থানেশ্বৰ বড়ো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
থানেশ্বৰ বড়ো
জন্ম ০১ নৱেম্বৰ, ১৯৩৯
গুৰমৌ, কামৰূপ, অসম (বৰ্তমান বাক্সা জিলাত)
মৃত্যু ১৭ মে', ২০২৪ (৮৪ বছৰ)
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, গুৱাহাটী
পেচা শিক্ষক, ৰাজনীতিক
পিতৃ-মাতৃ হৰখলা বড়ো (পিতৃ)
পিঠাবালা বড়ো (মাতৃ)


থানেশ্বৰ বড়ো (ইংৰাজী: Thaneswar Boro; ১ নৱেম্বৰ ১৯৩৯- ১৭ মে’ ২০২৪) অসমৰ এজন ৰাজনীতিক আছিল। তেওঁ অসম গণ পৰিষদৰ এজন সদস্য আছিল আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা ৮ম, ৯ম আৰু ১০ম অসম বিধানসভালৈ ক্ৰমাগতভাবে তিনিবাৰ বিধায়ক ৰূপে জয়ী হৈ আহিছিল। তেওঁ প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ (১৯৮৫-১৯৯০ আৰু ১৯৯৬-২০০১) বাবে শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল।[1] তেওঁ চমু সময়ৰ বাবে অগপৰ সভাপতিও হৈছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩৯ চনৰ ১ নৱেম্বৰত গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গুৰমৌ গাওঁত এটা কৃষক পৰিয়ালত বড়োৰ জন্ম হয়। মাক-দেউতাকৰ নাম আছিল ক্ৰমে পিঠাবালা বড়ো আৰু হৰখলা বড়ো। গুৰমৌত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি তেওঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম লগায় আৰু ১৯৫৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত ১৯৬২ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লয়। [2]

কটন মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেওঁ গাছবাৰী হাইস্কুলত গৰমৰ বন্ধত শিক্ষকতা কৰিছিল। স্নাতক ডিগ্ৰী লোৱাৰ পিছত পশ্চিম বংগৰ শিলিগুৰি জংচনত ৰেলৱে বিভাগত কেৰাণীৰ কামত যোগ দিয়ে যদিও কিছুমাহ পিছত তেওঁ চাকৰি ইস্তফা দিয়ে। ইয়াৰ পাছত তেওঁ তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত অধ্যাপকৰ পদত যোগ দিয়ে।[2]

সামাজিক আৰু ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেওঁ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে অসমত এটা শোধানাগাৰ স্থাপনৰ দাবীত শোধানাগাৰ আন্দোলন ত জড়িত হৈ পৰে।

মৃত্যু[সম্পাদনা কৰক]

১৭ মে’ ২০২৪ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তেওঁৰ মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল। জীৱনৰ শেষৰ ফালে তেওঁ এক একাকী জীৱন কটাইছিল।[3]


তথ্যউৎস[সম্পাদনা কৰক]

  1. Wait for AGP Anchalik, Trinamool BJP: rebels
  2. 2.0 2.1 "প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগ". অসমীয়া প্ৰতিদিন (১৮ মে' ২০২৪). 
  3. "মাটিৰ মানুহ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ জীৱন পৰিক্ৰমা". ETV Bharat. https://www.etvbharat.com/as/!politics/a-brief-look-back-at-the-life-of-former-assam-cabinet-minister-late-thaneswar-boro-ass24051702444। আহৰণ কৰা হৈছে: 18 May 2024.