সাঁথৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
6 নং শাৰী: 6 নং শাৰী:


==কেইটামান অসমীয়া সাঁথৰ==
==কেইটামান অসমীয়া সাঁথৰ==
১. চুই চা চুই চা, চুই দিলে পইছা (কেৰেলুৱা)

"চুই চা চুই চা, চুই দিলে পইছা"=কেৰেলুৱা

"ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ" =আমৰলি পৰুৱা।

"টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় " =বৰল।

"মাকে বৰশী বায়, পুতেকে সৰগ চায়" = বাঁহ গছ আৰু বাঁহ গাজ।

"মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা?"=জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)।

"টুপ টুপ টুপলি, সময় গ'ল উকলি"/"টুপ টুপ টুপলি পানী পালে মুকলি"=জাল

"বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে"=দিয়াচলাই (জুইশলা)

"কাণত ধৰি নাকত বহে?"=বিতচকু,চশমা

"এজনী কলী গাই ঘাটে ঘাটে পানী খায়?"=বৰশী

"ওপৰৰ পৰা পৰিল চিলা, গোটে গোটে মানুহ গিলা"=

"ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ'ল গাভিনী"=আঠুৱা

" কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় ?"=বিড়ি

"কি বস্তু কাটিলে দীঘল হয়?"=নলা (drain)
"চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা. " =হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু
"এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সর্বতিকাল"=কলাপাত
'হাবিত কাঁহে ওলাই নাহে'=কুঠাৰ
"ৰজাৰ লাঠি ঘন ঘন গাঠি"=কুহিয়াঁৰ
"এঠেঙীয়া বগলী,নিতৌ নাচে গধু্লি"= বিচনী
"এডাল খেৰে ঘৰটো বেৰে" =চাকি নাইবা মমবাতি
"ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত" =জোনাকী পৰুৱা
"আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ"=কুহিয়াৰ
ওপজিয়ে লৰ মাৰে কোন='জেঠী পোৱালি
ওপজিয়ে জপিয়ায় কোনে? = আখৈ
এনু এনু এনু, ধৈইৰবান্নাই ঠেনু=ডিমা/কণী (নলবাৰী অঞ্চলত প্ৰচলিত)
মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই= ৰেডিঅ'
উপৰোৰ পাই পৰিল টেকলী, টেকলীৰ ভিতৰোত সাতগাণ্ডা ভেকলী্= কঁঠাল (নলবাৰী অঞ্চলত প্ৰচলিত)
'কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা" =কঁঠাল

"জলত জন্ম স্থলত বাস, মাকে চুলে হয় সর্বনাশ?"=নিমখ
"পেট আছে পেটু নাই, মুখ আছে জিভা নাই"= কলহ
তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে?=চৌকা

ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন=বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি

"এক জোপা হন্যা,তাতেই আছে বন্যা,হন্যাই কণী পাৰে কোনে কিমান গণিব পাৰে?"=ওকণি

"গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়?"=যঁতৰ

"আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগো্ৰ?" =দুৱাৰডলি

"ৰজাৰ দলিছা.....দুয়োফালে বাগিছা"=ৰাস্তা?

"২ গছৰ গছৰ ২ ঠাল কজিয়া কৰি হয় লাল?"

"ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন=বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি"

"উপজিয়ে বুঢ়া হয় কোন, উপজিয়ে ৰঙা হয় কোন?=বুঢ়া আঙুলি, ৰঙআ বেলি

"ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি "= জিভা

"২ গছৰ গছৰ ২ ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি ?"=তামোল-পান

"ইয়াতে মাৰিলো টিপা, গড়গা ঁও পালেগে শিপা" =ভূ ঁইকপ/ অনাতা ঁৰ

"কৈ মৰিল কোন নকৈ মৰিল কোন, দি মৰিল কোন, নিদি মৰিল কোন"=কৈ মৰিল জটায়ু (সীতাৰ বার্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল'ৰা ৰজাক), দি মৰিল দধিচী (বৃত্রাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুর্যোধন (ৰাজ্য পাণ্ডৱক)
"উপি উপি বাটত আছে চুপি"=জোক
"ৰজাৰ আলিবাট মেলিব পাৰি জপাব নো ঁৱাৰি" = চোতাল
"পেট আছে পেটু নাই, মুখ আছে জিভা নাই"= কলহ/টেকেলী
"কাৰাক-কুৰুক কৰে, হেণ্ডচেক কইল্লি বমি কৰে"=দমকল/টিউবেল (নলবৰী অঞ্চলত প্ৰচলিত)
"খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল"= নাৰিকল
"য'লৈ যোৱা মোক লগত লৈ যোৱা"=ছাঁ/ছাঁয়া
"নদী আছে পানী নাই, চহৰ আছে মানুহ নাই"= মানচিত্ৰ
"ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰ"= আঁঠুৱা
"ক'লৈ যোৱা মোক মাৰি থৈ যোৱা"= দুৱাৰ
"লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত"= তামোল গছ
"গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এদাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি"=-আনাৰস/মাটিকঁঠাল/সফুঁৰিকঠাল/কেতেকীকঁঠাল ।
"আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই"=কেচুঁৱাৰ দাঁত
"ইলিলিত্‍ চৰাইটোৱে বিলিলিত্‍ কৰে,সাগৰ দেখিলে পাংখা মেলে"=জাল
"কেচাত তাল তোল পকাত গৰম, কবা নৰা যদি গালত চৰম৷"=
"জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী ,=বাঁহ গছ

ৰাম অৱতাৰে ৰাৱণ বধে , সেই তৰকাৰি ঘৰে ঘৰে "

12:50, 16 August 2011ৰ সংস্কৰণ


সাঁথৰ - Assamese Riddle

সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক ৷ কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকিয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয় ৷ সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায় ৷ সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয় ৷ ইয়াক ইংৰাজী ভাষাৰ Riddle -অৰ লগত তুলনা কৰিব পাৰি।

কেইটামান অসমীয়া সাঁথৰ

১. চুই চা চুই চা, চুই দিলে পইছা (কেৰেলুৱা)