২০ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

২০ ডিচেম্বৰ (ইংৰাজী: 20 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৫৪তম (অধিবৰ্ষত ৩৫৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

  • ১৯০৯ - ভাক্কম মজিদ, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ। ইয়াৰ উপৰি ট্ৰাভাঙ্কোৰ-কোচিন ৰাজ্যিক বিধানসভাৰ প্ৰাক্তন সদস্য আছিল। তেওঁ ট্ৰাভাঙ্কোৰৰ অন্যতম বিশিষ্ট অভিজাত মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ খুৰাক ভাক্কম মৌলাভিৰ কামৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ সামাজিক আৰু ৰাজনৈতিক সংস্কাৰ আন্দোলনৰ সৈতে জড়িত হৈ পৰে। মজিদ ট্ৰাভাঙ্কোৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সকলৰ ভিতৰত এজন আছিল। তেওঁ আটিংগল সমষ্টিৰ পৰা বিধান সভাৰ সদস্য হৈছিল (১৯৪৮-১৯৫২)। বিংশ শতিকাৰ এজন মহান ভাৰতীয় জাতীয়তাবাদী হিচাপে পৰিগণিত মজিদে ধৰ্মনিৰপেক্ষ আৰু মানৱতাবাদী ভাৱেৰে ৰাজনীতি কৰিছিল। মৃত্যু ১০ জুলাই, ২০০০।
  • ১৯২৮ - মতিলাল ভোৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ১৩ মাৰ্চ ১৯৮৫ চনৰ পৰা ১৩ ফেব্ৰুৱাৰী ১৯৮৮ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। পুনৰ তেওঁ ২৫ জানুৱাৰী ১৯৮৯ চনৰ পৰা ৮ ডিচেম্বৰ ১৯৮৯ চনলৈ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ জন্ম ব্ৰিটিছ ভাৰতৰ যোধপুৰ ৰাজ্যৰ নিম্বি যোধাত হৈছিল। তেওঁ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যু ২১ ডিচেম্বৰ, ২০২০।
  • ১৯৩৩ - সুনীল কোঠাৰী, এগৰাকী প্ৰসিদ্ধ ভাৰতীয় নৃত্য ইতিহাসবিদ, পণ্ডিত আৰু সমালোচক আছিল। তেওঁ কলকাতাৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উদয় শংকৰ অধ্যাপকও আছিল। তেওঁক ২০০১ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল। ভাৰতীয় শাস্ত্ৰীয় নৃত্যত সামগ্ৰিক অৱদানৰ বাবে তেওঁ ১৯৯৫ চনত সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁক ১৯৬১ চনত কুমাৰ চন্দ্ৰক আৰু ২০১২ চনত ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক বঁটা প্ৰদান কৰা হৈছিল। মৃত্যু ২৭ ডিচেম্বৰ, ২০২০।
  • ১৯৪০ ‌- যামিনী কৃষ্ণমূৰ্তি, প্ৰকৃত নাম মুঙ্গাৰা যামিনী কৃষ্ণমূৰ্তি। ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যশৈলীৰ এগৰাকী ভাৰতীয় নৃত্যশিল্পী। তেওঁৰ আত্মজীৱনী "এ পেচন ফৰ ডান্স"-এ পাঠকৰ যথেষ্ট সমাদৰ লাভ কৰিছে। ভাৰতীয় নৃত্যৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৬৮ চনত তেওঁক পদ্মশ্ৰী, ২০০১ চনত পদ্মভূষণ আৰু ২০১৬ চনত পদ্মবিভূষণ সন্মান প্ৰদান কৰে।
  • ১৯৪৮ - আব্দুলৰাজাক গুৰ্নাহ, তাঞ্জানিয়াৰ ঔপন্যাসিক।
  • ১৯৬৯ - ছহেইল খান, ভাৰতীয় অভিনেতা।
  • ১৯৯৫ - চন্দন ৰয়, ভাৰতীয় অভিনেতা।
  • ১৯৯৮ - কিলিয়ান এমবাপে, ফৰাচী পেছাদাৰী ফুটবলাৰ।

মৃত্যু[সম্পাদনা কৰক]

  • ১৫৯০ - এম্বৌৰ্জ পাৰে, আধুনিক শৈল চিকিৎসাৰ জনক ৰূপে অভিহিত তথা প্ৰখ্যাত চিকিৎসক।
  • ১৯১৫ - উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰী, এগৰাকী বঙালী লেখক আৰু চিত্ৰশিল্পী আছিল। তেওঁৰ এখন লিখিত কিতাপ হৈছে "চোটডেৰ চেৰা বিজ্ঞান ৰচনা সংকলন"। তেওঁ সংস্কাৰক দ্বাৰকানাথ গাংগুলীৰ জোৱাই আছিল। তেওঁ এজন উদ্যোগীও আছিল। তেওঁ প্ৰথম ব্যক্তি আছিল যিয়ে বংগত ৰং মুদ্ৰণৰ পৰিচয় দিছিল। তেওঁ ১৯১৩ চনত প্ৰথম ৰঙৰ শিশু আলোচনী "সন্দেশ" আৰম্ভ কৰিছিল। জন্ম ১২ মে', ১৮৬৩।
  • ১৯৭৩ - এডমিৰেল লুইছ কাৰেৰো ব্লেঙ্ক', স্পেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ১৯৯৬ - কাৰ্ল এডৱাৰ্ড চাগান, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী, ব্ৰহ্মাণ্ডতত্ত্ববিদ, জ্যোতিৰ্পদাৰ্থবিদ আৰু সাহিত্যিক।
  • ২০০০ - চৈয়দ আব্দুল মালিক, অসমীয়া গল্পকাৰ, ঔপন্যাসিক, কবি, নাট্যকাৰ, জীৱনী লেখক, প্ৰৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী ৰাচোঁতা। ১৯৭৭ চনত বঙাইগাঁও জিলাৰ অভয়াপুৰীত বহা অসম সাহিত্য সভাত সভাপতিৰ পদ অলংকৃত কৰিছিল। অঘৰী আত্মাৰ কাহিনী গ্ৰন্থৰ বাবে ১৯৭২ চনত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰে। গোলাঘাটৰ নাহৰণিত জন্মগ্ৰহণ কৰা এইজন মহান ব্যক্তিক ভাৰত চৰকাৰে ১৯৮৪ চনত পদ্মশ্ৰী সন্মান আৰু ১৯৯২ চনত পদ্মভূষণ সন্মান প্ৰদান কৰে। অসম সাহিত্য সভাৰ দ্বাৰা সাহিত্যচাৰ্য উপাধি প্ৰদান। এশখনতকৈও অধিক গ্ৰন্থ ৰচনা কৰা মালিকৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল— "ধন্য নৰ তনু ভাল", "পৰশমণি", "ৰথৰ চকৰি ঘূৰে", "ড° অৰুণাভৰ অসম্পূৰ্ণ জীৱনী", "আধাৰশিলা", " ৰূপতীৰ্থৰ যাত্ৰী" ইত্যাদি। জন্ম ১৫ জানুৱাৰী, ১৯১৯।

দিৱস[সম্পাদনা কৰক]

  • আন্তৰ্জাতিক মানৱ সংহতি দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]