মানবেন্দ্ৰ নাথ ৰয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মানবেন্দ্ৰ নাথ ৰয়

Manabendra Nath Roy
জন্ম নৰেন্দ্ৰ নাথ ভাট্টাচাৰ্য্য
২১ মাৰ্চ, ১৮৮৭
Changripota, ২৪ পৰগণা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ২৫ জানুৱাৰী, ১৯৫৪ (৬৬ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত বঙালী হিন্দু
শিক্ষানুষ্ঠান বেংগল টেকনিকেল ইনষ্টিটিউট, Communist University of the Toilers of the East
সংস্থা যুগান্তৰ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি, মেক্সিকো কমিউনিষ্ট পাৰ্টি
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন, Indo-German Conspiracy, Communism, New Communism

মানবেন্দ্ৰ নাথ ৰয় (ইংৰাজী: Manabendra Nath Roy) আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা আছিল। বিংশ শতাব্দীৰ কুৰি দশকত সুদূৰ লেটিন আমেৰিকা আৰু চীন আদি দেশত গৈ মানবেন্দ্ৰ নাথ ৰয়ে কমিউনিষ্ট আন্দোলনৰ বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাৰ বাবে আজিও বিশ্বৰ সেইসমূহ কমিউনিষ্ট দেশত তেওঁ স্মৰণীয় হৈ ৰৈছে। স্বাধীনতা-উত্তৰ ভাৰততো মানবেন্দ্ৰ নাথে শোষিত জনগণৰ মুক্তিৰ হকেই কাম কৰি গৈছিল।[1]

জন্ম[সম্পাদনা কৰক]

১৮৮৭ চনত ২১ মাৰ্চ তাৰিখে পশ্চিমবংগৰ ২৪ পৰগণা জিলাৰ আৰবালিয়া গাঁৱত জন্ম গ্ৰহণ কৰা মানেবেন্দ্ৰ নাথৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰ নাথ ভাট্টাচাৰ্য্য।[2] তেওঁৰ দেউতাক দীনবন্ধু ভট্টাচাৰ্য্য সেই ঠাইৰে স্থানীয় বিদ্যালয় এখনৰ সংস্কৃত ভাষাৰ শিক্ষক আছিল। অৱশ্যে পিছত দীনবন্ধু পৰিবাৰে কোদালীয়া নামে আন এখন গাঁৱত গৈ বসবাস কৰিবলৈ লয়।[1]

শিক্ষা[সম্পাদনা কৰক]

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ বাহিৰে নৰেন্দ্ৰৰ বিশেষ কোনো আনুষ্ঠানিক শিক্ষা নাছিল। শিশু অৱস্থাত তেওঁৰ আৰবালিয়া আৰু কোদালীয়াৰ দুখন প্ৰাইমেৰী বিদ্যালয়ৰ শিক্ষাখিনিহে গ্ৰহণ কৰা হয়। ইয়াৰ পিছত তেওঁ 'অৰবিন্দ আশ্ৰম' আৰু কলিকতাৰ 'বেঙ্গল টেকনিকেল ইন্‌ষ্টিটিউট'ত কিছুদিনৰ বাবে যোগ দিছিল। কিন্তু কলিকতালৈ অহাৰ পিছতো তেওঁ কোনো শিক্ষানুষ্ঠানত যোগ দিয়াৰ প্ৰমাণ পোৱা নাযায়। প্ৰকৃততে তেওঁ যি অমূল্য শিক্ষা লাভ কৰিছিল সেই শিক্ষা আছিল আত্মোত্‌কৰ্ষৰ পৰা লাভ কৰা, আত্মগতভাৱে লাভ কৰা শিক্ষা। শিশুকালৰে পৰা জ্ঞান আহৰণৰ প্ৰয়াসী নৰেন্দ্ৰই গভীৰভাৱে বিশ্বাস কৰিছিল যে জ্ঞান লাভেই মুক্তি। সেয়ে তেওঁ নিৰন্তৰ যত্ন কৰি গৈছিল সকলো ধৰণৰ জ্ঞান লাভ কৰাৰ। তেওঁ অতি কম বয়সতে ৰাজনীতিৰ প্ৰতিও আকৃষ্ট হৈছিল আৰু তেতিয়াই এচাম বিপ্লৱী ভাৰতীয়ই চলোৱা সশস্ত্ৰ জাতীয় সংগ্ৰামত অংশ লৈছিল।[1]

কৰ্ম জীৱন[সম্পাদনা কৰক]

শৈশৱৰ দেওনা পাৰ হোৱাৰ আগতেই সশস্ত্ৰ সংগ্ৰামত নামি পৰা নৰেন্দ্ৰ নাথে বিপ্লৱী দলৰ নিৰ্দেশক্ৰমে কোদালীয়াৰ ৰেল ষ্টেচনত প্ৰথমে সংঘটিত কৰে এটা ৰাজনৈতিক ডকাইতিৰ ঘটনা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ 'হাওৰা কনচপিৰেচি কেছ' নামে খ্যাত, ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে চলোৱা আন এটা অভিসন্ধিমূলক অভিযানত যোগ দি যি সাহস আৰু বুদ্ধিৰ পৰিচয় দিয়ে, তাৰ বাবে তেওঁক বিপ্লৱী বাহিনীৰ এটা গোটৰ নেতা হিচাপে স্বীকৃতি দিয়া হয়। সেই অভিযানৰ অন্তত যেতিয়া চৰকাৰী পুলিচ বাহিনীয়ে 'হাওৰা কনচপিৰেচি কেছ'ৰ সৈতে জড়িত বিপ্লৱীসকলক বিচাৰিবলৈ ধৰে, সেই সময়ত নৰেন্দ্ৰনাথে এজন সন্ন্যাসীৰ বেশত গৈ বাৰানসীত উপস্থিত হয়গৈ। ইয়াৰ পৰা কিছুদিন তেওঁ উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি কটায়। সেই সময়তে তেওঁ বঙ্গৰ আন এগৰাকী প্ৰখ্যাত বিপ্লৱী যতীন্দ্ৰ নাথ মুখাৰ্জীক (বাঘা যতীন) লগ পায় আৰু যুগান্তৰ বাহিনীৰ সৈতেও জড়িত হৈ পৰে।[1]

বৈপ্লৱিক আন্দোলনৰ এজন অতি সাহসী সদস্য হিচাপে ইতিমধ্যে সকলো বিপ্লৱীৰ সৈতে পৰিচিত হোৱা নৰেন্দ্ৰ নাথে প্ৰথম বিশ্ব যুদ্ধৰ আৰম্ভণিতে অস্ত্ৰ-শস্ত্ৰ আহৰণ কৰাৰ উদ্দেশ্যৰে গোপনে ভাৰত ত্যাগ কৰি জাৰ্মানীলৈ যায়। সেই যাত্ৰাত তেওঁ এজন পাদ্ৰীৰ ভেশচন কৰি নাম লয় 'ফাদাৰ মাৰ্টিন'।[উদ্ধৃতিৰ প্ৰয়োজন]

বিশ্ব যুদ্ধত প্ৰায় সকলো দেশেই জড়িত হৈ পৰাৰ সময়তে তেওঁ দক্ষিণ-পূব এছিয়াৰ ইণ্ডোনেছিয়া, চীন, জাপান আৰু ফিলিপাইনৰ মাজেৰে প্ৰায় এবছৰ কাল ভ্ৰমণ কৰাৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰচান-ফ্ৰান্সিচকোত উপস্থিত হয়গৈ। আমেৰিকাত প্ৰৱেশ কৰোঁতে তেওঁৰ নাম আছিল 'ফাদাৰ মাৰ্টিন', কিন্তু সেইদেশত থকা কালতে তেওঁ নতুনকৈ নাম লয় মানবেন্দ্ৰ নাথ ৰয়।[উদ্ধৃতিৰ প্ৰয়োজন] বিপ্লৱী হিচাপে তেওঁৰ প্ৰকৃত নাম গোপনে ৰখাৰ উদ্দেশ্যেই তেওঁ বাৰে বাৰে নাম সলায় ঘূৰি ফুৰিছিল। কিয়নো তেওঁ ভাৰত এৰাৰ পিছত ব্ৰিটিছ চৰকাৰৰ পৰৰাষ্ট্ৰ দপ্তৰৰ তৰফৰ পৰা ইংৰাজৰ সকলোবোৰ মিত্ৰদেশৰ প্ৰতি প্ৰবাসী ভাৰতীয় বিপ্লৱীসকল, বিশেষভাৱে নৰেন্দ্ৰনাথৰ গ্ৰেপ্তাৰৰ বাবে কাঢ়া নিৰ্দেশ দিয়া আছিল। আমেৰিকাত তেওঁৰ কেতবোৰ কাৰ্য্যকলাপত আমেৰিকা চৰকাৰে সন্দেহ কৰিবলৈ ধৰাত তেওঁ ফাদাৰ মাৰ্টিন পৰিচয় এৰি নিশাটোৰ ভিতৰতে মানবেন্দ্ৰ নাথ ৰয় নাম লয় আৰু পিছৰ জীৱনত তেওঁ এই নামেৰেই খ্যাতি লাভ কৰে।

মানবেন্দ্ৰ নাথ আমেৰিকাত থকা সময়তে ৰাছিয়াবলছেভিক বিপ্লৱৰ মাজেৰে সূচীত হয় এক নতুন যুগৰ। ৰাজনৈতিক দিশৰ পৰা সেই বিপ্লৱৰ বিৰাট সাফল্যই বিশ্বত যি বহুল প্ৰভাৱ পেলায় তাৰ পৰা তত্‌কালীন ভাৰতীয় বিপ্লৱীসকলো গভীৰভাৱে প্ৰভাৱিত হয়। মধ্যযুগীয় শোষণ শাসনৰ পৰা মুক্ত, মাৰ্ক্সবাদৰ ভিত্তিত স্থাপিত সেই নতুন সমাজ ব্যৱস্থাই আকৃষ্ট কৰে তেওঁলোকৰ মন। সেই সময়তে মানবেন্দ্ৰনাথে মাৰ্ক্সবাদ গ্ৰহণ কৰে কিন্তু আমেৰিকাৰ সামৰিক গুপ্তচৰ বিভাগৰ হাতত তেওঁ ধৰা পৰে আৰু পুলিচ বাহিনীৰ হাতত বন্দী হয়। কিন্তু এক অবিশ্বাসী গেৰিলা কৌশল প্ৰয়োগ কৰি মানবেন্দ্ৰ নাথ বন্দী অৱস্থাৰ পৰা মুক্ত হৈ আমেৰিকাৰ পৰা পলায়ন কৰে আৰু মেক্সিকোত উপস্থিত হয়গৈ।[1]

মেক্সিকোত তেওঁ ৰাজনৈতিক কাৰ্যকলাপত পুনৰ সক্ৰিয় হৈ পৰে আৰু তাত তেওঁ পৰিচিত হয় বৰডিনৰ সৈতে। দুয়োৰে মাজত বন্ধুত্ব গভীৰ হৈ উঠে। মানবেন্দ্ৰই নিজৰ একক প্ৰচেষ্টাৰে মেক্সিকোত গঢ়ি তোলে মাৰ্ক্সবাদত বিশ্বাসী এটা ৰাজনৈতিক দল। এই দলেই পিছত গৈ মেক্সিকোৰ কমিউনিষ্ট দল হিচাপে প্ৰতিষ্ঠিত হয়।

ইতিমধ্যে তেওঁ লেনিনৰ পৰা ছ'ভিয়েট ভ্ৰমণৰ বাবে আমন্ত্ৰণ পাই ছ'ভিয়েট সংঘলৈ যায় আৰু আন্তঃৰাষ্ট্ৰীয় কমিউনিষ্ট সন্মিলনত যোগদান কৰে। কমিউনিষ্ট আন্দোলনৰ প্ৰতি মানবেন্দ্ৰ নাথ ৰয়ে আগবঢ়োৱা সাংগঠনিক প্ৰচেষ্টাৰ স্বীকৃতি হিচাপে কুৰিৰ দশকত তেওঁক 'কমিউনিষ্ট ইণ্টাৰনেচনেল'ৰ কাৰ্যবাহী সদস্য নিয়োজিত কৰা হয়। তাৰ পিছত তেওঁ চীন আৰু ভিয়েটনামলৈ যায় আৰু সেই দেশত কমিউনিষ্ট দলৰ সংগঠনৰ কামত নিজকে উৎসৰ্গা কৰে। কিন্তু সংগঠনৰ কামত দেহেকেহে লাগি থকাৰ ফলত তেওঁৰ শৰীৰ ভাগি পৰে আৰু চিকিৎসাৰ বাবে তেওঁ জাৰ্মানীলৈ যাবলগীয়া হয়।[1]

প্ৰকাশিত গ্ৰন্থসমূহ[সম্পাদনা কৰক]

জাৰ্মানীৰ পৰা পুনৰ তেওঁ চীনলৈ যায় আৰু কমিউনিষ্ট ইণ্টাৰনেচনেলৰ সাংগঠনিক কামত জড়িত হৈ পৰে। কিন্তু তেনেতে তেওঁ উপলব্ধি কৰে যে ভাৰতৰ মুক্তিৰ ক্ষেত্ৰতো কমিউনিজমেই একমাত্ৰ পথ। এই সময়তে তেওঁ ৰাজনীতিৰ কেইখনমান গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। ইয়াৰ ভিতৰত ‘India in transition’, ‘What do we want?’, ‘One year of Non-Co-Operation’, ‘Aftermath of Non-Co-Operation’ আৰু ‘The future of Indian Politics’ এই আটাইকেইখন গ্ৰন্থ বিশেষভাৱে উলেখযোগ্য।[1]

ভাৰতত তেওঁৰ প্ৰভাৱ[সম্পাদনা কৰক]

ভাৰতলৈ ঘূৰি অহাৰ পিছত মানবেন্দ্ৰ নাথে কৰাচীত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু তাতেই জৱাহৰলাল নেহৰু আৰু সুভাষ চন্দ্ৰ বসুক লগ পায়। ইয়াৰ কিছুদিনৰ পিছতে তেওঁক পুনৰ বোম্বাইত গ্ৰেপ্তাৰ কৰে তেওঁৰ বাওপন্থী কমিউনিষ্ট কাৰ্য্যকলাপৰ বাবে। তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাত ভাৰতৰ কেইখনমান চহৰত গঢ় লৈ উঠে কেতবোৰ কমিউনিষ্ট সংস্থাই। ইয়াৰ লগে লগেই ভাৰততো মাৰ্ক্সবাদী আদৰ্শৰ ভিত্তিত স্থাপিত হয় ভাৰতীয় কমিউনিষ্ট পাৰ্টি। সেইবাবে মানবেন্দ্ৰ নাথকেই ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা হিছাপে গণ্য কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

মৃত্যু[সম্পাদনা কৰক]

১৯৫২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত আন্তৰ্জাতিক মানৱতাবাদ আৰু নৈতিকতা সংস্থাৰ অধিবেশনত যোগ দিবৰ বাবে যোৱা অৱস্থাত এটা দুৰ্ঘটনাত পতিত হৈ তেওঁ বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু সেই আঘাতৰে ফলস্বৰূপে থ্ৰম্বচিছত চূড়ান্তভাৱে আক্ৰান্ত হয়। ১৯৫৪ চনৰ ২৫ জানুৱাৰী তাৰিখে সেই ৰোগত পুনৰবাৰ আক্ৰান্ত হৈ তেওঁ মৃত্যুবৰণ কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি, সম্পাদনা: কনকসেন ডেকা, পৃষ্ঠা নং - ৪১২
  2. This date found in the Dictionary of National Biography and accepted by Sibnarayan Ray, In Freedom's Quest: Life of M.N. Roy (Vol. 1: 1887–1922). Calcutta: Minerva Associates, 1998; p. 14. This is based on the diary of Dinabandhu. Samaren Roy in The Restless Brahmin claims that Bhattacharya was born on 22 February 1887 in Arbelia.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]