মুকেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুকেশ
প্ৰাথমিক তথ্য
জন্মৰ নাম মুকেশ চন্দ মাথুৰ
জন্ম ২২ জুলাই, ১৯২৩
মৃত্যু ২৭ আগষ্ট, ১৯৭৬ (৫৩ বছৰ)
ডেট্ৰয়েট, মিচিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ
সংগীতৰ প্ৰকাৰ চলচ্চিত্ৰ কন্ঠশিল্পী, ভজন, গজল, শাস্ত্ৰীয় সঙ্গীত
পেচা গায়ক
বাদ্যযন্ত্ৰ কন্ঠশিল্পী
কাৰ্যকাল ১৯৪০-১৯৭৬

মুকেশ চন্দ মাথুৰ (মাৰাঠী: मुकेश; ২২ জুলাই, ১৯২৩ - ২৭ আগষ্ট, ১৯৭৬) এজন ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ সঙ্গীত শিল্পী যি সংক্ষেপে মুকেশ নামেৰে পৰিচিত। হিন্দী চলচ্চিত্ৰত অসাধাৰণ অৱদানৰ বাবে তেখেত মহম্মদ ৰফি, মান্না দে আৰু কিশোৰ কুমাৰৰ দৰে একেশ্ৰেণীৰ গায়ক হিচাবে গণ্য হয়।[1][2] তেখেত শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসংখ্যবাৰ মনোনয়ন পোৱাৰ লগতে ১৯৭৩ চনত মুক্তি পোৱা ৰজনীগন্ধা চলচ্চিত্ৰৰ "কোই বাৰ য়ুহি দেখা হ্যায়" গীতটোত কন্ঠ দিয়াৰ বাবে পুৰস্কাৰ লাভ কৰে। মুকেশ ৰাজ কাপুৰৰ কন্ঠ দিয়াৰ বাবেও জনপ্ৰিয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Gopal, Sangita; Sujata Moorti (2008). Global Bollywood: Travels of Hindi Song and Dance. University of Minnesota Press. পৃষ্ঠা. 94. ISBN 0-8166-4579-5. 
  2. Encyclopedia of Indian Cinema by Ashish Rajadhyaksha and Paul Willemen. Oxford University Press, 1994, page 169.

বহিঃসংযোগ[সম্পাদনা কৰক]