নিপন গোস্বামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
/* অভিনীত ছবি{{cite web|url=http://onlinesivasagar.com/movies/nipon-goswami.html |title=Nipon Goswami - Assamese actor film movie cinema assam flimography nippon |publisher=Onlinesivasagar.com |date= |accessdate=2013-02-04}}প্ৰাঞ্জল কুমাৰ মহন্ত, নিপন গোস্বামীৰ সৈতে এখন্তেক কথা-বতৰা; অসমীয়া সাৰেগামা (স. জনাৰ্দন গোস্বামী); অষ্টম বছৰ: ষষ্ঠ সংখ্যা: ছেপ্টেম্বৰ: ২০১১চন; পৃ: ১১-১৫প্ৰদ্যুৎ কুমাৰ ডেকা. এজন 'ষ্টাৰ'ৰ চমু কাহিনী; অসমীয়া সাৰেগামা (স. জনাৰ্দন গোস্বামী); অষ্টম বছৰ: ষষ্ঠ সংখ্যা: ছেপ্টেম্ব...
50 নং শাৰী: 50 নং শাৰী:
===অসমীয়া ভাষাৰ চলচ্চিত্ৰ===
===অসমীয়া ভাষাৰ চলচ্চিত্ৰ===
*[[সংগ্ৰাম]] (১৯৬৫)
*[[সংগ্ৰাম]] (১৯৬৫)
*[[ডা: বেজবৰুৱা]]
*[[ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ)|ডক্তৰ বেজবৰুৱা]]
*[[শেষ বিচাৰ]]
*[[শেষ বিচাৰ]]
*[[আজলী নবৌ]]
*[[আজলী নবৌ]]
65 নং শাৰী: 65 নং শাৰী:
*[[শকুন্তলা আৰু শংকৰ যোছেফ আলি]]
*[[শকুন্তলা আৰু শংকৰ যোছেফ আলি]]
*[[প্ৰতিদান]]
*[[প্ৰতিদান]]
*[[ছিৰাজ]]
*[[ছিৰাজ (১৯৮৮ চলচ্চিত্ৰ)|ছিৰাজ]]
*[[হিয়া দিয়া নিয়া]]
*[[হিয়া দিয়া নিয়া]]
*[[ককাদেউতাৰ ঘৰজোঁৱাই]]
*[[ককাদেউতাৰ ঘৰজোঁৱাই]]

10:36, 18 April 2020ৰ সংস্কৰণ

নিপন গোস্বামী
জন্ম নিপন গোস্বামী
ছেপ্টেম্বৰ, ১৯৪৭
ক'লিবাৰী, তেজপুৰ, অসম, ভাৰত
পেচা অভিনেতা, পৰিচালক, গায়ক
সক্ৰিয় হৈ থকা সময় ১৯৬৮-বৰ্তমানলৈ


নিপন গোস্বামী (ইংৰাজী: Nipon Goswami, জন্ম: ১৯৪২) অসমৰ চলচ্চিত্ৰ আৰু নাটকৰ অভিনেতা। প্ৰথমে মঞ্চত অভিনয় কৰি তেখেতে পাছলৈ বোলছবিত নায়কৰ অভিনয় কৰে। অসমীয়া বোলছবিৰ 'তাৰকা অভিনেতা'ৰ শাৰীৰ মুষ্টিমেয় কেইজনমানৰ অন্যতম। এখেতে টেলি-ফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ উপৰিও নাট্য পৰিচালনাও কৰি আহিছে। বৰ্তমানেও সক্ৰিয় হৈ থকা এগৰাকী অভিনেতাই ১০০-ৰো অধিক ছবিত কাম কৰিছে।

জন্ম আৰু শৈশৱ

তেজপুৰৰ কলিবাৰীত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত নিপন গোস্বামীৰ জন্ম হৈছিল। পিতৃ চন্দ্ৰধৰ গোস্বামী আছিল বিখ্যাত অভিনেতা, আৰু মাতৃ নিৰুপমা গোস্বামীয়ে সংগীত চৰ্চা কৰিছিল। নিপন গোস্বামীয়ে শিক্ষাৰম্ভ কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত কৰিছিল। তাৰপাছত 'তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়'ত শিক্ষা গ্ৰহণ কৰে।

সাংস্কৃতিক পৰিবেশ এটা নিপন গোস্বামীয়ে ঘৰতেই পাইছিল। পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাঁচো জন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত। তাৰোপৰি বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেখেতৰ চুবুৰীয়া। বাণ ৰঙ্গমঞ্চত নিয়মিত ভাৱে চলি থকা নাটক চায়েই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল।

অভিনয় জীৱন

স্কুলত পঢ়ি থকা দিনতেই নিপন গোস্বামীয়ে প্ৰথম অভিনয় কৰিছিল। আঠ নে ন বছৰ বয়সত তেখেতে প্ৰথমে 'লাচিত বৰফুকন' নাটকত স্কুলীয়া লগৰীয়া কেইজনমানৰ লগত অভিনয় কৰিছিল। হাইস্কুলত পঢ়া কালতো নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

অভিনয়ৰ শিক্ষা

বি এ ফাইনেল পৰীক্ষা দিয়াৰ পাছত তেখেতে কলিকতালৈ গৈ 'পুনে ফিল্ম ইনষ্টিটিউট'ৰ নামভৰ্তিৰ বাবে ইণ্টাৰভিউ দিয়ে। ১৯৬৫ চন মানত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায়। সুভাষ ঘাই, শত্ৰুঘ্ন সিন্‌হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি তেখেতৰ সহপাঠী আছিল। বলিউদৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউদৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল। ২ বছৰীয়া শিক্ষা সাং কৰি তেওঁ প্ৰথম ছবিত অভিনয় কৰে।

বোলছবিত অভিনয়

ককাদেউতা,নাতি আৰু হাতী" ৰ এটি দৃশ্যত নিপন গোস্বামী

'পুনে ফিল্ম ইনষ্টিটিউট'ৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ 'সংগ্ৰাম' বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণ মৰ্মেই নিপন গোস্বামীয়ে 'সংগ্ৰাম' বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে।

কালানুক্ৰমিক ভাৱে নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰদ্বাৰা পৰিচালিত 'পিয়লি ফুকন'। তেখেতৰ পিতৃয়ে নাম-ভূমিকাত অভিনয় কৰা এই ছবিখনত কেইটামান সৰু-সুৰা দৃশ্যত তেওঁ প্ৰথমে কেমেৰাত ভূমুকি মাৰিছিল।[1]

'সংগ্ৰাম'ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত 'ডা: বেজবৰুৱা' ছবিত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৮১ চনৰ আজলী নবৌৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়।[1]

নাটকত অভিনয়

নিপন গোস্বামীয়ে নিজেই কোৱামতে মঞ্চহে তেখেতৰ বেছি ভাল লাগে। সেয়ে তেখেতে চলচ্চিত্ৰৰ লগতে মঞ্চাভিনয়ো অব্যাহত ৰাখিছে। তেখেতে 'ভ্ৰাম্যমান থিয়েটাৰ'টো অভিনয় কৰিছে। নিপন গোস্বামীয়ে বিভিন্ন সময়ত কহিনুৰ, আৱাহন, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছে।[2] ভ্ৰাম্যমানৰ সুখ্যাত নাটক 'অসীমত যাৰ হেৰাল সীমা'-ৰ 'চন্দন'ৰ চৰিত্ৰত তেখেতে অভিনয় কৰিছিল।[3]

পৰিচালনা

নিপন গোস্বামীয়ে অভিনয়ৰ লগতে নাটক পৰিচালনাও কৰি আহিছে। এমেচাৰ আৰু ভ্ৰাম্যমান দুয়োবিধ নাটকেই নিপন গোস্বামীয়ে পৰিচালনা কৰিছে। টেলিফিল্মো পৰিচালনা কৰিছে। মুনিন বৰুৱাৰ লগত যৌথ ভাৱে তেখেতে 'প্ৰতিমা' নামৰ বোলছবিখন পৰিচালনা কৰিছিল।[3]

বৰ্তমান জীৱন

এতিয়াও চলচ্চিত্ৰ আৰু ভিচিডি ছবিত নিপন গোস্বামীয়ে অভিনয় কৰি গৈছে। মাজতে তেখেতে অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল যদিও সেইটোৰপৰা তেখেতে অব্যাহতি লয়।

অভিনীত ছবি[4][5][3][6]

অসমীয়া ভাষাৰ চলচ্চিত্ৰ

বাংলা ভাষাৰ চলচ্চিত্ৰ

  • তুষাৰতীৰ্থ অমৰনাথ
  • মৌ শেৰ
  • দেবাঞ্জলী
  • দুৰন্ত চৰাই

হিন্দী ভাষাৰ চলচ্চিত্ৰ

  • দো অনজানে
  • জগ্গু
  • দো ভাই
  • মৌকা
  • বিৰোধী

তথ্য সংগ্ৰহ

  1. 1.0 1.1 "Nipon Goswami - Assamese actor film movie cinema assam flimography nippon". Onlinesivasagar.com. http://onlinesivasagar.com/movies/nipon-goswami.html। আহৰণ কৰা হৈছে: 2013-02-04. 
  2. "Welcome to". Rupaliparda.com. http://www.rupaliparda.com/english/who's-who/nipongoswami.htm। আহৰণ কৰা হৈছে: 2013-02-04. 
  3. 3.0 3.1 3.2 মৃনাল কুমাৰ বৰা. নিপন গোস্বামী. অসমীয়া সাৰেগামা (স. জনাৰ্দন গোস্বামী); অষ্টম বছৰ: ষষ্ঠ সংখ্যা: ছেপ্টেম্বৰ: ২০১১চন; পৃ: ৮-৯
  4. "Nipon Goswami - Assamese actor film movie cinema assam flimography nippon". Onlinesivasagar.com. http://onlinesivasagar.com/movies/nipon-goswami.html। আহৰণ কৰা হৈছে: 2013-02-04. 
  5. প্ৰাঞ্জল কুমাৰ মহন্ত, নিপন গোস্বামীৰ সৈতে এখন্তেক কথা-বতৰা; অসমীয়া সাৰেগামা (স. জনাৰ্দন গোস্বামী); অষ্টম বছৰ: ষষ্ঠ সংখ্যা: ছেপ্টেম্বৰ: ২০১১চন; পৃ: ১১-১৫
  6. প্ৰদ্যুৎ কুমাৰ ডেকা. এজন 'ষ্টাৰ'ৰ চমু কাহিনী; অসমীয়া সাৰেগামা (স. জনাৰ্দন গোস্বামী); অষ্টম বছৰ: ষষ্ঠ সংখ্যা: ছেপ্টেম্বৰ: ২০১১চন; পৃ: ১০

বাহ্যিক সংযোগ