ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{Notice2|এই নীতি নিয়মসমূহ সৰ্বসন্মত আলোচনাযোগে ঠিৰাং কৰা হৈছে। অনুগ্ৰহ কৰি ইয়াত একো সালসলনি নকৰিব। যদি কিবা কৰিব বিচাৰে তেন্তে [[{{TALKPAGENAME}}|আলোচনা পৃষ্ঠাত]] আপোনাৰ মতামত ব্যক্ত কৰিব পাৰে। ধন্যবাদ|}}
{{Notice2|এই নীতি নিয়মসমূহ সৰ্বসন্মত আলোচনাযোগে ঠিৰাং কৰা হৈছে। অনুগ্ৰহ কৰি ইয়াত একো সালসলনি নকৰিব। যদি কিবা কৰিব বিচাৰে তেন্তে [[{{TALKPAGENAME}}|আলোচনা পৃষ্ঠাত]] আপোনাৰ মতামত ব্যক্ত কৰিব পাৰে। ধন্যবাদ।}}


<!--{{ৱিকিপ্ৰকল্পৰ বিষয়ে জাননী}} এইখন ইয়াত খাপ খোৱা নাই বাবে বৰ্তমান আতৰাই থৈছো দেই -->
<!--{{ৱিকিপ্ৰকল্পৰ বিষয়ে জাননী}} এইখন ইয়াত খাপ খোৱা নাই বাবে বৰ্তমান আতৰাই থৈছো দেই -->

17:37, 29 April 2012ৰ সংস্কৰণ




অসমীয়াৰ ৱিকিপিডিয়াৰ আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতালৈ আপোনাক স্বাগতম জনাইছো



আলোকচিত্ৰ প্ৰতিযোগিতা

উদ্দেশ্য

অসমীয়া ৱিকিপিডিয়াত অসম বিষয়ক উন্নত মানৰ আলোকচিত্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে উন্নত মানৰ আলোকচিত্ৰক উদগনি দি তথ্যসমৃদ্ধ আলোকচিত্ৰ বিষয়ক জাগৰণ সৃষ্টি কৰা। গোলকীয়ভাৱে অসমৰ যিকোনো বিষয়ৰে চিত্ৰসমূহ যিহেতু এতিয়াও সহজলভ্য নহয়, সেই অভাৱ দূৰ কৰি অসমৰ বিভিন্ন দিশ সম্পৰ্কে বিশ্ববাসীক অৱগত কৰোৱাতো এই প্ৰতিযোগিতাৰ ঘাই লক্ষ্য|

আলোকচিত্ৰ প্ৰতিযোগিতাৰ বাবে চুড়ান্ত নিয়মসমূহ

  1. আলোকচিত্ৰসমূহ অসম সংক্ৰান্তীয় তথ্য প্ৰকাশ কৰা বিধৰ হ'ব লাগিব। অসমৰ লগত জড়িত যিকোনো বিষয়ৰ অলোকচিত্ৰ হ'ব পাৰে। (মুগা-পলুৰপৰা আৰম্ভ কৰি বিভিন্ন পৰ্যটন স্থলসমূহলৈ, দীপ বাহন ৰিক্সাৰপৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্যৰ মুদ্ৰালৈ, বাহ্‌কা তিতাৰ পাতৰপৰা আৰম্ভ কৰি পৰশুৰাম কুণ্ডলৈ, চাং-গোহালিৰপৰা আৰম্ভ কৰি তলাতল ঘৰলৈ - মুঠতে অসম বিষয়ক তথ্য থকা যিকোনো ছবি।)
  2. আলোকচিত্ৰসমূহ নিজে তোলা হ'ব লাগিব। ছবিখন প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা মানেই ছবিখন প্ৰতিযোগীয়ে নিজে তোলা বুলি ধৰি লোৱা হ'ব। নকল কৰা ছবি বা আনৰ ছবি নিজৰ বুলি উল্লেখ কৰাটো দৃষ্টিগোচৰ হ'লে ছবিখনক প্ৰতিযোগিতাৰপৰা আঁতৰাই দিয়া হ'ব।
  3. ছবিত সম্বলিত বিষয়টোৰ ওপৰত চমু টোকা বা সাৰাংশ দিলে কিছুমান ক্ষেত্ৰত তথ্যৰ গুৰুত্ব বুজাত সহায়ক হয়। কিন্তু এইটো বাধ্যতামূলক নহয়।
  4. মূল উদ্দেশ্য (তথ্য প্ৰকাশ) অক্ষুণ্ণ ৰাখি প্ৰতিযোগীসকলে নিজৰ সৃজনীশীলতা আৰোপ কৰাত কোনো বাধা নাই। প্ৰতিযোগিতাৰ বিচাৰত ঘাইকৈ কলাত্মক দিশটোৰহে বিচাৰ কৰা হ'ব।
  5. একোজন প্ৰতিযোগীয়ে ইচ্ছানুসাৰে আলোকচিত্ৰ দিব পাৰিব। লগতে ছবিসমূহক একোটা ছিৰিজত ভাগ কৰা, এটা বিষয়ক পূৰ্ণ ভাৱে ছবিৰে প্ৰকাশ কৰা বা আন যিকোনো নিজস্ব উদ্ভাৱনী কৌশল প্ৰয়োগ কৰি প্ৰতিযোগীয়ে ভাগ ল'ব পাৰে।
  6. ছবিসমূহত শিৰোনাম (Caption) নিদিলেও অসুবিধা নাই। থাকিলেও সেইটো বিমূৰ্ত নাম হোৱাতকৈ ছবিখনে দাঙি ধৰা তথ্যৰ ওপৰত হোৱা উচিত। ছবিসমূহৰ নাম ইংৰাজী লিপিত দিলে গোলকীয় ব্যৱহাৰ কৰিবৰ বাবে সুবিধা হয়|
  7. ইতিকিং কৰা বিধৰ, যৌনতা সম্বলিত, গ্লেমাৰ ছবি, বিষয়ৰ ওপৰত পক্ষপাতী মত বহন কৰা ছবি বা সামাজিক ভাৱে অগ্ৰহণযোগ্য বিষয়ৰ ছবি দিব নোৱাৰিব। এনে ক্ষেত্ৰত মতান্তৰ হ'লে বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি গ্ৰহন কৰা হ'ব।
  8. চিত্ৰসমূহৰ আকাৰ কমেও ৬৪০ পিক্সেল (দীঘ বা প্ৰস্থ) হ'ব লাগিব। ৰিজ'লিউছনৰ বাবে বিশেষ বাধ্য-বাধকতা নাই যদিও কমেও ৭২ পিক্সেল/ইঞ্চি হ'ব লাগিব। প্ৰয়োজনতকৈ ডাঙৰ আকাৰৰ ফাইল আপলোড নকৰিব। ভাল ৰিজ'লিউছনৰ ছবি বিচাৰৰ বাবে সুবিধা হয় হেতুকে প্ৰতিযোগীয়ে যিমানে ভাল ৰিজ'লিউছনৰ ছবি আপলোড কৰে, সিমানে ভাল।
  9. চিত্ৰৰ আপলোডৰ বাবে png, gif, jpg, jpeg, xcf, pdf, svg, djvu, tiff, tif এইকেইটাৰ ভিতৰত যিকোনো এটা এক্সটেনছনৰ ফাইল ব্যৱহাৰ কৰিব পাৰিব।
  10. ছবি ৰঙীন অথবা ক'লা-বগা হ'ব লাগিব।
  11. চকুত পৰা ধৰণে ডিজিটেল এফেক্ট ব্যৱহাৰ কৰিব নোৱাৰিব
  12. ছবিসমূহৰ দৃশ্যমান অংশত কোনো ৱাটাৰমাৰ্ক, কপিৰাইট মাৰ্ক, শিল্পীৰ নাম বা আন যিকোনো পোষ্ট-প্ৰডাকছ্‌নৰ সময়ত যোগ দিয়া অংশ থাকিব নোৱাৰিব। ছবিত থকা তাৰিখ আৰু সময়টোও আতৰাই দিব লাগিব। চিত্ৰখন কম্প্ৰেছ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব, যাতে প্ৰয়োজনীয় ডিটেইল্‌ছ কমি নাযায়।
  13. ছবিসমূহ ডিজিটেল কেমেৰাৰে তুলি আপলোড কৰিব পাৰে বা তোলা ফটোৰ স্কেন কৰিও দিব পাৰে। স্কেন কৰি দিলে প্ৰতিযোগীয়ে উল্লেখ কৰিলে ভাল হয়। স্কেনিঙৰ সময়ত হোৱা কিছুমান অসুবিধা তেতিয়া বিচাৰৰ সময়ত গ্ৰাহ্য কৰিব পৰা যায়।
  14. প্ৰতিযোগীয়ে ভাগ ল'বলৈ আগবঢ়োৱা সকলো ছবি (creative commons attribution share alike) অনুজ্ঞাৰ অন্তৰ্ভুক্ত হ'ব। আৰু এবাৰ আপলোড কৰাৰ পাছত প্ৰতিযোগীয়ে এই অনুজ্ঞা উঠাই ল'ব নোৱাৰিব। চিত্ৰসমূহ ৱিকিপিডিয়াৰ চিত্ৰ ভঁৰালত থাকিব আৰু প্ৰয়োজন বোধে অসমীয়াৰ লগতে যিকোনো ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰ হ'ব পাৰিব। (Creative Commons Share alike অনুজ্ঞাৰ অন্তৰ্গত কৰ্ম অইন ব্যক্তিয়ে বিতৰণ আৰু ব্যৱহাৰ কৰিব পাৰে। কিন্তু মূল স্ৰষ্টাৰ (অৰ্থাৎ আপোনাৰ) কথা বা কোন উৎসৰপৰা লোৱা হৈছে সেইটো উল্লেখ কৰাটো বাধ্যতামূলক। লগতে আপোনাৰ কৰ্মক অইন কাৰ্যত ব্যৱহাৰ কৰিলেও তাক একে অনুজ্ঞাৰ (Creative Commons Attribution Share Alike) আধাৰত বিতৰণ কৰিব লাগিব। অৰ্থাৎ অইন ব্যক্তিয়ে আপোনাৰ কৰ্মক নিজৰ বুলি বা অৰ্থ লাভৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে। অৱশ্যে স্ৰষ্টাই নিজৰ ইচ্ছা মতে তৃতীয় ব্যৱহাৰকাৰীক অইন স্বত্ব দিব পাৰে।)

আলোকচিত্ৰ দাখিল

  1. আলোকচিত্ৰসমূহ অসমীয়া ৱিকিপিডিয়াৰ ৱেবছাইটত দাখিল কৰাটো (বাঞ্ছনীয়)|
  2. তলৰ ই-মেইল ঠিকনালৈ ই-মেইল কৰি পঠিয়াব পাৰিব। মেইলৰ subject অংশত Assamese Wikipedia Photo Contest বুলি উল্লেখ কৰিব। আলোকচিত্ৰ দাখিলৰ বাবে ই-মেইল ঠিকনা: (assamesewikipedia@yahoo.com)

আলোকচিত্ৰ দাখিলৰ সহায়

  • অসমীয়া ৱিকিপিডিয়াত ছবি আপোলোড কৰিবৰ বাবে সদস্যভুক্ত হোৱা বাধ্যতামূলক| একাউণ্ট নোখোলাকৈ আপুনি চিত্ৰ আপলোড কৰিবলৈ কোনোমতেই সমৰ্থ নহব| সেয়ে প্ৰথমেই পঞ্জীয়ন কৰক, যদি কিবা অসুবিধা পায় তেন্তে সহায়ৰ বাবে ইয়াত ক্লিক কৰক|
  • প্ৰৱেশ (Log in) কৰাৰ পাছত অসমীয়া ৱিকিপিডিয়াৰ বেটুপাত পৃষ্ঠাত বাওঁফালে 'ফাইল আপলোড' বুলি এটা ক্লিক কৰিব পৰা লিংক পাব।
  • ফাইল আপলোডত ক্লিক কৰিলে ছবি আপলোড কৰা পৃষ্ঠাটো দেখুৱাব। তাৰে 'choose file' বুটামত ক্লিক কৰি ওলোৱা ফাইল-বক্সত আপুনি নিজৰ কম্পিউটাৰৰপৰা ছবিখন বাচি লওঁক, লক্ষ্য ফাইলৰ নামটো ছবিখনৰ বিষয়ৰ লগত মিলি যোৱা কিন্তু চুটি নাম এটা দিয়ক (ইংৰাজীত দিব, তেতিয়াহ'লে আন ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰৰ সুবিধা হ'ব), সাৰাংশ অংশত ছবিখনৰ বিষয়, আৰু কি তথ্য বুজোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে উল্লেখ কৰক।
  • সৰ্বশেষত ঠিক তলৰ ফালে অনুজ্ঞাপত্ৰ: বাচনি এটা দেখা পাব| তাত আপুনি "অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা" নামৰ বাচনিটোত ক্লিক কৰিব|
  • ৱিকিপিডিয়াত আপলোড কৰাত অসুবিধা পালে, সহায়িকা চাওক বা নাইবা প্ৰকল্প নিৰ্মানকাৰীসকলৰ সৈতে দূৰভাষযোগে যোগাযোগ নতুবা (assamesewikipedia@yahoo.com) এই ই-মেইল ঠিকনাটোলৈ পঠিয়াব পাৰে। ফেচবুকটো আমাৰ 👍অসমীয়া ৱিকিপিডিয়া সমাজ গোটত আপুনি আমাৰ সৈতে পোনপটীয়াভাৱে আমাৰ পৰা সহায় বিচাৰিব পাৰে|

বি:দ্ৰ: - অনুজ্ঞাপত্ৰৰ সঠিক নিৰ্বাচন কৰিব নাইবা সাৰাংশ অংশৰ একেবাৰে আৰম্ভণিতে বন্ধনীৰ মাজত 'অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ বাবে' বুলি লিখি দিব। অন্যথা আপোনাৰ ছবিখন প্ৰতিযোগিতাৰ বাবে অন্তৰ্ভুক্ত কৰা নহ'বও পাৰে।

ই-মেইলত চিত্ৰ আপলোডৰ বাবে সহায়

ৱিকিপিডিয়াত আপলোড কৰাটোৱেই প্ৰথম পছন্দ যদিও অসুবিধা পালে আপুনি (ই-মেইল ঠিকনাটো) এই মেইলৰ ঠিকনালৈ ছবিসমূহ সংযুক্ত কৰি পঠিয়াব পাৰে। ছবি পঠিয়ালে মেইলৰ subject অংশত Assamese Wikipedia Photography competition বুলি উল্লেখ কৰি দিব। মেইলৰ ভিতৰত ছবিখনৰ বিষয় আৰু আপোনাৰ নাম, ঠিকনা আৰু ফোন নম্বৰ উল্লেখ কৰিব। কেবাখনে ছবি পঠিয়ালে প্ৰতিখনৰ ফাইল নামৰ বিপৰীতে বিষয় বেলেগে বেলেগে উল্লেখ কৰিবলৈ নাপাহৰিব।

পুৰস্কাৰ প্ৰদান

শ্ৰেষ্ঠ ছবিৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বঁটা আৰু মানপত্ৰ আগবঢ়োৱা হ'ব। ইয়াৰ বাহিৰেও বিভিন্ন শিতান সাপেক্ষে শ্ৰেষ্ঠ ছবি নিৰ্বাচন কৰা হ'ব। সৰ্ব্বোচ্চ সংখ্যক তথ্যসমৃদ্ধ আৰু মান বিশিষ্ট ছবি জমা দিওঁতাৰ প্ৰতিও বিশেষ উপহাৰ থাকিব। দুষ্প্ৰাপ্য বিষয়ৰ ছবি, দুৰ্গম স্থানৰ ছবি আদিৰ বাবে প্ৰতিযোগীক বেলেগে সন্মানিত কৰা হ'ব।

বিচাৰ ব্যৱস্থা

আলোকচিত্ৰ প্ৰতিযোগিতা সম্বন্ধীয় সকলো ক্ষেত্ৰত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচিত হ'ব।

প্ৰবন্ধ প্ৰতিযোগিতা

উদ্দেশ্য

অসমীয়া ৱিকিপিডিয়াত নতুন সদস্যৰদ্বাৰা প্ৰবন্ধ লিখাৰ উৎসাহ বৃদ্ধি কৰা আৰু প্ৰতিযোগিতাৰ নামতে অন্ততঃ কেইটামান ভাল প্ৰবন্ধ যোগ দিয়া। লগতে নিৰপেক্ষ আৰু যুক্তিশীল তথ্যসাহিত্য ৰচনাৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি কৰা।

ভাগ লোৱাৰ নিয়ম

অসমীয়া ৱিকিপিডিয়াৰ সাধাৰণ নিয়মমতেই নতুন প্ৰবন্ধ এটা আৰম্ভ কৰি প্ৰবন্ধ প্ৰতিযোগিতাত যোগ দিব পাৰে। ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ বাবে প্ৰথমে http://as.wikipedia.org ৱেবছাইটলৈ গৈ সদস্যভুক্ত হওক আৰু আপুনি লিখিব বিচৰা প্ৰবন্ধটো লিখিবলৈ আৰম্ভ কৰক। নতুন প্ৰবন্ধ আৰম্ভ কিদৰে কৰিব সেই বিষয়ে সবিশেষ জানিবৰ বাবে আপুনি ইয়াত ক্লিক কৰক। কিবা অসুবিধা পালে ৱিকিৰ ভিতৰতে সহায় বিচাৰিব পাৰে নাইবা ফেচবুকটো আমাৰ 👍অসমীয়া ৱিকিপিডিয়া সমাজ গোটত আপুনি আমাৰ সৈতে পোনপটীয়াভাৱে সহায় বিচাৰিব পাৰে। ৱিকিপিডিয়াৰ ভিতৰতে লিখা প্ৰবন্ধ মাজে মাজে সম্পাদনা কৰি যাব পাৰি। সেয়ে এবাৰতে প্ৰবন্ধ এটা শেষ নকৰিলেও কোনো কথা নাই। কিন্তু ৩১ মে' তাৰিখৰ পাছত আৰু সম্পাদনা কৰিব নোৱাৰিব। প্ৰবন্ধৰ শিৰোনামাত প্ৰবন্ধৰ নামটোৰ লগতে বন্ধনীৰ ভিতৰত "প্ৰতিযোগিতাৰ প্ৰবন্ধ" বুলি উল্লেখ কৰক, উদাহৰণ: "প্ৰবন্ধৰ নাম (প্ৰতিযোগিতাৰ বাবে)"। ৱিকিপিডিয়াৰ ভিতৰতে লিখাটো প্ৰথম পছন্দ। কিন্তু ৱিকিপিডিয়াত লিখিবলৈ অসুবিধা পালে, প্ৰবন্ধটো অসমীয়া ইউনিকোডত লিখি doc, odt, rtf বা txt যিকোনো এটা ফৰ্মেটত তলৰ ই-মেইল ঠিকনালৈ পঠিয়াই দিব পাৰে। মেইল পঠিওৱাৰ অন্তিম তাৰিখ: ৩১-মে', ২০১২. মেইলত পঠিয়ালে subject হিচাপে, 'Article for Assamese Wikipedia competition' বুলি উল্লেখ কৰিব। নিজৰ নাম আৰু ঠিকনা আৰু যোগাযোগৰ নম্বৰ জনাবলৈ নাপাহৰিব। ই-মেইল ঠিকনা (assamesewikipedia@yahoo.com)

অসমীয়া ইউনিকোডত লিখিবলৈ অসুবিধা পালে টাইপ কৰা বা হাতে লিখা প্ৰবন্ধ তলৰ ঠিকনালৈ ডাক-যোগে পঠিয়াব পাৰিব। ডাকযোগে পঠিওৱা প্ৰবন্ধ ২৫-মে', ২০১২-ৰ আগতেই আহি পোৱাকৈ পঠিয়াব। নিজৰ নাম আৰু ঠিকনা আৰু যোগাযোগৰ নম্বৰ জনাবলৈ নাপাহৰিব। ডাক-যোগে প্ৰবন্ধ পঠিওৱাৰ ঠিকনা: (Jyoti Prakash Nath, Simmtronics Semiconductors Ltd. / H.No: 1 / K.C. Das Path / P.P. Road / Rehabari/ Guwahati-8/ Phone:9864917706)

প্ৰবন্ধ প্ৰতিযোগিতাৰ বাবে চুড়ান্ত নিয়মসমূহ

  1. প্ৰবন্ধসমূহ বিশ্বকোষীয় ধাৰণাৰ হ'ব লাগিব। বিশ্বকোষীয় ধাৰণাৰ প্ৰতিটো আলোচিত বিষয়ৰ সম্যক আৰু সম্পূৰ্ণ ধাৰণা দিয়াৰ প্ৰয়াস কৰা হয়। লিখিব খোজা বিষয়টোৰ ওপৰত বস্তনিষ্ঠ তথ্যৰ উল্লেখেৰে নিৰপেক্ষ ভাৱে দিশসমূহ আলোচনা কৰা হয়। এনে প্ৰবন্ধত লিখকে ভাল বা বেয়া কোনো ধৰণে নিজৰ মন্তব্য নিদিয়ে। লগতে নিজা মতবাদ আদিও আগনবঢ়ায়। অইন তথ্যৰ আধাৰতো লেখকে নিজৰ ফালৰপৰা এইটোৱেই শুদ্ধ জাতীয় মন্তব্যও আগবঢ়াব নালাগে। প্ৰবন্ধত উল্লেখিত তথ্যসমূহ মূল কোন উৎসৰপৰা লোৱা হৈছে তাৰ উল্লেখ থকাটো বাধ্যতামূলক। কোনো ক্ষেত্ৰত নিজে জনা কিন্তু অইন উৎসত নোপোৱা কথা (উদ্ধৃতি লাগিব) বুলি উল্লেখ কৰি থ'ব পাৰে। কিন্তু এই উৎসবিহীন তথ্য যিমান পাৰি সিমান কম হোৱা উচিত। এই বিষয়ে লগত সন্নিবিষ্ট 'আৰ্হি প্ৰবন্ধ' চাওক।
  2. ৱিকিপিডিয়াৰ প্ৰবন্ধবোৰৰ এটা নিজস্ব চানেকী আছে। সেইটো 'প্ৰবন্ধ আৰ্হি'ত দেখুওৱা হৈছে। অৱশ্যে বিষয়ভেদে প্ৰবন্ধ আৰ্হি সলনি হ'ব পাৰে। এই বিষয়ে বিতংকৈ জানিবলৈ ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ এবাৰ চাই ল'ব পাৰে।
  3. প্ৰবন্ধ প্ৰতিযোগিতা ৱিকিপিডিয়া লিখিত প্ৰবন্ধ বা প্ৰতিযোগিতাৰ বাবে বেলেগে পঠিওৱা প্ৰবন্ধক একেলগ কৰি অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ৱিকিপিডিয়াৰ অভিজ্ঞ সদস্যসকলে (এবছৰতকৈ পুৰণি!!!) যোগ দিব নোৱাৰিব। প্ৰবন্ধৰ ভাষা অসমীয়া হ'ব লাগিব। প্ৰয়োজন বোধে ইংৰাজী সংজ্ঞাবাচক শব্দ ব্যৱহাৰ কৰিব পাৰিব, কিন্তু তেনে শব্দবোৰ অসমীয়া আখেৰেৰে লিখিব লাগিব আৰু বন্ধনীৰ ভিতৰত ইংৰাজী বানানটো যোগ কৰি দিব লাগিব। সচৰাচৰ ব্যৱহাৰ নোহোৱা অসমীয়া সংজ্ঞাবাচক শব্দৰ বাবে মূল ইংৰাজী শব্দটো বন্ধনীৰ ভিতৰত উল্লেখ কৰি দিলে ভাল।
  4. প্ৰতিযোগিতাৰ বাবে জমা দিয়া যিকোনো হাতে-লিখা প্ৰবন্ধও ৱিকিপিডিয়াৰ অংশ বুলি বিবেচিত হ'ব আৰু তাক সম্পাদনা কৰি ৱিকিপিডিয়াত যোগ দিয়া হ'ব।
  5. একোটা প্ৰবন্ধ লিখাত এজনতকৈ বেছি প্ৰতিযোগী মিলি এটা গোট হিচাপে যোগদান কৰিব পাৰিব। ৱিকিপিডিয়াত লিখা প্ৰবন্ধৰ বাবে আটাইকেইজন প্ৰতিযোগীৰ নাম প্ৰবন্ধটো আৰম্ভ কৰাৰ সময়তে উল্লেখ কৰিব লাগিব। এবাৰ প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰাৰ পাছত নতুন সদস্য প্ৰতিযোগী গোটত যোগ দিব নোৱাৰিব।
  6. প্ৰবন্ধৰ বিষয়বস্তু নিৰ্দিষ্ট নহয়। মাত্ৰ লিখাৰ আগতে সেই বিষয়ক প্ৰবন্ধ ৱিকিপিডিয়াত ইতিমধ্যে আছে নেকি নিশ্চিত কৰি ল'ব, অসুবিধা পালে কৰ্মকৰ্তাৰ লগত যোগাযোগ কৰি নিশ্চিত হওঁক। আগতে থকা দীঘল প্ৰবন্ধ আকৌ লিখিব নোৱাৰিব। কিন্তু 'পোখালি' বুলি উল্লেখ কৰি থোৱা প্ৰবন্ধ হাতত ল'ব পাৰে। প্ৰবন্ধবোৰ সম্পূৰ্ণৰূপে বিশ্বকোষীয় ধাৰণাৰ হ'ব লাগিব। অৰ্থাৎ নিৰপেক্ষ, সম্যক ধাৰণা দিব পৰা, আৰু তথ্য-উৎসৰ উল্লেখ (reference) থাকিব লাগিব। ৱিকিপিডিয়াৰ সম্পাদনাৰ কাৰিকৰী খুঁতিনাটি ঠিক কৰিবলৈ প্ৰতিযোগীয়ে অভিজ্ঞ সদস্যৰ সহায় ল'ব পাৰিব। কিন্তু তেনে সদস্যই মাত্ৰ টেবুল সজাই দিয়া, ৰেফাৰেন্স সঠিক স্থানত বহুওৱা, তথ্য-পেৰা কেনেকৈ যোগ দিব লাগে দেখুৱাই দিয়া, ছবি কেনেকৈ যোগ দিব লাগে দেখুৱাই দিয়া আদিৰ দৰে কাৰিকৰী কামত সহায়হে কৰিব পাৰিব। অভিজ্ঞ সদস্যই মূল লিখিত অংশত কোনো ধৰণৰ সালসলনি কৰিব নোৱাৰিব।
  7. হাতে-লিখা প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ সদস্যই ৱিকিপিডিয়াত সংযোগ কৰি দিব। হাতে লিখা/কাগজত লিখা প্ৰবন্ধত ৰেফাৰেন্স দিয়া অংশত নম্বৰ দি ৰেফাৰেন্সটো তলত উল্লেখ কৰিব লাগিব। উদাহৰণৰ বাবে সংযোগী 'আৰ্হি' (sample) চাওক। (sample খন বেলেগে সন্নিবিষ্ট কৰিব লাগিব।)
  8. প্ৰবন্ধ লিখোঁতাসকলে ইতিপূৰ্বে থকা যিকোনো ছবি ব্যৱহাৰ কৰিব পাৰিব। প্ৰয়োজন বোধে নিজে তোলা ছবি বা অঁকা ৰেখা-চিত্ৰ আদি আপলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। নিজে তুলি দিয়া তেনে ছবি ছবি প্ৰতিযোগিতাৰ বাবেও মান্য হ'ব। অইন উৎসৰপৰা অনা ছবি যেনে বাতৰি-কাকত, আলোচনী আদিৰপৰা কটা ছবি ব্যৱহাৰ কৰিব নোৱাৰিব।
  9. ৩১-মে' ২০১২ তাৰিখৰ পাছত আৰু বিচাৰকে চাই নিজৰ মন্তব্য নিদিয়া পৰ্যন্ত প্ৰবন্ধটো সম্পাদনা কৰিব নোৱাৰিব। অৱশ্যে তাৰ পাছত প্ৰবন্ধটো ৱিকিপিডিয়াৰ অইন প্ৰবন্ধৰ দৰে একেই বুলি বিবেচিত হ'ব আৰু সম্পাদনা আদি আন প্ৰবন্ধৰ দৰেই চলি থাকিব।
  10. সকলো প্ৰবন্ধ ৱিকিপিডিয়াৰ নিয়ম অনুসৰি Creative Commons Attribution-Share Alike অনুজ্ঞাপত্ৰৰ অধীন হ'ব আৰু প্ৰতিযোগিতাৰ পাছতো ৱিকিপিডিয়াত জমা কৰি ৰখা হ'ব।
  11. প্ৰবন্ধ এটা সম্পূৰ্ণ ৰূপে বা একোটা অংশ অইন উৎসৰপৰা নকল কৰা বা মুকলি অনুবাদ কৰা বুলি প্ৰমাণিত হ'লে প্ৰবন্ধটো প্ৰতিযোগিতাৰপৰা বাহিৰ কৰাৰ উপৰিও ৱিকিপিডিয়াৰপৰা গুচাই দিয়া হ'ব।
  12. প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেষ্ঠ প্ৰবন্ধৰ উপৰিও শিতান বিশেষে অইন পুৰস্কাৰ থাকিব।
  13. সকলো সিদ্ধান্তৰ ক্ষেত্ৰত বিচাৰকৰ সিদ্ধানতই চূড়ান্ত বুলি গ্ৰাহ্য হ'ব।

সমিতি সংৰচনা

কাৰ্যনিৰ্বাহক সমিতি

  1. উদ্দীপ তালুকদাৰ, (বাৰ্তা প্ৰেৰণ কৰক) দূৰভাষ :-
  2. বিষ্ণু শ‍ইকীয়া, (বাৰ্তা প্ৰেৰণ কৰক) দূৰভাষ :- ৯৮৬৪১ ৯৮২২৮
  3. অঞ্জল বৰা, (বাৰ্তা প্ৰেৰণ কৰক) দূৰভাষ :- ০৯৪৭৯৪২০০৯৪
  4. জ্যোতিপ্ৰকাশ নাথ, (বাৰ্তা প্ৰেৰণ কৰক) দূৰভাষ :- ৯৮৬৪৯১৭৭০৬
  5. গীতাৰ্থ বৰদলৈ, (বাৰ্তা প্ৰেৰণ কৰক) দূৰভাষ :- ৮৮২২৮৪২৭২৬

সহযোগী কৰ্মকৰ্তা

উপদেষ্টা মণ্ডলী

  1. ত্ৰিদিপ বৰুৱা
  2. বিক্ৰমজিত কাকতি

শুভাকাংক্ষী

অংশগ্ৰহনকাৰী

আলোকচিত্ৰ প্ৰতিযোগিতা

  1. মিণ্টু বৰগোঁহাই
  2. নয়ন জ্যোতি কলিতা

প্ৰবন্ধ প্ৰতিযোগিতা