মিঞা জনগোষ্ঠী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
68 নং শাৰী: 68 নং শাৰী:


== জাতিতত্ত্ব ==
== জাতিতত্ত্ব ==
'''ন-অসমীয়া:''' অসমীয়া কবি [[জ্যোতিপ্ৰসাদ আগৰৱালা]] এইসকলক ন-অসমীয়া হিচাপে অভিহিত কৰিছিল। কাৰণ তেওঁলোক অসমীয়া সংস্কৃতি আৰু ভাষা গ্ৰহণ কৰিছিল।<ref name="indilens.com2">{{cite web|url=https://indilens.com/514954-miya-muslim-and-assamese-socio-cultural-history-of-assam/|title=Miya, Muslim and Assamese Socio-Political History of Assam|date=7 September 2016|website=Indilens.com|accessdate=27 March 2019}}</ref> ন-অসমীয়া বা অধিক জনপ্ৰিয় মিঞা লোকসকলে অসমৰ জাতিগত মুছলমানসকলৰ দলক বুজায় যিসকল বেঙল প্ৰেচিডেঞ্চিৰ পৰা বৃটিছসকলৰ দ্বাৰা অসমৰ উপনিৱেশ স্থাপনৰ আগত তথা পিছত অসমত আগমন কৰে আৰু [[ব্ৰহ্মপুত্ৰ উপত্যকা]]ত বসতি স্থাপন কৰে।<ref>https://indilens.com/514954-miya-muslim-and-assamese-socio-cultural-history-of-assam/ The Decisive Battles of India by George Bruce Malleson(1883){{Dead link|date=April 2020}}</ref> ১৯৪০-ৰ দশকত বৃটিছ, মুছলিম লীগ চৰকাৰ আৰু দেশ বিভাজনৰ আগত অসমীয়া অভিজাতসকলৰ একাংশ কৰ্তৃক এই অভিবাসনক উত্সাহ দিয়া হৈছিল আৰু ১৯৪৭ চনত [[পাকিস্তান|পাকিস্তানৰ]] সংবিধানৰ পিছত অবৈধ বুলি বিবেচিত হৈছিল। এই অভিবাসী [[মুছলিম|মুছলমান]]সকলৰ বহুতেই [[ব্ৰহ্মপুত্ৰ]] আৰু অন্যান্য নিম্ন-অঞ্চলৰ চৰ বা নদী দ্বীপত বসতি স্থাপন কৰিছিল। অসমৰ চাৰিখন প্ৰধান মুছলিম নৃগোষ্ঠীৰ মাজত ন-অসমীয়াসকল বৃহত্তম, যিসকল অসমৰ ভোটাৰসকলৰ এক তৃতীয়াংশ গঠন কৰে।<ref>{{cite journal|last=Bhaumik|first=Subir|date=April 2011|title=Risk of durable disorder|journal=Seminar|publisher=Seminar Publications|location=New Delhi|issue=620|url=http://www.india-seminar.com/2011/620/620_subir_bhaumik.htm|accessdate=10 July 2017}}</ref>
'''ন-অসমীয়া:''' অসমীয়া কবি [[জ্যোতিপ্ৰসাদ আগৰৱালা]] এইসকলক ন-অসমীয়া হিচাপে অভিহিত কৰিছিল। কাৰণ তেওঁলোক অসমীয়া সংস্কৃতি আৰু ভাষা গ্ৰহণ কৰিছিল।<ref name="indilens.com2">{{cite web|url=https://indilens.com/514954-miya-muslim-and-assamese-socio-cultural-history-of-assam/|title=Miya, Muslim and Assamese Socio-Political History of Assam|date=7 September 2016|website=Indilens.com|accessdate=27 March 2019}}</ref> ন-অসমীয়া বা অধিক জনপ্ৰিয় মিঞা লোকসকলে অসমৰ জাতিগত মুছলমানসকলৰ দলক বুজায় যিসকল বেঙল প্ৰেচিডেঞ্চিৰ পৰা ব্ৰিটিছসকলৰ দ্বাৰা অসমৰ উপনিৱেশ স্থাপনৰ আগত তথা পিছত অসমত আগমন কৰে আৰু [[ব্ৰহ্মপুত্ৰ উপত্যকা]]ত বসতি স্থাপন কৰে।<ref>https://indilens.com/514954-miya-muslim-and-assamese-socio-cultural-history-of-assam/ The Decisive Battles of India by George Bruce Malleson(1883){{Dead link|date=April 2020}}</ref> ১৯৪০-ৰ দশকত ব্ৰিটিছ, মুছলিম লীগ চৰকাৰ আৰু দেশ বিভাজনৰ আগত অসমীয়া অভিজাতসকলৰ একাংশ কৰ্তৃক এই অভিবাসনক উত্সাহ দিয়া হৈছিল আৰু ১৯৪৭ চনত [[পাকিস্তান|পাকিস্তানৰ]] সংবিধানৰ পিছত অবৈধ বুলি বিবেচিত হৈছিল। এই অভিবাসী [[মুছলিম|মুছলমান]]সকলৰ বহুতেই [[ব্ৰহ্মপুত্ৰ]] আৰু অন্যান্য নিম্ন-অঞ্চলৰ চৰ বা নদী দ্বীপত বসতি স্থাপন কৰিছিল। অসমৰ চাৰিখন প্ৰধান মুছলিম নৃগোষ্ঠীৰ মাজত ন-অসমীয়াসকল বৃহত্তম, যিসকল অসমৰ ভোটাৰসকলৰ এক তৃতীয়াংশ গঠন কৰে।<ref>{{cite journal|last=Bhaumik|first=Subir|date=April 2011|title=Risk of durable disorder|journal=Seminar|publisher=Seminar Publications|location=New Delhi|issue=620|url=http://www.india-seminar.com/2011/620/620_subir_bhaumik.htm|accessdate=10 July 2017}}</ref>


ন-অসমীয়া [[মুছলিম|মুছলমান]]সকল নৃতাত্ত্বিক তথা সাংস্কৃতিকভাৱে অসমীয়া মুছলমানসকলতকৈ পৃথক। অসমীয়া মুছলিমসকলে লেপটোৰাইন নাক আৰু মেচোচেফালিক মূৰযুক্ত, মধ্য স্তৰৰ।<ref>{{cite book|last1=Dutta|first1=P.C.|last2=Pradhan|first2=B.C.|editor-last=Deb|editor-first=Bimal J.|others=North-East India Council for Social Science Research|title=Ethnic Issues, Secularism, and Conflict Resolution in North East Asia|url=https://books.google.com/books?id=_YYnwp8e5VYC|series=Contributed articles presented at the Seminar on Ethnic Issues, Secularism, and Conflict Resolution in North-East India held at Shillong during 25–26 April 2001|year=2006|publisher=Concept Publishing Company|isbn=9788180691348|page=164|chapter=Issues and Problems of Ethnicity in Assam}}</ref> ১৯৯৯ চনত [[কামৰূপ জিলা]]ত পৰিচালিত তুলনামূলক সমীক্ষা অনুসৰি, পূৰ্ব-কৈশৰৰ অসমীয়া মুছলিম পুৰুষসকলে তেওঁলকৰ ন-অসমীয়া অংশৰ তুলনাত চাপৰ আৰু ক্ষীণ বুলি ধৰি লোৱা হৈছিল।<ref>{{cite book|last1=Subba|first1=Tanka Bahadur|last2=Ghosh|first2=G.C.|others=Anthropological Survey of India, North Eastern Hill University|title=The Anthropology of North-East India|url=https://books.google.com/books?id=DHCGN-Xu7YIC|accessdate=10 July 2017|edition=Reprint|year=2003|publisher=Orient Blackswan|isbn=9788125023357|page=144}}</ref> ন-অসমীয়া, অসমীয়া মুছলমান আৰু [[বৰাক উপত্যকা]]ৰ মুছলমানসকতকৈ উল্লেখযোগ্যভাৱে বেলেগ<ref name="bokth2">{{cite journal|last=Bokth|first=Humayun|date=December 2014|title=Social Life in Char Area: A Study of Neo-Assamese Muslim Village in Brahmaputra Valley of Assam|journal=International Journal of Development Research|volume=4|issue=12|issn=2230-9926|url=http://journalijdr.org/sites/default/files/2584.pdf|accessdate=10 July 2017}}</ref>
ন-অসমীয়া [[মুছলিম|মুছলমান]]সকল নৃতাত্ত্বিক তথা সাংস্কৃতিকভাৱে অসমীয়া মুছলমানসকলতকৈ পৃথক। অসমীয়া মুছলিমসকলে লেপটোৰাইন নাক আৰু মেচোচেফালিক মূৰযুক্ত, মধ্য স্তৰৰ।<ref>{{cite book|last1=Dutta|first1=P.C.|last2=Pradhan|first2=B.C.|editor-last=Deb|editor-first=Bimal J.|others=North-East India Council for Social Science Research|title=Ethnic Issues, Secularism, and Conflict Resolution in North East Asia|url=https://books.google.com/books?id=_YYnwp8e5VYC|series=Contributed articles presented at the Seminar on Ethnic Issues, Secularism, and Conflict Resolution in North-East India held at Shillong during 25–26 April 2001|year=2006|publisher=Concept Publishing Company|isbn=9788180691348|page=164|chapter=Issues and Problems of Ethnicity in Assam}}</ref> ১৯৯৯ চনত [[কামৰূপ জিলা]]ত পৰিচালিত তুলনামূলক সমীক্ষা অনুসৰি, পূৰ্ব-কৈশৰৰ অসমীয়া মুছলিম পুৰুষসকলে তেওঁলকৰ ন-অসমীয়া অংশৰ তুলনাত চাপৰ আৰু ক্ষীণ বুলি ধৰি লোৱা হৈছিল।<ref>{{cite book|last1=Subba|first1=Tanka Bahadur|last2=Ghosh|first2=G.C.|others=Anthropological Survey of India, North Eastern Hill University|title=The Anthropology of North-East India|url=https://books.google.com/books?id=DHCGN-Xu7YIC|accessdate=10 July 2017|edition=Reprint|year=2003|publisher=Orient Blackswan|isbn=9788125023357|page=144}}</ref> ন-অসমীয়া, অসমীয়া মুছলমান আৰু [[বৰাক উপত্যকা]]ৰ মুছলমানসকতকৈ উল্লেখযোগ্যভাৱে বেলেগ<ref name="bokth2">{{cite journal|last=Bokth|first=Humayun|date=December 2014|title=Social Life in Char Area: A Study of Neo-Assamese Muslim Village in Brahmaputra Valley of Assam|journal=International Journal of Development Research|volume=4|issue=12|issn=2230-9926|url=http://journalijdr.org/sites/default/files/2584.pdf|accessdate=10 July 2017}}</ref>

02:18, 26 December 2020ৰ সংস্কৰণ

মিঞা জনগোষ্ঠী

অসমত মিঞা মানুহৰ অৱস্থান, পাতল সেউজীয়া থকা ঠাইত তেওঁলোকৰ জনসংখ্যা ১০%-৩০% আৰু ঘন সেউজীয়াত ৩০%-৮০%
মুঠ জনসংখ্যা
প্ৰায় ৭  মিলিয়ন[উদ্ধৃতিৰ প্ৰয়োজন]
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত (অসম) ৬.৪ (২০.৪%)
ভাষাসমূহ

অসমীয়া, উৰ্দু আৰু ফাৰ্চী ভাষাৰ পৰা ধাৰ কৰি অনা শব্দৰ লগত বঙালী

ধৰ্ম

ইছলাম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

বঙালী মুছলিম<বঙালী হিন্দু<অনাৰ্য<দ্ৰাবিড

মিঞা (ইংৰাজী: Miya) বা ভাটিয়া, উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য অসমত বসবাস কৰা অবিভক্ত ভাৰতৰ পূৰ্ববঙ্গ মূলীয় বঙালী মুছলমানসকলৰ জনগোষ্ঠীয় পৰিচয়।[1] মিঞাসকল হ'ল বঙালী মুছলমানৰ বংশধৰ যিসকল ব্ৰিটিছ ভাৰতীয় প্ৰদেশত জন্মগ্ৰহণ কৰিছিল, যিটো পৰৱৰ্তী কালত বংগ বিভাজনৰ সময়ত পূৰ্ববঙালীত পৰিণত হয় (১৯০৫)।[2][3] মিঞা এনে এটা শব্দ যিটো মুছলমানসকলৰ কাৰণে পূৰ্ববঙালীত বংশশিপা চিনাক্ত কৰিব পাৰি কিন্তু বৰপেটা, চিৰাং আৰু বঙাইগাঁৱৰ দৰে ঠাইত শ্বেখ শব্দটো তেওঁলোকৰ বৰ্ণনাত ব্যৱহৃত হয়। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা আৰু দক্ষিণ শালমাৰাত তেওঁলোক নিজকে ভাটিয়া বুলি উল্লেখ কৰিছে আৰু নগাঁও, দৰং, মৰিগাঁও আৰু হোজাইত তেওঁলোক মিঞা শব্দটো নিজৰ বাবে ব্যৱহাৰ কৰিছে। কিছু সময়ত তেওঁলোক মৈমনসিংহীয়া নামেও পৰিচিত।

ইতিহাস

প্ৰায় ১২০৫ বা ১২০৬ খ্ৰীষ্টাব্দত অসমলৈ মুছলমানসকলৰ আগমন ঘটিছিল। উক্ত সময়ৰ আগে পিছে অহা মুছলমানসকলক অসমীয়া মুছলমান বুলি কোৱা হয়। পিছত ব্ৰিটিছসকলৰ শাসনকালত অসমলৈ অহা মুছলমানসকল হৈছে বংগমূলীয় মুছলমান। ১৯৪০ৰ দশকত ব্ৰিটিছ, মুছলিম লীগ চৰকাৰ আৰু দেশ বিভাজনৰ আগত অসমীয়া অভিজাতসকলৰ একাংশ কৰ্তৃক এই অভিবাসনক উৎসাহ দিয়া হৈছিল আৰু ১৯৪৭ চনত পাকিস্তানৰ সংবিধানৰ পিছত অবৈধ বুলি বিবেচিত হৈছিল। এই মুছলমানসকলৰ বহুতেই ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নিম্ন-অঞ্চলৰ চৰ বা নদী দ্বীপত বসতি স্থাপন কৰিছিল। বংগমূলীয়া মুছলমানসকলে বিশেষকৈ সেই সময়ৰ গোৱালপাৰা জিলাত থাকিবলৈ লয়। অতীতত বিভিন্ন কাৰণত অবিভক্ত গোৱালপাৰা জিলাখন বংগদেশৰ সৈতে সংযুক্ত হৈ থকা বাবে অসমৰ অন্যান্য জিলাৰ তুলনাত এই জিলাত বংগীয়মূলৰ লোকৰ জনবসতি ঘন।[4] বিভিন্নজনে তেওঁলোকক বিভিন্ন নামেৰে চিহ্নিত কৰাৰ চেষ্টা কৰিছে যদিও আজিলৈকে সঠিক তথা সৰ্বজনগ্ৰাহ্য নামকৰণ হোৱা নাই।[5][6]

মুখ্য ঘটনা

এটা অৱহেলিত জনগোষ্ঠীৰ এই ঘটনাবোৰৰ বিশ্লেষণ কৰিবৰ প্ৰয়োজন আছে, ইতিহাস অবিহনে এটা জাতি/জনগোষ্ঠী মূল্যহীন।[7]

১. গৌৰিনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ মাজত মাজত সম্পাদিত চুক্তি- ১৭৯৩

২. বেংগল প্ৰভিঞ্চ প্ৰশাসনৰ অসম প্ৰব্ৰজন আনুষ্ঠানিক ফৰমান – ১৮৫৩

৩. অসমত বৰভূইকপ আৰু মৰাপাট উদ্যোগ- ১৮৯৭

৪. মৈমানসিংহ জিলাৰ উচ্চপদস্থ চৰকাৰী বিষয়া A.J. Moffatt Mills ৰ ‘Colonisation Scheme’- ১৯০৬

৫. কামৰ পৰিবৰ্তে খাদ্য আঁচনি – ১৯১১

৬. কংগ্ৰেছ চৰকাৰে ‘লাইন প্ৰথা’ৰ প্ৰবৰ্তন -১৯২০

৭. লোকপিয়লৰ অধীক্ষক C.S. Mullan ৰ উদ্দেশ্য জড়িত ৰিপোৰ্ট -১৯৩১

৮. W Hockenhull-ৰ জনসংখ্যাৰ প্ৰতিবেদন-১৯৩৯

৯. ছাৰ ছাদুল্লাৰ “Grow More Food Scheme” – ১৯৪৩

১০. গোপীনাথ বৰদলৈ (কংগ্ৰেছ)ৰ ‘ট্ৰাইবেল বেল্ট আৰু ব্লক’ গঠন-১৯৪৬

১১. গোপীনাথ বৰদলৈ (কংগ্ৰেছ)ৰ “Assam Land Revenue Regulation”ৰ এক প্ৰাৰম্ভিক সংশোধণি- ১৯৪৭

১২. গোপীনাথ বৰদলৈ (কংগ্ৰেছ)ৰ “The Immigrants (Expulsion from Assam) Act, 1950”-১৯৫০

১৩. সাম্প্ৰদায়িক সংঘাত (Riot )-১৯৫০

১৪. দহ বছৰত (১৯৬১-১৯৭১ চনৰ) সময়ছোৱাত ৯,৬৭,০০০জন অনুপ্ৰবেশকাৰীয়ে অসমত প্ৰবেশ কৰাৰ কথা কেন্দ্ৰীয় কংগ্ৰেছ চৰকাৰে আছুক অৱগত কৰে। – ১৯৭১

১৫. অসম আন্দোলন আৰম্ভ – ১৯৭৯

১৬. নেলী হত্যাকাণ্ড -১৯৮৩

১৭. অসম চুক্তি স্বাক্ষৰ -১৯৮৫

১৮. বড়োল্যাণ্ড আন্দোলন আৰম্ভ -১৯৮৯

১৯. বাঁশবাড়ী ৰিলিপি কেম্প হত্যাকাণ্ড -১৯৯৪

২০. নাৰায়ণগুড়ি হত্যাকাণ্ড – ২০১২

জনসংখ্যা

মিঞাসকলৰ জনসংখ্যা প্ৰায় ৪৮ লাখ, এইসকল গোটেই অসম ৰাজ্যৰ ২০% বিস্তাৰিত, আজিৰ দিনত তেওঁলোক বৰপেটা, ধুবুৰী, গোৱালপাৰা, কামৰূপ, নগাঁও, হোজাই, দৰং, চিৰাং, কোকৰাঝাৰ, দক্ষিণ শালমাৰা, নলবাৰী, মৰিগাওঁ, আৰু বঙাইগাঁও জিলাত বসবাস কৰে[8]

ভাষা

মিঞা মানুহৰ ভাষা বৰ্তমান বাংলাদেশ আৰু অসমত বিভিন্ন বাংলা-অসমীয়া ভাষা লৈ গঠিত। তেওঁলোকে ছিলঠীয়া, নোৱাখালীয়া, টাংগাইলী আদিৰ দৰে অন্যান্য ভাষাত কথা পাতে। ইয়াৰে অধিকাংশ বঙালী ভাষাৰ লগত মিল আছে যদিও গোৱালপাৰীয়া আৰু অসমীয়া ভাষাৰো কিছু সংমিশ্ৰণ দেখা যায়।[9]

জাতিতত্ত্ব

ন-অসমীয়া: অসমীয়া কবি জ্যোতিপ্ৰসাদ আগৰৱালা এইসকলক ন-অসমীয়া হিচাপে অভিহিত কৰিছিল। কাৰণ তেওঁলোক অসমীয়া সংস্কৃতি আৰু ভাষা গ্ৰহণ কৰিছিল।[10] ন-অসমীয়া বা অধিক জনপ্ৰিয় মিঞা লোকসকলে অসমৰ জাতিগত মুছলমানসকলৰ দলক বুজায় যিসকল বেঙল প্ৰেচিডেঞ্চিৰ পৰা ব্ৰিটিছসকলৰ দ্বাৰা অসমৰ উপনিৱেশ স্থাপনৰ আগত তথা পিছত অসমত আগমন কৰে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি স্থাপন কৰে।[11] ১৯৪০-ৰ দশকত ব্ৰিটিছ, মুছলিম লীগ চৰকাৰ আৰু দেশ বিভাজনৰ আগত অসমীয়া অভিজাতসকলৰ একাংশ কৰ্তৃক এই অভিবাসনক উত্সাহ দিয়া হৈছিল আৰু ১৯৪৭ চনত পাকিস্তানৰ সংবিধানৰ পিছত অবৈধ বুলি বিবেচিত হৈছিল। এই অভিবাসী মুছলমানসকলৰ বহুতেই ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নিম্ন-অঞ্চলৰ চৰ বা নদী দ্বীপত বসতি স্থাপন কৰিছিল। অসমৰ চাৰিখন প্ৰধান মুছলিম নৃগোষ্ঠীৰ মাজত ন-অসমীয়াসকল বৃহত্তম, যিসকল অসমৰ ভোটাৰসকলৰ এক তৃতীয়াংশ গঠন কৰে।[12]

ন-অসমীয়া মুছলমানসকল নৃতাত্ত্বিক তথা সাংস্কৃতিকভাৱে অসমীয়া মুছলমানসকলতকৈ পৃথক। অসমীয়া মুছলিমসকলে লেপটোৰাইন নাক আৰু মেচোচেফালিক মূৰযুক্ত, মধ্য স্তৰৰ।[13] ১৯৯৯ চনত কামৰূপ জিলাত পৰিচালিত তুলনামূলক সমীক্ষা অনুসৰি, পূৰ্ব-কৈশৰৰ অসমীয়া মুছলিম পুৰুষসকলে তেওঁলকৰ ন-অসমীয়া অংশৰ তুলনাত চাপৰ আৰু ক্ষীণ বুলি ধৰি লোৱা হৈছিল।[14] ন-অসমীয়া, অসমীয়া মুছলমান আৰু বৰাক উপত্যকাৰ মুছলমানসকতকৈ উল্লেখযোগ্যভাৱে বেলেগ[15]

ব্ৰহ্মপুত্ৰ নদী দ্বীপত বসবাসকাৰী ত্ৰিশ লাখ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠ ন-অসমীয়া। ইয়াৰ মাজত ৭০% দৰিদ্ৰসীমাৰ তলত।[16] ধুবুৰী, বৰপেটা, নলবাৰী, কামৰূপ, মৰিগাঁও, নাগাঁও, দৰং আৰু শোণিতপুৰ জিলাত ন-অসমীয়াসকলে ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি দখল কৰি আছে।[17]

পৰিচয় সঙ্কট

মিঞা মানুহ বা বঙ্গমূলীয় মুছলমানসকলে পৰিচয় সংকটত ভুগি আছে। এওঁলোকক প্ৰায়বোৰ অন্যান্য সম্প্ৰদায়ৰ দ্বাৰা আপত্তিজনক অৰ্থত মিঞা হিচাপত অভিহিত কৰা হয়। তেওঁলোক মিঞা, বঙালী মুছলিম, পূৰ্ববাংলাৰ মূল মুছলমান, ন-অসমীয়া, পামুৱা মুছলমান, চাৰুৱা মুছলমান, সেখ আৰু ভাটিয়া নামেৰে পৰিচিত। সেই বাবে পণ্ডিতসকলে এই পৰিচয় সংকটটো শেষ কৰি মিঞাসকলৰ এটা পৰিচয় তৈয়াৰ কৰিবৰ চেষ্টা কৰিছে।[18]

নামৰ ব্যুৎপত্তি

অসমীয়া ভাষাত 'ন-অসমীয়া' শব্দটোৰ শব্দানুগ অৰ্থ 'নতুন অসমীয়া', উপসৰ্গ ‘ন’-ৰ অৰ্থ 'নতুন' আৰু অসমীয়া অৰ্থ 'অসমীয়া'।[19] ভাৰত বিভাজনৰ পিছত এই গোষ্ঠীটো তেওঁলোকৰ বঙলা ভাষাগত পৰিচয় ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰিছিল। লাহে লাহে তেওঁলোক গামোচাৰ নিচিনা অসমীয়া সংস্কৃতি গ্ৰহণ কৰিছিল। ইংৰাজীত, তেওঁলোকক মাজে সময়ে নিউ-অসমীয়া হিচাপে উল্লেখ কৰা হয়।[20] ন-অসমীয়াসকলক চৰু মুছলমান হিচাপে আখ্যায়িত কৰা হয়, শব্দানুগ অৰ্থত চৰৰ মুছলমানসকল, কাৰণ চৰসমূহত বসতি স্থাপনত তেওঁলোকৰ অগ্ৰাধিকাৰ বেছি। এইবোৰ পামুৱা মুচলন্ত নামে পৰিচিত, শব্দানুগ অৰ্থত কৃষক মুছলমান, কাৰণ কৃষিকৰ্ম তেওঁলোকৰ প্ৰাথমিক জীৱিকা। কিছু পণ্ডিতসকলে গোষ্ঠীটোক উল্লেখ কৰিবৰ বাবে 'অভিবাসী মুছলিম' বা 'বঙালী মুছলিম' শব্দটোও ব্যৱহাৰ কৰে।[21]

মিঞা কবিতা

মিঞা সম্প্ৰদায়ৰ বহুত পণ্ডিতে কবিতা দি মিঞা সমাজক উন্নত কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে দৰিদ্ৰতা, বাল্য বিবাহ, জনসংখ্যা বোমা, নিৰক্ষৰতা তেওঁলোকৰ বিষয় হিচাপে বাছি লৈছে। এই কবিতাবিলাকৰ সংগ্ৰহক মিঞা কাব্যগ্ৰন্থ অভিহিত কৰা হয়। কিন্তু সাম্প্ৰতিক সময়ত কেইটামান কবিতাৰ প্ৰসংগত, এইটো অসমত, বিশেষকৈ অসমৰ আদিবাসীসকলৰ মাজত এটা বিতৰ্কৰ সৃষ্টি কৰে[22][23][24]

মিঞা ভাষাত এটি মিঞা কবিতা[25]

কব্বৰ খুইদ্যা আমি আমাৰ

পূৰ্বজন্মেৰ ফচিল বাইৰ কইৰা আনি

দেহি দুইশ বছৰেৰ গোলামিতে

বেহা অইয়া গেছে আমাৰ মেৰুদণ্ড

দেহি আমাৰ বুকেৰ ভিতৰে মাটিৰ ভিজা গোন্ধ

হাতেৰ মুঠায় নাঙ্গলেৰ ভগ্নাংশ

কব্বৰ খুইদ্যা আমি

বাইৰ কইৰা আনি আমাৰ অন্ধকাৰ অতীত

দেহি সবেৰই এক একটা ভ্ৰমণেৰ ইতিহাস আছে

মাথা নিইচ্চা কইৰা হাইটা যায় নিৰন্ন মানুষেৰ মিছিল

সবেৰই এক একটা কাহিনী আছে ভাইস্যা যাওয়াৰ

কব্বৰ খুদলে আমি একটা ৰক্তাক্ত নদী পাই

দেহি অথাই পানীত ভাসতাছে আমাৰ গুলিবিদ্ধ লাশ

কব্বৰ খুদলে

আগুন কি না আমি জানিনা

একটা লাল টকটক উত্তেজনা পাই

কব্বৰ খুইদ্যা আমি নিজেই নিজেৰ লাশ নিয়া

পৌছাইয়া যাই গোৰোস্থানে

ওৰা আমাৰে শ্বহীদ ঘোষণা কৰুইক আৰ না কৰুইক

এই জমিন বেচা যাওয়াৰ আগে এই বাতাস ফুৰাইয়া যাওয়াৰ আগে এইসব নদী বিষাক্ত হওয়াৰ আগে

একবাৰ অন্ততঃ একবাৰ আমি তুমূল যুদ্ধে বিধস্ত অইবাৰ চাই…

লাগতে চাওক

তথ্য সংগ্ৰহ

  1. Priyanka Borpujari. "Assam’s ‘Miya’: Proving You Are Indian". The Diplomat. https://thediplomat.com/2018/08/assams-miya-proving-you-are-indian/। আহৰণ কৰা হৈছে: 27 March 2019. 
  2. "Miya, Muslim and Assamese Socio-Political History of Assam". Indilens.com. 7 September 2016. https://indilens.com/514954-miya-muslim-and-assamese-socio-cultural-history-of-assam/। আহৰণ কৰা হৈছে: 27 March 2019. 
  3. "Why all 'Miya Muslims' are seen as Bangladeshis in Assam". Dailyo.in. https://www.dailyo.in/arts/alifa-assamese-cinema-miya-muslims-illegal-immigrants-bangladeshi-urban-poverty-/story/1/23324.html। আহৰণ কৰা হৈছে: 27 March 2019. 
  4. . প্ৰকাশক ফকিৰগঞ্জ: অসম সাহিত্য সভা. ২০১৮. পৃষ্ঠা. ১. 
  5. Priyanka Borpujari. "Assam’s ‘Miya’: Proving You Are Indian". The Diplomat. https://thediplomat.com/2018/08/assams-miya-proving-you-are-indian/। আহৰণ কৰা হৈছে: 27 March 2019. 
  6. Begum, Farzana. "Study on Brahmaputra: The Lifeline of the People of Assam". The Mahabahu Brahmaputra. Flood and River Erosion Management Agency of Assam. http://thebrahmaputra.in/pdf/people/People%20of%20Assam.pdf। আহৰণ কৰা হৈছে: 10 July 2017. 
  7. মাইন উদ্দিন. "চক্ৰবেহুত আবদ্ধ অসমৰ মিঞা". Miya People in Assam: অসমৰ মিঞা. https://umain30.com/miya/archives/334। আহৰণ কৰা হৈছে: 27 March 2018. 
  8. "Dehumanising Muslims in Assam". thehoot.org. 23 December 2016. http://asu.thehoot.org/media-watch/media-practice/dehumanising-muslims-in-assam-9661। আহৰণ কৰা হৈছে: 27 March 2019. 
  9. আজাদ আলী আহমেদ (২০১৮). [স্মৃতি গ্ৰন্থ পাচৈ স্মৃতি গ্ৰন্থ পাচৈ]. প্ৰকাশক ফকিৰগঞ্জ: অসম সাহিত্য সভা, ধুবুৰী শাখা. পৃষ্ঠা. ১৮, ১৯, ২০. স্মৃতি গ্ৰন্থ পাচৈ. 
  10. "Miya, Muslim and Assamese Socio-Political History of Assam". Indilens.com. 7 September 2016. https://indilens.com/514954-miya-muslim-and-assamese-socio-cultural-history-of-assam/। আহৰণ কৰা হৈছে: 27 March 2019. 
  11. https://indilens.com/514954-miya-muslim-and-assamese-socio-cultural-history-of-assam/ The Decisive Battles of India by George Bruce Malleson(1883)[সংযোগবিহীন উৎস]
  12. Bhaumik, Subir (April 2011). "Risk of durable disorder". Seminar (New Delhi: Seminar Publications) (620). http://www.india-seminar.com/2011/620/620_subir_bhaumik.htm। আহৰণ কৰা হৈছে: 10 July 2017. 
  13. Dutta, P.C.; Pradhan, B.C. (2006). "Issues and Problems of Ethnicity in Assam". In Deb, Bimal J.. Ethnic Issues, Secularism, and Conflict Resolution in North East Asia. Contributed articles presented at the Seminar on Ethnic Issues, Secularism, and Conflict Resolution in North-East India held at Shillong during 25–26 April 2001. North-East India Council for Social Science Research. Concept Publishing Company. পৃষ্ঠা. 164. ISBN 9788180691348. https://books.google.com/books?id=_YYnwp8e5VYC. 
  14. Subba, Tanka Bahadur; Ghosh, G.C. (2003). The Anthropology of North-East India. Anthropological Survey of India, North Eastern Hill University (Reprint সম্পাদনা). Orient Blackswan. পৃষ্ঠা. 144. ISBN 9788125023357. https://books.google.com/books?id=DHCGN-Xu7YIC। আহৰণ কৰা হৈছে: 10 July 2017. 
  15. Bokth, Humayun (December 2014). "Social Life in Char Area: A Study of Neo-Assamese Muslim Village in Brahmaputra Valley of Assam". International Journal of Development Research খণ্ড 4 (12). ISSN 2230-9926. http://journalijdr.org/sites/default/files/2584.pdf। আহৰণ কৰা হৈছে: 10 July 2017. 
  16. Rix, Meredydd (19 July 2016). "Na-Asamiya Muslims Remain Targeted in Assam". The Citizen. http://www.thecitizen.in/index.php/NewsDetail/index/1/8254/Na-Asamiya-Muslims-Remain-Targeted-in-Assam। আহৰণ কৰা হৈছে: 10 July 2017. 
  17. Begum, Farzana. "Study on Brahmaputra: The Lifeline of the People of Assam". The Mahabahu Brahmaputra. Flood and River Erosion Management Agency of Assam. http://thebrahmaputra.in/pdf/people/People%20of%20Assam.pdf। আহৰণ কৰা হৈছে: 10 July 2017. 
  18. https://www.bbc.com/bengali/news-48994118 মুসলিমদেৰ 'মিঞা কবিতা' নিয়ে আসামে বিতৰ্ক কেন?
  19. Khandakar, Abdullah (8 February 2016). Social Exclusion of Inhabitants of Chars: A Study of Dhubri District in Assam (M.Phil.). http://14.139.206.50:8080/jspui/bitstream/1/4578/1/Abdullah%20Khandakar.pdf। আহৰণ কৰা হৈছে: 10 July 2017. 
  20. Dutta, P.C.; Pradhan, B.C. (2006). "Issues and Problems of Ethnicity in Assam". In Deb, Bimal J.. Ethnic Issues, Secularism, and Conflict Resolution in North East Asia. Contributed articles presented at the Seminar on Ethnic Issues, Secularism, and Conflict Resolution in North-East India held at Shillong during 25–26 April 2001. North-East India Council for Social Science Research. Concept Publishing Company. পৃষ্ঠা. 164. ISBN 9788180691348. https://books.google.com/books?id=_YYnwp8e5VYC. 
  21. Bokth, Humayun (December 2014). "Social Life in Char Area: A Study of Neo-Assamese Muslim Village in Brahmaputra Valley of Assam". International Journal of Development Research খণ্ড 4 (12). ISSN 2230-9926. http://journalijdr.org/sites/default/files/2584.pdf। আহৰণ কৰা হৈছে: 10 July 2017. 
  22. "মিঞা কবিতা সন্দৰ্ভত সচেতন নাগৰিকৰ আহ্বান- এনে কামে অসমীয়া সমাজখনক অধিক ক্ষতিগ্ৰস্থ কৰিব". https://www.asomiyapratidin.in/sasetan-nagarik-samaj-on-miya-poetry/. 
  23. "Interview | There is a Conspiracy to Show Bengal-Origin Muslims as Anti-Assamese: Hafiz Ahmed". The Wire. https://thewire.in/rights/hafiz-ahmed-assam-miyah-poetry। আহৰণ কৰা হৈছে: 2019-07-27. 
  24. https://bengali.indianexpress.com/opinion/assam-miya-poetry-history-politics-identity-135975/ আসামেৰ মিঞা কবিতাৰ ইতিহাস, ভূগোল ও দেশপ্ৰেম
    অসমীয়া: অসমৰ মিঞা কবিতাৰ ইতিহাস, ভূগোল আৰু দেশপ্ৰেম
  25. https://bengali.indianexpress.com/opinion/assam-miya-poetry-history-politics-identity-135975/ আসামেৰ মিঞা কবিতাৰ ইতিহাস, ভূগোল, ইতিহাস