অৰ্ণৱ জান ডেকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
tag
1 নং শাৰী: 1 নং শাৰী:
{{peacock}}
{{Cleanup-rewrite}}
{{Infobox writer
{{Infobox writer
|name =অৰ্ণৱ জান ডেকা
|name =অৰ্ণৱ জান ডেকা

13:09, 2 May 2020ৰ সংস্কৰণ

অৰ্ণৱ জান ডেকা
জন্ম ১৬ ছেপ্টেম্বৰ ১৯৬৭
পেচা সাহিত্য, লেখক, অভিনেতা, অভিযন্তা, তথ্য চিত্ৰ নিৰ্মাতা
উল্লেখযোগ্য বঁটা আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় স্মাৰক সন্মান বঁটা, কলিকতা, ২০১০;

অসম চৰকাৰ প্ৰকাশন পৰিষদৰ সোনালী জয়ন্তী উপন্যাস বঁটা, ২০০৬;

কথা-গৰীয়সী চুটী গল্প বঁটা, ২০০৩ (কথা আন্তঃৰাষ্ট্ৰীয় চুটী গল্প উৎসব, নতুন দিল্লী)

অৰ্ণৱ জান ডেকা (ইংৰাজী: Arnab Jan Deka) হৈছে অসমৰ এজন গল্পকাৰ, ঔপন্যাসিক, প্ৰৱন্ধকাৰ, কবি, চলচ্চিত্ৰ পৰিচালক, অভিনেতা, আৰু অভিযন্তা।[1][2][3] তেওঁ ১৩১ খন ইংৰাজী, অসমীয়া, হিন্দী আৰু বাংলা গ্ৰন্থ লিখিছে। এখন গ্ৰন্থ ইংৰাজ লেখকৰ সৈতে যুটীয়াভাবে আৰু এখন আমেৰিকান লেখকৰ সৈতে যুটীয়াভাৱে লিখিছে। তেওঁ ১৪ খনতকৈও অধিক গ্ৰন্থ সম্পাদনা কৰিছে। ইয়াৰোপৰি তেওঁ গান্ধাৰ নামৰ এখন আলোচনী আৰু জেইচি নিউজ শীৰ্ষক এখন বাতৰি কাকতৰো সম্পাদক আছিল।[4] সাহিত্য একাডেমিয়ে তেওঁৰ জীৱনী বিংশ শতাব্দীৰ শ্ৰেষ্ঠ ভাৰতীয় সাহিত্যিকত তথ্য সম্বলিত গ্ৰন্থ Who's Who of Indian Writers 1999ত স্থান দিছে।[5] Manonmaniam Sundaranar University-এ তেওঁৰ তিনিটা গল্প ইংৰাজী স্নাতকোত্তৰ পাঠ্যক্ৰমত স্থান দিছে।[6]

'এনই লাইভ'-এ ডঃ ইন্দিৰা (মামণি ৰয়ছম) গোস্বামী, হোমেন বৰগোহাঞি, আৰু নিৰুপমা বৰগোহাঞিৰ সৈতে তেওঁক "Top 5 Contemporary Writers from Assam who have made it big outside the state" তালিকাত স্থান দিছে, যিসকলে "have not only contributed to the literary wealth of the state, they have also enlightened the world about the life and culture of Assam through their writing."।[1]

'New generation of storytellers' নামৰ এটা সমালোচনামূলক লেখাত অৰ্ণৱ জান ডেকাক "the bunch of most powerful storytellers"ৰ অন্যতমৰূপে অভিহিত কৰা হৈছে, যিগৰাকীয়ে "delved deep into the spiritual and intellectual heritage along the Brahmaputra valley, and also highlighted its environmental fragility."[7]

তেওঁ তেওঁৰ উপন্যাস "ভৱ আনন্দ সংবাদ"ৰ বাবে "অসম চৰকাৰৰ প্ৰকাশন পৰিষদৰ সোনালী জয়ন্তী উপন্যাস বঁটা, ২০০৬" লাভ কৰিছিল।[2][3] ২০০৪ চনত নতুন দিল্লীত অনুষ্ঠিত কথা আন্তঃৰাষ্ট্ৰীয় চুটী গল্প উৎসৱে তেওঁৰ চুটী গল্প Himalayan Mystic Meetingৰ বাবে "কথা-গৰীয়সী চুটী গল্প বঁটা" প্ৰদান কৰে।[8] ইয়াৰোপৰি তেওঁক সাহিত্য, কলা আৰু বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ বাবে ২০১০ চনত কলিকতাত আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় স্মাৰক সন্মান বঁটা প্ৰদান কৰা হয়।[9]

তেওঁ ইণ্ডো-ব্ৰিটিছ পৰিৱেশ প্ৰকল্প Save the Brahmaputra River (ছেভ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ)ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যক্ষৰূপে দায়িত্ব লাভ কৰা প্ৰথম অসমীয়া নদী গৱেষক অভিযন্তা।[10][11]

তেওঁ আছিল কনিষ্ঠতম ভাৰতীয় অনাতাঁৰ নাট্যকাৰ। ১৯৮১ চনত নৱম শ্ৰেণীৰ স্কুলীয়া ছাত্ৰাৱস্থাতেই তেওঁৰ প্ৰথম অনাতাঁৰ নাটক "মুক্তি" ('Freedom') অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰ কৰা হৈছিল। ১৯৮৩ চনত তেওঁৰ প্ৰথম কিতাপ এফাঁকি ৰ'দ প্ৰকাশিত হৈছিল। এই গ্ৰন্থখনৰ ইংৰাজী অনুবাদ কৰিছিল প্ৰখ্যাত বৃটিছ কবি-সমালোচক টেছ জয়ছে। A Stanza of Sunlight on the Banks of Brahmaputra নামেৰে সেই ইংৰাজী গ্ৰন্থখন টেছ জয়ছৰ কবিতাৰ সৈতে যৌথভাৱে ২০০৯ চনত ভাৰত আৰু ইংলণ্ডৰ পৰা একেলগে প্ৰকাশ পাইছিল। এই প্ৰথম ইংৰাজী গ্ৰন্থখনে অৰ্ণৱ জান ডেকাক সাহিতি্যক হিচাপে প্ৰথমবাৰলৈ পৃথিৱীজুৰি পৰিচয় কৰাই দিয়ে। গ্ৰন্থখন ভাৰত আৰু বিদেশৰ বহু সমালোচকে উচ্চ প্ৰশংসা কৰে। নোবেল বঁটা বিজয়ী কেবাজনো সাহিতি্যক জড়িত থকা আৰ্ট অৱ লিভিং নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই তেওঁলোকৰ ৱেবছাইটত এই কিতাপখনৰ প্ৰসংগত অৰ্ণৱ জান ডেকাৰ বৌদ্ধিক চিন্তা-চ্ৰচাত আলোকপাত কৰি এটা গুৰুত্বপূৰ্ণ লেখা প্ৰকাশ কৰে। [5][12][13]

অসমৰ প্ৰখ্যাত গুৰু-সাহিত্যিক-কলাকাৰ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ১৯৯৬ চনত তেওঁ নিৰ্মান কৰা চলচিত্ৰখনৰ প্ৰিমিয়াৰ শ্ব আমেৰিকাৰ আটলাণ্টিক চিটি আৰু ছমাৰছেটত ১৯৯৭ চনৰ ৪ জুলাইত অনুষ্ঠিত হোৱাৰ পাছত বহুতো দেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শংকৰদেৱৰ বিষয়ে বিদেশত ৰাজহুৱাভাৱে প্ৰদৰ্শন হোৱাৰ অভিলেখ গঢ়া সেইখন অসমীয়া লোকৰ পৰিচালিত প্ৰথম চিনেমা [14]

শিক্ষা

তেওঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা চিভিল ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক, গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ প্ৰয়োগ আৰু যোগাযোগ তথা সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ শিক্ষা অৰ্জন কৰে। বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত তেওঁ ভাৰত চৰকাৰৰ জাতীয় বৃত্তিৰ লগতে অসম চৰকাৰৰো ৰাজ্যিক বৃত্তি লাভ কৰিছিল। কটন কলেজৰ পৰা প্ৰাক-বিশ্ববিদ্যালয় বিজ্ঞান পৰীক্ষাত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত অসমীয়া বিষয়ত সৰ্বোচ্চ স্থান লাভ কৰিছিল। চিভিল ইঞ্জিনিয়াৰিং স্নাতক পৰীক্ষাত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিষয়ত সৰ্বোচ্চ স্থান লাভ কৰিছিল। যোগাযোগ তথা সাংবাদিকতা বিষয়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লৈ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।[5]

কৰ্মজীৱন

অৰ্ণৱ জান ডেকা এজন আন্তৰ্জাতিক স্তৰত পৰিচিত ব্ৰহ্মপুত্ৰ নদী গৱেষক অভিযন্তা।[10] তেওঁ স্কুলীয়া ছাত্ৰ জীৱনৰে পৰা ৰেডিওৰ নাটকত অভিনয়, লাইভ বাতৰি পঢ়া, আলোচনা, হিন্দী শিক্ষাৰ পাঠদান, স্বৰচিত প্ৰৱন্ধ আৰু কথিকা পাঠ আদি কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছিল। কলেজীয়া ছাত্ৰকালতে তেওঁ সাংবাদিক হিচাপে অসমজুৰি জনাজাত হৈ পৰে। গান্ধাৰ আলোচনী আৰু জেইচি নিউজ বাতৰি কাকতৰ সম্পাদনা কৰাৰ লগতে তেওঁ অসমৰ শীৰ্ষস্থানীয় বাতৰিকাকত দৈনিক অসম, দৈনিক জনমভূমি, The Assam Tribune, অসম বাণী, অগ্ৰদূত, সাদিন, নতুন দৈনিক, ৰংপুৰ, অভিমত আদিৰ লগতে প্ৰান্তিক, গৰীয়সী, অসম সাহিত্য সভা পত্ৰিকা আদি আলোচনীতো নিয়মিত সম্পাদকীয় পৃষ্ঠাৰ মূল প্ৰৱন্ধ, ৰচনা, ৰাজনৈতিক বিশ্লেষণ, সাময়িক প্ৰসংগ আদি লিখি আহিছে।[11][12][13][1]

তেওঁ অসম চৰকাৰৰ প্ৰথম শ্ৰেণীৰ ৰাজপত্ৰিত বিষয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, চিভিল ইঞ্জিনিয়াৰিং কোম্পেনীৰ চিভিল ইঞ্জিনিয়াৰ, চিনেমা আৰু টেলিভিছনৰ পৰিচালক তথা চিত্ৰনাট্যকাৰ, বাতৰিকাকতৰ সাংবাদিক, স্তম্ভলেখক, আমেৰিকাৰ সংস্থাৰ আইন উপদেষ্টা আৰু জনসংযোগৰ গৱেষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।[1][15]

গল্পকাৰ

অৰ্ণৱ জান ডেকা এগৰাকী শীষৰ্স্থানীয় অসমীয়া গল্পকাৰ। অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত তিনিটাকৈ গল্প অন্তৰ্ভুক্ত হোৱা তেওঁ একমাত্ৰ অসমীয়া গল্পকাৰ। তামিলনাডুৰ মনোনমনিয়ম সুন্দৰনৰ বিশ্ববিদ্যালয়ৰ এম.এ.(ইংৰাজী) পাঠ্যক্ৰমত হিমালয়ৰ দুপৰীয়া : অংকুৰ-তপস্বী-স্বৰ্ণকেশিনী, তিনিজনী গাঁৱলীয়া ছোৱালী আৰু মাডাৰ আমেৰিকা শীৰ্ষক তেওঁৰ তিনিটা বহুপ্ৰশংসিত গল্পই স্থান লাভ কৰিছে।[6]

২০১৮ চনলৈকে তেওঁৰ প্ৰকাশিত গল্প সংকলনবোৰ হল -- প্ৰেম অসম্ভৱ, অকস্মাৎ এক আবেলি, নাৰীবাদৰ নৰক, মেক্সিকো শহৰে একজন প্ৰেমিকা এবং কয়েকটা গল্প (বাংলা) আৰু দুফৰি গাঁৱৰ নিৰঞ্জনা আইতা। তেওঁৰ ভালেমান গল্প ইংৰাজী আৰু বাংলাৰ উপৰিও পৃথিৱীৰ অন্য বহু ভাষালৈ অনুবাদ হৈছে।

তেওঁৰ কাহিনীৰ আধাৰত কেবাখনো চিনেমা আৰু টেলিভিছনৰ ধাৰাবাহিক নিৰ্মাণৰ বিভিন্ন প্ৰযায়ত আছে। বিশিষ্ট অসমীয়া প্ৰযোজক প্ৰয়াত প্ৰমোদ বৰুৱাই জীৱনৰ শেষ টেলিভিছনৰ ধাৰাবাহিকখন অৰ্ণৱ জান ডেকাৰ উপন্যাস শৈশৱতে ধেমালিতেৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰিছিল। জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ অভিনেতা-পৰিচালক ব্ৰজেন বৰায়ো অৰ্ণৱ জান ডেকাৰ কাহিনীৰ আধাৰত ধাৰাবাহিক নিৰ্মাণ কৰিছে।

২০০২ চনত প্ৰান্তিক আলোচনীত প্ৰথমবাৰলৈ প্ৰকাশিত তেওঁৰ পৃথিৱীজুৰি জনপ্ৰিয় হোৱা বহুচৰ্চিত গল্প মেক্সিকো চহৰত এজনী প্ৰেমিকাৰ কাহিনীৰ পৰিবৰ্ধন কৰি My Sweetheart from Mexico নামেৰে এখন চিনেমা নিৰ্মীয়মান অৱস্থাত আছে। মেক্সিকোৰ অভিনেত্ৰী বেটঝাবেল ফলফনে কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হোৱা এই চিনেমাখনৰ দৃশ্যগ্ৰহণত ইতিমধ্যে বৃটেইন আৰু ইটালীৰ অভিনয়-শিল্পীয়ে অংশগ্ৰহণ কৰিছে।[1][15]

আন্তৰ্জাতিক সহযোগিতাৰ প্ৰকল্পসমূহ

অৰ্ণৱ জান ডেকাই আন্তৰ্জাতিক সহযোগিতাৰে বহুকেইটা উল্লেখনীয় প্ৰকল্প সফলতাৰে সম্পাদন কৰিছে। তাৰ ভিতৰত আমেৰিকা, বৃটেইন, স্পেইন, জাপান, ইটালী, জাৰ্মানীৰ সহযোগত কৰা প্ৰজেক্টসমূহ গুৰুত্বপূৰ্ণ।[10][11][12][13]

বৃটিছৰ সহযোগত ব্ৰহ্মপুত্ৰ ৰক্ষা প্ৰকল্প

তেওঁ Save the Brahmaputra River (ছেভ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ) নামৰ ইণ্ডো-ব্ৰিটিছ পৰিৱেশ প্ৰকল্পৰ আন্তঃৰাষ্ট্ৰীয় অধ্যক্ষ। এই প্ৰকল্পৰ জৰিয়তে চীনদেশে ব্ৰহ্মপুত্ৰ নদৰ পানী গোপনে ভাৰতৰ পৰা চীনলৈ বোৱাই নিবলৈ ষড়যন্ত্ৰ কৰি বান্ধ নিৰ্মাণ কৰি থকা কাৰ্য উদ্ঘাটন কৰা অৰ্ণৱ জান ডেকা প্ৰথম অসমীয়া নদী গৱেষক অভিযন্তা। তেওঁ এই অসাধাৰণ গৱেষণাৰ বাবে বিশ্বজুৰি খ্যাতি অৰ্জন কৰে আৰু জাপানৰ টোকিওৰ পৰা আছাহি শিম্বুন দৈনিক কাকতৰ বিশ্ববিখ্যাত সাংবাদিক য়ুকিফুমি টাকেউছি গুৱাহাটীলৈ আহি তেওঁৰ সাক্ষাৎ গ্ৰহণ কৰে। সেই গুৰুত্বপূৰ্ণ খবৰটো দ্য অসম ট্ৰিবিউন কাকতে ১২ জুলাই ২০১০ তাৰিখে প্ৰথম পৃষ্ঠাৰ শীৰ্ষসংবাদৰূপে প্ৰকাশ কৰি অৰ্ণৱ জান ডেকাৰ আন্ত্ৰজাতিক সাফল্যক ৰাজহুৱাভাৱে স্বীকৃতি প্ৰদান কৰিছিল।[13][15][12][10]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 Ghosh, Arnab. "Top 5 Contemporary Writers from Assam". NE Livehttp://.nelive.in. http://www.nelive.in/assam/entertainment/top-5-contemporary-writers-assam। আহৰণ কৰা হৈছে: 24 January 2016. 
  2. 2.0 2.1 "Novel Award to Arnab Jan Deka". The Times of India. 10 Jan 2007. 
  3. 3.0 3.1 "Assam Publication Board Award to novel on Bhabananda Deka's life". Ajir Asom. 11 Jan 2007. 
  4. "Remembering a scholar". The Assam Tribune. 24 Jan 2015. http://www.assamtribune.com/scripts/showpage.asp?id=jan2415%2C12%2C87%2C156%2C1326%2C684। আহৰণ কৰা হৈছে: 24 January 2015. 
  5. 5.0 5.1 5.2 Who's Who of Indian Writers End Century Edition 1999. প্ৰকাশক New Delhi: Sahitya Academy. পৃষ্ঠা. 305. ISBN 81-260-0873-3. https://books.google.com/books?id=QA1V7sICaIwC&pg=PA801&lpg=PA801&dq=sahitya+academy+who%27s+who+of+indian+writers+Arnab+Jan+Deka#v=onepage&q=sahitya%20academy%20who's%20who%20of%20indian%20writers%20Arnab%20Jan%20Deka&f=false। আহৰণ কৰা হৈছে: 6 March 2015. 
  6. 6.0 6.1 https://www.msuniv.ac.in/Download/Pdf/1162756ebace4c1
  7. Roy Choudhury, Anwesha. "New generation of storytellers". .nelive.in. http://www.nelive.in/north-east/art-culture/new-generation-storytellers। আহৰণ কৰা হৈছে: 25 June 2015. 
  8. "Thumbs up". The Telegraph. 12 Dec 2003. http://www.telegraphindia.com/1031212/asp/northeast/story_2670327.asp। আহৰণ কৰা হৈছে: 20 January 2015. 
  9. "Acharya Prafulla Chandra Roy Award to Arnab Jan Deka". The Sentinel. 2 Sep 2011. 
  10. 10.0 10.1 10.2 10.3 "Chinese action attracts global media". The Assam Tribune. 12 July 2010. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402203326/http://www.assamtribune.com/scripts/detailsnew.asp?id=jul1210/at06। আহৰণ কৰা হৈছে: 24 December 2014. 
  11. 12.0 12.1 12.2 12.3 "Poetry and the Brahmaputra: Flowing Back to Nature". The Art of Living Guide. http://artoflivingguide.org/messages-mother-earth/poetry-and-brahmaputra-flowing-back-nature। আহৰণ কৰা হৈছে: 24 December 2014. 
  12. 13.0 13.1 13.2 13.3 "Poetry by the Banks". The Assam Tribune (Volume 76 No. 352). 27 Dec 2014. http://www.assamtribune.com/scripts/showpage.asp?id=dec2714%2C11%2C1083%2C162%2C330%2C1995। আহৰণ কৰা হৈছে: 29 December 2014. 
  13. "Documentary on Shankardev to be Screened in USA". University of Colorado (Colorado Springs). 10 May 1997. http://www.cs.uccs.edu/~jkalita/assam/news/1997/1997-05-12.html। আহৰণ কৰা হৈছে: 2 January 2015. 
  14. 15.0 15.1 15.2 https://www.nettv4u.com/celebrity/english/novelist/arnab-jan-deka

বাহ্যিক সংযোগ