ব্ৰহ্মাণ্ড পুৰাণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Kuldhar Rabha (আলোচনা | বৰঙণি) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
Kuldhar Rabha (আলোচনা | বৰঙণি) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
22 নং শাৰী: | 22 নং শাৰী: | ||
বৈদিক সাহিত্যসমূহে ব্ৰহ্মাণ্ড সম্পৰ্কেও আগবঢ়াইছিল৷ ব্ৰহ্মাণ্ড শব্দটো 'ব্ৰহ্ম' আৰু 'অণ্ড' শব্দৰ পৰা সৃষ্টি হৈছিল৷ আনহাতে 'বৃহৎ' শব্দৰ পৰা ব্ৰহ্মশব্দৰ সৃষ্টি হৈছে৷ যাৰ অৰ্থ হ’ল প্ৰসাৰ (Expand)৷ অণ্ড শব্দৰ অৰ্থ হ’ল ডিম (Egg)৷ অৰ্থাৎ এটা ডিমৰ পৰা প্ৰসাৰণ ঘটি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল৷ [[শতপথ ব্ৰাহ্মণ]]ত (১১:১:৬:১) উল্লেখ আছে যে সৃষ্টিৰ আদিতে প্ৰচণ্ড উত্তাপৰ ফলত এটা সোণালী ডিমৰ সৃষ্টি হৈছিল৷ বহুবছৰ এই সোণালী ডিমটো ওপঙি থকাৰ পাছত তাৰ পৰাই ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল৷ [[বায়ু পুৰাণ]]ত (৪.৭২-৭৩) উল্লেখ আছে যে সমগ্ৰ ব্ৰহ্মাণ্ড অৰ্থাৎ চন্দ্ৰ, সূৰ্য নক্ষত্ৰসমূহ আৰু তাৰকাৰাজ্যসমূহ এটা প্ৰকাণ্ড ডিমৰ ভিতৰত সোমাই আছে৷ প্ৰায় হাজাৰ বছৰ পাছত বায়ুৱে এই ডিমটো দুফাল কৰিছিল (বায়ু পুৰাণ ২৪.৭৩)৷ মনুস্মৃতিত (১.১৩) উল্লেখ থকা মতে এটা সোণালী ডিমৰ পৰা পৃথিৱী আৰু স্বৰ্গৰ সৃষ্টি হৈছিল৷ মৎস্যপুৰাণতো (২.২৫-৩০) ব্ৰহ্মাণ্ড সৃষ্টিৰ বিষয়ে একেই ধাৰণা পোৱা যায়৷ আনহাতে, আধুনিক বিজ্ঞানেও এখন ডিমৰ আকৃতিৰ বিশ্বব্ৰহ্মাণ্ডৰ কথা প্ৰমাণ কৰিছে৷ বৈদিক যুগত অৱশ্যে বিশ্বব্ৰহ্মাণ্ড তিনিটা ভাগত বিভক্ত আছে বুলি ধাৰণা কৰা হৈছিল৷<ref>ব্ৰহ্মাণ্ডৰ ধাৰণা (Concept of universe) | প্ৰাক্-ঔপনিবেশিক ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইতিহাস (History of Science and Technology in Pre- Colonial India) | পৃষ্ঠা : ৮৩ | লেখিকা : স্বপ্না কাকতি | আহৰণ কৰা হৈছে= ১৩ মে ২০২০</ref> এই ভাগ তিনিটা হ’ল- |

# পৃথিৱী, |
# [[পৃথিৱী]], |
||
# অন্তৰীক্ষ (তৰাৰ গোলক) আৰু |
# [[অন্তৰীক্ষ]] (তৰাৰ গোলক) আৰু |
||
# স্বৰ্গ |
# [[স্বৰ্গ]] |
||
==বিষয়বস্তু== |
==বিষয়বস্তু== |
04:57, 13 May 2020ৰ সংস্কৰণ
ব্ৰহ্মাণ্ড পুৰাণ (সংস্কৃত : ब्रह्माण्ड पुराण, Brahmāṇḍa Purāṇa) : মহৰ্ষি বেদব্যাস প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দুধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত “ব্ৰহ্মাণ্ড পুৰাণ” অন্যতম৷ মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক “বায়বীয় পুৰাণ” বা “বায়বীয় ব্ৰহ্মাণ্ড” নামেৰেও উল্লেখ কৰা হৈছে৷
ইতিহাস
ব্ৰহ্মাণ্ডৰ বিষয়ে থকা বৰ্ণনাই হ’ল ব্ৰহ্মাণ্ড পুৰাণৰ সাৰ বস্তু৷ এয়া অতি পুৰাতন আৰু এয়া সমস্ত শাস্ত্ৰৰ পূৰক, সেইবাবেই ইয়াক ব্ৰহ্মাণ্ড পুৰাণ বোলা হয়৷[1] ই প্ৰায় ১২০০০ শ্লোকেৰে প্ৰণিত হৈছে৷ পণ্ডিতসকলে ইয়াকো ক’ব বিচাৰে যে গোদাবৰী নদীৰ অববাহিকা অঞ্চলত এই পুৰাণ ৰচিত হৈছিল৷ তেওঁলোকে এই তথ্যৰ সত্যতা প্ৰতিপন্ন কৰিব বিচাৰে ব্ৰহ্মাণ্ড পুৰাণত উল্লিখিত এক শ্লোকৰ ভিত্তিত৷
শ্লোকটি হ’ল :
সহ্যস্য চেণ্ডেৰান্তেষু যত্ৰ গোদাবৰী নদী৷
পৃথিব্যাসপি কৃৎস্নায়াং স প্ৰদেশো মনোৰমঃ৷৷
উৎস : ব্ৰহ্মাণ্ড পুৰাণ
(২||১৬||৪৩)
অৰ্থাৎ সহ্য পৰ্বতৰ উত্তৰ দিশত প্ৰৱাহিত হৈ থকা গোদাবৰী নদীৰ পাৰৰ প্ৰদেশেই হ’ল অতি মনোৰম অঞ্চল।
ব্ৰহ্মাণ্ডৰ ধাৰণা
বৈদিক সাহিত্যসমূহে ব্ৰহ্মাণ্ড সম্পৰ্কেও আগবঢ়াইছিল৷ ব্ৰহ্মাণ্ড শব্দটো 'ব্ৰহ্ম' আৰু 'অণ্ড' শব্দৰ পৰা সৃষ্টি হৈছিল৷ আনহাতে 'বৃহৎ' শব্দৰ পৰা ব্ৰহ্মশব্দৰ সৃষ্টি হৈছে৷ যাৰ অৰ্থ হ’ল প্ৰসাৰ (Expand)৷ অণ্ড শব্দৰ অৰ্থ হ’ল ডিম (Egg)৷ অৰ্থাৎ এটা ডিমৰ পৰা প্ৰসাৰণ ঘটি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল৷ শতপথ ব্ৰাহ্মণত (১১:১:৬:১) উল্লেখ আছে যে সৃষ্টিৰ আদিতে প্ৰচণ্ড উত্তাপৰ ফলত এটা সোণালী ডিমৰ সৃষ্টি হৈছিল৷ বহুবছৰ এই সোণালী ডিমটো ওপঙি থকাৰ পাছত তাৰ পৰাই ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল৷ বায়ু পুৰাণত (৪.৭২-৭৩) উল্লেখ আছে যে সমগ্ৰ ব্ৰহ্মাণ্ড অৰ্থাৎ চন্দ্ৰ, সূৰ্য নক্ষত্ৰসমূহ আৰু তাৰকাৰাজ্যসমূহ এটা প্ৰকাণ্ড ডিমৰ ভিতৰত সোমাই আছে৷ প্ৰায় হাজাৰ বছৰ পাছত বায়ুৱে এই ডিমটো দুফাল কৰিছিল (বায়ু পুৰাণ ২৪.৭৩)৷ মনুস্মৃতিত (১.১৩) উল্লেখ থকা মতে এটা সোণালী ডিমৰ পৰা পৃথিৱী আৰু স্বৰ্গৰ সৃষ্টি হৈছিল৷ মৎস্যপুৰাণতো (২.২৫-৩০) ব্ৰহ্মাণ্ড সৃষ্টিৰ বিষয়ে একেই ধাৰণা পোৱা যায়৷ আনহাতে, আধুনিক বিজ্ঞানেও এখন ডিমৰ আকৃতিৰ বিশ্বব্ৰহ্মাণ্ডৰ কথা প্ৰমাণ কৰিছে৷ বৈদিক যুগত অৱশ্যে বিশ্বব্ৰহ্মাণ্ড তিনিটা ভাগত বিভক্ত আছে বুলি ধাৰণা কৰা হৈছিল৷[2] এই ভাগ তিনিটা হ’ল-
বিষয়বস্তু
এই পুৰাণৰ বিভিন্ন অংশসমূহ :
- সৃষ্টি বিৱৰণ, হিন্দু সৃষ্টিতত্ত্ব, কল্পতত্ব, ব্ৰহ্মাৰ উৎপত্তি, বিষ্ণুৰ দ্বাৰা শিৱ-স্তৱ, ৰুদ্ৰৰ উৎপত্তি, জম্বুদ্বীপৰ বৰ্ণনা, ভৰত বংশৰ বৰ্ণনা, যজ্ঞবৰাহৰ বিৱৰণ, প্ৰতিসন্ধি কথন,
- চতুৰাশ্ৰম ভিভাগৰ বৰ্ণনা, দেৱাদিৰ সৃষ্টি বৰ্ণনা,শতৰূপা আৰু স্বয়ম্ভূৱ মনুৰ কথা বৰ্ণনা, যোগৰ উপসৰ্গ/ঐশ্বৰ্যৰ বৰ্ণনা, পাশুপাত যোগৰ বৰ্ণনা, শৌচাচাৰৰ লক্ষণ বৰ্ণনা,
- পৰমাশ্ৰম প্ৰাপ্তিৰ কথন, যতিগণৰ প্ৰায়শ্চিত্তৰ বৰ্ণনা, অৰিষ্ট লক্ষণ বৰ্ণনা, অনুদ্বীপৰ বৰ্ণনা, আদি
লগতে চাওক
- ব্ৰহ্মপুৰাণ
- পদ্ম পুৰাণ
- বিষ্ণুপুৰাণ
- অগ্নি পুৰাণ
- মাৰ্কণ্ডেয় পুৰাণ
- নাৰদ পুৰাণ
- বায়ুপুৰাণ
- শিৱপুৰাণ
- ভাগৱত পুৰাণ
- ব্ৰহ্মবৈৱৰ্ত পুৰাণ
- লিঙ্গ পুৰাণ
- বৰাহ পুৰাণ
- স্কন্দ পুৰাণ
- বামন পুৰাণ
- কুৰ্ম পুৰাণ
- মৎস্য পুৰাণ
- গৰুড় পুৰাণ
তথ্য সংগ্ৰহ
- ↑ ব্ৰহ্মাণ্ড পুৰাণ | প্ৰথম অধ্যায় | পৃষ্ঠা : ৭ | অসমীয়া গদ্যৰূপ (লেখক) : সুৰেন্দ্ৰ কুমাৰ দাস | আহৰণ কৰা হৈছে=১৩ মে ২০২০
- ↑ ব্ৰহ্মাণ্ডৰ ধাৰণা (Concept of universe) | প্ৰাক্-ঔপনিবেশিক ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইতিহাস (History of Science and Technology in Pre- Colonial India) | পৃষ্ঠা : ৮৩ | লেখিকা : স্বপ্না কাকতি | আহৰণ কৰা হৈছে= ১৩ মে ২০২০