গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{cleanup}}
{{unreferenced}}


[[চিত্ৰ:Milk glass.jpg|200px|right|thumb|এক গিলাচ গাখীৰ]]
[[চিত্ৰ:Milk glass.jpg|200px|right|thumb|এক গিলাচ গাখীৰ]]

08:39, 2 March 2012ৰ সংস্কৰণ

এক গিলাচ গাখীৰ

গাখীৰ হ’ল স্তন্যপায়ী প্ৰাণীৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ । এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ । যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয় । শিশুৰ জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক কলষ্ট্ৰাম (Colostum) বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে । প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল চৰ্বি বা ফেট, প্ৰ'টিন বা মাংসসাৰ, কেলছিয়াম আৰু ভিটামিন C । গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ আম্লিক ধৰ্মৰ ।

ব্যৱহাৰৰ প্ৰকাৰ

গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰণত ।

প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ

মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলা স্তন্যপায়ী প্ৰাণীয়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।

মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত

মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতীয়াকৈ খাবলৈ ব্যবহাৰ কৰে । তৃণভোজী প্ৰাণীৰ ভিতৰত গৰু আৰু ম'হৰ গাখীৰ বেছি প্ৰচলন । ভেড়া, ছাগলী, মেথোন আদি প্ৰাণীৰো গাখীৰ ব্যৱহাৰ কৰা হয় । গাখীৰৰ পৰা ক্ৰীম, মাখন, ঘী, পনীৰ, চিজ, আইচ ক্ৰীম আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।