মায়া এঞ্জেলো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মায়া এঞ্জেলো

১৯৯৩ চনৰ ২০ জানুৱাৰী তাৰিখে নিজৰ কবিতা "অন দ্য পালচ্‌ অৱ মৰ্ণিং" পাঠ কৰাৰ মুহূৰ্তত মায়া এঞ্জেলো
জন্ম মাৰ্গেৰিটা এনি জনছন
৪ এপ্ৰিল, ১৯২৮
চেইণ্ট লুইচ, মিছৌৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২৮ মে', ২০১৪ (৮৬ বছৰ)
ৱিনষ্টন-চালেম, উত্তৰ কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা
  • লেখক
  • কবি
  • নাগৰিক অধিকাৰ কৰ্মী
সময় ১৯৫১-২০১৪
বিষয়
  • স্মৃতিকথা
  • কবিতা
উল্লেখনীয় কৰ্মৰাজি
  • আই ন’ হোৱাই দ্য কেজড্‌ বাৰ্ড চিংছ
  • "অন দ্য পালচ্‌ অৱ মৰ্ণিং"
সন্তান এগৰাকী
ৱেবছাইট www.mayaangelou.com

মায়া এঞ্জেলো (ইংৰাজী: Maya Angelou; Listeni/ˈænəl/ AN--loh; [1][2] জন্মনাম: মাৰ্গেৰিটা এনি জনছন; জন্ম: ৪ এপ্ৰিল, ১৯২৮- মৃত্যু: ২৮ মে’, ২০১৪) এগৰাকী আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী। তেওঁ সুদীৰ্ঘ ৫০ বছৰ ধৰি সাতখন আত্মজীৱনী, তিনিখন প্ৰবন্ধৰ কিতাপ, কেইবাখনো কবিতাৰ কিতাপ লিখাৰ উপৰিও বহুসংখ্যক নাটক, চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ সৈতে যুক্ত হৈ আছিল। তেওঁৰ কৰ্মৰ স্বীকৃতি স্বৰূপে এঞ্জেলোৱে একাধিক বঁটা বাহনৰ সৈতে ৫০টাতকৈও অধিক সন্মানীয় ডিগ্ৰী লাভ কৰিছে। [3] এঞ্জেলো আটাইতকৈ জনাজাত তেওঁৰ শৈশৱ আৰু প্ৰাপ্তবয়স্ক বয়সৰ প্ৰথমৰ সময়ছোৱাৰ অভিজ্ঞতাৰ আধাৰত লিখা সাতোখন আত্মজীৱনীৰ শৃংখলাটোৰ বাবে। শৃংখলাটোৰ প্ৰথমখন কিতাপ আই ন’ হোৱাই দ্য কেজড্‌ বাৰ্ড চিংছ (১৯৬৯)ত, এঞ্জেলোৱে ১৭ বছৰ বয়সলৈকে মুখামুখি হোৱা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিছে। এই কিতাপখনে এঞ্জেলোক বিশ্ববিশ্ৰুত পৰিচিতি আৰু প্ৰশংসা প্ৰদান কৰিছে।

যুৱ অৱস্থাত ৰান্ধনী (fry cook), যৌন কৰ্মী, নাইট ক্লাবৰ নৰ্তকী, দক্ষিণ খ্ৰীষ্টান নেতৃত্ব সন্মিলন( চাউথ খ্ৰীষ্টিয়ান লিডাৰশ্বিপ কনফাৰেন্স)ৰ সমন্বয়ক তথা আফ্ৰিকা ঔপনিবেশিক শাসনৰপৰা মুক্ত হোৱাৰ সময়ত, ইজিপ্ত আৰু ঘানাত সংবাদদাতাৰ চাকৰিকে ধৰি বিভিন্ন বিচিত্ৰ চাকৰি কৰাৰ অভিজ্ঞতাৰ শেষত মায়া এঞ্জেলোৱে এগৰাকী কবি আৰু লেখক ৰূপে পৰিচিতি লভে। মায়া আছিল এগৰাকী অভিনেত্ৰী, লেখক, পৰিচালক আৰু লগতে নাটক, চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ প্ৰযোজক। ১৯৮২ চনত, তেওঁক নৰ্থ কেৰ’লিনাৰ উইনষ্টন-চালেমত অৱস্থিত, ৱেক ফৰেষ্ট বিশ্ববিদ্যালয়ৰ আমেৰিকান অধ্যয়ন বিষয়ৰ প্ৰথম ৰেনল্ডছ্‌ অধ্যাপক হিচাপে মনোনীত কৰা হয়। তেওঁ নাগৰিক অধিকাৰ আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ সৈতে কাম কৰিছিল। ১৯৯০ দশকৰ আৰম্ভণিতে, ম্যালকম এক্সে যেতিয়া এই আন্দোলন আৰম্ভ কৰে এঞ্জেলোৱে বছৰত প্ৰায় ৮০ টাকৈ বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, যিটো তেওঁ আশীৰ দশকলৈকে অব্যাহত ৰাখিছিল। ১৯৯৩ চনত বিল ক্লিণ্টনৰ প্ৰথম অভিষেক অনুষ্ঠানত এঞ্জেলোৱে তেওঁৰ কবিতা "অন দ্য পালচ্‌ অৱ মৰ্ণিং" (১৯৯৩) আবৃত্তি কৰে; ১৯৬১ চনত জন এফ কেনেডিৰ অভিষেক অনুষ্ঠানত আবৃত্তি কলা প্ৰদৰ্শন কৰা ৰবাৰ্ট ফ্ৰষ্টৰ পিছতে মায়া প্ৰথমগৰাকী কবি, যি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত উদ্বোধনী আবৃত্তি প্ৰদৰ্শন কৰিছিল।

আই ন’ হোৱাই দ্য কেজড্‌ বাৰ্ড চিংছত এঞ্জেলোৱে তেওঁৰ ব্যক্তিগত জীৱনৰ বিভিন্ন দিশ আলোচনা কৰিছে। এঞ্জেলোক কৃষ্ণাঙ্গ লোক আৰু মহিলাসকলৰ প্ৰবক্তাৰ মৰ্যাদা দিয়া হৈছে, আৰু তেওঁৰ কামসমূহ কৃষ্ণাঙ্গ সংস্কৃতিৰ ৰক্ষা কৱচ ৰূপে বিবেচিত হৈছে। যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু পুথিভঁৰালৰ পৰা এঞ্জেলোৰ কিতাপ নিষিদ্ধ কৰাৰ চেষ্টা কৰা হৈছে; তথাপি বিশ্বব্যাপী বহুতো বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এঞ্জেলোৰ কৰ্মৰ পাঠভিত্তিক অধ্যয়ন কৰা হয়। এঞ্জেলোৰ আটাইতকৈ প্ৰসিদ্ধ ৰচনাসমূহক তেওঁৰ আত্মজীৱনীমূলক কল্পকাহিনী বুলি নামাংকিত কৰা হৈছে, কিন্তু বহু সমালোচকে সেইবোৰক কেৱল আত্মজীৱনী বুলি গণ্য কৰে। সমালোচনা কৰা, পৰিৱৰ্তন আৰু প্ৰসাৰ কৰা- এই প্ৰতীতিৰে এঞ্জেলোৱে আত্মজীৱনী লিখাৰ প্ৰচলিত ধাৰণাক প্ৰত্যাহবান জনোৱাৰ এক ইচ্ছাকৃত প্ৰয়াস কৰিছিল। তেওঁৰ কিতাপসমূহ বৰ্ণবাদ, পৰিচয়, পৰিয়াল আৰু ভ্ৰমণকে ধৰি বিভিন্ন বিষয়বস্তুৰ ওপৰত কেন্দ্ৰীভুক্ত।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Maya Angelou". SwissEduc.com. December 17, 2013. Archived from the original on December 17, 2013. https://web.archive.org/web/20131217043543/http://www.swisseduc.ch/english/readinglist/angelou_maya/pronun.html। আহৰণ কৰা হৈছে: November 5, 2021. 
  2. Glover, Terry (December 2009). "Dr. Maya Angelou". Ebony খণ্ড 65 (2): 67. 
  3. Stanley, Alessandra (May 17, 1992). "Whose Honor Is It, Anyway". The New York Times. https://www.nytimes.com/1992/05/17/style/whose-honor-is-it-anyway.html. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]