কৰ্দ্দৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


কৰ্দ্দৈ
Carambolas still on the tree
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Oxalidales
পৰিয়াল: Oxalidaceae
গণ: Averrhoa
প্ৰজাতি: A. carambola
বৈজ্ঞানিক নাম
Averrhoa carambola
L.

কৰ্দ্দৈ (ইংৰাজী: Carambola) ইয়াৰ বৈজ্ঞানিক নাম হ'ল Averrhoa Carambola ৷ ইয়াক ইংৰাজীত পাঁচকোণীয়া (star)ফল বুলিও কোৱা হয়৷ এই ফল কেঁচাতে টেঙা আৰু পকিলে কিছু মিঠা হয়৷ [1]

খাদ্যপ্ৰাণ[সম্পাদনা কৰক]

শৰ্কৰা আৰু খনিজ পদাৰ্থৰ ভিতৰত - কেলচিয়াম,মেগনেছিয়াম আৰু ফছফৰাছ থাকে৷ ইয়াত Oxalic acid থাকে,গতিকে বেছিকৈ খালে বৃক্কৰ পাথৰ (kidney) হোৱাৰ সম্ভাৱনা বঢ়াই দিয়ে৷ ইয়াত প্ৰচুৰ পৰিমাণে 'গ' খাদ্যপ্ৰাণ থাকে৷ কৰ্দ্দৈৰ বাকলিৰ সেউজীয়া ৰং হ'ল এবিধ Pigment ,যি যকৃতৰ বাবে ভাল৷ গতিকে কৰ্দ্দৈ বাকলিৰ সৈতে খাব লাগে৷

আকাৰ[সম্পাদনা কৰক]

কৰ্দ্দৈ এবিধ পাঁচকোনীয়া ৰসাল ফল৷ এই ফলৰ গছজোপা জোপোহা আৰু পাতবিলাক সৰু সৰু সেউজীয়া ৰঙৰ৷ ফুলবিলাক সৰু আৰু গোলাপী ৰঙৰ৷ এই ফল কেঁচাতে সেউজীয়া ৰঙৰ আৰু পকিলে হালধীয়া বৰণৰ হয়৷

Sliced carambolas having 7, 6, and the usual 5 points
Vertical, end view, and cross section of the ripe carambola
Carambola, (starfruit), raw
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 128 kJ (31 kcal)
শৰ্কৰাসমূহ 6.73 g
- চেনি 3.98 g
- খাদ্য আঁহ 2.8 g
চৰ্বী 0.33 g
প্ৰ’টিন 1.04 g
- লিউটিন and জিয়াক্সনথিন 66 μg
থায়েমিন (ভিটামিন বি) 0.014 mg (1%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.016 mg (1%)
নিয়াচিন (ভিটামিন বি) 0.367 mg (2%)
পেণ্টথেনিক এচিড (বি) 0.391 mg (8%)
ভিটামিন বি 0.017 mg (1%)
ফলেট (ভিটামিন বি) 12 μg (3%)
চলিন 7.6 mg (2%)
ভিটামিন চি 34.4 mg (41%)
ভিটামিন ই 0.15 mg (1%)
কেলচিয়াম 3 mg (0%)
লো 0.08 mg (1%)
মেগনেছিয়াম 10 mg (3%)
মেংগানিজ 0.037 mg (2%)
ফছফ’ৰাছ 12 mg (2%)
পটাছিয়াম 133 mg (3%)
ছডিয়াম 2 mg (0%)
জিংক 0.12 mg (1%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ
Carambolas in varying stages of ripeness

ঔষধি গুণ[সম্পাদনা কৰক]

  1. কেঁচা কৰ্দ্দৈ বা কৰ্দ্দৈৰ ৰস পানীত মিলাই খালে ,শৌচ পনীয়া হোৱা ৰোগীয়ে খালে ভাল ফল পায়৷
  2. কৰ্দ্দৈত 'গ' ভিটামিন যথেষ্ট পৰিমানে থাকে বাবে ই অৰ্শৰোগ,দাঁত আলুৰ ৰক্তক্ষৰণ আৰু জণ্ডিছ ৰোগীৰ বাবে ভাল৷
  3. খনিজ পদাৰ্থ সঠিক পৰিমাণে থাকে বাবে ই শৰীৰত acid-base ৰ সমতা ৰক্ষা কৰিব পাৰে৷
  4. Isothio cynates নামৰ pigment থাকে বাবে কৰ্দ্দৈ যকৃতৰ বাবে ভাল৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 ডা:চাহজাহান বৰবৰা (জুন-জুলাই ২০০৬). "অসমীয়া ফল". বিজ্ঞান জেউতি খণ্ড ৪১ (১ম সংখ্যা): পৃষ্ঠা ২১-২২. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]