৮ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

৮ অক্টোবৰ (ইংৰাজী: 8 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮১তম (অধিবৰ্ষত ২৮২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৪টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮৭১ - বনজুইৰ ফলত আমেৰিকাৰ ৱিছকনচিনৰ পেষ্টিগ' অঞ্চল ধ্বংস হয়, যাৰ ফলত ১,২০০ ৰ পৰা ২,৫০০জন লোকৰ মৃত্যু হয়, এই বনজুই ইতিহাসৰ আটাইতকৈ ভয়ংকৰ দাবানল হিচাপে জনা যায়।
  • ১৯১৮ - প্ৰথম বিশ্বযুদ্ধ: কৰ্পোৰেল এলভিন চি য়ৰ্কে ২৮জন জাৰ্মান সৈনিকক হত্যা কৰে আৰু ১৩২ জনক বন্দী কৰে। সেইবাবে তেওঁক মেডেল অফ অনাৰ প্ৰদান কৰা হয়।
  • ১৯১৯ - মহাত্মা গান্ধীৰ সম্পাদনাত ইয়ং ইণ্ডিয়া পত্ৰিকাৰ প্ৰকাশ আৰম্ভ হয়।
  • ১৯৩২ - ভাৰতীয় বায়ু সেনাক (আইএএফ) আনুষ্ঠানিকভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ সহায়ক বায়ু সেনা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।
  • ১৯৬৭ - গেৰিলা নেতা চে গুৱেভাৰা আৰু তেওঁৰ লোকসকলক বলিভিয়াত বন্দী কৰা হয়।
  • ১৯৯৪ - কুৱেইট সীমান্তত ইৰাকী সেনাৰ অৱস্থান, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনৰ উপসাগৰীয় অঞ্চললৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰে।
  • ২০০৫ - কাশ্মীৰত ৭.৬ ৰিখ্টাৰ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। এই ভূমিকম্পত ৮৬,০০০-৮৭,৩৫১জন লোক নিহত, ৬৯,০০০-৭৫,২৬৬জন আহত আৰু ২.৮ নিযুত গৃহহীন হৈছিল।
  • ২০১৩ - কেন্দ্ৰীয় চৰকাৰ আৰু ডি এইচ ডিৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।

জন্ম[সম্পাদনা কৰক]

  • ১১৫০ - নৰপতি চিথু,বাৰ্মাৰ ৰজা আছিল। (মৃঃ ১২১১)
  • ১৯০৮ - সীতানাথ ব্ৰহ্মচৌধুৰী, কবি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সাহিত্যিক।
  • ১৯২২ - জি এন ৰামচন্দ্ৰন, এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু জীৱ বিজ্ঞানী, তেওঁ পেপটাইড গাঁথনি বুজিবলৈ 'ৰামচন্দ্ৰন প্লট' সৃষ্টি কৰিছিল। ক'লাজেনৰ গাঁথনিৰ বাবে তেওঁ প্ৰথম ট্ৰিপল-হেলিকেল মডেলৰ প্ৰস্তাৱ দিছিল। (মৃত্যু: ৭ এপ্ৰিল, ২০০১)
  • ১৯২৬ - ৰাজ কুমাৰ, ভাৰতীয় আৰক্ষী বিষয়া আৰু অভিনেতা। (মৃঃ ১৯৯৬)
  • ১৯৫১ - মাকি কাজি, এজন জাপানী ব্যৱসায়ী, নিকলিৰ (Nikoli) প্ৰাক্তন সভাপতি আৰু পাজল গেইমৰ নিৰ্মাতা। সংখ্যাৰ পাজল খেল জনপ্ৰিয় কৰাত তেওঁৰ ভূমিকাৰ বাবে তেওঁক চুড'কুৰ (Sudoku) পিতৃ বুলি কোৱা হয়।
  • ১৯৭৫ - তাহমিমা আনাম, বাংলাদেশত জন্ম গ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ লেখক, ঔপন্যাসিক আৰু প্ৰাৱন্ধিক।
  • ১৯৮০ - দা মিজ বা মাইকেল গ্ৰেগৰী মিজানিন, এজন আমেৰিকান পেছাদাৰী মল্লযোদ্ধা আৰু অভিনেতা। তেওঁ ডাব্লিউ ডাব্লিউ ইৰ খেলুৱৈ, য'ত তেওঁ দা মিজ নামেৰে প্ৰদৰ্শন কৰে।
  • ১৯৮৫ - ব্ৰুন' মাৰ্ছ (পিটাৰ জিন হাৰ্নান্দেজ), আমেৰিকান গায়ক।

মৃত্যু[সম্পাদনা কৰক]

ছুটী আৰু দিৱস[সম্পাদনা কৰক]

  • বায়ু সেনা দিৱস (ভাৰত)।
  • শিশু দিৱস (ইৰাণ)।
  • নৌ সেনা দিৱস (পেৰু)।
  • বিশ্ব মহাকাশ সপ্তাহৰ পঞ্চম দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]