ৰামধেনু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰষুণৰ পিছত আকাশত দেখা পোৱা ৰামধেনু

ৰামধেনু (ইংৰাজী: Rainbow) হ'ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিসৰিত হয়। ফলত সূৰ্যৰ পোহৰত আমি দেখা পোৱা বগ ৰঙটো বিচ্ছুৰিত হৈ পৰে আৰু বিপৰীত আকাশত সাতটা ৰঙৰ বৃত্তচাপ কিছুমান সৃষ্টি কৰে। সূৰ্যৰ পোহৰ সাতটা ৰঙৰ সমষ্টি। সেইকেইটা হ'ল:[1]

বেঙুনীয়া
Violet
ঘন নীলা
Indigo
নীলা
Blue
সেউজীয়া
Green
হালধীয়া
Yellow
সুমথিৰা
Orange
ৰঙা
Red
                                  

পানীৰ কণিকাৰ মাজেদি অহা পোহৰ ৰশ্মি এই সাতটা ৰঙলৈ বিচ্ছুৰিত হৈ ৰামধেনু হিচাপে দেখা দিয়ে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড