মফিদা আহমেদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মফিদা আহমেদ
জন্ম নবেম্বৰ ১৯২১
যোৰহাট, অসম
মৃত্যু ১৭ জানুৱাৰী ২০০৮
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাংসদ, লোকসভা
ধৰ্ম ইছলাম
দাম্পত্যসঙ্গী আছানুদ্দিন আহমেদ
পিতৃ-মাতৃ মহম্মদ বৰুৱা আলি (পিতৃ)
সন্তান চৈয়দা আনোৱাৰা টাইমূৰ

মফিদা আহমেদ এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমৰ পৰা ভাৰতীয় সংসদৰ নিম্নসদন লোকসভালৈ নিৰ্বাচিত প্ৰথম মহিলা সাংসদ[1] হিচাপে পৰিগণিত হৈছিল। তদুপৰি, সেই সময়ত সংসদলৈ নিৰ্বাচিত ইছলাম ধৰ্মাৱলম্বী মাত্ৰ কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁ‌ অন্যতম আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আছিল। [2]

জীৱনী[সম্পাদনা কৰক]

মফিদা আহমেদৰ ১৯২১ চনৰ নৱেম্বৰ মাহত অসমৰ যোৰহাট নগৰত জন্ম হৈছিল। [2] তেওঁৰ পিতৃ আছিল মহম্মদ বৰুৱা আলি। তেওঁ শিক্ষানুষ্ঠানত নামভৰ্তি নকৰাকৈ ব্যক্তিগত শিক্ষকৰ সহায়তাত শিক্ষাৰ পাতনি মেলিছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

মফিদা আহমেদ ৰাষ্ট্ৰীয় সঞ্চয় আচঁনিত ১৪-৭-১৯৫৫ ৰ পৰা ১৯-১-১৯৫৭ চনলৈ অবৈতনিক হিচাপে কৰ্মৰত আছিল। তেওঁ ১৯৪৬ চনৰ পৰা ১৯৪৯ চনলৈ ৰেডক্ৰছ চ'ছাইটিৰ যোৰহাট শাখাৰ যুটীয়া সম্পাদক ৰূপেও দায়িত্ব চম্ভালিছিল। [2] ১৯৫৩ চনত স্থাপন হোৱাৰে পৰা ১৯৫৬ চনলৈকে তেওঁ গোলাঘাটত কংগ্ৰেছৰ মহিলা বিভাগৰ আহ্বায়কৰ দায়িত্বত আছিল। তদুপৰি, ১৯৫১ চনৰ অক্টোবৰ মাহৰ পৰা ১৯৫৩ চনৰ জানুৱাৰী মাহলৈ তেজপুৰ মহিলা সমিতিৰ সহকাৰী সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি পতিতাসকলৰ উদ্ধাৰ আৰু পুনঃসস্থাপন, আৰু প্ৰসুতি কল্যাণৰ কৰ্মসূচী চোৱাচিতা কৰিছিল। [2]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

স্বাধীন ভাৰতৰ ইতিহাসৰ দ্বিতীয়টো সাধাৰণ নিৰ্বাচন হিচাপে চিহ্নিত ১৯৫৭ চনৰ সংসদীয় নিৰ্বাচনত যোৰহাট সংসদীয় সমষ্টিৰ পৰা মফিদা আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ মুঠ ৩,৭৩,৬৬৬ ভোটৰ ভিতৰত ৮০,০২৩ টা ভোট লাভ কৰি নিম্নসদন লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। উল্লেখ্য যে, উক্ত নিৰ্বাচনত তেওঁৰ নিকটতম প্ৰতিদ্বন্দী আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টী (চি পি আই)-ৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা প্ৰখ্যাত অসমীয়া সাহিত্যিক চৈয়দ আব্দুল মালিক[2] অৱশ্যে ইয়াৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচন, ১৯৬২ চনৰ সংসদীয় নিৰ্বাচনত মফিদা আহমেদ প্ৰজা চ'ছিয়েলিষ্ট পাৰ্টীৰ ৰাজেন্দ্ৰ নাথ বৰুৱাৰ ওচৰত পৰাভূত হয়। [3]

সাহিত্য ক্ষেত্ৰলৈ অৱদান[সম্পাদনা কৰক]

ৰাজনীতি আৰু সমাজসেৱাৰ সমান্তৰালভাৱে মফিদা আহমেদ সাহিত্যৰো অনুৰাগী আছিল। তেওঁ আঠখনকৈ পুথি অসমীয়া ভাষাত ৰচনা কৰিছিল। [2] ইয়াৰ ভিতৰত বিশ্বদীপ-বাপুজী আৰু ভাৰতৰ-নেহৰু নামৰ পুথি দুখন উল্লেখনীয়। [4] মেহতাবে ইছলাম, নুৰে হাছানা, গুলবাগ তেখেতে লিখা আন তিনিখন পুথি৷[1]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

মফিদা আহমেদৰ হবি আছিল পঢ়া, চিলাই, গুঁঠা আৰু ফুলনি সজোৱা। [2] ১৯৪০ চনত তেওঁ‌ আছানুদ্দিন আহমেদৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বেগম মফিদা আহমেদ হিচাপেও খ্যাত মফিদা আহমেদৰ কন্যা চৈয়দা আনোৱাৰা টাইমূৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। আনোৱাৰা টাইমূৰ অসম বিধানসভাৰ দ্বিতীয়গৰাকী মুছলমান মহিলা বিধায়িকা আছিল। [5]

মৃত্যু[সম্পাদনা কৰক]

২০০৮ চনৰ[1] ১৭ জানুৱাৰী তাৰিখে মফিদা আহমেদৰ বাৰ্ধক্যজনিত কাৰণত ৮৮ বছৰ বয়সত মৃত্যু হয়। [6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]