ইউনিক’ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ r2.7.2+) (ৰবট পৰিবৰ্তন কৰিছে: ilo:Unicode |
অ r2.7.2+) (ৰবট পৰিবৰ্তন কৰিছে: ks:यूनिकोड |
||
52 নং শাৰী: | 52 নং শাৰী: | ||
[[kn:ಯುನಿಕೋಡ್]] |
[[kn:ಯುನಿಕೋಡ್]] |
||
[[ko:유니코드]] |
[[ko:유니코드]] |
||
[[ks: |
[[ks:यूनिकोड]] |
||
[[ku:Unicode]] |
[[ku:Unicode]] |
||
[[ky:Юникод]] |
[[ky:Юникод]] |
12:34, 30 August 2012ৰ সংস্কৰণ
ইউনিক’ড হৈছে কম্পিউটাৰৰ লিখন প্ৰণালীত থকা আখৰ বা চিনবোৰৰ সংহত নিয়মীকৰণ,নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক কাৰিকৰী মান । ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে । শেহতীয়াকৈ ইউনিক’ডে বিশ্বৰ ৯৩ টা লিপিৰ ১,০৭,০০০ টা চিহ্নক সামৰি লৈছে ।
কম্পিউটাৰত প্ৰধানত: সংখ্যাৰ ব্যৱহাৰ হয় । ই আখৰ বা অন্য চিনক এটা এটা সংখ্যাৰে বুজাই সাঁচি থয় । ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল । কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- ইউৰোপৰ সকলো ভাষাক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয় । কেৱল ইংৰাজীৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ,ছেদ চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল । ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল , যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে । গতিকে এটা কম্পিউটাৰত বা চাৰ্ভাৰত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে ।
ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে । ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে । Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে । এতিয়া প্ৰায় সকলোবোৰ অপাৰেটিং চিষ্টেম আৰু ব্ৰাউজাৰত ইউনিক’ড উপলব্ধ । ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে ।