মায়া (বুদ্ধদেৱৰ মাতৃ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মায়া (বুদ্ধদেৱৰ মাতৃ)

মায়াদেৱীৰ মূৰ্তি, নেপাল, ঊনবিংশ শতিকা; পেৰিচৰ গুইমেই যাদুঘৰত সংৰক্ষিত[1]
জন্ম মায়া
দেৱদহ
মৃত্যু কপিলাবস্তু, শাক্য ৰাজ্য
ৰাষ্ট্ৰীয়তা শাক্য
অন্য নাম মহামায়া
দাম্পত্যসঙ্গী ৰজা শুদ্ধোধন
পিতৃ-মাতৃ অঞ্জন (পিতৃ), যশোধৰা (মাতৃ)
সন্তান সিদ্ধাৰ্থ গৌতম বুদ্ধ
আত্মীয়-স্বজন ৰজা সুপবুদ্ধ আৰু দন্দপানী (ভাতৃ), ৰাণী মহাপ্ৰজাপতি গৌতমী (ভগ্নী)

ৰাণী মায়াদেৱী (ইংৰাজী: Queen Māyā of Sakya; পালি: Māyādevī) বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক সন্ত গৌতম বুদ্ধৰ জন্মদাত্ৰী মাতৃ। তেওঁ প্ৰথম বৌদ্ধ ভিক্ষুণী প্ৰজাপতি গৌতমীৰ বায়েক আৰু ৰজা শুদ্ধোধনৰ পত্নী। গৌতম বুদ্ধ বা সিদ্ধাৰ্থৰ প্ৰসৱৰ সময়ত তেওঁৰ মৃত্যু হৈছিল।[2][3]

জীৱনী[সম্পাদনা কৰক]

ৰাণী মায়াৰ বগা হাতীৰ সপোন, গান্ধাৰ, ২য়-৩য় শতিকা
মায়াদেৱীৰ সপোন, মৰ্ডান, পাকিস্তান

কপিলাবস্তুৰ শাক্য বংশীয় ৰজা শুদ্ধোধনে মায়া দেৱীক বিবাহ কৰায়। মায়া শুদ্ধোধনৰ খুৰাকৰ জীয়ৰী; যি দেৱদহৰ ৰজা আছিল। বিয়াৰ বিশ বছৰ পাছলৈকে দুয়োৰো সন্তান নাছিল। কিংবদন্তি অনুসৰি এদিন পূৰ্ণিমা ৰাতি মায়া দেৱীয়ে এটা সপোন দেখে। তেওঁক যেন চাৰিজন দেৱদূতে হিমালয়ৰ হ্ৰদ এটালৈ কঢ়িয়াই লৈ গৈছে। তাত তেওঁ স্নান কৰে আৰু স্বৰ্গীয় বসন পৰিধান কৰে। এনেতে এটা শুকুলা হাতীয়ে শূৰেৰে এপাহ পদুম ফুল লৈ তেওঁৰ চাৰিওদিশে তিনিবাৰ প্ৰদক্ষিণ কৰি তেওঁৰ গৰ্ভত প্ৰৱেশ কৰে। মায়া দেৱীয়ে অনুভৱ কৰিলে যে এই সপোনটোৱে তেওঁলৈ সৌভাগ্যৰ বতৰা কঢ়িয়াই আনিছে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "La reine Maya Devi donnant naissance au prince Siddhârta, le futur Buddha Cakyamuni". Réunion des Musées Nationaux. https://www.photo.rmn.fr/archive/04-003913-2C6NU0HDZ902.html। আহৰণ কৰা হৈছে: November 14, 2020. 
  2. Buddhist Goddesses of India by Miranda Shaw (Oct 16, 2006) আই.এচ.বি.এন. 0-691-12758-1 pages 45-46
  3. History of Buddhist Thought by E. J. Thomas (Dec 1, 2000) আই.এচ.বি.এন. 81-206-1095-4 pages

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৱিকিমিডিয়া কমন্সত Queen Maya সম্পৰ্কীয় মিডিয়া ফাইল।