কাটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
78 নং শাৰী: 78 নং শাৰী:
কাটাৰ পশ্চিম এছিয়াৰ এখন দেশ ।কাটাৰৰ মাটিকালি হ'ল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ ৷ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ ৷
কাটাৰ পশ্চিম এছিয়াৰ এখন দেশ ।কাটাৰৰ মাটিকালি হ'ল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ ৷ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ ৷
অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ ৷
অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ ৷



ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ ৷ অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ ৷






06:35, 22 February 2012ৰ সংস্কৰণ

State of Qatar
دولة قطر
Dawlat Qaṭar
ৰাষ্ট্ৰীয় সঙ্গীত
السلام الأميري  (Arabic)
"As Salam al Amiri"  (transliteration)
Amiri Salute

Qatar-ৰ অৱস্থান
Qatar-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
Doha
25°18′N 51°31′E / 25.3°N 51.517°E / 25.3; 51.517
ৰাষ্ট্ৰভাষা (সমূহ) Arabic
জাতীয়তাসূচক বিশেষণ Qatari
চৰকাৰ Absolute monarchy
 -  Emir Hamad bin Khalifa Al Thani
 -  Crown Prince Tamim bin Hamad Al Thani
 -  Prime Minister Hamad bin Jassim bin Jaber Al Thani
Independence
 -  from the Ottoman Empire 1913 
 -  from United Kingdom 3 September 1971 
মাটিকালি
 -  মুঠ ১১,৪৩৭ বৰ্গ কিমি (164th)
৪,৪১৬ বৰ্গ মাইল 
 -  জলভাগ (%) negligible
জনসংখ্যা
 -  ২০১০ লোকপিয়ল ১৮,৫৩,৫৬৩'"`UNIQ--ref-০০০০০০০০-QINU`"' (১৪৮th)
জিডিপি (পিপিপি) 2011 আনুমানিক
 -  মুঠ $182.591 billion[2] (57th)
 -  জনমুৰি $103,275[2] (1st)
জিডিপি (নামমাত্ৰ) 2011 আনুমানিক
 -  মুঠ $194.270 billion[2] (49th)
 -  জনমুৰি $109,881[2] (2nd)
মানৱ উন্নয়ন সূচক (2011) বৃদ্ধি 0.831[3] (very high) (37th)
মুদ্ৰা Riyal (QAR)
সময় অঞ্চল AST (ইউটিচি+3)
 -  গ্ৰীষ্মকালীন (ডিএছটি) (not observed) (ইউটিচি+3)
গাড়ী চলোৱা হয় Right
ইণ্টাৰনেট টিএলডি .qa, قطر.
কলিং ক'ড +974

কাটাৰ পশ্চিম এছিয়াৰ এখন দেশ । ইয়াৰ ৰাজধানী হ'ল ড'হা । মাটিকালি ১১,৮৩৭ বৰ্গকিমি. ।


কাটাৰ পশ্চিম এছিয়াৰ এখন দেশ ।কাটাৰৰ মাটিকালি হ'ল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ ৷ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ ৷ অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ ৷


ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ ৷ অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ ৷


কাটাৰৰ শিক্ষা

কাটাৰ হ'ল এখন সৰু দেশ৷ ইয়াৰ বৰ্তমান জনসংখ্যা হ'ল ১৬ লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা৷ কিন্তু তাৰে প্ৰায় শতকৰা আশী ভাগেই হ'ল বহিৰাগত৷আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ড'হাত৷দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত৷ কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আবিস্কাৰ হয়৷ দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে৷ শিক্ষাৰ ক্ষেত্ৰত স্বাধীনোত্তৰ কালত উন্নতি ক্ষিপ্ৰতৰ হব ধৰিলে৷

কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত৷ ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আচনি৷উদগণি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰসহ এটি মাহেকীয়া মাননি দিয়া হৈছিল৷বৰ্তমান দেশখনত আছে ১১৩ খন চৰকাৰী বিদ্যালয়৷ তাৰে ৬০ খন লৰাৰ আৰু ৫৩ খন ছোৱালীৰ৷ ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ৷ তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া চেকেন্দৰী শিক্ষা৷চেকেন্দৰী পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি লব লাগে৷১৯৬৭ চনত শিক্ষকৰ বাবেও ট্ৰেইনিং অনুস্থানৰ শুভাৰম্ভ হয়৷১৯৭৩ চনত ড'হাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়৷ যোৱা দুই দশকৰ ভিতৰত ড'হাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে৷ চৰকাৰী শিক্ষানুস্থানৰ ওপৰিও আছে এই দেশত অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুস্থান৷আমেৰিকা, ব্ৰিটেইন, ভাৰত, ফিলিপিনি, চুডানী, লেবানিজ আদিৰ দ্বাৰা এইবিলাক স্থাপিত৷তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে৷চৰকাৰে ষ্টেচনাৰী,বিদ্যুত,পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুস্থান সমূহক সহায় কৰে৷ চৰকাৰী শিক্ষানুস্থানত কাটাৰীৰ ওপৰিও ৰেচিডেন্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাছুল নালাগে৷ব্যক্তিগত শিক্ষানুস্থানসমূহৰ মাছুল বেচ উচ্চ হাৰৰ৷স্কুলত খেল-ধেমালি,সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিংপুল, কেন্টিন আদিৰ সকলো সুবিধা থাকে৷প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে৷ বিশেষকৈ স্কুলৰ শিক্ষকে টিউচন নলয়৷তেওঁলোকৰ দা-দৰমহা বেচ ভাল৷ স্কুল ভেদে বেলেগ হলেও আমাৰ ভাৰতীয় একলাখ টকাৰ কম নহয়৷ আমাৰ দেশৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ লৰা-ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুস্থানত পঢ়োৱায়৷ইয়াৰ ভিতৰত প্ৰমুখ হ'ল - ড'হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল,এম ই এচ ইণ্ডিয়ান স্কুল,ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল ৷

চিকিৎসা ব্যৱস্থা

কাটাৰৰ চিকিৎসা ব্যৱস্থাৰ মানদণ্ড বিশ্বমানৰ৷ এই দেশে স্বাধীনতা লভিবৰ চাৰিটা দশক সম্পূৰ্ণ হৈছে মাথো ৷কিন্তু চিকিৎসাৰ দিশত সৰ্বতোপ্ৰকাৰে অভাৱনীয় উন্নতি পৰিলক্ষিত হৈছে৷চৰকাৰৰ তত্বাবধানত সৰ্ব -সাধাৰণৰ বাহিৰেও শিশু, নবজাতক, মহিলা, মানসিক ৰোগী, কেঞ্চাৰ ৰোগী, দন্ত চিকিৎসাৰ, অস্থিৰোগৰ, ক্ৰীড়াৰ ফলত হোৱা আঘাতৰ ৰোগীৰ বাবে পৃথক পৃথক চিকিৎসালয় স্থাপিত হৈছে৷আৰু আছে ৰোগ পৰীক্ষাৰ অত্যাধুনিক সা-সৰঞ্জামযুক্ত লেবৰেটৰী৷ স্বাস্থ্যখণ্ডত উন্নতিৰ প্ৰধান কাৰণ মই ভবাত তিনিটা৷ প্ৰথমটো হ'ল বছেৰেকীয়া স্বাস্থ্য বাজেটত এক বুজন ধনৰ বিনিয়োগ৷দ্বীতিয়তে এই দেশলৈ অহা নবাগত সকলৰ কঠোৰ স্বাস্থ্য পৰীক্ষা, যাৰ বিষয়ে আগলৈ বহলাই বৰ্ণনা কৰিম৷তৃতীয়তে দেশখনৰ সীমিত জনসংখ্যা ৷ তদুপৰি পৰিস্কাৰ-পৰিছন্ন পৰিবেশও ৰোগ বৃদ্ধি নোহোৱাৰ এক উল্লেখযোগ্য কাৰণ৷ বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দেশখনৰ ৩৩% চৰকাৰী সেৱাৰ বিপৰীতে , ৬৭ % সেৱা ব্যক্তিগত খণ্ডই প্ৰদান কৰি আছে৷প্ৰসৱজনিত মাতৃৰ মৃত্যুহাৰ এই দেশত তেনেই নগণ্য্৷ মেডিকেল শিক্ষাৰ ক্ষেত্ৰত কাটাৰ অৱশ্যে নবাগত৷২০০১ চনত আমেৰিকাৰ ৱেল কৰ্ণেল মেডিকেল কলেজে ড'হাত তেওঁলোকৰ কলেজৰ এটি শাখা খোলে৷ইয়াত মেডিকেল আৰু পেৰা-মেডিকেল শিক্ষাৰ ব্যৱস্থা আছে৷৩৮০খন বিচনা মেডিকেল কলেজত পৰিসৰৰ ভিতৰত অলপতে মুকলি হব৷বৰ্তমান শিক্ষাৰ্থী সকলে কাটাৰৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় (হামাড মেডিকেল কৰ্পৰেচনত) প্ৰেক্টিকেল শিক্ষা লয়৷মেডিকেল কলেজখন কাটাৰ ফাউণ্ডেচনৰ এডুকেশ্বনেল চিটিৰ ভিতৰত অৱস্থিত৷৷মুঠ ৬ বছৰৰ শিক্ষাৰ অন্তত আমেৰিকাৰ বিশ্ববিদ্যালয়ে ছাত্ৰসকলক এম,ডি ডিগ্ৰী প্ৰদান কৰে৷ ১৯৫৭ চনত ২০০খন বিচনাযুক্ত ৰুমেইলা হস্পিতেল ৰাজধানী চহৰ ড'হাত মুকলি হয়৷১৯৭৭ চনত চৰকাৰে ইয়াৰ অন্তৰ্গাথনিৰ প্ৰভূত উন্নতি সাধে৷ ১৯৮২ চনত ৬২১খন বিচনাযুক্ত হামাদ মেডিকেল কৰ্পৰেচনৰ শুভাৰম্ভ হয়৷ ১৯৮৮চনত মুকলি হয় ৩৩৪ খন বিচনাযুক্ত (চৰকাৰী) মহিলা হস্পিতেল৷২০০৪ চনত মুকলি হয় অল-অমল কেঞ্চাৰ হস্পিতেল৷ ইয়াত জাৰ্মানীৰ সহযোগত কেঞ্চাৰ ৰোগৰ অত্যাধুনিক চিকিৎসা আৰু বিভিন্ন প্ৰশিক্ষণ দিয়া হয়৷লাহে লাহে দেশখনৰ আন ঠাইটো বিভিন্ন চৰকাৰী চিকিৎসালয় মুকলি হ'ল৷যোৱা দশকটোত চৰকাৰৰ উদগনি পাই ভালেকেইখন উন্নতমানৰ ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আৰু লেবৰেটৰীৰ শুভাৰম্ভ হ'ল৷এইসকলো বিলাকৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে আমাৰ দেশৰ মেডিকেল কাউঞ্চিলৰ সমকক্ষ - "চুপ্ৰিম কাউঞ্চিল অৱ হেল্থে" কাটাৰত সঘনাই হৈ থকা অন্তৰাষ্ট্ৰীয় খেল- ধেমালিৰ প্ৰতি লক্ষ্য ৰাখি ড'হাত ২০০৯ চনত মুকলি কৰা হৈছে - অৰ্থপেডিক আৰু্ স্পৰ্টচ মেডিচিনৰ "এচপিটাৰ হস্পিতেল"৷২০০৬ চনত য'ত এচিয়ান গেমছ হৈছিল- তাতেই চিকিৎসালয়খন স্থাপিত হৈছে৷ এইখিনিতে উল্লেখ কৰিলে ভাল হব যে ২০২২চনত ফুটবলৰ বিশ্বকাপৰ আয়োজক দেশ হ'ল কাটাৰ৷ কাটাৰত ভাইৰেল ফিভাৰৰ ৰোগী পোৱা নাই৷ প্ৰদূষিত পানীৰ ব্যৱহাৰৰ ফলত হোৱা হেপাটাইটিচ এ জণ্ডিচ, টাইফয়েড, কলেৰা, গেষ্ট্ৰএন্টাৰাইটিচ আদি ৰোগ দেখা পাবলৈ নাই৷ডেংগু নাই৷ মেলেৰিয়া ৰোগীও নাই৷অৱশ্যে ছুটীত ঘৰলৈ গৈ ঘূৰি আহোতে দুই এজনে মেলেৰিয়া জণ্ডিচ, টাইফয়েড, ডিচেন্ট্ৰিত আক্ৰান্ত হৈ অহাৰ কথাতো সুকীয়া৷ মহ ইয়াত নাই৷ মাখি কাচিৎ কৰবাত দুই এটা দেখা যায়৷মিনাৰেল ৱাটাৰৰ বাহিৰে ইয়াত অইন কোনো পানী খোৱাৰ বাবে ব্যৱহাৰ নহয়৷ মদৰ প্ৰচলন সীমিত বাবে মদৰ ফলত হোৱা নানা লিভাৰৰ অসুখ চিৰচিচ, পেনক্ৰিয়াটাইিচ, মেলিনা, হিমাটেমেচিচ আদি ৰোগো তেনেই কম৷ড্ৰাগছ নিসিদ্ধ বাবে তাৰ ফলত হব পৰা ৰোগ সমূহৰ পৰাও দেশখন মুক্ত৷

ৰন্ধন বৃত্তিৰ লগত লোক সকলে স্বাস্থ্য পৰীক্ষা কৰাওতে শৌচ পৰীক্ষা কৰাতো বাধ্যতামূলক৷তেনে ৰান্ধনি বা পাকঘৰত কাম কৰিব অহা লোকৰ শৌচত কৃমি, জিয়াৰ্ডিয়া, এন্টামিবা আদি ধৰা পৰিলে তাক নিৰ্মূল কৰিবলৈ আমি মেডিচিনৰ চিকিৎসকে বিধান দিওঁ৷ এইখিনিতে ৰেচিডেন্ট ভিছা পাবৰ বাবে কৰনীয়খিনিৰ কথা জনাই লব খুজিছো৷ কাটাৰত কাম কৰিবলৈ অহা নাইবা এমাহৰ অধিক দিন লগত থাকিব খোজা পৰিয়ালৰ লোকক ৰেচিডেন্ট ভিছাৰ প্ৰয়োজন৷ এনে প্ৰতিজন ব্যক্তিৰ কাটাৰৰ ফৰেনচিক বিভাগে নিজাকৈ কম্পিউটাৰত ফটো লয়, চকুৰ স্কেন কৰে আৰু হাতৰ দহোটা আঙুলিৰ ফিংগাৰ প্ৰিন্ট সংৰক্ষণ কৰে৷মেডিকেল কমিশ্বন নামৰ চৰকাৰী স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষা কৰে ; তেজৰ নমুনা লয় আৰু বুকুৰ এক্সৰে লয়৷ইয়াৰ দ্বাৰা আবেদনকাৰী ব্যক্তিজন টিবি, হেপাটাইটিচ-বি, হেপাটাইটিচ-চি, এইচ আই ভি আৰু এচ টি ডিৰ ৰোগমুক্ত বুলি প্ৰমাণিত হলেহে ৰেচিডেন্ট ভিছাৰ বাবে যোগ্য হব৷ ইয়াৰ ওপৰি হেপাটাইটিচ -বিৰ ছিতা লোৱাৰো প্ৰয়োজন হয়৷ ৰেচিডেন্ট ভিছা পোৱাৰ পিছত এজন ব্যক্তিয়ে ৰেহাই মূল্যত চৰকাৰী চিকিৎসালয়ৰ সুবিধা পাবলৈ হলে ১০০ৰিয়াল খৰচ কৰি এখন "হেল্থ কাৰ্ড" বনাই লব পাৰে৷আকৌ প্ৰতি দুবছৰৰ মূৰে-মূৰে স্বাস্থ্য পৰীক্ষাৰ স্বাভাৱিক ৰিপৰ্ট পালেহে ভিছাৰ নবীকৰণ হয়৷গতিকে এনে নিয়ম সমূহে দেশৰ নাগৰিকক বিভিন্ন মাৰাত্মক ৰোগৰ পৰা মুক্ত কৰি ৰাখিছে৷

কাটাৰকে ধৰি সমূহ গাল্ফ দেশতেই মানুহৰ খাদ্যাভাসত এটা কথাত কিছু মিল থকা দেখা যায় - সেইটো হ'ল খাদ্যত মাংস,কণী, মাখন, চীজ,পনীৰ, গাখীৰ , ড্ৰাই ফ্ৰুইটচ্ ,বিভিন্ন ক'ল্ড ড্ৰিংকচ্ আদিৰ প্ৰাচুৰ্য্য ৷ শাক-পাচলিৰ তুলনাত আমিষ খাদ্যৰ মূল্য কম৷ইয়াত ৰন্ধনৰ বাবে ৰিফাইন ভিজিটেবল তেল, চানফ্লাৱাৰ, কৰ্ণঅইল আদি সচৰাচৰ ব্যৱহাৰ হয়৷অলিভ তেল স্বাস্থ্যৰ বাবে আটাইতকৈ ভাল যদিও ই মহঙা ৷ লিবিয়া আৰু উত্তৰ আফ্ৰিকাৰ প্ৰচুৰ অলিভ তেল উৎপাদন হোৱা দেশসমূহতহে অলিভ তেল আটাইতকৈ সুলভ৷ডায়েবেটিজ, উচ্চ ৰক্তচাপ, ডিচলিপিডেমিয়া (তেজত চৰ্বিৰ আধিক্য), গাওত আৰু বিভিন্ন হৃদৰোগ জীৱনধাৰণৰ পদ্ধতিৰ ফলত হোৱা বুলিয়েই চিকিৎসা বিজ্ঞানে কয়৷ আনহাতে টুনা, চালমন মাছ আদি সাগৰীয় মাছত স্বাস্থ্যৰ উপযোগী অমেগা- ৩ ফেটি এচিড থাকে৷ অমেগা- ৩ ফেটি এচিড হৃদৰোগৰ প্ৰতিৰোধকাৰক, মস্তিষ্ক আৰু স্নায়ুৰ বাবে পৰম উপকাৰী ৷

ইতিহাস

দেশখনত পূৰ্ণ ৰাজতন্ত্ৰ (Absolute Monarchy) অব্যাহত আছে ৷ ইয়াত আমীৰ হ'ল দেশখনৰ হৰ্তাকৰ্তা বিধাতা আৰু চৰকাৰৰ মুৰব্বীঁ৷আমীৰৰ দ্বাৰা মনোনীত ১৫ জন মন্ত্ৰী আছে৷ ১৮শতিকাৰ পৰা ১৯ শতিকাৰ কেই দশক মানলৈ কাটাৰত বাহৰাইনৰ শাসন চলিছিল৷তাৰ পিছত কাটাৰ,বাহৰাইন আৰু সংযুক্ত আৰব আমিৰাট ব্ৰিটিছৰ অধীন হ'ল৷১৯৭১ চনৰ ৩চেপ্তেম্বৰ তাৰিখে কাটাৰ ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হ'ল আৰু ই এখন স্বাধীন দেশৰূপে আত্মপ্ৰকাশ কৰিলে৷ কাটাৰৰ শাসনভাৰ ১৮ডিচেম্বৰ ১৮৭৮ চনৰ পৰা অল থানি ৰাজপৰিয়ালে বহন কৰি আহিছে৷ কাটাৰৰ বুৰঞ্জী পঢ়িলে ভাৰতবৰ্ষৰ মোগলৰ দিনৰ কথা মনলৈ আহে৷ঔৰংগজেবে পিতৃ ছাহজাহানক বন্দী কৰি ৰাজপাট লোৱা ইত্যাদি কথা৷ বৰ্তমানৰ শাসকহ'ল আমীৰ শ্বেখ হামাদ বিন খলিফা অল থানি৷তেওঁ ১৯৯৫ চনত এক ৰক্তহীন বিদ্ৰোহৰ যোগেদি নিজ পিতৃ আমীৰ খলিফাক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰি নিজৰ হাতত তুলি লয়৷এজন পুত্ৰ যুৱৰাজ শ্বেখ তামিম বিন হামাদ অল থানিক উত্তৰাধিকাৰী ঘোষিত কৰে৷শ্বেখ হামাদ বিন জাচেন অল থানিক পাতে প্ৰধান মন্ত্ৰী৷ ১৮ডিচেম্বৰৰ দিনটোক বৰ্তমানৰ আমীৰৰ উদ্যমত ৰাষ্ট্ৰীয় দিবস হিচাপে পালন কৰি আহিছে৷বিশেষকৈ ২০০৭চনৰ পৰা ৰাজধানী চহৰ ড'হাত জাকজমকতাৰে ৰাষ্ট্ৰীয় দিবসপালিত হৈ আহিছে৷এতিয়া দেশখনৰ শাসন ব্যৱস্থাৰ বিষয়ে আৰু দুআষাৰমান কৈ লওঁ৷ বৰ্তমানৰ আমীৰে ২০০৩ চনত এখন সংবিধানৰ সৃষ্টি কৰিলে৷মজলিচ অৰ্থাৎ সংসদৰ বাবে ৪৫জনীয়া উপদেষ্টা মণ্ডলী আৰম্ভ হ'ল৷ ইয়াৰে ৩০জন নিৰ্বাচিত আৰু ১৫জন হব আমীৰৰ মনোনীত৷ সাংসদৰ কাৰ্য্যকাল হব ৪বছৰীয়া৷ বৰ্তমানৰ আমীৰৰ কেইটিমান কৃতিত্ব হ'ল - চৌডি আৰব আৰু বাহৰইনৰ সৈতে থকা সীমা বিবাদ ২০০১চনত নিষ্পত্তি কৰা৷১৯৯৬ত প্ৰেছ চেঞ্চৰশ্বিপ উঠাই লোৱা৷কাটাৰত বৰ্তমান ১২খন দৈনিক প্ৰকাশিত হয় - তাৰে ৮খন আৰবী, ৪খন ইংৰাজী৷১৯৯৬ চনৰ শেষৰ ফালে ড'হাত অল-জজীৰা টিভি চেনেলৰ কাম আৰম্ভ হয়৷ বৰ্তমান অল-জজীৰাৰ জনপ্ৰিয়তা বিশ্বত ঈৰ্ষনীয়৷

ভূগোল

কাটাৰৰ ভৌগলিক অবস্থান

চৌডি আৰবৰ উত্তৰ-পূৱ দিশত সংলগ্নহৈ আছে কাটাৰ দেশ৷ চৌডি আৰব আৰু কাটাৰৰ সেই সীমাৰ দৈৰ্ঘ হ'ল ৬০কিলোমিটাৰ৷ ইয়াৰ বাহিৰে কাটাৰক তিনিও ফালৰ পৰা সাগৰে আৱৰি ৰাখিছে৷ উত্তৰ আৰু পূবে পাৰস্য সাগৰ, পশ্চিমে বাহৰাইনৰ সমুদ্ৰ অঞ্চল৷সাগৰৰ ভিতৰলৈ এনেদৰে সোমাই থকা ভূমিখণ্ডক 'পেনিনচুলা' বুলি কয়৷কাটাৰী পেনিনচুলাৰ আকাৰ হ'ল উত্তৰৰ পৰা দক্ষিণলৈ ১৬০ কিলোমিটাৰ৷ পূবৰ পৰা পশ্চিমলৈ অঞ্চল ভেদে দূৰত্ব ৫৫ৰ পৰা ৯০ কিলোমিটাৰ৷ কাটাৰৰ ৰাজধানী দেশখনৰ পূবে প্ৰায় মাজ ভাগত সাগৰ তীৰত অৱস্থিত৷কাটাৰৰ একেবাৰে উত্তৰৰ শেষ সীমাত থকা সৰু চহৰখন হ'ল - মডিনাত অল শ্বামাল৷ড'হা, অল খোৰ আৰু অল ৱাক্ৰাহ - এই তিনিটা হ'ল সমুদ্ৰৰ বন্দৰ৷ কাটাৰৰ একমাত্ৰ এয়াৰপৰ্টটো হ'ল ড'হা অন্তৰাষ্ট্ৰীয় বিমানবন্দৰ৷কাটাৰৰ পশ্চিমে অবস্থিত দোহ্কান হ'ল তেল নগৰী৷ৰাচ লাফান হ'ল উত্তৰৰ এখন ঔদ্যোগিক নগৰ৷ অল ঘৰীয়া উত্তৰৰ আন এখন সৰু চহৰ - যত টুৰিষ্টে মনোৰঞ্জনৰ বাবে যায়৷

কাটাৰৰ বতৰ : নভেম্বৰৰ পৰা এপ্ৰিললৈ বতৰ আৰামদায়ক বা সহ্যকৰ বুলিব পাৰি৷ এই ৬মাহত তাপমান সৰ্বোচ্চ ২৫ ডিগ্ৰী চেন্টিগ্ৰেড আৰু সৰ্বনিম্ন ৪ ডিগ্ৰী চেন্টিগ্ৰেডলৈ যায় ৷ মে মাহৰ পৰা চেপ্তেম্বৰলৈকে গৰমৰ বতৰত তাপমান ৫০ডিগ্ৰী চেন্টিগ্ৰেড পৰ্য্যন্তলৈ উঠে ৷ কাটাৰত বৰষুণ অতি কম হয়৷ কোনো কোনো বছৰত বাৰ্ষিক বৃষ্টি ১০০মিলিমিটাৰৰো কম হয় ৷ কেতিয়াবা কাটাৰত ধূলিৰ ধুমুহাও আহে৷ কাটাৰত পাহাৰ আৰু নদী নাই৷ জলবায়ু শুষ্ক৷ইয়াৰ মাটি অধিকাংশই অনুৰ্বৰ ৷ তথাপিও দেশৰ সমুদ্ৰৰ কাষৰিয়া অঞ্চলত কিছু সংখ্যক গছ-গছনি আছে৷ খেজুৰ, তাল, তেতেলি জাতীয় গছ-গছনিয়েই ঘাইকৈ হয়৷

অৰ্থতন্ত্ৰ

অৰ্থনীতি: কাটাৰৰ অৰ্থনীতিৰ আধাৰ হ'ল খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ৷ ইয়াৰে শতকৰা ৮৫ ভাগ ৰপ্তানিৰ দ্বাৰা ৰাজকোষ টনকিয়াল হয়৷১৯৪০চনত খাৰুৱা তেলৰ সন্ধান নোপোৱালৈকে কাটাৰৰ আৰ্থিক অৱস্থা শোচনীয় আছিল৷আজি দেশখনৰ উন্নতিৰ মূলতেই হ'ল এই পনীয়া সোণ৷

ধৰ্ম

কাটাৰৰ বাসিন্দাসকলে সপ্তম শতিকাৰ পৰা মুছলিম ধৰ্মক মানি আহিছে৷ শতকৰা ৯৯জনেই হ'ল চুন্নী মুছলমান৷ ক্ষুদ্ৰ অংশতোহে চিয়া সম্প্ৰদায়ৰ৷কাটাৰত গাহৰি নিসিদ্ধ৷ হালাল কৰা মাংসহে কচাইখানাত বিক্ৰী হয়৷ ঈদৰ সময়ত ৰাজহুৱা স্থানত দিনৰ ভাগত খোৱা-লোৱাত কিছু নিয়মানুবৰ্তিতা সকলো নাগৰিকে মানিবলগীয়া হয়৷

তথ্যসূত্ৰ

 This article incorporates public domain material from the CIA World Factbook document "Qatar".

বাহ্যিক সংযোগ