প্ৰমথেশ চন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary |
No edit summary |
||
27 নং শাৰী: | 27 নং শাৰী: | ||
প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয় [[অসম]]ৰ [[গোৱালপাৰা]] জিলাৰ [[গৌৰীপুৰ]]ৰ বিখ্যাত জমিদাৰ পৰিয়ালত | পিতৃ আছিল প্ৰভাত চন্দ্ৰ বৰুৱা আৰু মাতৃ সৰোজবালা | তেখেতে শৈশৱকাল গৌৰীপুৰতে অতিবাহিত কৰে <ref>{{cite web|url=http://www.bfjaawards.com/archives/articles/198801.htm|title=IndianCinema:The Platinum Touch|publisher=www.bfjaawards.com|accessdate=2008-10-23|last=Bhanja|first=Manujendra |archiveurl = http://web.archive.org/web/20080502101907/http://www.bfjaawards.com/archives/articles/198801.htm |archivedate = 2008-05-02}}</ref> | তেখেতৰ ভাই-ভনীসকল আছিল নিহাৰবালা, নীলিমা, প্ৰকৃতিশ আৰু প্ৰণৱেশ | সৰুকালত বৰুৱাই গৌৰীপুৰত "ইউনাইটেড ক্লাব" বুলি এটা সাংস্কৃতিক সংঘ খুলি স্থানীয়ভাৱে বিভিন্ন নাটক মঞ্চস্থ কৰিছিল | |
প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয় [[অসম]]ৰ [[গোৱালপাৰা]] জিলাৰ [[গৌৰীপুৰ]]ৰ বিখ্যাত জমিদাৰ পৰিয়ালত | পিতৃ আছিল প্ৰভাত চন্দ্ৰ বৰুৱা আৰু মাতৃ সৰোজবালা | তেখেতে শৈশৱকাল গৌৰীপুৰতে অতিবাহিত কৰে <ref>{{cite web|url=http://www.bfjaawards.com/archives/articles/198801.htm|title=IndianCinema:The Platinum Touch|publisher=www.bfjaawards.com|accessdate=2008-10-23|last=Bhanja|first=Manujendra |archiveurl = http://web.archive.org/web/20080502101907/http://www.bfjaawards.com/archives/articles/198801.htm |archivedate = 2008-05-02}}</ref> | তেখেতৰ ভাই-ভনীসকল আছিল নিহাৰবালা, নীলিমা, প্ৰকৃতিশ আৰু প্ৰণৱেশ | সৰুকালত বৰুৱাই গৌৰীপুৰত "ইউনাইটেড ক্লাব" বুলি এটা সাংস্কৃতিক সংঘ খুলি স্থানীয়ভাৱে বিভিন্ন নাটক মঞ্চস্থ কৰিছিল | |
||
ঘৰতে প্ৰাথমিক শিক্ষা সাং কৰি [[কলিকতা]]ৰ হেয়াৰ স্কুলত পঢ়াৰ পিছত তেখেতে ১৯২৪ চনত [[প্ৰেচিডেন্সী কলেজ]]ৰ পৰা [[পদাৰ্থ বিজ্ঞান]]ৰ স্নাতক ডিগ্ৰী লাভ কৰে | ১৯২১ চনত বৰুৱাই [[কলিকতা]]ৰ বীৰেন্দ্ৰনাথ মিত্ৰৰ কন্যা '''মাধুৰীলতা'''ৰ লগত বিবাশপাশত আৱদ্ধ হয় | ইয়াৰ পিছত তেখেত [[ইউৰোপ]] ভ্ৰমণ কৰে য’ত তেখেত প্ৰথমবাৰৰ বাবে [[চলচ্চিত্ৰ]]ৰ প্ৰতি আকৃষ্ট হয় | ঘূৰি আহি ১৯২৬ চনত মাতৃ বিয়োগৰ পাছত তেখেতে জমিদাৰী কাম-কাজত মনোনিৱেশ কৰে | [[অসম বিধানসভা]]ৰ সদস্য হিছাপেও তেখেতে কিছুকাল কাৰ্যনিৰ্বাহ কৰে | কিন্তু কিছুদিনৰ পিছতে তেখেত কলিকতালৈ ৰাওনা হয় আৰু ঘৰৰ আপত্তি সত্ত্বেও চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ পৰে | |
ঘৰতে প্ৰাথমিক শিক্ষা সাং কৰি [[কলিকতা]]ৰ হেয়াৰ স্কুলত পঢ়াৰ পিছত তেখেতে ১৯২৪ চনত [[প্ৰেচিডেন্সী কলেজ]]ৰ পৰা [[পদাৰ্থ বিজ্ঞান]]ৰ স্নাতক ডিগ্ৰী লাভ কৰে | ১৯২১ চনত বৰুৱাই [[কলিকতা]]ৰ বীৰেন্দ্ৰনাথ মিত্ৰৰ কন্যা '''মাধুৰীলতা'''ৰ লগত বিবাশপাশত আৱদ্ধ হয় | ইয়াৰ পিছত তেখেত [[ইউৰোপ]] ভ্ৰমণ কৰে য’ত তেখেত প্ৰথমবাৰৰ বাবে [[চলচ্চিত্ৰ]]ৰ প্ৰতি আকৃষ্ট হয় | ঘূৰি আহি ১৯২৬ চনত মাতৃ বিয়োগৰ পাছত তেখেতে জমিদাৰী কাম-কাজত মনোনিৱেশ কৰে | [[অসম বিধানসভা]]ৰ সদস্য হিছাপেও তেখেতে কিছুকাল কাৰ্যনিৰ্বাহ কৰে | কিন্তু কিছুদিনৰ পিছতে তেখেত কলিকতালৈ ৰাওনা হয় আৰু ঘৰৰ আপত্তি সত্ত্বেও চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ পৰে | বৰুৱাই পিছলৈ অমলা বালা বৰুৱা আৰু সহশিল্পী [[যমুনা বৰুৱা]]ৰ লগতো বিয়া পাতে আৰু মুঠ ছটি সন্তানৰ পিতৃ হয় | |
||
==চলচ্চিত্ৰ জীৱন== |
==চলচ্চিত্ৰ জীৱন== |
||
34 নং শাৰী: | 34 নং শাৰী: | ||
পেৰিচৰ পৰা অলপ বোলছবি নিৰ্মাণৰ সঁজুলি ক্ৰয় কৰাৰ পিছত ভাৰতলৈ আহি তেখেতে [[বৰুৱা পিক্চাৰ্ছ লিমিটেড]] স্থাপন কৰে | ১৯৩১ চনত এই ষ্টুডিঅ’টোৰ প্ৰথম চলচ্চিত্ৰ ''"অপৰাধী"''য়ে মুক্তি লাভ কৰে | এই [[অবাক চলচ্চিত্ৰ]]খনৰ পৰিচালক আছিল [[দেবকী বসু]] | এইখন ছবিতেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় বোলছবিত "কৃত্ৰিম পোহৰ"ৰ কৌশল ব্যৱহাৰ কৰা হয় | ইয়াৰ সফলতাৰ পিছত বৰুৱাই কালিপ্ৰসাদ ঘোষ পৰিচালিত ''"ভাগ্যলক্ষ্মী"(১৯৩২)'' ছবিত খলনায়কৰ ভূমিকাত অভিনয় কৰে | গাংগুলীৰ চলচ্চিত্ৰ প্ৰযোজনা কোম্পানীটোৱে লোকচানৰ মুখ দেখাত পিছলৈ প্ৰমথেশ বৰুৱাই গাংগুলী আৰু দেবকী বসুৰ লগত [[নিউ থিয়েটাৰ্ছ কলিকতা|নিউ থিয়েটাৰ্ছ]]ত যোগদান কৰে | |
পেৰিচৰ পৰা অলপ বোলছবি নিৰ্মাণৰ সঁজুলি ক্ৰয় কৰাৰ পিছত ভাৰতলৈ আহি তেখেতে [[বৰুৱা পিক্চাৰ্ছ লিমিটেড]] স্থাপন কৰে | ১৯৩১ চনত এই ষ্টুডিঅ’টোৰ প্ৰথম চলচ্চিত্ৰ ''"অপৰাধী"''য়ে মুক্তি লাভ কৰে | এই [[অবাক চলচ্চিত্ৰ]]খনৰ পৰিচালক আছিল [[দেবকী বসু]] | এইখন ছবিতেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় বোলছবিত "কৃত্ৰিম পোহৰ"ৰ কৌশল ব্যৱহাৰ কৰা হয় | ইয়াৰ সফলতাৰ পিছত বৰুৱাই কালিপ্ৰসাদ ঘোষ পৰিচালিত ''"ভাগ্যলক্ষ্মী"(১৯৩২)'' ছবিত খলনায়কৰ ভূমিকাত অভিনয় কৰে | গাংগুলীৰ চলচ্চিত্ৰ প্ৰযোজনা কোম্পানীটোৱে লোকচানৰ মুখ দেখাত পিছলৈ প্ৰমথেশ বৰুৱাই গাংগুলী আৰু দেবকী বসুৰ লগত [[নিউ থিয়েটাৰ্ছ কলিকতা|নিউ থিয়েটাৰ্ছ]]ত যোগদান কৰে | |
||
নিউ থিয়েটাৰ্ছত থাকোঁতেই বৰুৱাই নিজৰ জীৱনৰ সকলোতকৈ উল্লেখযোগ্য ছবি ''[[দেৱদাস (১৯৩৫ চলচ্চিত্ৰ)|দেৱদাস]]'' নিৰ্মাণৰ সুযোগ পায় | ছবিখন প্ৰথমতে [[বাংলা ভাষা]]ত নিৰ্মাণ কৰা হৈছিল আৰু বৰুৱাই নিজেই তাত নায়কৰ ভূমিকাত অভিনয় কৰিছিল | পিছত তেখেতে [[কুণ্ডন লাল চাইগল]]ক নায়ক হিছাপে লৈ ১৯৩৬ চনত [[হিন্দী ভাষা]]ত ''[[দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)|দেৱদাস]]'' মুক্তি দিয়ে | এই ছবিখন সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰে | ছবিখনে বৰুৱাক এজন আগশাৰীৰ পৰিচালক ৰূপে আৰু [[কুণ্ডন লাল চাইগল]]ক অন্যতম শ্ৰেষ্ঠ নায়ক হিছাপে প্ৰতিষ্ঠা কৰে | ইয়াৰ পিছত বৰুৱাই হিন্দীত ''"মঞ্জিল"''(১৯৩৬), ''"মুক্তি"''(১৯৩৭), ''"অধিকাৰ"''(১৯৩৮), ''"ৰজত জয়ন্তী"'' (১৯৩৯) আৰু পুনৰ চাইগলক নায়ক ৰূপে লৈ ''"জিন্দেগী"''(১৯৪০) বোলছবিকেইখন পৰিচালনা কৰে | |
নিউ থিয়েটাৰ্ছত থাকোঁতেই বৰুৱাই নিজৰ জীৱনৰ সকলোতকৈ উল্লেখযোগ্য ছবি ''[[দেৱদাস (১৯৩৫ চলচ্চিত্ৰ)|দেৱদাস]]'' নিৰ্মাণৰ সুযোগ পায় | [[শৰৎ চন্দ্ৰ চট্টোপাধ্যায়]]ৰ একে নামৰ উপন্যাসৰ আধাৰত কৰা ছবিখন প্ৰথমতে [[বাংলা ভাষা]]ত নিৰ্মাণ কৰা হৈছিল আৰু বৰুৱাই নিজেই তাত নায়কৰ ভূমিকাত অভিনয় কৰিছিল | পিছত তেখেতে [[কুণ্ডন লাল চাইগল]]ক নায়ক হিছাপে লৈ ১৯৩৬ চনত [[হিন্দী ভাষা]]ত ''[[দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)|দেৱদাস]]'' মুক্তি দিয়ে | এই ছবিখন সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰে | ছবিখনে বৰুৱাক এজন আগশাৰীৰ পৰিচালক ৰূপে আৰু [[কুণ্ডন লাল চাইগল]]ক অন্যতম শ্ৰেষ্ঠ নায়ক হিছাপে প্ৰতিষ্ঠা কৰে | ইয়াৰ পিছত বৰুৱাই হিন্দীত ''"মঞ্জিল"''(১৯৩৬), ''"মুক্তি"''(১৯৩৭), ''"অধিকাৰ"''(১৯৩৮), ''"ৰজত জয়ন্তী"'' (১৯৩৯) আৰু পুনৰ চাইগলক নায়ক ৰূপে লৈ ''"জিন্দেগী"''(১৯৪০) বোলছবিকেইখন পৰিচালনা কৰে | |
||
বৰুৱাৰ ছবিবোৰত কেমেৰাৰ দায়িত্বত আছিল [[বিমল ৰয়]] যি পিছলৈ নিজেই এজন আগশাৰীৰ পৰিচালক ৰূপে জনাজাত হৈ পৰে | |
বৰুৱাৰ ছবিবোৰত কেমেৰাৰ দায়িত্বত আছিল [[বিমল ৰয়]] যি পিছলৈ নিজেই এজন আগশাৰীৰ পৰিচালক ৰূপে জনাজাত হৈ পৰে | |
20:10, 7 August 2011ৰ সংস্কৰণ
প্ৰমথেশ চন্দ্ৰ বৰুৱা | |
---|---|
দেৱদাস চলচ্চিত্ৰত প্ৰমথেশ বৰুৱা আৰু যমুনা বৰুৱা | |
জন্ম | প্ৰমথেশ চন্দ্ৰ বৰুৱা ২৪ অক্টোবৰ, ১৯০৩ গৌৰীপুৰ, অসম, ভাৰত |
মৃত্যু | ২৯ নৱেম্বৰ, ১৯৫১ কলিকতা, পশ্চিম বঙ্গ, ভাৰত |
পেচা | অভিনেতা, পৰিচালক, চিত্ৰনাট্য লেখক |
দাম্পত্যসঙ্গী | মাধুৰীলতা অমলা বালা বৰুৱা যমুনা বৰুৱা |
প্ৰমথেশ চন্দ্ৰ বৰুৱা (২৪ অক্টোবৰ ১৯০৩- ২৯ নৱেম্বৰ ১৯৫১) আছিল ভাৰতৰ প্ৰাক্-স্বাধীনতা যুগৰ এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য লেখক | অসমৰ গৌৰীপুৰত জন্ম লাভ কৰা বৰুৱাই বাংলা আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত এজন আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা ৰূপে প্ৰতিষ্ঠিত হৈছিল | বৰুৱাই "অপৰাধী" ছবিখনত ব্যৱহাৰ কৰা "কৃত্ৰিম পোহৰ"ৰ কৌশল ভাৰতীয় ছবিৰ ক্ষেত্ৰত আছিল প্ৰথম | আনহাতে বৰুৱাৰ দেৱদাস ছবিখনত ভাৰতৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে ফ্লাছবেক মন্তাজ, টেলীপেথী শ্বট্, আৰু চাবজেক্টতিভ কেমেৰাৰ দৰে আধুনিক কৌশল ব্যৱহাৰ হৈছিল |
[1]|
প্ৰাৰম্ভিক জীৱন
প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয় অসমৰ গোৱালপাৰা জিলাৰ গৌৰীপুৰৰ বিখ্যাত জমিদাৰ পৰিয়ালত | পিতৃ আছিল প্ৰভাত চন্দ্ৰ বৰুৱা আৰু মাতৃ সৰোজবালা | তেখেতে শৈশৱকাল গৌৰীপুৰতে অতিবাহিত কৰে [2] | তেখেতৰ ভাই-ভনীসকল আছিল নিহাৰবালা, নীলিমা, প্ৰকৃতিশ আৰু প্ৰণৱেশ | সৰুকালত বৰুৱাই গৌৰীপুৰত "ইউনাইটেড ক্লাব" বুলি এটা সাংস্কৃতিক সংঘ খুলি স্থানীয়ভাৱে বিভিন্ন নাটক মঞ্চস্থ কৰিছিল |
ঘৰতে প্ৰাথমিক শিক্ষা সাং কৰি কলিকতাৰ হেয়াৰ স্কুলত পঢ়াৰ পিছত তেখেতে ১৯২৪ চনত প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে | ১৯২১ চনত বৰুৱাই কলিকতাৰ বীৰেন্দ্ৰনাথ মিত্ৰৰ কন্যা মাধুৰীলতাৰ লগত বিবাশপাশত আৱদ্ধ হয় | ইয়াৰ পিছত তেখেত ইউৰোপ ভ্ৰমণ কৰে য’ত তেখেত প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰৰ প্ৰতি আকৃষ্ট হয় | ঘূৰি আহি ১৯২৬ চনত মাতৃ বিয়োগৰ পাছত তেখেতে জমিদাৰী কাম-কাজত মনোনিৱেশ কৰে | অসম বিধানসভাৰ সদস্য হিছাপেও তেখেতে কিছুকাল কাৰ্যনিৰ্বাহ কৰে | কিন্তু কিছুদিনৰ পিছতে তেখেত কলিকতালৈ ৰাওনা হয় আৰু ঘৰৰ আপত্তি সত্ত্বেও চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ পৰে | বৰুৱাই পিছলৈ অমলা বালা বৰুৱা আৰু সহশিল্পী যমুনা বৰুৱাৰ লগতো বিয়া পাতে আৰু মুঠ ছটি সন্তানৰ পিতৃ হয় |
চলচ্চিত্ৰ জীৱন
কলিকতালৈ গৈ প্ৰমথেশ বৰুৱাই ধীৰেন্দ্ৰ নাথ গাংগুলীৰ দা ব্ৰিটিছ ডমিনিয়ান ফিল্ম লিমিটেডত কিছু ধন বিনিয়োগ কৰে আৰু অভিনেতা হিছাপেও কিছুদিন কাম কৰে | তাৰ পিছত তেখেত দ্বিতীয়বাৰৰ বাবে ইউৰোপ ভ্ৰমণলৈ যায় | তেখেতে লণ্ডনত বোলছবিৰ নিৰ্মাণ সম্পৰ্কে কিছু অভিজ্ঞতা লাভ কৰাৰ উপৰিও পেৰিচত লাইট বয় হিছাপে কাম শিকে |
পেৰিচৰ পৰা অলপ বোলছবি নিৰ্মাণৰ সঁজুলি ক্ৰয় কৰাৰ পিছত ভাৰতলৈ আহি তেখেতে বৰুৱা পিক্চাৰ্ছ লিমিটেড স্থাপন কৰে | ১৯৩১ চনত এই ষ্টুডিঅ’টোৰ প্ৰথম চলচ্চিত্ৰ "অপৰাধী"য়ে মুক্তি লাভ কৰে | এই অবাক চলচ্চিত্ৰখনৰ পৰিচালক আছিল দেবকী বসু | এইখন ছবিতেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় বোলছবিত "কৃত্ৰিম পোহৰ"ৰ কৌশল ব্যৱহাৰ কৰা হয় | ইয়াৰ সফলতাৰ পিছত বৰুৱাই কালিপ্ৰসাদ ঘোষ পৰিচালিত "ভাগ্যলক্ষ্মী"(১৯৩২) ছবিত খলনায়কৰ ভূমিকাত অভিনয় কৰে | গাংগুলীৰ চলচ্চিত্ৰ প্ৰযোজনা কোম্পানীটোৱে লোকচানৰ মুখ দেখাত পিছলৈ প্ৰমথেশ বৰুৱাই গাংগুলী আৰু দেবকী বসুৰ লগত নিউ থিয়েটাৰ্ছত যোগদান কৰে |
নিউ থিয়েটাৰ্ছত থাকোঁতেই বৰুৱাই নিজৰ জীৱনৰ সকলোতকৈ উল্লেখযোগ্য ছবি দেৱদাস নিৰ্মাণৰ সুযোগ পায় | শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত কৰা ছবিখন প্ৰথমতে বাংলা ভাষাত নিৰ্মাণ কৰা হৈছিল আৰু বৰুৱাই নিজেই তাত নায়কৰ ভূমিকাত অভিনয় কৰিছিল | পিছত তেখেতে কুণ্ডন লাল চাইগলক নায়ক হিছাপে লৈ ১৯৩৬ চনত হিন্দী ভাষাত দেৱদাস মুক্তি দিয়ে | এই ছবিখন সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰে | ছবিখনে বৰুৱাক এজন আগশাৰীৰ পৰিচালক ৰূপে আৰু কুণ্ডন লাল চাইগলক অন্যতম শ্ৰেষ্ঠ নায়ক হিছাপে প্ৰতিষ্ঠা কৰে | ইয়াৰ পিছত বৰুৱাই হিন্দীত "মঞ্জিল"(১৯৩৬), "মুক্তি"(১৯৩৭), "অধিকাৰ"(১৯৩৮), "ৰজত জয়ন্তী" (১৯৩৯) আৰু পুনৰ চাইগলক নায়ক ৰূপে লৈ "জিন্দেগী"(১৯৪০) বোলছবিকেইখন পৰিচালনা কৰে |
বৰুৱাৰ ছবিবোৰত কেমেৰাৰ দায়িত্বত আছিল বিমল ৰয় যি পিছলৈ নিজেই এজন আগশাৰীৰ পৰিচালক ৰূপে জনাজাত হৈ পৰে |
প্ৰমথেশ বৰুৱাই ১৯৩৯ চনত নিউ থিয়েটাৰ্ছ ত্যাগ কৰে আৰু স্বাধীনভাৱে ছবি নিৰ্মাণ কৰিবলৈ লয় | কিছু এই সময়ৰ তেখেতৰ ছবিবোৰৰ ভিতৰত কেৱল "শেষ উত্তৰ"/"জৱাব" (১৯৪২)এ কিছু সফলতাৰ মুখ দেখে | তেখেতে 'The Way of All Flesh' ছবিখনৰ ভাৰতীয় ৰূপ এটা নিৰ্মাণৰ পৰিকল্পনা কৰিছিল যদিও ই বাস্তৱত পৰিণত নহ’ল |
মৃত্যু
অত্যধিক মদ্যপানৰ ফলত বৰুৱাৰ স্বাস্থ্য লাহে লাহে পৰি আহে | ১৯৫১ চনৰ ২৯ নৱেম্বৰত মাত্ৰ ৪৮ বছৰ বয়সতে তেখেতে মৌলিন ষ্ট্ৰীটৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে | কলিকতাৰ কেওৰালতা সমাধিক্ষেত্ৰত তেখেতৰ অন্তিম সত্কাৰ কৰা হয় |
চলচ্চিত্ৰসমূহ
পৰিচালনা
- বেঙ্গল ১৯৮৩ (১৯৩২)
- ৰূপ লেখা (১৯৩৪)
- দেৱদাস (১৯৩৫)
- মায়া (১৯৩৬/II)
- মায়া (১৯৩৬/I)
- মঞ্জিল (১৯৩৬)
- গৃহদাহ (১৯৩৬)
- দেৱদাস (১৯৩৬)
- মুক্তি (১৯৩৭/II)
- মুক্তি (১৯৩৭/I)
- অধিকাৰ (১৯৩৮)
- ৰজত জয়ন্তী (১৯৩৯)
- অধিকাৰ (১৯৩৯)
- জিন্দেগী (১৯৪০)
- শাপ মুক্তি (১৯৪০)
- মায়েৰ প্ৰাণ (১৯৪১)
- উত্তৰায়ণ (১৯৪১)
- জৱাব (১৯৪২)
- ৰাণী (১৯৪৩)
- চুবহ শাম (১৯৪৪)
- আমীৰী (১৯৪৫)
- পেহচান (১৯৪৬)
- ইৰাণ কী এক ৰাত (১৯৪৯)
- মায়া কানন (১৯৫৩)
অভিনয়
- চুবহ শাম (১৯৪৪)
- ৰাণী (১৯৪৩)
- জৱাব (১৯৪২) .... মনোজ
- উত্তৰায়ণ (১৯৪১) .... সলিল
- মায়েৰ প্ৰাণ (১৯৪১) .... সতীশ
- শাপ মুক্তি (১৯৪০) .... ৰমেশ
- অধিকাৰ (১৯৩৯) .... নিখিলেশ
- ৰজত জয়ন্তী (১৯৩৯) .... ৰজত
- অধিকাৰ (১৯৩৮) .... নিখিলেশ
- মুক্তি (১৯৩৭/I) .... প্ৰশান্ত
- মুক্তি (১৯৩৭/II) .... প্ৰশান্ত
- গৃহদাহ (১৯৩৬) .... মহিম
- মঞ্জিল(১৯৩৬) .... মহিম
- দেৱদাস (১৯৩৫) .... দেৱদাস
- ৰূপ লেখা (১৯৩৪) .... বাংলা ছবিখনত অৰুপ
- বেঙ্গল ১৯৮৩ (১৯৩২)
- অপৰাধী (১৯৩১)
- চৰিত্ৰহীন (১৯৩১)
- টাকাই কি না হয় (১৯৩১)
লেখক
- অধিকাৰ (১৯৩৯) (লেখক)
- ৰজত জয়ন্তী (১৯৩৯) (লেখক)
- অধিকাৰ (১৯৩৮) (লেখক)
- মুক্তি (১৯৩৭/I) (লেখক)
- মুক্তি(১৯৩৭/II) (লেখক)
- দেৱদাস (১৯৩৬) (লেখকr)
- মায়া (১৯৩৬/I) (লেখক)
- মায়া (১৯৩৬/II) (লেখক)
- দেৱদাস (১৯৩৫) (লেখক)
- একাডা (১৯৩২) (চিত্ৰনাট্য,কাহিনী)
চিনেমাটোগ্ৰাফী
- জিন্দেগী (১৯৪০)
তথ্যসূত্ৰ
- ↑ "Calcuttaweb Cinema - Pramathesh Barua". www.calcuttaweb.com. http://www.calcuttaweb.com/cinema/pramatheshbarua.shtml। আহৰণ কৰা হৈছে: 2008-10-23.
- ↑ Bhanja, Manujendra. "IndianCinema:The Platinum Touch". www.bfjaawards.com. Archived from the original on 2008-05-02. http://web.archive.org/web/20080502101907/http://www.bfjaawards.com/archives/articles/198801.htm। আহৰণ কৰা হৈছে: 2008-10-23.