত পুতি থোৱা ধন সম্পত্তিৰ অধিকাৰী। তেওঁ বৰটোকোলা চৰাইৰ ৰূপত ৰাতিৰ আন্ধাৰত আহাৰ বিচাৰি ফুৰে। এই চৰাইৰ ঠোঁটৰ পৰা জুইৰ দৰে পোহৰ ওলাই আৰু সেই পোহৰত বাট দেখি পায়। ইয়াক মানুহে দূৰৰ পৰা একুৰা জুই যেন দেখে।

তথ্য সংগ্ৰহ

লগত চাওক