লাচিত বৰফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
101 নং শাৰী: 101 নং শাৰী:
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত চাওফা উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “[[লাচিত মৈদাম]]” নিৰ্মাণ কৰে।
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত চাওফা উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “[[লাচিত মৈদাম]]” নিৰ্মাণ কৰে।


== বান-লা-চিত (লাচিত-দিৱস) ==
== লাচিত-দিৱস (বান-লা-চিত) ==
প্ৰতিবছৰে ২৪ [[নৱেম্বৰ]]ৰ দিনটো গোটেই অসমতে লাচিত ফুকনলুংৰ বীৰত্ব আৰু [[শৰাইঘাটৰ যুদ্ধ]]ত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত বান-লা-চিত (লাচিত-দিৱস) ({{lang-en|Lachit Day}}) হিচাপে পালন কৰা হয়<ref>http://www.hvk.org/articles/0801/92.html</ref>।
প্ৰতিবছৰে ২৪ [[নৱেম্বৰ]]ৰ দিনটো গোটেই অসমতে লাচিত ফুকনলুংৰ বীৰত্ব আৰু [[শৰাইঘাটৰ যুদ্ধ]]ত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস (বান-লা-চিত) ({{lang-en|Lachit Day}}) হিচাপে পালন কৰা হয়<ref>http://www.hvk.org/articles/0801/92.html</ref>।


== আৰু চাওক ==
== আৰু চাওক ==

16:37, 16 May 2020ৰ সংস্কৰণ

লাচিত বৰফুকন
জন্ম লাচিত
২৪ নবেম্বৰ, ১৬২২
ছেং-লুঙ-মুঙ , চে-ৰাই-ডয়
মৃত্যু ১৬৭১
সমাধিস্থল হোলোঙাপাৰ, যোৰহাট, অসম
স্মৃতিচিহ্ন লাচিত বৰফুকন সহিতে আহোম সৈন্যৰ প্ৰতিমূৰ্তি
ৰাষ্ট্ৰীয়তা অসমীয়া
বংশদ্ভূত টাই আহোম
জনা যায় ফুকনলুং
উল্লেখযোগ্য কৰ্ম ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ সেনাপতিৰ দায়িত্ব লৈ মোগল সৈন্যক পৰাস্ত কৰিছিল
গৃহস্থান চে-ৰাই-ডয়
ধৰ্ম আহোম ধৰ্ম, ফুৰালুং
পিতৃ-মাতৃ ম'-মাই তামোলী বৰবৰুৱা
আত্মীয়-স্বজন ভাতৃ - মবাও-লাও আৰু লাপেট-লাও,ভগ্নী -লাইছেং

লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমআহোম সাম্ৰাজ্য এজন ফুকনলুং। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।

চমু জীৱনী

তেখেতৰ জন্ম, তাৰিখ, ২৪ নবেম্বৰ, ১৬২২। তেওঁৰ দেউতাক আছিল ম'-মাই তামোলী যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-মাই তামূলীৰ সপ্তম পুত্ৰ (চতুৰ্থজন জিৱিত সন্তান)[1]। তেখেতৰ ভাতৃৰ নাম - মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং।[2] জন্মসূত্ৰে তেওঁৰ নাম লা-চিত।[উদ্ধৃতিৰ প্ৰয়োজন]

লাচিতৰ শিক্ষা গ্ৰহণ

ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিবেশত হোৱা বাবে কৰ্তব্যপৰায়ণ, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ’ল বিখ্যাত লান ফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।

লাচিতে একেদিনাই ফুকনলুংৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন , দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে চাওফা চুপুংমুংৰ ফুকনলুং হৈছিল।

দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা চাওফাৰ চকুত পৰে। এদিনাখনৰ কথা- দোলাত বহি থকা চাওফাই লাচিতক মাতি আনি ক’লে-

"বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি।"

লাচিতে উত্তৰ দিলে-

"চাওফাৰ ৰাজ্যত মানুহ নাই নেকি ? বঙালনো কি ? মানুহহে ! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। চাওফা আদেশ দিবহে লাগে "

[3]। তাৰ পিচতেই লাচিতক ফুকনলুংৰ ভাৰ দিয়া হৈছিল। ফুকলুংন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক চাওফাৰ ওচৰলৈ মাতি পঠিওৱা হ’ল। চাওফাৰ সমুখত আঁঠু ল'ব ধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মুৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। চাওফাই এইটো পৰিকল্পিত ভাবে কৰোৱাইছিল। লাচিতৰ স্বাভাবিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল। চাওফাৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীকতা আৰু আত্মমৰ্যাদাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ল। চাওফা চুপুংমুংই লাচিতক এখন সোণোৱালী হেংদাং পুৰস্কাৰ দি ফুকনলুং পদত অধিষ্ঠিত কৰিলে। লাচিতে দেহে কেহে খাটি ১৬৬৭ চনৰ জহকালি আহোমৰ সেনাবাহিনী প্ৰশিক্ষণ দি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত কৰি তোলে।

যোৰহাটৰ হোলোংপাৰাত অৱস্থিত লাচিত বৰফুকন মৈদাম সন্মুখভাগ

সাহসৰ অন্তিম নিদৰ্শন

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল-“ অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।"কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।

লাচিত বৰফুকনৰ মৃত্যু

শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত চাওফা উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।

লাচিত-দিৱস (বান-লা-চিত)

প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত ফুকনলুংৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস (বান-লা-চিত) (ইংৰাজী: Lachit Day) হিচাপে পালন কৰা হয়[4]

আৰু চাওক

তথ্য সংগ্ৰহ

  1. "Vikaspedia". India Development Gateway (InDG)as.vikaspedia.in. http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae. 
  2. "Vikaspedia". India Development Gateway (InDG)as.vikaspedia.in. http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae. 
  3. ভূঞা, সূৰ্য্য কুমাৰ, ৰায়-বাহাদুৰ, M.B.E.,M.A.,B.L.(কলিকতা), Ph.D. Lachit Barphukan and his times
  4. http://www.hvk.org/articles/0801/92.html

বাহ্যিক সংযোগ