মেৰী ৰবিনচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মেৰী থেৰেছ ৱিনিফ্ৰেড ৰবিনছন (আইৰিছ: Máire Mhic Róibín[1]) এগৰাকী আইৰিছ স্বতন্ত্ৰ ৰাজনীতিবিদ যি ১৯৯০ চনৰ ডিচেম্বৰৰ পৰা ১৯৯৭ চনৰ ছেপ্টেম্বৰ লৈকে আয়াৰলেণ্ডৰ সপ্তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু এই পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল। তেওঁ ১৯৯৭ চনৰ পৰা ২০০২ চনলৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত আৰু ১৯৬৯ চনৰ পৰা ১৯৮৯ চনলৈ ডাবলিন বিশ্ববিদ্যালয়ৰ চিনেটৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ প্ৰথমে এগৰাকী শিক্ষাবিদ, বেৰিষ্টাৰ আৰু প্ৰচাৰক হিচাপে খ্যাতি লাভ কৰিছিল। তেওঁ ১৯৯০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ফিয়ানা ফেইল দলৰ ব্ৰায়ান লেনিহান আৰু ফাইন গেল দলৰ অষ্টিন কুৰীক পৰাস্ত কৰে আৰু লেবাৰ পাৰ্টি, ৱৰ্কৰ্ছ পাৰ্টি আৰু স্বতন্ত্ৰ চিনেটৰৰ দ্বাৰা মনোনীত প্ৰথম স্বতন্ত্ৰ প্ৰাৰ্থী হয়। তেওঁ কাৰ্যালয়ৰ ইতিহাসত প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি আছিল যিয়ে ফিয়ানা ফেইলৰ সমৰ্থন লাভ কৰা নাছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Ireland, Office of the President of. "The President Mary Robinson" (ga ভাষাত). president.ie. https://president.ie/index.php/ga/the-president/mary-robinson। আহৰণ কৰা হৈছে: 2021-04-20.