মায়াৱতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


মায়াৱতী
मायावती

এখন সংবাদমেলত অংশগ্ৰহণ কৰা মূহুৰ্তত মায়াৱতী
National president of the বহুজন সমাজ পাৰ্টি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৮ চেপ্তেম্বৰ ২০০৩
পূৰ্বসূৰী কাঞ্চীৰাম
উত্তৰ প্ৰদেশত ৰাজ্যসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩ এপ্ৰিল ২০১২
সমষ্টি উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশৰ ১৭ম মুখ্যমন্ত্ৰী
কাৰ্যকাল
৩ জুন ১৯৯৫ – ১৮ অক্টোবৰ ১৯৯৫
পূৰ্বসূৰী মুলায়ম সিং যাদৱ
উত্তৰসূৰী ৰাষ্ট্ৰপতিৰ শাসন
সমষ্টি হাৰোৰা
কাৰ্যকাল
২১ মাৰ্চ ১৯৯৭ – ২১ চেপ্তেম্বৰ ১৯৯৭
পূৰ্বসূৰী ৰাষ্ট্ৰপতিৰ শাসন
উত্তৰসূৰী কল্যাণ সিং
সমষ্টি হাৰোৰা
কাৰ্যকাল
৩ মে ২০০২ – ২৯ আগষ্ট ২০০৩
পূৰ্বসূৰী ৰাষ্ট্ৰপতিৰ শাসন
উত্তৰসূৰী মুলায়ম সিং যাদৱ
কাৰ্যকাল
১৩ মে ২০০৭ – ৭ মে ২০১২
পূৰ্বসূৰী মুলায়ম সিং যাদৱ
উত্তৰসূৰী অখিলেশ যাদৱ
ব্যক্তিগত তথ্য
জন্ম
মায়াৱতী প্ৰভু দাস

১৫ জানুৱাৰী, ১৯৫৬ (৬৮ বছৰ)
নতুন দিল্লী
ৰাজনৈতিক দল বহুজন সমাজ পাৰ্টি
বাসস্থান লক্ষ্ণৌ
শিক্ষানুষ্ঠান
পেচা ৰাজনীতিবিদ

মায়াৱতী হ'ল ভাৰতৰ এগৰাকী ৰাজনৈতিক মহিলা। তেঁও আগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও আছিল। তেঁও বহুজন সমাজ পাৰ্টি (BSP)ৰ নেত্ৰীও আছিল। ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেঁওৰ দলে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেঁও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইয়াৰ আগতেও মায়াৱতীয়ে তিনিবাৰকৈ সৰু-সৰু কাৰ্যকালৰ বাবে ১৯৯৫ চন, ১৯৯৭ চন আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনৰ লগতে ২০০২ চনৰ পৰা ২০০৩ চনলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। তেঁও প্ৰথমগৰাকী দলিত মহিলা যিয়ে ভাৰতৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৫৬ চনৰ ১৫ জানুৱাৰীত নতুন দিল্লীৰ এটা দলিত পৰিয়ালত মায়াৱতীৰ জন্ম হৈছিল। মায়াৱতীৰ সম্পূৰ্ণ নাম হ'ল মায়াৱতী প্ৰভু দাস। তেঁওৰ পিতৃৰ নাম প্ৰভু দয়াল আৰু মাতৃৰ নাম ৰামৰতী। তেঁওৰ পিতৃ আছিল এজন ভাৰতীয় ডাক বিভাগৰ এজন কৰ্মচাৰী। মায়াৱতীৰ ছজন ভাতৃ আৰু দুজনী ভনীয়েক আছিল। তেঁওৰ পৈতৃক গাঁও হ'ল বাদলপুৰ যি উত্তৰ প্ৰদেশৰ গৌতমবুদ্ধ নগৰ জিলাত অৱস্থিত। বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে দিল্লীকালিন্দী কলেজৰ পৰা এল.এল.বি. উপাধি গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেখেতে বি.এড. ডিগ্ৰী গ্ৰহণ কৰে। ৰাজনীতিলৈ অহাৰ আগতে তেঁও দিল্লীৰ এখন বিদ্যালয়ত শিক্ষিকা হিচাপে কাম কৰিছিল। মায়াৱতীয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবেও অধ্যয়ন কৰিছিল, কিন্তু ১৯৭৭ চনত দলিত ৰাজনৈতিক নেতা কাঞ্চীৰামক লগ পোৱাৰ পাছত তেখেতে সম্পূৰ্ণ ৰাজনীতিজ্ঞ হোৱাৰ নিৰ্ণয় লয়।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

মায়াৱতীয়ে নিজৰ প্ৰথম নিৰ্বাচনৰ পাতনি মেলিছিল উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰৰ কৈৰানা লোকসভাত। তেঁও অবিবাহিত আৰু নিজৰ সমৰ্থকবোৰৰ মাজত তেঁও 'বহনজী' নামেৰে পৰিচিত। ২০০৭ চনৰ ১৩ মে'ত তেঁও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ৰূপত চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]