উইলিয়াম কেলিন জুনিয়ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উইলিয়াম কেলিন জুনিয়ৰ

জন্ম ২৩ নৱেম্বৰ, ১৯৫৭ (৬৬ বছৰ)
নিউয়ৰ্ক মহানগৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
নাগৰিকত্ব আমেৰিকান
ক্ষেত্ৰ অংক'লজি
কৰ্মস্থান
  • ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউট
  • হাৰ্ভাড বিশ্ববিদ্যালয়
  • হোৱাৰ্ড হিউগছ্ মেডিকেল ইনষ্টিটিউট[1]
উল্লেখনীয় বঁটা
  • চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, ২০১৯
  • চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা, ২০১৬
দাম্পত্যসঙ্গী কেৰোলিন কেলিন

উইলিয়াম বিল জি. কেলিন জুনিয়ৰ (জন্ম: ২৩ নৱেম্বৰ ১৯৫৭) হাৰ্ভাড বিশ্ববিদ্যালয় আৰু ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত মেডিচিন বিভাগৰ অধ্যাপক। তেওঁৰ পৰীক্ষাগাৰত টিউমাৰ ছাপ্ৰেছৰ প্ৰটিনৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ ২০১৬ চনত চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা লাভ কৰিছিল।[2][3]তেওঁ পিটাৰ জন ৰেটক্লিফ আৰু গ্ৰেগ লিয়নাৰ্ড চেমেনজাৰ সৈতে "অক্সিজেনৰ উপলব্ধতাৰ ওপৰত কোষ সমূহে কেনেকৈ সংবেদন লাভ কৰে আৰু নিজকে সেই পৰিৱেশৰ উপযোগী কৰি লয় আৱিষ্কাৰ"ৰ বাবে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[4][5]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৫৭ চনৰ ২৩ নৱেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰনিউয়ৰ্ক মহানগৰত উইলিয়াম কেলিন জুনিয়ৰৰ জন্ম হৈছিল। তেওঁ ডিউক বিশ্ববিদ্যালয়ৰ পৰা গণিত আৰু ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ তাৰপৰা ১৯৮২ চনত এম.ডি. ডিগ্ৰী লাভ কৰে আৰু জনছ হপকিন্স বিশ্ববিদ্যালয়ত অভ্যন্তৰীণ চিকিৎসা পদ্ধতিত চিকিৎসক হিচাপে সেৱা আগবঢ়ায়। তেওঁ ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত কৰ্কট ৰোগৰ ফেল'শ্বিপ লাভ কৰে। তাৰপিছত তেওঁ ডেভিড লিভিংষ্টনৰ পৰীক্ষাগাৰত ৰেটিন'ব্লাষ্টমা ওপৰত হয় গৱেষণা কৰিছিল।[1] ১৯৯২ চনত তেওঁ নিজৰ পৰীক্ষাগাৰ স্থাপন কৰে আৰু আনুবংশীক কৰ্কট যোগ যেনে ভন হিপ্পেল লিণ্ডাউৰ ওপৰত গৱেষণা কৰিছিল। ২০০২ চনত তেওঁ হাৰ্ভাড মেডিকেল স্কুলত অধ্যাপক হিচাপে যোগদান কৰে।[6]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁ ২০০৮ চনত ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত মৌলিক বিজ্ঞানৰ সহকাৰী নিৰ্দেশক হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ ইয়াত কৰ্কট ৰোগৰ টিউমাৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰা জিনৰ উৎপৰিবৰ্তনৰ ওপৰত গৱেষণা কৰিছিল। তেওঁৰ গৱেষণাৰ মুখ্য বিষয় আছিল ৰেটিন'ব্লাষ্টমা, ভন হিপ্পেল লিণ্ডাউ আৰু পি৫৩ টিউমাৰৰ বৃদ্ধি নিয়ন্ত্ৰণ জিন।

তেওঁক গৱেষণাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান, আমেৰিকান কৰ্কট ৰোগ সমাজ, ডৰিচ ডিউক চেৰিটেবেল ফাউণ্ডেচন আৰু অন্যান্যয়ে পুঁজি আগবঢ়াইছিল।[7]

তেওঁ এলি লিলীৰ বৰ্ড অফ ডাইৰেক্টৰ[6] আৰু "ষ্টেণ্ড আপ কেন্সাৰ"ৰ বৈজ্ঞানিক উপদেষ্টা কমিটিৰ সদস্য আছিল।[8]

ব্যক্তিগত জীৱম[সম্পাদনা কৰক]

তেওঁ স্তনৰ কৰ্কট ৰোগৰ শল্য চিকিৎসক কেৰোলিন কেলিনৰ লগত ১৯৮৮ চনত বিবাহপাশত আবদ্ধ হৈছিল। ২০১৫ চনত তেখেতৰ কৰ্কট ৰোগত মৃত্যু হয়। তেওঁলোকৰ দুগৰাকী সন্তান আছে।[9]

উল্লেখযোগ্য বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ চিকিৎসক বিজ্ঞানী বঁটা (১৯৯০)[3]
  • ইনষ্টিটিউট অফ মেডিচিনৰ নিৰ্বাচিত সদস্য (২০০৭)[10]
  • কানাডা গ্ৰেইডনাৰ ইণ্টাৰনেছনেল বঁটা (২০১০)[11]
  • ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ নিৰ্বাচিত সদস্য (২০১০)[12]
  • ষ্টিভেন চি. বিয়াৰিং বঁটা (২০১৪)[13]
  • ৱিলি প্ৰাইজ (২০১৪)[14]
  • এ.এ.চি.আৰ. একাডেমীৰ নিৰ্বাচিত ফেল'(২০১৪)[15]
  • চাইন্স অফ অংক'লজি এৱাৰ্ড (২০১৬)[16]
  • ৰাজকুমাৰী টাকামাৎছু বঁটা (২০১৬)[17]
  • চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা (২০১৬)[18]
  • মাছৰী প্ৰাইজ (২০১৮)[19]
  • চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা (২০১৯)[4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "William G. Kaelin, Jr., MD - HHMI.org". hhmi.org. http://www.hhmi.org/scientists/william-g-kaelin-jr। আহৰণ কৰা হৈছে: 16 April 2017. 
  2. "Dr. William G. Kaelin, Jr., to Receive 2016 Science of Oncology Award". asco.org. 26 May 2016. http://am.asco.org/daily-news/dr-william-g-kaelin-jr-receive-2016-science-oncology-award। আহৰণ কৰা হৈছে: 16 April 2017. 
  3. 3.0 3.1 "About William Kaelin". harvard.edu. Archived from the original on 7 April 2017. https://web.archive.org/web/20170407090206/http://kaelin.dfci.harvard.edu/Kaelin_Lab_website/About_William_Kaelin.html। আহৰণ কৰা হৈছে: 16 April 2017. 
  4. 4.0 4.1 "The Nobel Prize in Physiology or Medicine 2019" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/medicine/2019/summary/। আহৰণ কৰা হৈছে: 2019-10-07. 
  5. Kolata, Gina; Specia, Megan (7 October 2019). "Nobel Prize in Medicine Awarded for Research on How Cells Manage Oxygen - The prize was awarded to William G. Kaelin Jr., Peter J. Ratcliffe and Gregg L. Semenza for discoveries about how cells sense and adapt to oxygen availability.". The New York Times. https://www.nytimes.com/2019/10/07/health/nobel-prize-medicine.html। আহৰণ কৰা হৈছে: 8 October 2019. 
  6. 6.0 6.1 "William G. Kaelin, Jr., M.D.". lilly.com. https://www.lilly.com/william-g-kaelin। আহৰণ কৰা হৈছে: 16 April 2017. 
  7. "Home page kaelin lab". harvard.edu. Archived from the original on 20 April 2017. https://web.archive.org/web/20170420230502/http://kaelin.dfci.harvard.edu/Kaelin_Lab_website/Home_page_kaelin_lab.html। আহৰণ কৰা হৈছে: 16 April 2017. 
  8. "William G. Kaelin Jr., MD". aacr.org. http://www.aacr.org:80/Funding/Pages/scientific-advisory-committee-detail.aspx?ItemID=14। আহৰণ কৰা হৈছে: 16 April 2017. 
  9. Grady, Denise (9 August 2015). "Carolyn Kaelin, Breast Cancer Surgeon, Patient Advocate and Patient, Dies at 54". https://www.nytimes.com/2015/08/10/us/carolyn-kaelin-breast-cancer-surgeon-dies-at-54.html। আহৰণ কৰা হৈছে: 16 April 2017. 
  10. "Two NAM Members Receive Albert Lasker Basic Medical Research Award". https://nam.edu/two-nam-members-receive-albert-lasker-basic-medical-research-award//। আহৰণ কৰা হৈছে: Oct 7, 2019. 
  11. "William G. Kaelin Jr.". https://gairdner.org/award_winners/william-g-jr-kaelin/। আহৰণ কৰা হৈছে: Oct 7, 2019. 
  12. "William G. Kaelin Jr.". http://www.nasonline.org/member-directory/members/20003143.html/। আহৰণ কৰা হৈছে: Oct 7, 2019. 
  13. "আৰ্কাইভ কপি". Archived from the original on 2018-07-11. https://web.archive.org/web/20180711051648/http://faculty.medicine.iu.edu/awards-services/awards/beering-award/। আহৰণ কৰা হৈছে: 2019-10-09. 
  14. "The 13th Annual Wiley Prize in Biomedical Sciences Awarded for Advancements in Oxygen Sensing Systems". Ludwig Cancer Research. 14 February 2014. https://www.ludwigcancerresearch.org/wp-content/uploads/2018/09/2014-Wiley-Prize-Press-Release-FINAL.pdf। আহৰণ কৰা হৈছে: 8 October 2019. 
  15. "William G. Kaelin Jr., MD Class of 2014". American Association for Cancer Research. https://www.aacr.org/Membership/Pages/FellowDetailsNoModal.aspx?ItemID=130। আহৰণ কৰা হৈছে: 8 October 2019. 
  16. "BCRF Investigators Honored by the American Society for Clinical Oncology". Breast Cancer Research Foundation. 16 June 2016. https://www.bcrf.org/blog/bcrf-investigators-honored-american-society-clinical-oncology। আহৰণ কৰা হৈছে: 8 October 2019. 
  17. "William G. Kaelin, Jr., MD, receives Princess Takamatsu award from AACR". Dana-Farber Cancer Institute. 21 April 2016. https://www.dana-farber.org/newsroom/news-releases/2016/william-g--kaelin--jr---md--receives-princess-takamatsu-award-from-aacr/। আহৰণ কৰা হৈছে: 8 October 2019. 
  18. "2016 Award Winners". Albert And Mary Lasker Foundation. http://www.laskerfoundation.org/awards/#name=&award=&year=2016। আহৰণ কৰা হৈছে: 2019-10-07. 
  19. "2018 Massry Prize Laureates". Keck School of Medicine of USC. https://keck.usc.edu/massry-prize/current-laureates। আহৰণ কৰা হৈছে: 2019-10-07.