গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Bishnu Saikia (আলোচনা | বৰঙণি) সদস্য:Vkborah/এৱা গাখীৰৰ পৰা |
SlowPhoton (আলোচনা | বৰঙণি) removed Category:খাদ্য; added Category:পানীয় using HotCat |
||
13 নং শাৰী: | 13 নং শাৰী: | ||
দৈ নবন্ধাকৈ বা ফাটি নোজোৱাকৈ ৰখা গাখীৰক এৱা গাখীৰ বোলে। গাখীৰ ভালে ৰাখিবলৈ ক সময়ে সময়ে উতলাই ৰাখিব লগীয়া হয়। ফ্ৰিজ বা বৰফৰ মাজত ৰাখিও গাখীৰ দীৰ্ঘ সময়ৰ কাৰণে গাখীৰ ভালে ৰাখিব পাৰি। <!--[[সদস্য:Vkborah/এৱা গাখীৰ]]ৰ পৰা --> |
দৈ নবন্ধাকৈ বা ফাটি নোজোৱাকৈ ৰখা গাখীৰক এৱা গাখীৰ বোলে। গাখীৰ ভালে ৰাখিবলৈ ক সময়ে সময়ে উতলাই ৰাখিব লগীয়া হয়। ফ্ৰিজ বা বৰফৰ মাজত ৰাখিও গাখীৰ দীৰ্ঘ সময়ৰ কাৰণে গাখীৰ ভালে ৰাখিব পাৰি। <!--[[সদস্য:Vkborah/এৱা গাখীৰ]]ৰ পৰা --> |
||
[[শ্ৰেণী: |
[[শ্ৰেণী:পানীয়]] |
||
[[af:Melk]] |
[[af:Melk]] |
16:04, 17 March 2012ৰ সংস্কৰণ
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
গাখীৰ হ’ল স্তন্যপায়ী প্ৰাণীৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ । এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ । যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয় । শিশুৰ জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক কলষ্ট্ৰাম (Colostum) বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে । প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল চৰ্বি বা ফেট, প্ৰ'টিন বা মাংসসাৰ, কেলছিয়াম আৰু ভিটামিন C । গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ আম্লিক ধৰ্মৰ ।
ব্যৱহাৰৰ প্ৰকাৰ
গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰণত ।
প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ
মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলা স্তন্যপায়ী প্ৰাণীয়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।
মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত
মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতীয়াকৈ খাবলৈ ব্যবহাৰ কৰে । তৃণভোজী প্ৰাণীৰ ভিতৰত গৰু আৰু ম'হৰ গাখীৰ বেছি প্ৰচলন । ভেড়া, ছাগলী, মেথোন আদি প্ৰাণীৰো গাখীৰ ব্যৱহাৰ কৰা হয় । গাখীৰৰ পৰা ক্ৰীম, মাখন, ঘী, পনীৰ, চিজ, আইচ ক্ৰীম আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।
এৱা গাখীৰ
দৈ নবন্ধাকৈ বা ফাটি নোজোৱাকৈ ৰখা গাখীৰক এৱা গাখীৰ বোলে। গাখীৰ ভালে ৰাখিবলৈ ক সময়ে সময়ে উতলাই ৰাখিব লগীয়া হয়। ফ্ৰিজ বা বৰফৰ মাজত ৰাখিও গাখীৰ দীৰ্ঘ সময়ৰ কাৰণে গাখীৰ ভালে ৰাখিব পাৰি।