কৰবী ডেকা হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰবী ডেকা হাজৰিকা
জন্ম বৰজান , নাগালেণ্ড
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
ধৰণ কবিতা, গীতি সাহিত্য, উপন্যাস, শিশু সাহিত্য, সাহিত্য সমালোচনা, ভ্ৰমণ সাহিত্য
উল্লেখযোগ্য বঁটা বসন্ত বৰদলৈ বঁটা
প্ৰশান্ত শইকীয়া বঁটা
কাব্য হৃদয় সন্মান

কৰবী ডেকা হাজৰিকা ( জন্ম: ২৩ জানুৱাৰী, ১৯৫৩) এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক৷ তেখেতে ভালেসংখ্যক কবিতা সংকলন, সমালোচনা গ্ৰন্থ, উপন্যাস আৰু ভ্ৰমণ কাহিনী আদিৰ ৰচনাৰে অসমীয়া সাহিত্যলৈ বৰঙণি যোগাই আহিছে৷ সাহিত্যিক অৱদানৰ বাবে কৰবী ডেকা হাজৰিকাই ইতিমধ্যে বসন্ত বৰদলৈ বঁটা আৰু প্ৰবীণা শইকীয়া বঁটা লাভ কৰিছে৷ তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছে৷

শৈশৱ[সম্পাদনা কৰক]

কৰবী ডেকা হাজৰিকাৰ জন্ম হৈছিল ১৯৫৩ চনৰ ২৩ জানুৱাৰীত, নাগালেণ্ডৰ বৰজান নামৰ অঞ্চলত ৷ তেখেতৰ পিতৃ মিনাকান্ত হাজৰিকা পেছাত এগৰাকী চিকিৎসক আছিল আৰু কৰ্মসূত্ৰে নগাপাহাৰৰ অঞ্চলসমূহত বসবাস কৰিছিল৷ প্ৰখ্যাত অসমীয়া সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকা কৰবী ডেকা হাজৰিকাৰ ককাদেউতাক আছিল ৷

শিক্ষা[সম্পাদনা কৰক]

কৰবী ডেকা হাজৰিকাই শিৱসাগৰত স্কুলীয়া শিক্ষা আৰম্ভ কৰে৷ ১৯৬৯ চনত শিৱসাগৰৰ ফুলেশ্বৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমীয়া ভাষাত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ ইয়াৰ পিছত ১৯৭২ চনত শিৱসাগৰ বালিকা মহাবিদ্যালয়ৰ পৰা তেওঁ প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৭৪ চনত হাজৰিকাই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী পায় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মহেশ্বৰ নেওগৰ অধীনত ডক্টৰেট গৱেষণা আৰম্ভ কৰে৷ তেওঁৰ গৱেষণাৰ বিষয় আছিল- মাধৱদেৱ: জীৱন, কলা আৰু ধাৰণা ( Madhavdeva: His Life, Art and Thoughts)৷

কেৰিয়াৰ[সম্পাদনা কৰক]

শৈক্ষিক[সম্পাদনা কৰক]

১৯৭৬ চনৰ ২৪ ছেপ্টেম্বৰত ড৹ ডেকা হাজৰিকাই সহকাৰী অধ্যাপক ৰূপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে৷ পৰৱৰ্ত্তী কালত পদোন্নতি লাভ কৰি তেওঁ সেই বিভাগতে লক্ষ্মীনাথ বেজবৰুৱাৰ আসন অলংকৃত কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কলা আৰু সামজ বিজ্ঞান (Humanities and Social Sciences)ৰ ডিন হিচাপে কায্যনিৰ্বাহ কৰি আছে৷ ২০০৮ চনত ডেকা হাজৰিকাৰ উদ্যোগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত Dr. Bhupen Hazarika Centre for Studies in Performing Arts প্ৰতিষ্ঠা হয়৷ এই কেন্দ্ৰটোৱে উত্তৰ-পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে সংগীত, নৃত্য আৰু থিয়েটাৰ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ মহলা আৰম্ভ কৰিবলৈ সক্ষম হয়৷

সাহিত্য[সম্পাদনা কৰক]

ড৹ ডেকা হাজৰিকাই অসমীয়া সাহিত্যৰ বিভিন্ন দিশত অৱদান আগবঢ়াইছে৷ পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ সময়তে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সোঁৱৰণত লিখা তেওঁৰ প্ৰথমটো কবিতা ’অঞ্জলি’ অসম বাণী কাকতত প্ৰকাশ পাইছিল৷ ইয়াৰ পিছৰ পৰা তেওঁৰ কবিতামসূহ অসমৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাই আহিছে৷ ইতিমধ্যে তেওঁ ভালেসংখ্যক কবিতা সংকলনো প্ৰকাশ কৰিছে৷

তাৰোপৰি ডেকা হাজৰিকাই সমালোচনা গ্ৰন্থ, উপন্যাস, শিশু সাহিত্য আৰু অনুবাদ সাহিত্যও ৰচনা কৰিছে৷ অসমীয়া সাহিত্যৰ অতীত আৰু বৰ্তমানৰ বহুতো দিশত তেওঁ মূল্যৱান সমালোচনা প্ৰকাশ পাই আহিছে৷ সাহিত্য সৃষ্টিৰ উপৰিও গীতিকাৰ ৰূপেও ডেকা হাজৰিকাৰ সুনাম আছে৷

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ১৯৮০-৯০ দশকৰ শ্ৰেষ্ঠ মহিলা সাহিত্যিকৰ ’বসন্ত বৰদলৈ বঁটা’ - অসম সাহিত্য সভা (১৯৯১) [1]
  • সৰ্বশ্ৰেষ্ঠ মহিলা লেখক- সদৌ অসম মহিলা লেখিকা সন্থা (২০০৭) [2]
  • প্ৰবীণা শইকীয়া বঁটা- সদৌ অসম মহিলা লেখিকা সন্থা (২০১৩)
  • কাব্য হৃদয় সন্মান- কল অব দা ব্ৰহ্মপুত্ৰ (২০১০)
  • "ৰংবং তেৰাং সমন্বয় বঁটা", ২০২৪ (বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে প্ৰদান কৰা বঁটা)

গ্ৰন্থৰাজি[সম্পাদনা কৰক]

সমালোচনা গ্ৰন্থ

  • অসমীয়া সাহিত্যৰ ৰূপ-ৰেখা (১৯৮৫)
  • মাধৱদেৱ: সাহিত্য, কলা আৰু দৰ্শন (১৯৮৭)
  • অসমীয়া কবিতা (১৯৯২)
  • সাহিত্যৰ চিন্তা-ছায়া (১৯৯৫)
  • সাহিত্য আৰু চিন্তা (১৯৯৬)
  • ভাৰতীয় সাহিত্য়ৰ মৌচাক (১৯৯৯)
  • কবিতাৰ ৰূপ-ছায়া (১৯৯৯)
  • তুলনামূলক সাহিত্য আৰু অনুবাদ কলা (২০০৩) [3]
  • তুলনামূলক অধ্যয়ন (২০০৩) [4]
  • চৰ্যাপদ আৰু বৰগীত (২০০৪)
  • অসমীয়া কবি আৰু কবিতা (২০০৪)
  • সাহিত্য সঞ্চয়ন (২০০৫)
  • সাহিত্যৰ স্বৰূপ (২০০৭)
  • অসমীয়া আৰু বাংলা কবিতাত আধুনিকতাৰ অন্মেষ (২০০৮)
  • তুলনামূলক সাহিত্য: বিকাশ আৰু বিৱৰ্তন (২০০৮)
  • Maheswar Neog—A Monograph (প্ৰেছত)
  • ৰামায়ণৰ চানেকি (১৯৯৩)
  • অসমীয়া প্ৰেমৰ কবিতা (হোমেন বৰগোহাঞিৰ সৈতে যুটীয়া সম্পাদনাত, ১৯৯৫)
  • ৰামায়ণ, আযোধ্যা কাণ্ড (১৯৯৭)
  • নগেন শইকীয়া: ব্যক্তিত্ব আৰু কৃতিত্ব (১৯৯৭) Nagen Saikia: Byaktiva Aru Krititva,Bani Mandir, ডিব্ৰুগড় 1997
  • ঊষা পৰিণয়, বনলতা, ডিব্ৰুগড়, (১৯৯৮)
  • কীৰ্ত্তন ঘোষা আৰু নামঘোষা (১৯৯৯) , বনলতা, ডিব্ৰুগড়
  • সাহিত্য পত্ৰিকা, ৬০তম অসম সাহিত্য সভা (২০০১)
  • ডিবৰুৰ কবিতা (২০০১)
  • প্ৰবাল দ্বীপৰ ডাৰে (২০০৩)
  • পাৰ্বতী প্ৰসাদ বৰুৱাৰ কৃতী আৰু কবিতা (২০০৪)
  • মনত পৰেনে অৰুন্ধতী (২০০৫), বনলতা, ডিব্ৰুগড়
  • নিৰ্বাচিত ভাৰতীয় কবিতা (২০০৫)
  • সীমাৰ পৰিধি ভাঙি কবিতা (২০১০)
  • সমীক্ষণ (২০১০)
  • বেজবৰুৱাৰ সাহিত্য ছায়া, অসম পাব্লিছিং কোম্পানী, গুৱাহাটী, ২০১২
  • এহেজাৰ বছৰৰ অসমীয়া কবিতা, বনলতা, ডিব্ৰুগড় ২০১৩
  • নৱজাগৰণৰ গদ্য, সাহিত্য অকাডেমি, নতুন দিল্লী
  • অসমীয়া গদ্য সাহিত্য—জোনাকীৰ পৰা জয়ন্তীলৈ (Jointly with Dr Satyakam Borthakur)
  • মাধৱদেৱ: তেওঁৰ জীৱন, কলা আৰু চিন্তা, বাণী মন্দিৰ, গুৱাহাটী, ২০০৬

শিশু সাহিত্য

  • জুনুকাৰ এৰাতি, ষ্টুডেন্টছ্ ষ্ট'ৰ, গুৱাহাটী, ১৯৯২
  • চিকমিকাৰ কাহিনী, ষ্টুডেন্টছ্ ষ্ট'ৰ, গুৱাহাটী,১৯৯২
  • সেউজী মনৰ কাহিনী, ষ্টুডেন্টছ্ ষ্ট'ৰ, গুৱাহাটী,১৯৯২
  • ভাৰতীয় সাহিত্যৰ উন্মোচক, অসম সাহিত্য সভা, ১৯৯৯
  • বেজবৰুৱাৰ সাধুকথা (সম্পাদিত), বনলতা, ডিব্ৰুগড়, ২০০১
  • এমুঠি সোণালী তৰা (সম্পাদিত), বাল্য ভৱন, যোৰহাট
  • লায়ন কিং, বনলতা, ডিব্ৰুগড়, ২০০২
  • গুণ গোৱা ভূত, কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০০৫
  • হেলেন কেলাৰ, কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০১২

ভ্ৰমণকাহিনী

  • নীলা সাগৰ আৰু সোণালী দেশ, বনলতা, ডিব্ৰুগড়, ২০১০
  • সেউজীয়া চীন, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৮
  • গ্ৰীচ দেশৰ সূৰ্যমুখী দিন আৰু অপৰাজিত ৰাতি, বনলতা, ডিব্ৰুগড়, ২০১১
  • লেটিন আমেৰিকাৰ বিস্ময় আৰু শিহৰণ, বনলতা, ডিব্ৰুগড়, ২০১৫
  • Nirjan Saukatar Monimoy Dinbur, Assam Publishing Company, Guwahati 2016

উপন্যাস

  • জোনাকৰ আখৰ, বনলতা, ডিব্ৰুগড়, ২০০০
  • Aranyar Shan, বনলতা, ডিব্ৰুগড়, 2005
  • অনুপমা, অৰুণা, কুসুম ইত্যাদি, বনলতা, ডিব্ৰুগড়, ২০০৭

কবিতা সংকলন

  • সুবাসিত এই যন্ত্ৰণা, দ্বীপ-শিখা প্ৰকাশন, গুৱাহাটী
  • মাটিৰ পৰা মেঘলৈ, বনলতা, ডিব্ৰুগড়, ১৯৯২
  • চুলি নাবান্ধিবা যাজ্ঞসেনী, ২০০১
  • পৰীৰ বাণী, কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০০৮
  • এমুঠি সোণালী তৰা, তিনিচুকীয়া, ১৯৯৫
  • গানৰ পাখী, কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০০২[5]

অনুবাদ সাহিত্য

তথ্য উৎস[সম্পাদনা কৰক]

  1. Meet The Author, Guwahati: Assam Sahitya sabha, 1991.Print
  2. About The Author, Guwahati: All Assam Women Writers Association, 2007.Print
  3. catalouge, ডিব্ৰুগড়: বনলতা, 2010.Print
  4. catalouge, ডিব্ৰুগড়: department of Assamese, ডিব্ৰুগড় University, 2010.Print
  5. catalouge, ডিব্ৰুগড়: kaustubh Prakashan, 2010.Print
  6. catalouge, New delhi: Sahitya Akademi, 2010.Print