সমৰ কলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


এগৰাকী কাৰাটেকা

সমৰ কলা (ইংৰাজী: Martial Arts) শব্দটো বৰ্তমান বিশ্বৰ ক্ৰীড়া জগতত বিস্তৃতি লাভ কৰিছে। সমৰ কলা বা যুদ্ধ কলা বুলিলে প্ৰদৰ্শনীমূলক বা প্ৰতিযোগিতামূলক যুদ্ধ কলা বা সমৰ কৌশলক বুজায়। কলা সন্মত ভাবে বিভিন্ন ভঙ্গীমাৰে মনোৰঞ্জনৰ অৰ্থে কৌশল সমূহৰ প্ৰদৰ্শন হয় বাবেই ই প্ৰকৃত পক্ষে যুদ্ধ বা সমৰ কৌশল যদিও ইয়াক কলা বোলা হয়। আনহাতেদি আত্মৰক্ষাৰ বাবে উপযুগী এক বিজ্ঞানসন্মত পদ্ধতি বাবে ইয়াক আত্মৰক্ষা বিজ্ঞানো (Science of self-defense) বোলা হয়। ইংৰাজী Martial Arts শব্দটো মূল লেটিন শব্দ মাৰ্চৰ পৰা আহিছে। লেটিন শব্দ মাৰ্চৰ অৰ্থ হ'ল ৰোমান সকলৰ যুদ্ধৰ দেৱতা।[1]

সমৰ কলাৰ বিভিন্ন বিভাগ[সম্পাদনা কৰক]

সমৰ কলা বা মাৰ্চিয়েল আৰ্ট বুলিলে মল্ল, মুস্তি, অসি, লাঠি ইত্যাদি সকলো ধৰণৰ যুদ্ধৰ কলাসন্মত প্ৰদৰ্শনীমূলক কৌশলক বুজাই যদিও বৰ্তমান প্ৰধানকৈ চীন, জাপান, কোৰিয়া আদি ঠাইৰ জুড কাৰাতে, কংফু, টাইকোৱান'ডো, কেনড' আদি সমৰ কলা সমূহহে সৰ্বজনীন ভাৱে জনপ্ৰিয়। বিজ্ঞানসন্মত আধুনিকৰণ আৰু উন্নতিকৰণ ইয়াৰ জনপ্ৰিয়তাৰ মূল কাৰণ। বৰ্তমান পৃথিবীত বহল ভাৱে জনপ্ৰিয় কেইবিধমান সমৰ কলাৰ বিষয়ে তলত উল্লেখ কৰা হল।

  • কাৰাটে (Karate): একাধাৰে দেহতত্ত্ব বা শৰীৰ বিজ্ঞান, মনোবিজ্ঞান, যোগদৰ্শণ আৰু বিভিন্ন সমৰ কৌশল বা আত্মৰক্ষাৰ কৌশল সমূহক ভিত্তি কৰি সৃষ্টি কৰা সমৰ কলাৰ অন্যতম কাৰাটেৰ বিকাশ আজিৰ পৰা প্ৰয় ২০০০ বছৰৰ আগতে বৌদ্ধ ধৰ্ম্মালম্বী চীনা ভিক্ষুক সকলৰ মাজতে হৈছিল।
  • টাইকোৱানড' (Taekwondo): এইবিধ বৰ্তমান বিশ্বত জনপ্ৰিয় হোৱা আন এবিধ সমৰ কলা। কোৰিয়াত জন্ম হোৱা এই কলাত কাৰাটে অৰু কুংফুৰ লগতে কোৰিয়াৰ স্থানীয় সমৰ কলাৰ কলা-কৌশলৰ সমাহাৰ দেখা যায়।
  • কিক্‌ বক্সিং (Kickboxing): সত্তৰৰ দশকৰ পৰাই জনপ্ৰিয় হৈ উঠা এই খেল বিধ আচলতে ফুল্ কণ্টেক্ট কাৰাটেৰ পৰাই উদ্ভ্ব হৈছে। জ' লুইচ, বিল ৱালেছ, জেফ স্মিথ আদি কেইজনমান খেলুৱৈৰ নাম এই ক্ষেত্ৰত উল্লেখ কৰিব পৰা যায়।
  • মুৱাই থাই (Muay Thai): এইবিধ সমৰ কলাৰ উৎপত্তি থাইলেণ্ডত হৈছিল আৰু ই থাইলেণ্ডৰ ৰাষ্ট্ৰীয় খেল হিচপে পৰিগণিত। কিক বক্সিংৰ দৰে এই কলাবিধত কিক আৰু পান্সৰ উপৰিও কিলাকুটি আৰু আঁঠুৰো ব্যৱহাৰ হয়।
  • টাংচু ড' (Tang Soo Do)
  • উচু (Wushu)
  • ব্ৰাজিলিয়ান জুজুৎসু (Brazilian jujutsu)
  • জুদো (Judo)
  • এইকিদ' (Aikido)
  • হেপকিদ' (Hapkido)
  • বক্সিং (Boxing)
  • জীত কুনে দ' (Jeet Kune Do)
  • কুংফু (Kung Fu)
  • থাং তা (Thang Ta)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Martial Arts". http://en.wikipedia.org/wiki/Martial_arts#cite_note-1। আহৰণ কৰা হৈছে: December 17, 2012.