ৰবাৰ্ট টি কিয়োচাকি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবাৰ্ট টি কিয়োচাকি

২০১৪ চনত ৰবাৰ্ট টি কিয়োচাকি
জন্ম ৰবাৰ্ট টি কিয়োচাকি
৮ এপ্ৰিল, ১৯৪৭ (৭৭ বছৰ)
হিল’, হাৱাই, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা ব্যৱসায়ী, লেখক
মাতৃশিক্ষায়তন United States Merchant Marine Academy (BS)
University of Hawaii at Hilo (dropped out)
বিষয় ব্যক্তিগত বিত্ত, ব্যৱসায় বিনিয়োগ
উল্লেখনীয় কৰ্মৰাজি Rich Dad, Poor Dad
দাম্পত্যসংগী কিম কিয়োচাকি
ৱেবছাইট www.richdad.com

ৰবাৰ্ট টি কিয়োচাকি (ইংৰাজী: Robert Toru Kiyosaki) হৈছে এজন আমেৰিকান ব্যৱসায়ী আৰু লেখক।[1][2] তেওঁ ব্যক্তিগত কোম্পানী Rich Global LLC আৰু Rich Dad Company -ৰ সংস্থাপক।[3][2] যিটো ব্যক্তিগত বিত্তীয় আৰু ব্যৱসায়িক সম্বন্ধীয় শিক্ষা প্ৰদান কৰে, কিতাপ আৰু ভিডিঅ’ যোগে। তেওঁৰ Rich Dad, Poor Dad উল্লেখযোগ্য গ্ৰন্থ।[4][2]

তেওঁ শিশু আৰু প্ৰাপ্তবয়স্কলোকসকলৰ বাবে ব্যৱসায় আৰু আৰ্থিক ধাৰণাৰ সম্পৰ্কে শিক্ষিত কৰাৰ অৰ্থে সৃষ্টি কৰা চফ্টৱেৰ গেম আৰু কেচফ্ল বৰ্ডৰ (Cashflow board) স্ৰষ্টা।[5]

জন্ম পৰিচয়[সম্পাদনা কৰক]

ৰবাৰ্ট টি কিয়োচাকিৰ জন্ম হয় ১৯৪৭ চনত হিল’, হাৱাই, আমেৰিকা যুক্তৰাষ্ট্ৰত।[6] তেওঁৰ দেউতাক আছিল ৰাল্ফ এইচ কিয়োচাকি (Ralph H Kiyosaki) আৰু মাক আছিল মাৰজ’ৰী অ’ কিয়োচাকি (Marjorie O. Kiyosaki)।[7] ৰাল্ফ এইচ কিয়োচাকিৰ সন্তানসমূহ হ’ল ক্ৰমে- ইমী, বেথ,জন আৰু ৰবাৰ্ট টি কিয়োচাকি।[7][6] ৰবাৰ্ট টি কিয়োচাকিৰ পত্নী কিম কিয়োচাকি।[6]

১৯৯৩ চনত কিয়োচাকিৰ প্ৰথমখন কিতাপ প্ৰকাশ পায় "If You Want to Be Rich & Happy Don't Go to School" (যদি আপুনি ধুনী আৰু সুখী হ’ব বিচাৰে বিদ্যালয়লৈ নাযাব)।[8] তেওঁৰ ৩০ মিলিয়নতকৈ বেছি বিক্ৰী হোৱা (৯০খন দেশত) গ্ৰন্থ “Rich dad poor dad”খন ১৯৯৭ চনত প্ৰকাশ পায়।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Robert T. Kiyosaki | url=https://www.richdad.com/about/robert-t-kiyosaki | আহৰণ কৰা হৈছে=১৮ মে ২০২০
  2. 2.0 2.1 2.2 Robert T. Kiyosaki | url=https://www.linkedin.com/in/robert-t-kiyosaki-02095419a | আহৰণ কৰা হৈছে=১৮ মে ২০২০
  3. Rich Dad, Poor Dad, Bankrupt Dad? | https://www.forbes.com/sites/helaineolen/2012/10/10/rich-dad-poor-dad-bankrupt-dad/ | আহৰণ কৰা হৈছে=১৮ মে ২০২০
  4. Rich Dad, Poor Dad | url=https://www.amazon.com/Robert-T.-Kiyosaki/e/B001H6GV90 | আহৰণ কৰা হৈছে=১৮ মে ২০২০
  5. "The road to rich dad". Canadian broadcasting coprporation. http://www.cbc.ca/marketplace/episodes/2010-episodes/road-to-rich-dad। আহৰণ কৰা হৈছে: 29 May 2020. 
  6. 6.0 6.1 6.2 "Robert Toru Kiyosaki". https://www.ancientfaces.com/person/robert-toru-kiyosaki-birth-1947/192711369। আহৰণ কৰা হৈছে: 29 May 2020. 
  7. 7.0 7.1 "Ralph H Kiyosaki". Ancientfaces.com. https://www.ancientfaces.com/person/ralph-h-kiyosaki-birth-1919-death-1991/90316099। আহৰণ কৰা হৈছে: 29 May 2020. 
  8. "If you want to be rich & happy, don't go to school? : ensuring lifetime security for yourself and your children". Archive.org. https://archive.org/details/ifyouwanttoberic00kiyo/page/n5/mode/2up। আহৰণ কৰা হৈছে: 29 May 2020. 
  9. "Personal Finance Book of All-Time". Richdad.com. https://www.richdad.com/। আহৰণ কৰা হৈছে: 29 May 2020.