গোলাঘাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
121 নং শাৰী: 121 নং শাৰী:


==ৰাজনীতি==
==ৰাজনীতি==
গোলাঘাট [[কলিয়াবৰ (লোকসভা সমষ্টি)]]ৰ অন্তৰ্গত। গোলাঘাট বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ অজন্তা নেওগ।
গোলাঘাট [[কলিয়াবৰ (লোকসভা সমষ্টি)]]ৰ অন্তৰ্গত। গোলাঘাট জিলাৰ বিধানসভা সমষ্টিৰ সংখ্যা ৫টা। বোকাখাট, দেৰগাওঁ, খুমটাই, গোলাঘাট আৰু সৰুপথাৰ। গোলাঘাট আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ ক্ৰমে অজন্তা নেওগ আৰু ৰ'জলিনা তিৰ্কী। ইয়াৰোপৰি অসম গণ পৰিষদ দলৰ অতুল বৰা (কেবিনেট মন্ত্ৰী) আৰু ভবেন ভৰালী ক্ৰমে বোকাখাট আৰু দেৰগাওঁ সমষ্টিৰ বিধায়ক। ভাৰতীয় জনতা পাৰ্টীৰ দখলত থকা খুমটাই দলৰ বিধায়ক মৃণাল শইকীয়া।


==বাহ্যিক সংযোগ==
==বাহ্যিক সংযোগ==

04:30, 13 October 2020ৰ সংস্কৰণ

গোলাঘাট
—  চহৰ  —
City Skyline - Golaghat.png
গোলাঘাট is located in Assam
গোলাঘাট
অসমত গোলাঘাটৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°31′N 93°58′E / 26.52°N 93.97°E / 26.52; 93.97স্থানাংক: 26°31′N 93°58′E / 26.52°N 93.97°E / 26.52; 93.97
দেশ ভাৰত
ৰাজ্য অসম
জিলা গোলাঘাট জিলা
উচ্চতা ৯৫ মিটাৰ (৩১১.৬৮ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ৬০,৭৮২ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 785 621
Telephone code 91 (0) 3774
যানবাহনৰ নম্বৰ AS-05
ৱেবছাইট www.golaghat.gov.in

গোলাঘাট অসমৰ এখন উল্লেখযোগ্য চহৰ। ১৯৮৭ চনৰ ১৫ আগষ্টত গোলাঘাট জিলা গঠন হোৱাৰ পিছত ই জিলাখনৰ সদৰ হয়।

ইতিহাস

গোলাঘাট নামৰ উ‍ৎপত্তিৰ এক মনোৰম কাহিনী আছে। ১৯শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰী নৈৰ ঘাটৰ কাষতে কিছু 'গোলা' অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ়লৈ উঠে।

ভৌগোলিক অৱস্থিতি আৰু জনগাঁথনি

গোলাঘাটৰ স্থানাংক হৈছে 26°31′N 93°58′E / 26.52°N 93.97°E / 26.52; 93.97 আৰু গড় উচ্চতা ৯৫ মিটাৰ (৩১১ ফুট)। গোলাঘাট জিলাৰ পূবে যোৰহাট জিলা, পশ্চিমে নগাঁও জিলা আৰু কাৰ্বি আংলং জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে নগা পাহাৰ। ২০১১ চনৰ লোকপিয়ল মতে গোলাঘাট নগৰৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬০,৭৮২। পুৰুষ আৰু মহিলাৰ অনুপাত ক্ৰমে ৫৩% আৰু ৪৭%।

শিক্ষা

গোলাঘাট অসমীয়া কলা সংস্কৃতিত গুৰুত্বপূ্ৰ্ণ অৱদান আগবঢ়োৱা বহুতো ব্যক্তিৰ বাবে বিখ্যাত। ইয়াত বহুতো ন পুৰণি শিক্ষানুষ্ঠান আছে।

মহাবিদ্যালয়
বিদ্যালয়

যাতায়ত

বিমান

গোলাঘাটৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ

ৰেল

গোলাঘাট ভাৰতীয় ৰেলসেৱাউত্তৰ-পূব সীমান্ত ৰেলসেৱাৰ অন্তৰ্গত। গোলাঘাট ৰেল ষ্টেচন নগৰৰ ভিতৰত আৰু ফৰকাটিং জংচন গোলাঘাট নগৰৰ পৰা কিছু আঁতৰত আছে। ফৰকাটিং জংছনৰ মাজেদি কেইবাখনো দীঘলীয়া পথৰ ৰেল চলাচল কৰে।

পথ

অসমৰ আন প্ৰধান নগৰ-চহৰসমূহৰ লগত পথেৰে গোলাঘাটৰ সু-সংযোগ আছে। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ নুমলীগড়ৰ পৰা আৰম্ভ হৈ গোলাঘাট নগৰৰ কাষেদি পাৰ হৈ গৈছে। পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথে গোলাঘাটক দেৰগাঁৱৰ সৈতে সংযোগ কৰিছে।

উল্লেখযোগ্য স্থান

গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এশিঙীয়া গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।

গৰমপানী হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য। ইয়াৰ মুঠ মাটিকালি হৈছে ৬.০৫-বৰ্গ-কিলোমিটাৰ (৬,৫১,০০,০০০ ফুট২)। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি। এই অভয়াৰণ্য গৰমপানীৰ উঁহ আৰু জলপ্ৰপাতৰ বাবে বিখ্যাত।

  • বীৰাংগনা সাধনী কলাক্ষেত্ৰ

এই কলাক্ষেত্ৰ চুতীয়া ৰাজ্যৰ শেষ ৰাণী বীৰাংগনা সতী সাধনীৰ স্মৃতিত গোলাঘাট নগৰৰ সমীপৰ মইনাপাৰাত নিৰ্মাণ কৰা হৈছে। সাধনী কলাক্ষেত্ৰত অসমৰ বিভিন্ন কলা-সংস্কৃতি, সংগীতৰ বিভিন্ন নিদৰ্শন দাঙি ধৰাৰ উপৰিও বীৰাংগনা সতী সাধনীৰ জীৱনৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

  • ৰবীন বেনাৰ্জী সংগ্ৰহালয়

বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা স্বৰ্গীয় ৰবীন বেনাৰ্জীৰ গোলাঘাটৰ মিছন ৰোড স্থিত বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে। ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহ এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।

  • যমুনা উদ্যান

গোলাঘাটৰ মাজ মজিয়াত অৱস্থিত যমুনা উদ্যানত নৌকা বিহাৰৰ ব্যৱস্থা আছে।

  • নামবৰ দৈগ্ৰুং অভয়াৰণ্য

৯৭.১৫ বৰ্গ-কিলোমিটাৰ আগুৰি এই অভয়াৰণ্য বিৱৰি এই অভয়াৰণ্য অৱস্থিত। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি।

  • শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ

অসমৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত।

ৰাজনীতি

গোলাঘাট কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। গোলাঘাট জিলাৰ বিধানসভা সমষ্টিৰ সংখ্যা ৫টা। বোকাখাট, দেৰগাওঁ, খুমটাই, গোলাঘাট আৰু সৰুপথাৰ। গোলাঘাট আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ভাৰতীয় জাতীয় কংগ্ৰেছৰ ক্ৰমে অজন্তা নেওগ আৰু ৰ'জলিনা তিৰ্কী। ইয়াৰোপৰি অসম গণ পৰিষদ দলৰ অতুল বৰা (কেবিনেট মন্ত্ৰী) আৰু ভবেন ভৰালী ক্ৰমে বোকাখাট আৰু দেৰগাওঁ সমষ্টিৰ বিধায়ক। ভাৰতীয় জনতা পাৰ্টীৰ দখলত থকা খুমটাই দলৰ বিধায়ক মৃণাল শইকীয়া।

বাহ্যিক সংযোগ