ৱিকিপিডিয়া:সহায়িকা/ৱিকিপিডিয়া লিংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভূমিকা   সম্পাদনা   আংগিক   ৱিকিপিডিয়া লিংক   উদ্ধৃতি   আলোচনা পৃষ্ঠা   স্মৰ্তব্য   পঞ্জীয়ন   উপসংহাৰ    
সংযোগ সৃষ্টি কৰাকে ধৰি ৱিকি চিহ্নসমূহৰ বিষয়ে এটা ভিডিঅ' (ইং)

ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ সংযোগ কৰাটো অতি প্ৰয়োজনীয়। এই সংযোগসমূহে পাঠকক তেওঁ পঢ়ি থকা প্ৰবন্ধটোৰ পৰা জানিব খোজা আন তথ্যলৈ জঁপিয়াই যাবলৈ দিয়ে যিটো ৱিকিপিডিয়াৰ এটা ডাঙৰ সুবিধা।

সংযোগ কেনেকৈ কৰিব

আন এখন ৱিকিপিডিয়া পৃষ্ঠালৈ লিংক বা সংযোগ (ৱিকি সংযোগ বুলি কোৱা হয়) সৃষ্টি কৰাৰ বাবে তাক দুটা আয়তাকাৰ বন্ধনীৰ মাজত এনেকৈ লিখক:

[[সত্ৰ]]

ইয়াক সাঁচি থোৱাৰ পিছত পাঠকে এনেকৈ দেখিব: সত্ৰ

যদি আপুনি আন পৃষ্ঠালৈ সংযোগ দি আন কিবা শব্দ দেখুৱাব খুজিছে, তেন্তে আপুনি সেয়া পাইপ "|" চিহ্ন (ইংৰাজী লে'আউট আৰু আন কীব'ৰ্ডত SHIFT + BACKSLASH) যোগ কৰি তাৰ পিছত বিকল্প নামটো লিখক। যেনে:

[[অসম|অসমী আইলৈ যাচোঁ প্ৰণাম]]

ইয়াক এনে দেখা যাব: অসমী আইলৈ যাচোঁ প্ৰণাম

আপুনি কোনো পৃষ্ঠাৰ নিৰ্দিষ্ট অনুচ্ছেদলৈকো সংযোগ স্থাপন কৰিব পাৰে:

[[গন্তব্য পৃষ্ঠা#গন্তব্য অনুচ্ছেদ|নমস্কাৰ]]

ইয়াক এনেকৈ দেখা পাব: নমস্কাৰ

আপুনি যদি সংযোগটোৰ পাঠ গাঢ় বা হেলনীয়া দেখুৱাব খুজিছে তেন্তে সংযোগটোৰ আয়তাকাৰ বন্ধনীৰ দুয়োফালে প্ৰয়োজনমতে এপ'ষ্ট্ৰ'ফি দিয়ক:

''[[ইন্দ্ৰমালতী]]''

ইয়াক এনেদৰে দেখা যাব: ইন্দ্ৰমালতী

অনুগ্ৰহ কৰি পৰীক্ষা কৰিব যে সংযোগবোৰে সঠিক প্ৰবন্ধলৈ নিৰ্দেশ কৰিছেনে না। যেনে- জয়মতীয়ে আহোম বুৰঞ্জীৰ সতী জয়মতীলৈ নিৰ্দেশ কৰে, কিন্তু জয়মতী (১৯৩৫ চলচ্চিত্ৰ)এ প্ৰথম অসমীয়া বোলছবিখনক বুজায়। "দ্ব্যৰ্থতা দূৰীকৰণ" পৃষ্ঠাবোৰ প্ৰবন্ধ নহয়। সেইবোৰে একে নামৰ প্ৰবন্ধৰ সংযোগবোৰ থুপাই ৰাখে। তেনে পৃষ্ঠাৰ নামৰ শৈলীৰ পাৰ্থক্য থাকিব পাৰে. যেনে- জয়মতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু জৰ্জিয়া দুয়োখনেই তেনে পৃষ্ঠা। এই একেধৰণৰ শিৰোনামৰ প্ৰবন্ধ থাকিলে পাইপ লিংকবোৰ বৰকৈ কামত আহে।

সংযোগ কেতিয়া দিব

প্ৰবন্ধ এটা লিংক দিয়াটো উপযোগী কিন্তু অত্যধিক লিংকে বিমোৰতো পেলাব পাৰে (যদি আৰম্ভণিৰ অংশত আন অংশতকৈ বেছি লিংক থাকে)। এনে নহ'বলৈ প্ৰবন্ধ এটাত শব্দ এটা প্ৰথমবাৰ লিখা হোৱা ঠাইতহে সংযোগ দিয়া উচিত। আনহাতে "ৰাজ্য" বা "পৃথিৱী" বিষয়ক প্ৰবন্ধ ৱিকিপিডিয়াত আছে যদিও তেনে সহজলভ্য শব্দৰ সংযোগ নিদিলেও হয়।

ৱিকিপিডিয়াৰ আন প্ৰবন্ধবোৰ চালে আপুনি সংযোগ দিয়াৰ বিষয়ে ভালকৈ জানিব। উৎকৃষ্ট প্ৰবন্ধৰ তালিকা এখন আপুনি নিৰ্বাচিত প্ৰবন্ধ পৃষ্ঠাত পাব (ইংৰাজীত featured articles)।

শ্ৰেণী

আপুনি এটা প্ৰবন্ধক একেধৰণৰ বিষয়ৰ আন প্ৰবন্ধৰ লগত শ্ৰেণীভুক্ত কৰিব পাৰে। প্ৰবন্ধটোৰ তলৰফালে [[শ্ৰেণী:]] টাইপ কৰক, আৰু কলন আৰু বন্ধনীৰ মাজত শ্ৰেণীটোৰ নাম লিখক। যেনে- [[শ্ৰেণী:ৱিকিপিডিয়া সহায়]]

আন মানুহে আপোনাৰ কাম সহজে বিচাৰি পাবলৈ তাক সঠিক শ্ৰেণীত ৰখাটো অতি প্ৰয়োজনীয়। কোনটো শ্ৰেণী উপযুক্ত হ'ব সেয়া জানিবলৈ সকলোতকৈ ভাল উপায় হ'ল একেধৰণৰ বিষয়ৰ পৃষ্ঠাবোৰ চোৱা আৰু সেইবোৰে ব্যৱহাৰ কৰা শ্ৰেণীটো পৰীক্ষা কৰা। যদি আপুনি ব্যক্তি এজনৰ বিষয়ে লিখিছে তেন্তে আন এজন ব্যক্তিৰ বিষয়ে লিখা প্ৰবন্ধ এটা চাই থিৰাং কৰক যে কোনটো শ্ৰেণী ভাল হ'ব

অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:শ্ৰেণীবিভাজন চাওক
আপুনি শিকা কথাখিনি পৰীক্ষাগাৰত পৰীক্ষা কৰি চাওক



এই সহায়িকাৰ পৰৱৰ্তী অংশ: উৎসৰ উদ্ধৃতি