কাকৈঢোৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাকৈঢোৰা
ভাৰতৰ কেওলাদিও পক্ষী অভয়াৰণ্যত এটা প্ৰাপ্ৰবয়স্ক কাকৈঢোৰা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Ciconiiformes
পৰিয়াল: Ciconiidae
গণ: Mycteria
প্ৰজাতি: M. leucocephala
বৈজ্ঞানিক নাম
Mycteria leucocephala
(Pennant, 1769)
সমাৰ্থক

Tantalus leucocephalus
Ibis leucocephalus
Pseudotantalus leucocephalus

Painted stork ,Motemajra village pond,Punjab,India


কাকৈঢোৰা (ইংৰাজী: Painted Stork; বৈজ্ঞানিক নাম: Mycteria leucocephala) এবিধ পানী যুঁৱলিত দেখা পোৱা চৰাই। হিমালয়ৰ পাদদেশৰ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত এই চৰাই দেখা পোৱা যায়। অসমতো চৰাই বিধ পোৱা যায়। তৰাং পানীত দল বান্ধি থাকে। আধাখোলা ঠোঁট পানীত ডুবাই ৰাখি ইফাল-সিফাল কৰি থাকে। মাছ পালেই ঠোঁটেৰে ধৰি লয়। পানীৰে অহাযোৱা কৰোঁতে ঠেঙেৰে খেদালি থাকে, আৰু লুকাই থকা মাছ ওপৰলৈ উঠি আহে। দল বান্ধি গছত বাঁহ সাজে। এইবিধ পৰিভ্ৰমী চৰাই নহয়। খাদ্যৰ সন্ধানতো বৰ বেছি দূৰলৈ নাযায়।

বৰ্ণনা[সম্পাদনা কৰক]

কাকৈঢোৰা ওখই প্ৰায় ১০০ চেণ্টিমিটাৰ মান হয়। উজ্জ্বল বগা বৰণৰ চৰাইবিধৰ ঠোঁটটৌ অকণমান বেঁকা আৰু হালধীয়া। মুখখনৰো ৰঙো গুলপীয়া, হালধীয়া থকা। ডেউকা দুখন বগা, কিন্তু মাজত সেউজীয়াৰ নিচিনা ক'লা জিলিকি থাকে। বুকুৰ মাজেৰে ক'লা ৰঙ আছে। মতা-মাইকী দুয়োবিধেই দেখাত একেই। ফিছাত উজ্জ্বল গুল’পীয়া ৰঙৰ পাখি থাকে। দেখাত ৰঙ লগাই থোৱাৰ নিচিনা লাগে বাবেই ইংৰাজীত ইয়াক painted stork বুলি কোৱা হয়।

জুলাই-আগষ্ট মাহত ওখ গছৰ ফেৰেঙনিত ঘাঁহ-পাত আৰু গছৰ ঠাল গোটাই গোটোং কৰি বাহ সাজে। বাহত ৩-টাৰপৰা ৫-টালৈকে কণী পোৱা যায়। বাহ সজা আৰু উমনি দিয়া কামটো মতা-মাইকী উভয়ে মিলামিছাকৈ কৰে।

বাহৰ কাষতে পূৰ্ণবয়স্ক কাকৈঢোৰাৰ দল, স্থান: উপালাপাড়ু, ভাৰত



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. BirdLife International (2008). Mycteria leucocephala. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 2 February 2009.