য়েভেচ মেয়াৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
য়েভেচ মেয়াৰ
Yves Meyer
জন্ম ১৯ জুলাই, ১৯৩৯
পেৰিছ, ফ্ৰান্স
পেচা গণিতজ্ঞ, অধ্যাপক
ৰাষ্ট্ৰীয়তা ফৰাচী
নাগৰিকত্ব  ফ্ৰান্স
মাতৃশিক্ষায়তন ইকল নৰমালে চুপিৰিয়ৰ (École Normale Supérieure)
উল্লেখযোগ্য বঁটা চালেম বঁটা (১৯৭০)
কাৰ্ল ফ্ৰেডৰিকগছ প্ৰাইজ (২০১০)
এবেল বঁটা (২০১৭)

য়েভেচ এফ. মেয়াৰ (ইংৰাজী: Yves F. Meyer) (ফৰাচী: [mɛjɛʁ]; জন্ম : ১৯ জুলাই ১৯৩৯) এজন ফ্ৰান্সৰ গণিতজ্ঞ। ১৯৩৯ চনৰ ১৯ জুলাই তাৰিখে ফ্ৰান্সৰ পেৰিছ চহৰত তেওঁৰ জন্ম হয়। তেওঁ ৱেভলেট সূত্ৰৰ (wavelet theory) অন্যতম পিতৃপুৰুষ। এই সূত্ৰৰ উৎকৰ্ষ সাধনৰ অৰ্থে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ বৰ্ষৰ এবেল বঁটা প্ৰদান কৰা হয়।

জীৱনী[সম্পাদনা কৰক]

য়েভেচ মেয়েৰ টুনিছত অৱস্থিত লাইচি কাৰণটত শিক্ষা গ্ৰহণ কৰিছিল।[1] তেওঁ গণিতত কনকুয়াৰ জেনেৰেল লাভ কৰিছিল আৰু ১৯৫৭ চনত ইকল নৰমালে চুপেৰিয়ৰ (ফৰাচী:École Normale Supérieure) প্ৰৱেশ পৰীক্ষাত প্ৰথম হৈছিল।[2] ১৯৬৬ চনত তেওঁ জিন পিয়েৰ কাহানেৰ তত্ত্ববধনাত পিএইছডি ডিগ্ৰী লাভ কৰে।[3][4]

তাৰ পিছত তেওঁ ১৯৬০-৬৩ চনত এখন হাইস্কুলৰ শিক্ষক, ১৯৬৩-৬৬ চনত ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ত (Université de Strasbourg) সহকাৰী অধ্যাপক, ১৯৬৬-৮০ চনত পেৰিছ বিশ্ববিদ্যালয়ত (Université Paris-Sud) অধ্যাপক, ১৯৮০-৮৬ চনত ইকল পলিটেকনিকত অধ্যাপক, ২৯৮৫-৯৫ চনত পেৰিছ ডাউফিন বিশ্ববিদ্যালয়ত (Université Paris-Dauphine) অধ্যাপক হিচাপে কাৰ্য নিৰ্বাহ কৰে। তাৰ পিছত তেওঁ ১৯৯৫ চনত চি.এন.আৰ.এছ.ত জেষ্ঠ গৱেষক হিচাপে যোগ দিয়ে। তাৰপিছত ১৯৯৯ চনত তেওঁ ইকল নৰমালে চুপিৰিয়ৰ দে কাচানত অধ্যাপক হিচাপে সেৱা আগবঢ়ায় আৰু ২০০৪ চনৰ পৰা তেওঁ এই প্ৰতিষ্ঠানৰ অধ্যাপক এমেৰিটাছ পদত অধিষ্ঠিত হৈ আছে।

তেওঁ ২০১০ চনত গছ পুৰস্কাৰ লাভ কৰে।[3] সংখ্যা তত্ত্ব, অপাৰেচন সূত্ৰ আৰু হাৰমণিক বিশ্লেষণ, আৰু ৱেভলেট সূত্ৰৰ বিকাশ ঘটোৱাৰ লগতে মৌলিক অৱদানৰ এই বঁটা তেওঁক প্ৰদান কৰা হয়। "ৱেভলেট সূত্ৰৰ উৎকৰ্ষ সাধন"ত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ চনৰ এবেল বঁটা প্ৰদান কৰা হয়।[5]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • তেওঁ ১৯৯৩ চনৰ পৰা Académie des Sciencesৰ সদস্য[6]
  • তেওঁক আন্তৰ্জাতিক গণিত কংগ্ৰেছৰ ১৯৭০ চনৰ নাইছ আৰু ১৯৮৩ চীনৰ ৱাৰশ্ব অধিৱেশনত বক্তা হিচাপে নিমন্ত্ৰণ কৰা হৈছিল।[7] and in 1990 in Kyoto.[8]
  • ২০১০ চনত তেওঁ কাৰ্ল ফ্ৰেডৰিক গছ পুৰস্কাৰ লাভ কৰে।[3]
  • ২০১২ চনত তেওঁ আমেৰিকান মেথামেটিক্স ছোচাইটিৰ ফেল' নিৰ্বাচিত হয়।[9]
  • ২০১৭ চনত তেওঁ এবেল বঁটা লাভ কৰে।[10]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. http://www.lyceecarnotdetunis.com
  2. Société de Mathématiques Appliquées et Industrielles : Yves Meyer.
  3. 3.0 3.1 3.2 "Carl Friedrich Gauss Prize – Yves Meyer". International Congress of Mathematicians 2010, Hyderabad, India. Archived from the original on 2010-09-23. https://web.archive.org/web/20100923083720/http://www.icm2010.org.in/prize-winners-2010/carl-friedrich-gauss-prize-yves-meyer। আহৰণ কৰা হৈছে: 2017-03-23. 
  4. Yves F. Meyer সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
  5. "The Abel Prize Laureate 2017" (en ভাষাত). www.abelprize.no. Archived from the original on 2017-05-26. https://web.archive.org/web/20170526220141/http://www.abelprize.no/c69461/seksjon/vis.html?tid=69535&strukt_tid=69461। আহৰণ কৰা হৈছে: 2017-03-21. 
  6. Académie des Sciences : Yves Meyer. Archived August 9, 2011, at the Wayback Machine
  7. Meyer, Yves. "Intégrales singulières, opérateurs multilinéaires, analyse complexe et équations aux dérivées partielles." Archived 2016-09-24 at the Wayback Machine Proc. Intern. Cong. Math (1983): 1001–1010.
  8. Meyer, Yves F. "Wavelets and applications." Archived 2016-09-24 at the Wayback Machine Proc. Intern. Cong. Math (1990): 1619–1626.
  9. List of Fellows of the American Mathematical Society, retrieved 2013-02-04.
  10. "Abel Prize 2017: Yves Meyer wins 'maths Nobel' for work on wavelets". The Guardian. 21 March 2017. https://www.theguardian.com/science/alexs-adventures-in-numberland/2017/mar/21/abel-prize-2017-yves-meyer-wins-maths-nobel-for-work-on-wavelets. 
  11. Chui, Charles K. (1996). "Review: Wavelets and operators, by Yves Meyer; A friendly guide to wavelets, by Gerald Kaiser". Bull. Amer. Math. Soc. (N.S.) খণ্ড 33 (1): 131–134. doi:10.1090/s0273-0979-96-00635-0. http://www.ams.org/journals/bull/1996-33-01/S0273-0979-96-00635-0/. 

বহিঃসংযোগ[সম্পাদনা কৰক]