হেনৰী ষ্টাডমেন কটন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাৰ হেনৰী জন ষ্টাডমেন কটন

ছাৰ হেনৰী কটন
জন্ম ১৩ ছেপ্টেম্বৰ ১৮৪৫
কুম্বকনাম, মাদ্ৰাজ প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত
মৃত্যু ২২ অক্টোবৰ ১৯১৫
চেইণ্ট জৰ্জ উড, লণ্ডন, ইংলেণ্ড
শিক্ষানুষ্ঠান মেগডালেন কলেজ, অক্সফোৰ্ড
কিংছ কলেজ লণ্ডন
পেচা অসামৰিক বিষয়া, সাংসদ, লেখক, শিক্ষাবিদ
ৰাজনৈতিক দল লিবাৰেল পাৰ্টি
দাম্পত্যসঙ্গী মেৰী, লেডী কটন

ছাৰ হেনৰী জন ষ্টাডমেন কটন, (১৩ ছেপ্টেম্বৰ ১৮৪৫ – ২২ অক্টোবৰ ১৯১৫[1]) এগৰাকী ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া, ব্ৰিটিছ সাংসদ আৰু লেখক। তেওঁ সুদীৰ্ঘ কাল ভাৰতীয় অসামৰিক সেৱাৰ লগত জড়িত থাকি ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি সহানুভূতিশীল হৈছিল। ইংলেণ্ডলৈ উভতি যোৱাৰ পিছত তেওঁ লিবাৰেল পাৰ্টিত যোগদান কৰে। তেওঁ ১৯১০ চনৰ যুক্তৰাজ্যৰ সাধাৰণ নিৰ্বাচনত ব্ৰিটিছ সংসদলৈ নটিংগাম পূব সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

উত্তৰ পূব ভাৰতৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ তেওঁ অসমৰ চীফ কমিছনাৰ হৈ থকা কালছোৱাত ১৯০১ চনত স্থাপন কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৮৪৫ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সীৰ কুম্বকনামত হেনৰী কটনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জোচেফ জন কটন (১৮১৩-১৮৬৭) আৰু মাতৃ ছুজেন জেছি মিনচিন (১৮২৩-১৮৮৮)। তেওঁৰ পিতৃ-মাতৃ ভাৰতত জন্ম গ্ৰহণ কৰা ব্ৰিটিছ মূলৰ এংলো ইণ্ডিয়ান। ন্যায়াধীশ হেনৰী কটন আৰু আফ্ৰিকান অভিযাত্ৰী উইলিয়াম কটন অশ্বেল তেওঁৰ আজু ককা জোচেফ কটনৰ কাজিন আছিল।[2][3] খুড়া আজুককা ন্যায়াধীশ হেনৰী কটন তেওঁৰ গডফাদাৰ আছিল আৰু তেওঁৰ নামেৰে হেনৰী কটনৰ নামকৰণ কৰা হৈছিল। ব্ৰিটিছ মেন অফ লেটাৰ্ছ জেমছ এছ কটন তেওঁৰ ভাতৃ।

১৮৪৮ চনত তেওঁ ভাৰত ত্যাগ কৰি শিক্ষাৰ বাবে ইংলেণ্ডলৈ যায়। তাত তেওঁ ১৮৫৬ চনত মেগডালেন কলেজ স্কুলত নামভৰ্তি কৰে। তাৰপিছত তেওঁ ১৮৫৯ চনত ব্ৰিংটন কলেজ আৰু ১৮৬১ চনত কিংছ কলেজত নামভৰ্তি কৰে। শিক্ষা গ্ৰহণৰ পিছত তেওঁ ভাৰতীয় অসামৰিক সেৱা পৰীক্ষা উত্তীৰ্ণ হয় আৰু অসামৰিক বিষয়া হিচাপে ভাৰতলৈ ঘূৰি আহে।

বংগত ন্যায়দান কৰি থকা অৱস্থাত ছাৰ হেনৰী কটন

কৰ্মজীৱন[সম্পাদনা কৰক]

১৮৬৭ চনত হেনৰী কটনে ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰি ভাৰতত উপস্থিত হয়। তেওঁৰ প্ৰথমে উইলিয়াম জেমছ হাৰ্চেলৰ অধীনত মিণ্ডাপুৰত নিযুক্ত হৈছিল। তাৰপিছত তেওঁ চৌদাংগাত সেৱা আগবঢ়ায় আৰু ১৮৭১ চনৰ প্ৰলয়ংকাৰী বানপানী প্ৰত্যক্ষ কৰে। ১৮৭২ চনত তেওঁ কলিকতাত নিযুক্তি লাভ কৰে। ১৮৭৩ চনত ছাৰ জৰ্জ কেম্পৱেলে তেওঁক বংগ চৰকাৰৰ সহকাৰী সচিব নিযুক্তি দিয়ে। ১৮৭৮ চনত তেওঁ ছট্টগ্ৰামৰ আয়ুক্ত পদ লাভ কৰে। ১৮৮০ চনত তেওঁ বংগ কৰ বৰ্ডত জ্যেষ্ঠ সচিব পদ লাভ কৰে। পিছলৈ তেওঁ চৰকাৰৰ কৰ সচিব, বিত্ত আৰু পৌৰসভা সচিব পদত অধিষ্ঠিত হয় আৰু বংগ বিধান পৰিষদৰো সদস্যপদ লাভ কৰে।

১৮৯৬ চনত তেওঁ অসম প্ৰদেশৰ চীফ কমিছনাৰ পদত অধিষ্ঠিত হয়। তেওঁৰ কাৰ্যকালত ব্ৰিটিছ ভাইছৰয় লৰ্ড কাৰ্জন অসমলৈ আহি কটনৰ ভূয়সী প্ৰশংসা কৰে। উত্তৰ পূব ভাৰতৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ তেওঁ অসমৰ চীফ কমিছনাৰ হৈ থকা কালছোৱাত ১৯০১ চনত স্থাপন কৰিছিল। ১৯০২ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত তেওঁ ১৯০২ চনত নাইট কমাণ্ডাৰ অফ দা অৰ্ডাৰ অফ দা ষ্টাৰ অফ ইণ্ডিয়া উপাধি লাভ কৰে। ১৯০২ চনৰ ২৬ জুন তাৰিখে এই তালিকা প্ৰকাশিত হৈছিল আৰু ইংলেণ্ডৰ ৰজা এডৱাৰ্ড সপ্তমে ১৯০২ চনৰ ২৪ অক্টোবৰত বাকিংহাম পেলেচত তেওঁক এই উপাধি প্ৰদান কৰিছিল৷

ইংলেণ্ডত ঘূৰি যোৱাৰ পিছত তেওঁ লিবাৰেল পাৰ্টিত যোগদান কৰে। তেওঁ ১৯১০ চনৰ যুক্তৰাজ্যৰ সাধাৰণ নিৰ্বাচনত ব্ৰিটিছ সংসদলৈ নটিংগাম পূব সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯১০ চনত তেওঁ দ্বিতীয় বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও স্বাস্থ্য ভাঙি পৰাত অতি কম ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হয়।

১৯১৫ চনৰ ২২ অক্টোবৰ তাৰিখে লণ্ডনৰ চেইণ্ট জৰ্জ উডত অৱস্থিত নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।

ভাৰতৰ প্ৰতি দৃষ্টিভংগী[সম্পাদনা কৰক]

তেওঁ সুদীৰ্ঘ কাল ভাৰতীয় অসামৰিক সেৱাৰ লগত জড়িত থাকি ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি সহানুভূতিশীল হৈছিল। তেওঁ ভাৰতৰ হম ৰুল আন্দোলনক সমৰ্থন কৰিছিল। ১৮৮৫ চনত তেওঁৰ গ্ৰন্থ "নিউ ইণ্ডিয়া, অৰ ইণ্ডিয়া ইন ট্ৰেনজিছন"ত ভাৰতীয় স্বৰাজক সমৰ্থন কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ১৯০৪ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ পদ লাভ কৰিছিল।[4] তেওঁ লৰ্ড কাৰ্জনৰ তিব্বত অভিযান আৰু ১৯০৫ চনৰ বংগ ভংগক বিৰোধিতা কৰিছিল। তেওঁ ভাৰতীয় মানুহৰ শিক্ষাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ প্ৰতিষ্ঠা কৰিছিল।

তেওঁ ইংলেণ্ডত সাংসদ হৈ থাকোঁতে ভাৰতৰ প্ৰতি সহানুভূতিশীল সাংসদৰ গোট গঠন কৰি চৰকাৰৰ ভাৰতৰ নীতিৰ বাবে সমালোচনা কৰিছিল।

তথ্য উৎস[সম্পাদনা কৰক]