ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
→‎বৰ্ণ: হল>হ’ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
[[চিত্ৰ:Females of northern Afghanistan.jpg|thumb|ভাষা]]

মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়।

==ভাষাৰ বৈশিষ্ট্য==
       ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল -----

ক) ভাষা বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি  :  ভাষাত ব্যৱহৃত ধ্বনিসমূহ মানুহৰ বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি । প্ৰয়োজনানুসাৰে মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি পৰস্পৰে পৰস্পৰৰ লগত সংযোগ কৰিবলৈ ভিন্ন পৰিস্থিতিত ধ্বনিৰ সহায়ত ভিন্ন ভাৱ প্ৰকাশক শব্দ গঠন কৰে ।

খ) ভাষা প্ৰণালীবদ্ধ  : মানুহে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত অৰ্থবহ ধ্বনি প্ৰতীকসমূহ এক নিৰ্দিষ্ট প্ৰণালীৰ সমাহাৰত মনৰ ভাৱ প্ৰকাশ কৰে । প্ৰত্যেক ভাষাৰে গঠন প্ৰণালী সুকীয়া সুকীয়া ।

গ) ভাষা যাদিচ্ছিক  : প্ৰত্যেক ভাষাৰ শব্দ-অৰ্থৰ সম্পৰ্ক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৰম্পৰাগত । প্ৰত্যেকটো ভাষাগোষ্ঠীৰ জনসমষ্টিয়ে বিভিন্ন বস্তু,বিষয়,ঘটনা আদি বুজাব পৰাকৈ নিজস্ব ধৰণে অৰ্থ আৰূপ কৰি লয় । সেয়ে প্ৰত্যেক ভাষাতে যাদিচ্ছিকতা পৰিলক্ষিত হয়।
ঘ) ভাষা পৰম্পৰাগত  : ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে পৰম্পৰাগতভাৱে প্ৰৱাহিত হৈ গৈ থাকে । জ্যেষ্ঠসকলে যেনে ধৰণে কয় , নবীন প্ৰজন্মই তেনে প্ৰণালীৰেই ভাষাটো ক'বলৈ আয়ত্ব কৰে নতুবা শিকে । সেয়ে ভাষা পৰম্পৰাগত প্ৰথা ।

ঙ ) ভাষা সমাজকেন্দ্ৰিক : ভাষা সমাজক কেন্দ্ৰ কৰি বৰ্তি থাকে । সমাজৰ পৰা অৱহেলিত এটি নব শিশুৱে ভাষা আহৰণ কৰিব নোৱাৰে । শিশুৱে নিতৌ সমাজত ব্যৱহৃত হৈ থকা ভাষাক আহৰণ কৰি এদিন নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা দক্ষতা আহৰণ কৰে ।

চ) ভাষা সৃজনমূলক : মানুহে ব্যক্ত কৰা প্ৰতিটো বাক্যই হুবহু পুনৰুক্তি নঘটে । মানুহে পৰিস্থিতি সাপেক্ষে সদায় নতুন নতুন বাক্য সৃষ্টি কৰি প্ৰয়োগ কৰে ।সেয়ে ভাষাক সৃজনমূলক বুলি কোৱা হয় ।

ছ) ভাষা প্ৰতীকধৰ্মী  : পৃথিৱীৰ ভিন্ন ভাষাত উচ্চাৰিত হোৱা ধ্বনি  সমষ্টিৰ লগত বাহ্যিক জগতৰ বস্তুৰ লগত বা ভাৱৰ মাজত কোনো ধৰা-বন্ধা সম্বন্ধ নাই । ধ্বনি আৰু বস্তুৰ ধাৰণাৰ মাজত চিৰাচৰিত সম্পৰ্ক নথকা বাবেই পৃথিৱীৰ ভাষাবোৰত একোটা বস্তু বুজাবলৈ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয়। সেয়ে ভাষা প্ৰতীকধৰ্মী ।

==ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা==
==ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা==

09:20, 10 July 2020ৰ সংস্কৰণ

ভাষা

মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়।

ভাষাৰ বৈশিষ্ট্য

       ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল -----

ক) ভাষা বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি  :  ভাষাত ব্যৱহৃত ধ্বনিসমূহ মানুহৰ বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি । প্ৰয়োজনানুসাৰে মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি পৰস্পৰে পৰস্পৰৰ লগত সংযোগ কৰিবলৈ ভিন্ন পৰিস্থিতিত ধ্বনিৰ সহায়ত ভিন্ন ভাৱ প্ৰকাশক শব্দ গঠন কৰে ।

খ) ভাষা প্ৰণালীবদ্ধ  : মানুহে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত অৰ্থবহ ধ্বনি প্ৰতীকসমূহ এক নিৰ্দিষ্ট প্ৰণালীৰ সমাহাৰত মনৰ ভাৱ প্ৰকাশ কৰে । প্ৰত্যেক ভাষাৰে গঠন প্ৰণালী সুকীয়া সুকীয়া ।

গ) ভাষা যাদিচ্ছিক  : প্ৰত্যেক ভাষাৰ শব্দ-অৰ্থৰ সম্পৰ্ক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৰম্পৰাগত । প্ৰত্যেকটো ভাষাগোষ্ঠীৰ জনসমষ্টিয়ে বিভিন্ন বস্তু,বিষয়,ঘটনা আদি বুজাব পৰাকৈ নিজস্ব ধৰণে অৰ্থ আৰূপ কৰি লয় । সেয়ে প্ৰত্যেক ভাষাতে যাদিচ্ছিকতা পৰিলক্ষিত হয়। ঘ) ভাষা পৰম্পৰাগত  : ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে পৰম্পৰাগতভাৱে প্ৰৱাহিত হৈ গৈ থাকে । জ্যেষ্ঠসকলে যেনে ধৰণে কয় , নবীন প্ৰজন্মই তেনে প্ৰণালীৰেই ভাষাটো ক'বলৈ আয়ত্ব কৰে নতুবা শিকে । সেয়ে ভাষা পৰম্পৰাগত প্ৰথা ।

ঙ ) ভাষা সমাজকেন্দ্ৰিক : ভাষা সমাজক কেন্দ্ৰ কৰি বৰ্তি থাকে । সমাজৰ পৰা অৱহেলিত এটি নব শিশুৱে ভাষা আহৰণ কৰিব নোৱাৰে । শিশুৱে নিতৌ সমাজত ব্যৱহৃত হৈ থকা ভাষাক আহৰণ কৰি এদিন নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা দক্ষতা আহৰণ কৰে ।

চ) ভাষা সৃজনমূলক : মানুহে ব্যক্ত কৰা প্ৰতিটো বাক্যই হুবহু পুনৰুক্তি নঘটে । মানুহে পৰিস্থিতি সাপেক্ষে সদায় নতুন নতুন বাক্য সৃষ্টি কৰি প্ৰয়োগ কৰে ।সেয়ে ভাষাক সৃজনমূলক বুলি কোৱা হয় ।

ছ) ভাষা প্ৰতীকধৰ্মী  : পৃথিৱীৰ ভিন্ন ভাষাত উচ্চাৰিত হোৱা ধ্বনি  সমষ্টিৰ লগত বাহ্যিক জগতৰ বস্তুৰ লগত বা ভাৱৰ মাজত কোনো ধৰা-বন্ধা সম্বন্ধ নাই । ধ্বনি আৰু বস্তুৰ ধাৰণাৰ মাজত চিৰাচৰিত সম্পৰ্ক নথকা বাবেই পৃথিৱীৰ ভাষাবোৰত একোটা বস্তু বুজাবলৈ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয়। সেয়ে ভাষা প্ৰতীকধৰ্মী ।

ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা

ৰাষ্ট্ৰসংঘই ৬টা ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি দিছে। সেইকেইটা হ'ল: আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰুছ আৰু স্পেনীছ। ৰাষ্ট্ৰসংঘ গঠনৰ সময়তেই ইয়াৰে পাঁচটা ভাষাক নিৰ্বাচিত কৰা হৈছিল (ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ দেশীয় ভাষাসমূহৰ লগতে স্পেনীছ ভাষাক)। আৰবী ভাষাক ১৯৭৩ চনত যোগ কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ কামকাজত ইংৰাজী আৰু ফৰাচী, এই দুটা ভাষাক ব্যৱহাৰ কৰা হয়। ৰাষ্ট্ৰসংঘৰ কাৰ্য্যালয়ৰ স্বীকৃত ভাষাৰ সংখ্যা কমাব লাগে নে (উদাহৰণ স্বৰূপে, কেৱল ইংৰাজী) বঢ়াব লাগে তাক লৈ সঘনাই বিবাদ হৈ থাকে। ২০০১ চনত স্পেনীছ ভাষা অধ্যুষিত ৰাষ্ট্ৰসমূহে স্পেনীছ ভাষাই ইংৰাজী ভাষাৰ সমপৰ্য্যায়ৰ মৰ্য্যদা নোপোৱা বুলি অভিযোগ তুলিছিল। হিন্দী ভাষাক ৰাষ্ট্ৰসংঘৰ সপ্তম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিব লাগে বুলিও দাবী তোলা হৈছে। ইংৰাজী ভাষাৰ বাবে ৰাষ্ট্ৰসংঘই ব্ৰিটিছ ব্যৱহাৰ আৰু অক্সফ'ৰ্ডৰ দ্বাৰা অনুমোদিত মান্য বানানক অনুসৰণ কৰে।

ভাৰতৰ ভাষা

বৰ্ণ

যি সঙ্কেতৰ দ্বাৰা একোটা ধ্বনি প্ৰকাশ কৰা যায়, তাকে বৰ্ণ বোলে। বৰ্ণৰ সমষ্টিয়েই বৰ্ণমালা। বৰ্ণ কৰ্ণেন্দ্ৰিয়বেদ্য। বৰ্ণৰ চাক্ষুষ ৰূপেই অক্ষৰ বা আখৰ। অৱশ্যে বৰ্ণ আৰু আখৰ দুয়োতাকে প্ৰায় একে অৰ্থত ব্যৱহাৰ কৰা দেখা যায়।

বৰ্ণঃ- বৰ্ণ ধ্বনিৰ একোটা গোট। বৰ্ণ উচ্চাৰণ নহয়। বৰ্ণৰ অন্তৰ্গত ধ্বনিবোৰহে উচ্চাৰণ হয়।

ধ্বনিঃ- বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত যাদৃচ্ছিক প্ৰতীকেই হ’ল ধ্বনি

আখৰঃ- বৰ্ণৰ চাক্ষুষ ৰূপেই হ’ল আখৰ।

লগতে চাওক

বাহ্যিক সংযোগ