হেমা মালিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেমা মালিনী
লোকসভাসাংসদ
মথুৰা, উত্তৰ প্ৰদেশ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৬, মে' ২০১৪
পূৰ্বসূৰী জয়ন্ত চৌধাৰী
ব্যক্তিগত তথ্য
জন্ম ১৬ অক্টোবৰ, ১৯৪৮ (৭৫ বছৰ)[1]
অম্মনকুড়ী, মাদ্ৰাজ, ভাৰত
(বৰ্তমানৰ তামিলনাডু, ভাৰত)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী ধৰ্মেন্দ্ৰ (বি. ১৯৮০)
সন্তান ঈশা দেউল, আহানা দেউল
পেচা
  • অভিনেত্ৰী
  • প্ৰযোজক
  • ৰাজনীতিক
পুৰস্কাৰ পদ্মশ্ৰী (২০০০)

হেমা মালিনী (জন্ম ১৬ অক্টোবৰ ১৯৪৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ। ১৯৬২ চনত তামিল ছবি ইথু চাথিয়ামৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল চপনৌ কা চৌদাগৰ। তেওঁ ১৫০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ অভিনয় কালত তেওঁ ১১ বাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল আৰু ১৯৭৩ চনত সীতা ঔৰ গীতা চলচ্চিত্ৰখনৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছিল।

জন্ম আৰু প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

হেমা মালিনীৰ জন্ম হৈছিল এটা তামিল পৰিয়ালত। তেওঁৰ পিতৃ আছিল ভি.এচ.আৰ. চক্ৰৱৰ্তী আৰু মাতৃ জয়া লক্ষ্মী চক্ৰৱৰ্তী পেছাত আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজক। অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল তুম হাচীন ম্যে জৱান (১৯৭০)[2], আৰু ইয়াৰ পাছতেই দুয়োৰে মাজত লাহে লাহে প্ৰেমৰ আৰম্ভণি হয়। অভিনেতা ধৰ্মেন্দ্ৰ ইতিমধ্যে এজন বিবাহিত পুৰুষ আৰু তেওঁৰ দুটি সন্তানৰ পিতৃ আছিল। তথাপি ধৰ্মেন্দ্ৰৰ সৈতে একেলগে অভিনয় কৰা প্ৰথমখন ছবিৰ মুক্তিৰ প্ৰায় ১০ বছৰ পাছত অৰ্থাৎ ১৯৮০ চনত তেওঁ অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়[3]। তেওঁঁলোকৰ দুটি সন্তান ক্ৰমে ঈশা দেউল (জন্ম ১৯৮১) আৰু আহানা দেউল (জন্ম ১৯৮৫)। ঈশা দেউল বলিউদৰ এগৰাকী অভিনেত্ৰী আৰু আহানা সহকাৰী পৰিচালক।

অভিনয় জীৱন[সম্পাদনা কৰক]

তামিল ছবি ইধু চাথিয়ামত তেওঁ সহ অভিনেত্ৰী হিচাপে কাম কৰিছিল। এয়াই আছিল তেওঁৰ চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ আৰম্ভণি। ১৯৬৮ চনত তেওঁ ৰাজ কাপুৰৰ বিপৰীতে চপনৌ কে চৌদাগৰত অভিনয় কৰিছিল আৰু এয়াই আছিল তেওঁৰ বলিউদৰ ড্ৰিম গাৰ্ল হোৱাৰ আৰম্ভণি। [4] ইয়াৰ পাছত জনী মেৰা নাম (১৯৭০) আন্দাজ (১৯৭১), লাল পাত্থৰ (১৯৭১) ইত্যাদি ছবিত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰে। ১৯৭২ চনত সীতা ঔৰ গীতা নামৰ চলচ্চিত্ৰখনত ধৰ্মেন্দ্ৰ আৰু সঞ্জীৱ কুমাৰৰ বিপৰীতে অভিনয় কৰে। এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। [5]

অভিনীত চলচ্চিত্ৰসমূহ[সম্পাদনা কৰক]

  • ইধু চাথিয়াম (১৯৬১) (তামিল)
  • পাণ্ডৱ ৱনৱাসম (১৯৬৫) (তেলেগু)
  • চপনৌ কা চৌদাগৰ (১৯৬৮)
  • ৱাৰিচ (১৯৬৯)
  • জাহা প্যাৰ মিলে (১৯৬৯)
  • তুম হাচীন ম্যে জৱান (১৯৭০)
  • অনুৰাধা (১৯৭০)
  • শ্বৰাফত (১৯৭০)
  • অভিনেত্ৰী (১৯৭০)
  • আঁচূ ঔৰ মুস্কান (১৯৭০)
  • জনী মেৰা নাম (১৯৭০)
  • শ্বৌলেই (১৯৭৫)

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত হেমা মালিনীয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিনোদ খান্নাৰ হৈ পাঞ্জাবৰ গুৰদাসপুৰত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ইয়াৰ পাছত ২০০৪ চনত হেমা মালিনীয়ে আনুষ্ঠানিক ভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে[6]। তদানীন্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ দ্বাৰা মনোনীত হৈ ২০০৩-২০০৯লৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ মথুৰা লোকসভা সমষ্টিত জয়ন্ত চৌধাৰীক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • পদ্মশ্ৰী (২০০০)[7]
  • সীতা অৌৰ গীতা চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (১৯৭০)
  • ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা (১৯৯৯)

তথ্য সূত্ৰ[সম্পাদনা কৰক]