এমিন’ এছিড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এমিন’ এছিডৰ সাধাৰণ চিত্ৰ

এমিন’ এছিড (ইংৰাজী: Amino acid) হৈছে প্ৰটিন যৌগ গঠনৰ মৌলিক একক। ৰসায়ন বিজ্ঞানত ইয়াক জৈৱ-ৰসায়ন বিভাগত অধ্যয়ন কৰা হয়। বহুসংখ্যক এমিন’ এছিড বিশেষ ৰাসায়নিক বান্ধনি (পেপটাইড্ বান্ধনি)-ৰে লগ লাগি একোটা বৃহৎ প্ৰটিন যৌগৰ সৃষ্টি কৰে। প্ৰাকৃতিকভাৱে জীৱদেহত মূলত ২০ ধৰণৰ এমিন’ এছিড পোৱা যায়।

এমিন’ এছিডৰ গঠন[সম্পাদনা কৰক]

এটা এমিন’ এছিড (গ্লাইচিন)

সকলো ধৰণৰ এমিন’ এছিড মূলত কাৰ্বন (C), অক্সিজেন (O) আৰু নাইট্ৰজেনৰ দ্বাৰা গঠিত। অৱশ্যে কিছুমান এমিন’ এছিডত ছালফাৰ (S)-ও পোৱা যায় (যেনে- চিষ্টাইন)। এমিন’ এছিডসমূহৰ গঠনত কাৰ্বক্সিল(-COOH) আৰু এমিন’(-NH2) কাৰ্যকৰী মূলকৰ উপস্থিতিয়ে ইয়াক আম্লিক আৰু ক্ষাৰকীয় গুন প্ৰদান কৰে। এনেদৰে আম্লিক আৰু ক্ষাৰকীয় গুন প্ৰদৰ্শন কৰা যৌগসমূহক এম্ফটেৰিক বা উভয়ৰ্ধমী যৌগ বোলা হয়।

অনা-অপৰিহাৰ্য আৰু অপৰিহাৰ্য এমিন’ এছিড[সম্পাদনা কৰক]

নাইজেৰিয়াৰ বিয়াফ্ৰা যুদ্ধত কোৱাছিওৰকৰ ৰোগৰ দ্বাৰা অক্ৰান্ত এটি শিশু

মানুহ তথা উচ্চস্তৰৰ প্ৰাণীসমূহে আত্মসংশ্লেষণৰ দ্বাৰা শৰীৰৰ বাবে মাত্ৰ দহ বিধ এমিন’ এছিড সংশ্লেষণ কৰিব পাৰে। এই এমিন’ এছিডসমূহক অনা-অপৰিহাৰ্য এমিন’ এছিড বোলা হয়। শৰীৰৰ বাবে প্ৰয়োজনীয় বাকী দহবিধ এমিন’ এছিডক অপৰিহাৰ্য এমিন’ এছিড বোলা হয়। অপৰিহাৰ্য এমিন’ এছিডৰ অভাৱে শৰীৰত বিভিন্ন ৰোগ (যেনে- কোৱাছিওৰকৰ ৰোগ) সৃষ্টি কৰে।

২০ বিধ এমিন’ এছিড[সম্পাদনা কৰক]

মানুহৰ ক্ষেত্ৰত অপৰিহাৰ্য - অনা অপৰিহাৰ্য এমিন’ এছিডসমূহ

অপৰিহাৰ্য অনা-অপৰিহাৰ্য *
হিষ্টিডাইন এলানিন
অইচলিউচিন আৰ্জেনিন*
লিউচিন এচপাৰটিক এছিড
লাইছিন চিষ্টাইন*
মিথিওনিন গ্লুটামিক এছিড
ফিনাইলএলানিন গ্লুটামাইন*
থ্ৰিওনিন গ্লাইচিন*
ট্ৰিপ্ত'ফেন প্ৰলিন*
ভেলিন ছিৰিণ*
টাইৰ'ছিন*
এছপাৰাজাইন*

(*) কিছুমান ক্ষেত্ৰত অপৰিহাৰ্য[1][2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]