দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
44 নং শাৰী: 44 নং শাৰী:
{{reflist}}
{{reflist}}


[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী‎]]
[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী‎]][[শ্ৰেণী:অসমৰ প্ৰসিদ্ধ ব্যক্তি]]
[[শ্ৰেণী:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]

18:18, 17 April 2012ৰ সংস্কৰণ

দীপালী বৰঠাকুৰ
প্ৰাথমিক তথ্য
জন্ম ৩০ জানুৱাৰী, ১৯৮১ (৪৩ বছৰ)
কাৰ্যকাল ১৯৫৫-১৯৬৯


দীপালী বৰঠাকুৰ অসমৰ এগৰাকী কণ্ঠশিল্পী।১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে সোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল[1]

সাংগীতিক জীৱন

নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।[1]

দীপালী বৰঠাকুৰে পদ্মশ্ৰী সন্মান (১৯৯৮)[2], অসম চৰকাৰশিল্পী বঁটা(২০১০)[3], 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)[4] লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।[1]

দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ

  • সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
  • জোনধনে জোনালীতে
  • কণমান বৰশীৰে চিপ
  • চেনাই মই যাওঁ দেই
  • অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা

উপসংহাৰ

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'[1] এইখিনি সময়তে দীপালী বৰঠাকুৰ 'মটৰ নিউৰণ ৰোগ'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।[2]

তথ্যসূত্ৰ

  1. 1.0 1.1 1.2 1.3 শুচিব্ৰত ৰয়, শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন, আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
  2. 2.0 2.1 http://www.artslant.com/ind/events/show/131548-hieroglyphs<>
  3. Staff reporter, Silpi Bota conferred on Dipali Barthakur, Archana Mahanta, Assam Tribune, 18 January, 2010 আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
  4. http://assam2007.blogspot.in/2008/01/achievers-of-assam-in-2007.html আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২