ভাৰতৰ নিৰ্বাচন আয়োগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ নিৰ্বাচন আয়োগ
আয়োগৰ ৰূপৰেখা
গঠন ২৫ জানুৱাৰী ১৯৫০; ৭৪ বছৰ আগত (1950-01-25)
(পিছলৈ ৰাষ্ট্ৰীয় মতদাতা দিৱস হিচাপে পালন কৰা হয়)
ক্ষেত্ৰাধিকাৰ আইন আৰু ন্যায় মন্ত্ৰালয়, ভাৰত চৰকাৰ
মুখ্য কাৰ্যালয় নিৰ্বাচন সদন, অশোক ৰোড, নতুন দিল্লী[1]
কৰ্মচাৰী প্ৰায় ৩০০ গৰাকী[2]
আয়োগৰ কাৰ্যবাহী সুশীল চন্দ্ৰ, ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত
ৰাজীৱ কুমাৰ, ভাৰতৰ নিৰ্বাচনী আয়ুক্ত
ৱেবছাইট eci.gov.in

ভাৰতৰ নিৰ্বাচন আয়োগ (ইংৰাজী: Election Commission of India) দেশত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে ভাৰতৰ সংবিধানে পোনপটীয়াকৈ প্ৰতিষ্ঠা কৰা এক স্থায়ী আৰু স্বতন্ত্ৰ সংস্থা। সংবিধানৰ ৩২৪ নং অনুচ্ছেদ অনুসৰি সংসদ, ৰাজ্যিক বিধানসভা, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় আৰু ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰিদৰ্শন, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণৰ ক্ষমতা নিৰ্বাচন আয়োগত ন্যস্ত কৰা হৈছে। সেয়েহে নিৰ্বাচন আয়োগ হৈছে এক সৰ্বভাৰতীয় সংস্থা অৰ্থাৎ ই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োৰে বাবে সাধাৰণ সংস্থা।[3]

ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভা, ৰাজ্যসভা, ৰাজ্যিক বিধানসভা, ৰাজ্যিক বিধানপৰিষদ আৰু দেশৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচন পৰিচালনা কৰে।[2][4] নিৰ্বাচন আয়োগে সংবিধানৰ ৩২৪ নং অনুচ্ছেদৰ অধীনত ক্ষমতা লাভ কৰে আৰু পৰৱৰ্তী সময়ত জনপ্ৰতিনিধিত্ব আইন প্ৰণয়ন কৰে৷[5][6] যেতিয়া প্ৰণয়ন কৰা আইনসমূহে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা নকৰে তেতিয়া নিৰ্বাচন আয়োগে উপযুক্ত ধৰণে কাম কৰাৰ সাংবিধানিক ক্ষমতা আছে। এক সাংবিধানিক নিকায় হোৱাৰ বাবে নিৰ্বাচন আয়োগে দেশৰ উচ্চ ন্যায়পালিকা, সংঘ লোকসেৱা আয়োগ আৰু ভাৰতৰ মহাগাণনিকৰ সৈতে সম্পূৰ্ণ স্বাধীনতা আৰু স্বায়ত্বতা লাভ কৰে। ই এক স্থায়ী সাংবিধানিক সংস্থা।

গঠন[সম্পাদনা কৰক]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Contact Us". Election Commission of India. http://eci.nic.in/eci_main1/communication/index.html#contact। আহৰণ কৰা হৈছে: 10 January 2018. 
  2. 2.0 2.1 "About ECI". Election Commission of India. http://eci.nic.in/eci_main1/the_setup.aspx। আহৰণ কৰা হৈছে: 9 September 2017. 
  3. author., Laxmikanth, M.. Indian polity for civil services examinations. ISBN 978-93-5260-363-3. OCLC 999389825. http://worldcat.org/oclc/999389825. 
  4. "The Presidential and Vice-Presidential Elections Act, 1952 (Act No. 31 of 1952)". Election Commission of India. 14 March 1952. http://eci.nic.in/eci_main/ElectoralLaws/HandBooks/The_Presidential_and_Vice-Presidential_Elections_Act-1952.pdf। আহৰণ কৰা হৈছে: 9 September 2017. 
  5. "Part XV of the Constitution of India - Elections - Article 324". Ministry of Law and Justice, Government of India. http://lawmin.nic.in/olwing/coi/coi-english/Const.Pock%202Pg.Rom8Fsss(21).pdf। আহৰণ কৰা হৈছে: 9 September 2017. 
  6. "The Representation of the People Act, 1951". Ministry of Law and Justice, Government of India. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225053004/http://lawmin.nic.in/legislative/election/volume%201/representation%20of%20the%20people%20act,%201951.pdf। আহৰণ কৰা হৈছে: 9 September 2017. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]