দুৰ্গা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দুৰ্গা
মহিষাসুৰমৰ্দিনী-দুৰ্গা, কালীঘাট পটচিত্ৰ, ১৮৮০
মহিষাসুৰমৰ্দিনী-দুৰ্গা, কালীঘাট পটচিত্ৰ, ১৮৮০
দেৱনাগৰী दुर्गा
গোত্ৰ মহাশক্তি
অধিষ্ঠান কৈলাস
মন্ত্ৰ ওঁ দুৰ্গে দুৰ্গে ৰক্ষণি স্বাহা
অস্ত্ৰ ত্ৰিশূল, খড়্গ, চক্ৰ, বাণ, শক্তি, ঢাল, ধনু, ঘণ্টা, পৰশু, নাগপাশ ইত্যাদি।
দাম্পত্যসঙ্গী শিৱ
বাহন সিংহ

আই গোসাঁনী দুৰ্গা (সংস্কৃত: दुर्गा,) হিন্দু ধৰ্মৰ এগৰাকী উপাস্য দেৱী। তেওঁৰ অন্যান্য নামসমূহ হ'ল চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি। পুৰাণৰ মতে দুৰ্গা শব্দৰ অৰ্থ হ'ল যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভব। দুৰ্গা দেৱী শাক্ত ধৰ্মত সৰ্বোচ্চ আৰাধ্য দেৱী, বৈষ্ণৱ ধৰ্মত তেওঁক ভগৱান বিষ্ণুৰ অনন্ত মায়া হিচাপে আখ্যা দিয়ে; শৈৱ ধৰ্মত দুৰ্গাক শিৱৰ অৰ্ধাংগিনী পাৰ্বতী হিচাপে অৰ্চনা কৰা হয়। ঋগ্ বেদত দুৰ্গাদেৱীৰ বৰ্ণনা নাই যদিও ঋগ্বোক্ত দেৱীসুক্তক দুৰ্গাদেৱীৰ সুক্ত হিচাপেই মান্যতা দিয়া হয়। ইয়াৰ উপৰিও কেণুপনিষদত বৰ্ণিত হৈমাৱতীকো দুৰ্গা হিচাপেই আখ্যা দিয়া হৈছে; ভাগৱতশ্ৰীকৃষ্ণৰ যোগমায়াকেই দুৰ্গা আখ্যা দিয়া হৈছে যি হৰি সহায়িনী তথা হৰি ভক্তি প্ৰদায়িনী। এই সমূহৰ উপৰিও দুৰ্গা দেৱীৰ বৰ্ণনা মহাভাৰতৰ বিৰাট পৰ্ব আৰু ওঠৰখন পুৰাণত পোৱা যায়। দুৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰ সমূহ হ'ল কালিকা, নন্দা, ভ্ৰামৰী, সাকম্ভৰী, ৰক্তদণ্ডিকা, সতী, পাৰ্বতী, কৌশিকী ইত্যাদি। তেওঁৰ উপাসনাৰ অৰ্থে পালন কৰা দুৰ্গা পূজা পূব ভাৰতৰ এক অন্যতম ডাঙৰ ধৰ্মীয় উৎসৱ।

দুৰ্গা পূজা[সম্পাদনা কৰক]

খৃষ্টীয় ১৩-১৪ শতিকাৰ গুৱাহাটীৰ আমবাৰীত পোৱা দুৰ্গামূৰ্তি।

দুৰ্গা পূজা হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীৰ উপাসনাৰ উৎসৱ। এই উৎসৱক নৱৰাত্ৰী বুলিও জনা যায়; পশ্চিম বংগ, অসম, বিহাৰ, উৰিষ্যাত, ঝাৰখাণ্ডত দুৰ্গা পূজা বহুলভাৱে উদযাপন কৰা হয়; উত্তৰ ভাৰতত নৱৰাত্ৰী হিচাপে পালন কৰা হয়। দুৰ্গা পূজা শৰৎ (আহিনত) আৰু বসন্ত (চ'ত) ৰ শুক্লাপক্ষত অনুষ্ঠিত হয়। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে আৰু বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গা পূজা পালন কৰে। সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনা লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়।

নাম ব্যুৎপত্তি[সম্পাদনা কৰক]

হিন্দুশাস্ত্ৰত "দুৰ্গা" শব্দটিক ব্যাখ্যা কৰোঁতে কোৱা হৈছে:


দৈত্যনাশাৰ্থবচনো দকাৰঃ পৰিকীৰ্তিতঃ।

উকাৰো বিঘ্ননাশস্য বাচকো বেদসম্মত॥
ৰেফো ৰোগঘ্নবচনো গশ্চ পাপঘ্নবাচকঃ।

ভয়শত্ৰুঘ্নবচনশ্চাকাৰঃ পৰিকীৰ্তিত॥[1]

অৰ্থাৎ, ""দ" বৰ্ণই দৈত্য বিনাশ কৰে, উ-কাৰে বিঘ্ন নাশ কৰে, ৰেফে ৰোগ নাশ কৰে, "গ" বৰ্ণই পাপ নাশ কৰে আৰু অ-কাৰে শত্ৰু নাশ কৰে। ইয়াৰ অৰ্থ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু শত্ৰুৰ হাতৰ পৰা যি ৰক্ষা কৰে, তেঁৱেই দুৰ্গা। " আনহাতে শব্দকল্পদ্ৰুমত কৈছে, "দুৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীৰ্তিতা"৷ অৰ্থাৎ, যি দুৰ্গ নামে অসুৰক বধ কৰিছিল, তেঁৱেই সকলো সময়ত দুৰ্গা নামে পৰিচিত।

ঢাকাৰ এটি মন্দিৰত দেৱী দুৰ্গাৰ প্ৰতিমা।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. পূজা-বিজ্ঞান, স্বামী প্ৰমেয়ানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৯৯, পৃষ্ঠা ৪৪